গৌৰী গিল:Gauri Gill (জন্ম ১৯৭০) নতুন দিল্লীত বাস কৰা এগৰাকী ভাৰতীয় সমসাময়িক আলোকচিত্ৰশিল্পী। নিউয়ৰ্ক টাইমছ১ য়ে তেওঁক "ভাৰতৰ অন্যতম সন্মানীয় ফটোগ্ৰাফাৰ" বুলি বৰ্ণনা কৰিছে, আৰু দ্য ৱায়াৰত তেওঁক "বৰ্তমান ভাৰতৰ আটাইতকৈ সক্ৰিয় চিন্তাশীল ফটোগ্ৰাফাৰ" বুলি অভিহিত কৰিছে।২ ২০১১ চনত গিলক কানাডাৰ প্ৰতিষ্ঠিত সমসাময়িক আলোকচিত্ৰৰ আটাইতকৈ সন্মানীয় বঁটা গ্ৰেঞ্জ বঁটা প্ৰদান কৰা হৈছিল।৩ ন্যায়াধীশসকলে কয় যে তেওঁৰ কৃতিসমূহে "প্ৰায়ে প্ৰত্যাহ্বানমূলক পৰিৱেশত সোমাই পৰা সাধাৰণ নায়কসকলৰ জীৱন চিত্ৰিত কৰে, য'ত শিল্পীগৰাকীয়ে তেওঁৰ বিষয়বস্তুৰ সৈতে সততে অন্তৰংগ সম্পৰ্কক তথ্যচিত্ৰৰ ৰূপ দিয়ে আৰু জীয়াই থকাৰ বিষয়সমূহৰ ওপৰত মানৱীয় চিন্তাৰে চিত্ৰিত কৰে।"৪
শিক্ষা আৰু প্ৰাৰম্ভিক জীৱন
১৯৭০ চনত ভাৰতৰ চণ্ডীগড়ত গৌৰী গিলৰ জন্মগ্ৰহণ হৈছিল। তেওঁ ভাৰতৰ নতুন দিল্লীৰ দিল্লী কলেজ অৱ আৰ্টছৰ পৰা প্ৰয়োগ কলা বিষয়ত বি. এফ. এ. লাভ কৰে। তাৰ পিছত, ১৯৯৪ চনত নিউয়ৰ্কৰ পাৰ্ছনছ স্কুল অৱ ডিজাইনৰ পৰা ফটোগ্ৰাফীত বি. এফ. এ. আৰু ২০০২ চনত ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা ফটোগ্ৰাফীত এম. এফ. এ. লাভ কৰে।৫
কাম আৰু কেৰিয়াৰ
দ্য আমেৰিকানছ (২০০০–২০০৭)ত তেওঁ আমেৰিকাৰ ভাৰতীয় প্ৰব্ৰজনকাৰীসকলৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ ফটো তুলিছিল।৬
ৰাজস্থানৰ গ্ৰাম্য অঞ্চলৰ প্ৰান্তীয় সম্প্ৰদায়সমূহৰ ওপৰত নোটছ ফ্ৰম দ্য ডেজাৰ্ট (১৯৯৯ –অব্যাহত) নামৰ এক দশকজোৰা অধ্যয়নৰ ফলত ব্যক্তিগত প্ৰদৰ্শনী আৰু প্ৰকল্প যেনে দ্য মাৰ্ক অন দ্য ৱাল, জান্নাত, বালিকা মেলা, বাৰ্থ ছিৰিজ আৰু ৰুইনড ৰেইনবো আদিৰ সৃষ্টি হৈছে।৭ এই কামৰ বিষয়ে গিলে কয়, "মেলালৈ অহা ছোৱালীবোৰৰ জ্ঞান অৰ্জন কৰিবলৈ এটা হেঁপাহ থাকে। মোৰ ফটোখনত ভৰি দিয়াসকলেও নিজে যিদৰে আছে, বা নিজকে যিদৰে দেখাৰ দৰে চিত্ৰিত কৰাৰ প্ৰৱণতা কৰে, বা নতুনকৈ নিজকে উদ্ভাৱন কৰাৰ প্ৰৱণতা আছে।" তেওঁলোকৰ প্ৰচেষ্টা আংশিক বা সাহসী যিয়েই নহঁওক, কিন্তু এই কিতাপখনক সেই ইচ্ছাৰ দলিল হিচাপে দেখা যাব পাৰে।"৮
১৯৮৪ চনৰ নোটবুক খন (২০০৫–২০১৪) গৌৰী গিলৰ এটা গুৰুত্বপূর্ণ আলোকচিত্ৰ প্রকল্প, যি সহযোগিতা আৰু 'সক্ৰিয় শুননি'ৰ এক উদাহৰণ হিচাপে বিবেচিত হয়। আৰু লগতে আলোকচিত্ৰক স্মৃতি সংৰক্ষণৰ এটা পদ্ধতি হিচাপে ব্যৱহাৰৰ প্ৰয়াস কৰা হৈছিল।৯১০
২০০৭ চনৰ জানুৱাৰী মাহত সুনীল গুপ্তা আৰু ৰাধিকা সিঙৰ সৈতে তেওঁ কেমেৰাৰ্খ দিল্লী নামৰ এখন বিনামূলীয়া সংবাদ পত্ৰ সহ-প্ৰতিষ্ঠা আৰু সম্পাদনা কৰিছিল, যি নতুন দিল্লী আৰু অন্যান্য স্থানৰ পৰা স্বতন্ত্ৰ আলোকচিত্ৰ বিষয়ক আছিল।১১
২০১১ চনত তেওঁ কানাডাৰ সমসাময়িক ফটোগ্ৰাফীৰ আটাইতকৈ সন্মানীয় বঁটা গ্ৰেঞ্জ বঁটা লাভ কৰে।১২১৩১৪
২০১২ চনত তেওঁ ট্ৰেন্সপ'ৰেটছ: উইমেন এণ্ড মবিলিটি ইন দ্য চিটি নামৰ এখন ডাঙৰ প্ৰদৰ্শনীৰ কিউৰেট কৰে য'ত ৰাজপথত মহিলাসকলৰ সুৰক্ষা আৰু অভিজ্ঞতাৰ বিষয়ে অনুসন্ধান কৰিছিল।১৫
২০১৩ চনৰ পৰা ফিল্ডছ অৱ চাইটত ৱাৰলীৰ এজন বিখ্যাত শিল্পী ৰাজেশ ভাংগাদৰ সৈতে সহযোগিতা কৰি ফটোগ্ৰাফীৰ সমসাময়িক ভাষাক ৱাৰলিৰ অংকনৰ প্ৰাচীন ভাষাৰ সৈতে সংযুক্ত কৰি নতুন আখ্যানৰ সহযোগিতা আগবঢ়াই আহিছে।১৬
নিৰ্বাচিত প্ৰদৰ্শনীসমূহ
RE/SISTERS: এ লেন্স অন জেণ্ডাৰ এণ্ড ইক'লজি, বাৰ্বিকান আৰ্ট গেলেৰী, লণ্ডন, ২০২৩।১৭
প্ৰিক্স পিকটেট প্ৰদৰ্শনী: হিউমেন, ভিক্টোৰিয়া এণ্ড এলবাৰ্ট মিউজিয়াম, লণ্ডন, ২০২৩।১৮
তথ্যসূত্ৰ
- ↑ Roy, Nilanjana S. (3 August 2010). Fighting for Safe Passage on Indian Streets. The New York Times
- ↑ Adajania, Nancy. Bearing Witness
- ↑ Grange Prize
- ↑ Grange Prize Citation
- ↑ Stanford University
- ↑ Gauri Gill; Bose Pacia; Nature Morte Gallery. (2008). Gauri Gill: The Americans. Nature Morta
- ↑ (6 February 2015). Review: Photography exhibitions from India and Mideast. www.mercurynews.com
- ↑ Blouin Artinfo on Gauri Gill
- ↑ Thomas Bernhard in New Delhi - NYTimes.com. mobile.nytimes.com
- ↑ Tehelka – The People's Paper. archive.tehelka.com
- ↑ Photo Ink
- ↑ Gauri Gill wins 2011 Grange Prize. National Post
- ↑ Stanford Magazine – Article. alumni.stanford.edu
- ↑ Indian artist Gauri Gill wins $50,000 Grange Prize for photography. www.winnipegfreepress.com
- ↑ Roy, Nilanjana S. (3 August 2010). Fighting for Safe Passage on Indian Streets. The New York Times
- ↑ Jack, Ian. (23 January 2015). Granta 130: India: New stories, mainly true. Granta. ISBN 978-1-905881-86-4
- ↑ Hanman, Natalie. (2023-10-04). Himalayan tree-huggers and a landscape of vulvas: the eco-show where women call the shots. The Guardian
- ↑ Jansen, Charlotte. (2023-09-29). Prix Pictet Human at the V&A review: an exhilarating, scary photographic journey. The Guardian
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গৌৰী গিল” প্ৰবন্ধৰ সংশোধন ৬৩৭০০৬ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।