অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গৌৰ গোপাল দাস

গৌৰ গোপাল দাস (Gaura-Gopāla dāsa) এগৰাকী খ্যাতনামা ভাৰতীয় জীৱনশৈলী প্ৰশিক্ষক আৰু প্ৰেৰণাদায়ক বক্তা। তেওঁ পূৰ্বতে এইছ পি(Hewlett Packard- HP)-ত অভিযন্তা হিচাপে কৰ্মৰত আছিল। তেওঁ আন্তঃৰাষ্ট্ৰীয় কৃষ্ণ সচেতনতা সমাজ(ইস্কন) (International Society for Krishna Consciousness-ISKCON)ৰ এগৰাকী সদস্য।

হালনাগাদ: ১৮ জুলাই ২০২৬ ১৮৪ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

গৌৰ গোপাল দাস (Gaura-Gopāla dāsa) এগৰাকী খ্যাতনামা ভাৰতীয় জীৱনশৈলী প্ৰশিক্ষক আৰু প্ৰেৰণাদায়ক বক্তা। তেওঁ পূৰ্বতে এইছ পি(Hewlett Packard- HP)-ত অভিযন্তা হিচাপে কৰ্মৰত আছিল। তেওঁ আন্তঃৰাষ্ট্ৰীয় কৃষ্ণ সচেতনতা সমাজ(ইস্কন) (International Society for Krishna Consciousness-ISKCON)ৰ এগৰাকী সদস্য। ১

জীৱনী

গৌৰ গোপাল দাসৰ জন্ম হৈছিল মহাৰাষ্ট্ৰৰ পুনে জিলাত। তেওঁ বৈদ্যুতিক অভিযান্ত্ৰিক বিদ্যা (ইলেক্ট্ৰিকেল ইঞ্জিনীয়াৰিং) বিষয়ত পুনেৰ কাচৰৌ ৱাডিয়া ইনষ্টিউট অৱ টেকন'ল'জীৰ পৰা ডিপ্ল'মা আৰু কলেজ অৱ ইঞ্জিনীয়াৰিঙৰ পৰা একেই বিষয়ত ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ পূৰ্বতে এইছ পি(Hewlett Packard- HP)-ত এক চমু সময়ৰ বাবে অভিযন্তা হিচাপে কৰ্মৰত আছিল। পিছত তেওঁ সেই চাকৰি পৰিত্যাগ কৰি এগৰাকী জীৱনশৈলী প্ৰশিক্ষক হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ২

২০১৮ চনত গৌৰ গোপাল দাসৰ দ্বাৰা ৰচিত Life's Amazing Secrets শীৰ্ষক গ্ৰন্থখনি প্ৰকাশিত হয়।৩ এগৰাকী প্ৰসিদ্ধ বক্তা হিচাপে খ্যাত দাসক কলিঙ্গ ইনষ্টিউট অৱ ইণ্ডাষ্ট্ৰিয়েল টেকন'ল'জীয়ে সন্মনীয় ডক্টৰেট উপাধি প্ৰদান কৰিছিল।৪ তেওঁৰ ইউটিউব চেনেলত ৩.৯ মিলিয়নতকৈও অধিক দৰ্শকে অনুসৰণ কৰাৰ লগতে তেওঁৰ ভিডিঅ'সমূহ ১৭৭ মিলিয়নতকৈও অধিকবাৰ দৰ্শন হৈছে।৫

প্ৰকাশিত গ্ৰন্থপঞ্জী

  • গৌৰ গোপাল দাস. (২০১৮). Life's Amazing Secrets: How to Find Balance and Purpose in Your Life৩৬
  • গৌৰ গোপাল দাস (২০২০). The Way of the Monk: The Four Steps to Peace, Purpose and Lasting Happiness.

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Patwa, Priyadarshini. (24 October 2019). Gaur Gopal Das Talks About 3 Support System Entrepreneurs Need To Beat The Odds. Entrepreneur
  2. ↑ The monk who HAM-ed it up. The Hindu
  3. ↑ Crossword Bookstores hosts Juhi Chawla at Monk Gaur Gopal Das' book launch - 'Life's Amazing Secrets'. The Hans India
  4. ↑ Odisha Governor Enlightens Audience Through His Oratorical Brilliance. KIIT University
  5. ↑ Bakshi, Asmita. (16 February 2019). Swipe right for spirituality. Livemint
  6. ↑ (17 July 2020). The HT Nielsen bestseller list for Week 28 of 2020. Hindustan Times

সম্পৰ্কিত শ্ৰেণী

হিন্দু ধৰ্মগুৰু

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গৌৰ গোপাল দাস” প্ৰবন্ধৰ সংশোধন ৬১৮০১১ (১৮ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।