অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গুৰবিন্দৰ কৌৰ ব্ৰাৰ

গুৰব্ৰিন্দৰ কৌৰ ব্ৰাৰ (Gurbrinder Kaur Brar,১২ আগষ্ট ১৯২২ – ৭ ছেপ্টেম্বৰ ২০১৩) ভাৰতৰ পঞ্জাৱ ৰাজ্যৰ এগৰাকী ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ।

হালনাগাদ: ৮ ফেব্ৰুৱাৰী ২০২৫ ২৩৬ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

গুৰব্ৰিন্দৰ কৌৰ ব্ৰাৰ (Gurbrinder Kaur Brar,১২ আগষ্ট ১৯২২ – ৭ ছেপ্টেম্বৰ ২০১৩) ভাৰতৰ পঞ্জাৱ ৰাজ্যৰ এগৰাকী ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ।

প্ৰাৰম্ভিক জীৱন

১৯২২ চনৰ ১২ আগষ্টত অমৃতসৰ জিলাৰ কাইৰো গাঁৱত যশৱন্ত সিং আৰু তেওঁৰ পত্নীৰ ঘৰত গুৰবিন্দৰ কৌৰৰ জন্ম হয়। লাহোৰৰ কিনাইৰ্ড কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি গুৰবিন্দৰ কৌৰে লাহোৰৰ চৰকাৰী কলেজৰ পৰা কলা শাখাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।১ তেওঁ পাৰ্তাপ সিং কাইৰোণৰ ভতিজী আছিল।২

কৰ্মজীৱন

যৌৱনকালত ব্ৰাৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰে আৰু তেওঁৰ কামৰ স্বীকৃতি স্বৰূপে ১৯৬৪ চনত ফিৰোজপুৰ জিলাৰ কংগ্ৰেছ কমিটীৰ মুৰব্বী হিচাপে নিযুক্তি লাভ কৰে, যিটো পদত তেওঁ ১৯৭০ চনলৈকে কাৰ্যনিৰ্বাহ কৰে।১

১৯৭২ চনত মালৌতৰ পৰা প্ৰথম বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা ব্ৰাৰে শিৰোমণি আকালি দলৰ গুৰমীত সিঙক ১১,৬৭৬ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে।২৩পিছৰ বছৰত পঞ্জাৱৰ তেতিয়াৰ মুখ্যমন্ত্ৰী জাইল সিঙে ব্ৰাৰক নিজৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰে।৪ তেওঁক গৃহ নিৰ্মাণ আৰু বস্তি নিষ্কাশন, সাহায্য আৰু পুনৰ্বাসন, নগৰ উন্নয়ন আৰু নগৰ বাগিচা আৰু বাসস্থানৰ ৰাজ্যিক মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়।৫

পিছলৈ কংগ্ৰেছ দলে ব্ৰাৰক ফৰিদকোটত সপ্তম লোকসভাৰ নিৰ্বাচনৰ বাবে থিয় কৰায় আৰু তাৰ পৰাই তেওঁ শিৰোমণি আকালি দলৰ বলৱন্ত সিং ৰামুৱালিয়াক পৰাস্ত কৰে আৰু তেওঁৰ ৪৬.০৬% ভোটৰ বিপৰীতে ৫০.৪৩% ভোট লাভ কৰে।৬ সংসদৰ সদস্য হিচাপে তেওঁৰ কাৰ্যকালত তেওঁ ৰাজহুৱা উদ্যোগ সমিতিৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৭কেন্দ্ৰীয় বিধায়িনী দলত কাৰ্যকাল সম্পূৰ্ণ কৰাৰ এবছৰৰ পাছত ১৯৮৫ চনৰ পঞ্জাৱ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি নিকটতম প্ৰতিদ্বন্দ্বীক ৫২৭৭টা ভোটত পৰাস্ত কৰে। নিৰপেক্ষ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত এছ এ ডিয়ে চৰকাৰ গঠন কৰাৰ বিপৰীতে ব্ৰাৰক ৰাজ্যিক বিধানসভাত বিৰোধীৰ নেত্ৰী হিচাপে নিৰ্বাচিত কৰা হয়।২৮

স্বামী হৰচৰণ সিং ব্ৰাৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত ১৯৯৬ চনত তেওঁ কিছু সময়ৰ বাবে পঞ্জাৱ প্ৰদেশ কংগ্ৰেছ কমিটীৰ বাস্তৱিক মুৰব্বী হিচাপে কাম কৰে।৯

তথ্যসূত্ৰ

  1. ↑ Members Bioprofile: Brar,Smt. Gurbrinder Kaur. লোকসভা
  2. ↑ Kaur, Sukhdeep. (25 December 2016). The Brar dynasty: Not a male bastion, MLA Karan Brar is holding fort to the legacy. হিন্দুস্তান টাইমছ
  3. ↑ Statistical Report on General Election, 1972 to the Legislative Assembly of Punjab. ভাৰতৰ নিৰ্বাচন আয়োগ. পৃ. 15
  4. ↑ Sidhu, Lakhwinder Singh. (1994). Party Politics in Punjab. Harnam Publications. পৃ. 119. ISBN 978-81-85247-08-3
  5. ↑ (1976). Asian Recorder. K. K. Thomas. পৃ. xi
  6. ↑ Statistical Report on General Election, 1980 to the Seventh Lok Sabha. ভাৰতৰ নিৰ্বাচন আয়োগ. পৃ. 197
  7. ↑ Fifteenth Loksabha: Session: 14 Date: 05-12-2013. লোকসভা
  8. ↑ Statistical Report on General Election, 1985 to the Legislative Assembly of Punjab. ভাৰতৰ নিৰ্বাচন আয়োগ. পৃ. 9, 118
  9. ↑ Vinayak, R. (15 February 1996). CM in trouble: Dissidents confront Punjab Chief Minister Harcharan Singh Brar. ইণ্ডিয়া টুডে

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদলোকসভাৰ সাংসদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুৰবিন্দৰ কৌৰ ব্ৰাৰ” প্ৰবন্ধৰ সংশোধন ৪৭৩৩৬৯ (৮ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।