গুৰমীত বাৱা ( Gurmeet Bawa; ১৮ ফেব্ৰুৱাৰী ১৯৪৪ – ২১ নৱেম্বৰ ২০২১) এজন ভাৰতীয় পাঞ্জাবী লোকগীতৰ শিল্পী। প্ৰায় ৪৫ ছেকেণ্ডলৈকে ধৰি ৰাখিব পৰা দীঘলীয়া হেকৰ (গীতৰ সময়ত উশাহ বন্ধ কৰি ৰখা) বাবে তেওঁক লম্বী হেক দি মালিকা (অনুবাদ. দীঘলীয়াকৈ উশাহ টানি গোৱা গীতৰ ৰাণী) বুলি জনা গৈছিল। ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ অধীনস্থ দূৰদৰ্শনত গীত গোৱা তেওঁ প্ৰথমগৰাকী পঞ্জাবী ভাষা মহিলা কণ্ঠশিল্পী। ২০২২ চনত ভাৰত চৰকাৰে তেওঁক পদ্মভূষণেৰে সন্মানিত কৰে। ১
প্ৰাৰম্ভিক জীৱন
১৯৪৪ চনত ব্ৰিটিছ পাঞ্জাৱৰ কোঠে গাঁৱত গুৰমীত কৌৰ নামেৰে তেওঁৰ জন্ম হৈছিল। মাক-দেউতাকৰ নাম আছিল ক্ৰমে ৰাম কৌৰ আৰু এচ. উত্তম সিং। কোঠে গাঁৱখন বৰ্তমান ভাৰতীয় পাঞ্জাৱৰ গুৰদাসপুৰ জিলাৰ অংশ।হয়।১ দুবছৰ বয়সত মাকৰ মৃত্যু হয়। সেই সময়ত বয়োজ্যেষ্ঠৰ অনুমতি অবিহনে ছোৱালীক পঢ়া-শুনা বা বাহিৰলৈ ওলাই যাবলৈ দিয়া হোৱা নাছিল যদিও এগৰাকী শিক্ষক হোৱাৰ সপোন দেখা গুৰমীত বাৱাই জুনিয়ৰ বেচিক ট্ৰেইনিং সমাপ্ত কৰে আৰু অঞ্চলটোৰ পৰা শিক্ষয়িত্ৰী হোৱা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত ২৩
কৰ্মজীৱন
১৯৬৮ চনত বাৱাই নিজৰ কৰ্মজীৱন আৰম্ভ কৰে।২ আলঘোজা, চিমতা, ঢোলকী আৰু টুম্বীকে ধৰি পাঞ্জাবী লোকবাদ্য সংগত কৰি তেওঁ গান গাইছিল। কৰ্মজীৱনৰ প্ৰাৰম্ভিক সময়তে মুম্বাইত পাঞ্জাৱ এছ’চিয়েচনে আয়োজন কৰা এক অনুষ্ঠানত দৰ্শকক আপ্লুত কৰে আৰু প্ৰেম চোপ্ৰা, প্ৰাণ, ৰাজ কাপুৰৰ দৰে বলীউডৰ তাৰকাসকলৰ পৰা উৎসাহপূৰ্ণ স্বাগত লাভ কৰিবলৈ সক্ষম হয়। ৰাজ কাপুৰে তেওঁক মেঁই জট্টী, মেৰী নাৰ্গিছ ৱৰ্গী অক্খ শীৰ্ষক লোকগীতটো অনুৰোধ কৰিছিল।৪
বিদেশতো তেওঁ অনুষ্ঠান পৰিৱেশন কৰিছিল। ১৯৮৭ চনত ছোভিয়েট ৰুচিয়া আৰু ১৯৮৮ চনত জাপানত আয়োজিত ভাৰত উৎসৱত তেওঁ দেশক প্ৰতিনিধিত্ব কৰিছিল। ১৯৮৮ চনত বেংককৰ ‘থাইলেণ্ড কালচাৰ চেণ্টাৰ’ত অনুষ্ঠান পৰিৱেশন কৰাৰ উপৰিও ১৯৮৯ চনত লিবিয়াৰ ট্ৰিপলিত অনুষ্ঠিত হোৱা বছৰা উৎসৱ আৰু ২৫ সংখ্যক জছন-ই-আজাদী উৎসৱত দেশক প্ৰতিনিধিত্ব কৰে।২
বাৱা তেওঁৰ হেক বা এক উশাহতে লোকপদ গোৱাৰ ক্ষমতাৰ বাবে জনাজাত আছিল আৰু কমেও ৪৫ ছেকেণ্ডৰ বাবে উশাহ ধৰি ৰাখিব পাৰিছিল বুলি জনা যায়। ৪ এই বৈশিষ্ট্যৰ বাবে তেওঁ লম্বী হেক দি মালিকা উপাধি লাভ কৰে।১ তেওঁৰ কিছুমান উল্লেখযোগ্য একক গীতৰ ভিতৰত আছিল জুগনীৰ কভাৰ সংগীত। সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ অধীনস্থ দূৰদৰ্শনত গীত গোৱা প্ৰথমগৰাকী পাঞ্জাবী কণ্ঠশিল্পীও আছিল। তেওঁৰ আন কিছুমান জনপ্ৰিয় গীতৰ ভিতৰত ঘোৰিয়াঁ (পাঞ্জাবী বিয়াৰ গীত) আৰু মিৰ্জা (মিৰ্জা চাহিবাৰ পাঞ্জাবী কাহিনী) অন্যতম। পাঞ্জাবী লোকবাদ্য আলঘোজাৰ (এবিধ বতাহৰ বাদ্য) সহায়ত তেওঁ গীত পৰিবেশন কৰিছিল।৫
ব্যক্তিগত জীৱন
পাঞ্জাবী লোকগীতৰ শিল্পী কিৰ্পাল বাৱাৰ সৈতে গুৰমীত বিবাহবন্ধনত আৱদ্ধ হয়। দম্পতিহাল তিনিজনী কন্য সন্তানৰ পিতৃ-মাতৃ। তেওঁলোকৰ ভিতৰত লাচি আৰু গালোৰী কণ্ঠশিল্পী।২ ২০২১ চনৰ ২১ নৱেম্বৰত অমৃতসৰৰ এখন চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়।৬ সেই সময়ত তেওঁৰ বয়স আছিল ৭৭ বছৰ। ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁৰ কন্যা লাচি বাৱাই মাকৰ মৃত্যুৰ পূৰ্বেই মৃত্যুবৰণ কৰিছিল।৭
তথ্যসূত্ৰ
- ↑ (1 October 2011). ਲੰਮੀ ਹੇਕ ਦੀ ਮਲਿਕਾ ਗੁਰਮੀਤ ਬਾਵਾ. The Punjabi Tribune
- ↑ (8 August 2008). Shiromani Gayika award for Bawa. The Tribune
- ↑ (18 February 2020). Birthday Special: Know The Excerpts From Life Of Legendary Singer Gurmeet Bawa. PTC Punjabi
- ↑ Folk flavour. An article from The Tribune. apnaorg.com
- ↑ (23 November 2021). The demise of Punjabi folk singer Gurmeet Bawa has left a huge void. Those who had associated with her closely recall fond memories. The Tribune
- ↑ Bagga, Neeraj. Punjabi singer Gurmeet Bawa dies at 77. The Tribune
- ↑ (22 November 2021). Punjabi folk singer Gurmeet Bawa passes away at 77. Hindustan Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুৰমীত বাৱা” প্ৰবন্ধৰ সংশোধন ৪২৮৬৭৪ (১৩ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।