গৌৰৱ চৌধুৰী (Gaurav Chaudhary) (জন্ম:৭ মে" ১৯৯১) এগৰাকী ভাৰতীয় ইউটিউবাৰ। তেওঁ "Technical guruji" হিচাপে জনাজাত। চৌধুৰী প্ৰযুক্তিবিদ্যা বিষয়ত ইউটিউবত হিন্দী ভাষাৰ ভিডিঅ' নিৰ্মাণৰ বাবে জনপ্ৰিয়।১ ২০২১ বৰ্ষৰ মাৰ্চ মাহ পৰ্যন্ত 'Gaurav Chaudhary', Technical Guruji' আৰু 'TG SHORTS' চেনেল কেইটাই ২৬.২ মিলিয়ন চাবস্ক্ৰাইবাৰ আৰু ২.৮ বিলিয়ন দৰ্শক অতিক্ৰম কৰিছে। তেওঁক ফৰ্বছ ইণ্ডিয়াৰ Forbes 30 Under 30 ৰ তালিকতো স্থান দিয়া হৈছিল।২
প্ৰাৰম্ভিক জীৱন
চৌধুৰীৰ জন্ম হয় ৭ মে',১৯৯১ চনত ৰাজস্থানৰ আজমীৰত।৩ তেওঁ কেন্দ্ৰীয় বিদ্যালয়ত অধ্যয়ন কৰিছিল৪ আৰু ২০১২ চনত ডুবাই চৌহদৰ BITS পিলানিত মাইক্ৰ'ইলেক্ট্ৰনিকছত ডিগ্ৰী লাভ কৰিবলৈ ডুবাইলৈ ৰাওনা হয়।
কেৰিয়াৰ
চৌধুৰীয়ে ২০১৫ চনৰ অক্টোবৰত মুখ্যতঃ পৰামৰ্শ আৰু সামগ্ৰীৰ সমীক্ষা বিষয়ক ভিডিঅ'-ৰ দ্বাৰা তেওঁৰ ইউটিউব চেনেল টেকনিকেল গুৰুজী ( Technical Guruji) মুকলি কৰিছিল।৫ ২০১৭ চনত, চৌধুৰীয়ে Gaurav Chaudhary নামে অন্য এটা চেনেল সৃষ্টি কৰিছিল য’ত গৌৰৱ চৌধুৰীয়ে তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে সময়ে সময়ে ভিডিঅ' আপলোড কৰে।
ছেপ্টেম্বৰ ২০১৮-ত, টেকনিকেল গুৰুজীক প্ৰযুক্তি বিষয়ক ইউটিউব চেনেলৰ নৱম সৰ্বাধিক চাবস্ক্ৰাইবাৰ থকা চেনেল হিচাপে স্থান দিয়া হৈছিল। ১২.৮ নিযুতৰো অধিক চাবস্ক্ৰাইবাৰ অতিক্ৰম কৰা প্ৰথম ইউটিউবাৰ হিচাপে ২০১৮ চনৰ নৱেম্বৰত তেওঁ বাতৰিৰ শিৰোনাম দখল কৰিছিল। গৌৰৱ চৌধুৰী-এ ইউটিউব ৰিৱাইণ্ড ২০১৮ আৰু ২০১৯টো অংশ লৈছিল। ৬
তথ্যসূত্ৰ
- ↑ ananya jain. Gaurav Chaudhary AKA Technical Guruji: India's Most Successful Youtuber
- ↑ Forbes India 30 Under 30: Meet the Class of 2020. forbes
- ↑ Desi dreams: The rise of Indian internet content creators abroad
- ↑ Gaurav Chaudhary AKA Technical Guruji: India's Most Successful Youtuber
- ↑ (Sep 11, 2020). Meet the world’s largest tech YouTuber: Now a columnist for HT Brunch!. hindustantimes.com
- ↑ YouTube Rewind 2018 Video Out Now; Gets More Downvotes Than Upvotes
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গৌৰৱ চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৩৮৫০১১ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।