অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গৌৰী মৌলেখী

গৌৰী মৌলেখী: Gauri Maulekhi;ভাৰতৰ এগৰাকী পশু কল্যাণ কৰ্মী।লোকসভাৰ সংসদ শ্ৰীমতী মানেকা গান্ধীয়ে প্ৰতিষ্ঠা কৰা ভাৰতৰ সৰ্ববৃহৎ পশু কল্যাণ সংস্থা পিপল ফৰ এনিমেলছৰ ট্ৰাষ্টী।

হালনাগাদ: ১৯ মাৰ্চ ২০২৫ ৪০৯ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

গৌৰী মৌলেখী: Gauri Maulekhi;ভাৰতৰ এগৰাকী পশু কল্যাণ কৰ্মী।১২লোকসভাৰ সংসদ শ্ৰীমতী মেনকা গান্ধীয়ে প্ৰতিষ্ঠা কৰা ভাৰতৰ সৰ্ববৃহৎ পশু কল্যাণ সংস্থা পিপল ফৰ এনিমেলছৰ ট্ৰাষ্টী। গৌৰী মৌলেখীয়ে শ্ৰীমতী গান্ধীৰ এগৰাকী ৰক্ষক হিচাপে পশুৰ অধিকাৰৰ বাবে সফল অভিযানৰ নেতৃত্ব দিছে, য'ত গৰু বলি দি বধ কৰা প্ৰথাৰ বিৰুদ্ধে অভিযান ও অন্তৰ্ভুক্ত।৩৪৫৬ ৭৮৯১০১১

পৃষ্ঠভূমি

গৌৰী মৌলেখীয়ে ১৯৯৫ চনত লক্ষ্ণৌৰ পিপল ফৰ এনিমেলছত স্বেচ্ছাসেৱী হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে, য’ত তেওঁ চহৰখনৰ প্ৰথমটো পশু আশ্ৰয় শিবিৰ স্থাপনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আশ্ৰয় শিবিৰৰ বাবে ধন সংগ্ৰহতো সহায় কৰিছিল, পৰিত্যক্ত কুকুৰ পুনৰ্বাসনৰ বাবে দত্তক লোৱা কাৰ্যসূচী চলাইছিল আৰু দুৰ্দশাগ্ৰস্ত জীৱ-জন্তুৰ বাবে পশু এম্বুলেন্স সেৱাৰ সমন্বয়ৰ সুবিধাও কৰিছিল। ২০০৪ চনৰ পৰা ২০০৮ চনলৈকে নয়ডাৰ ছ’চাইটি ফৰ প্ৰিভেনচন অৱ ক্ৰুৱেলটি টু এনিমেলছ (এছপিচিএ)ৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি সংস্থাটোৰ আশ্ৰয় প্ৰচেষ্টাত অৰিহণা যোগাইছিল। ২০০৮ চনত ডেৰাডুনৰ পশু কল্যাণমূলক এন জি অ’ ৰাহাতত স্বেচ্ছাসেৱী হিচাপে কাম কৰে। এই সময়ছোৱাত তেওঁ এন জি অ’টোৰ বাবে ধন সংগ্ৰহৰ প্ৰচেষ্টাত সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল। ২০১২ চনত তেওঁ পিপল ফৰ এনিমেলছ - পিপল ফৰ এনিমেল উত্তৰাখণ্ডৰ উত্তৰাখণ্ড অধ্যায় গঠন কৰে।১২১৩

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সক্ৰিয় মৌলেখী। গাধিমাই উৎসৱত সংঘটিত হোৱা বৃহৎ গণ ধৰ্মীয় পশু হত্যাৰ অন্ত পেলাবলৈ নেপালত শিবিৰ কৰিছিল। ২০১৩ চনত জলবায়ু দুৰ্যোগৰ সৃষ্টি হৈ যেতিয়া অস্বাভাৱিক প্ৰচণ্ড বৰষুণৰ ফলত উত্তৰ ভাৰতত বানপানীৰ সৃষ্টি হৈছিল তেতিয়া তেওঁ ভাৰতলৈ উভতি আহে। মৌলেখীয়ে বানপীড়িত কেদাৰনাথ অঞ্চলৰ পৰা ৬ হাজাৰৰো অধিক জীৱ-জন্তু উলিয়াই অনাত সহায় কৰিছিল। এই জীৱ-জন্তুবোৰক বচাই দুৰ্যোগৰ সৈতে মোকাবিলা কৰাৰ বাবে ভৱিষ্যতৰ ৰাষ্ট্ৰীয় নীতিক প্ৰভাৱিত কৰিছিল। পৰিকল্পনাসমূহত এতিয়া পশু কল্যাণৰ বিবেচনা সন্নিবিষ্ট কৰা হৈছে। মৌলেখীয়ে সোণেপুৰ পশু মেলাত (অবৈধ) বন্যপ্ৰাণীৰ ব্যৱসায়ৰ অন্ত পেলোৱা অভিযানতো সহায় কৰিছিল। এই কাৰ্য্যৰ বাবে মৌলেখীয়ে নাৰী শক্তিপুৰস্কাৰ (ৰাষ্ট্ৰীয় বঁটা) লাভ কৰে।১৪

২০১৯ চনত মৌলেখীয়ে পশু কল্যাণ উন্নত কৰাৰ বাবে চৰকাৰৰ পূৰ্বৰ প্ৰতিশ্ৰুতি বাস্তৱায়িত কৰিবলৈ এক অভিযান আৰম্ভ কৰে। ৰাজ্যিক পশু কল্যাণ ব’ৰ্ড গঠনৰ দহ বছৰীয়া নিৰ্দেশনা সম্পৰ্কে ভাৰতৰ প্ৰতিখন ৰাজ্যলৈ লিখিছিল। এই ব’ৰ্ডসমূহক উচ্চতম ন্যায়ালয়ে অনুৰোধ কৰিছিল যদিও কিছুমান সৃষ্টি হৈছিল, আন কিছুমান সৃষ্টি হোৱা নাছিল। যিবোৰ গঠন হৈছিল সেইবোৰ নামতহে আছিল কাৰণ তেওঁলোকৰ কৰ্মচাৰী বা বাজেটৰ অভাৱ আছিল। ২০২০ চনত মৌলেখীয়ে ভাৰতৰ উচ্চতম ন্যায়ালয়ক ৰাজ্যসমূহে ৰাজ্যিক পশু কল্যাণ ব’ৰ্ড গঠন কৰিবলৈ ৰিট জাৰি কৰিবলৈ অনুৰুধ কৰে।১৫

বঁটা আৰু সন্মান

  • ২০১৩: উত্তৰাখণ্ড বানপানীৰ সময়ত পশু সুৰক্ষা আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ বিশিষ্ট সেৱাৰ বাবে উত্তৰাখণ্ড চৰকাৰে সম্বৰ্ধনা জনোৱা
  • ২০১৭: পৰীক্ষাগাৰত জীৱ-জন্তুৰ অপ্ৰয়োজনীয় ব্যৱহাৰ হ্ৰাস কৰাৰ দিশত অৱদানৰ বাবে লাছ বঁটা
  • ৮ মাৰ্চ ২০১৮: ভাৰতৰ মহিলাৰ বাবে সৰ্বোচ্চ অসামৰিক বঁটা নাৰী শক্তিপুৰস্কাৰ।১৬
  • ২০১৮: পশু কল্যাণৰ ক্ষেত্ৰত যোগ্য কামৰ বাবে লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ বিশিষ্ট প্ৰাক্তন ছাত্ৰ বঁটা
  • ২০১৮: আমেৰিকাৰ কেনছাছ চিটিত হিউমেন ছ’চাইটি ইণ্টাৰনেশ্যনেলৰ পৰা অসাধাৰণ পশু সুৰক্ষা বঁটা

লগতে চাওক

  • পশু অধিকাৰৰ সমৰ্থকসকলৰ তালিকা
  • ভাৰতত পশুৰ অধিকাৰ আৰু কল্যাণ

তথ্যসূত্ৰ

  1. ↑ V.N., Aswin. (2015-10-09). A voice for the voiceless. The Hindu
  2. ↑ Gauri Maulekhi, the woman behind new cattle sale law. theweek.in
  3. ↑ (2017-05-31). You can buy cattle for slaughter from farms: Meet Gauri Maulekhi, the woman behind the new Cattle sale law. The Financial Express
  4. ↑ (2018-02-10). HC seeks govt response on murga mandi plea. The Hindu
  5. ↑ Kapur, Manavi. (2017-07-21). Gauri Maulekhi, the force behind the cattle legislation. Business Standard India
  6. ↑ Gauri Maulekhi, Author at Firstpost. www.firstpost.com
  7. ↑ Gauri Maulekhi. Down To Earth
  8. ↑ Animal Law Training Program. hsi.org
  9. ↑ Watch: Gauri Maulekhi on the Controversial Cattle Trade Ban. The Quint
  10. ↑ Mishra, Sonali. (June 23, 2022). Uttarakhand HC asks state to list measures to protect equines on pilgrimage routes. The Times of India
  11. ↑ (February 10, 2022). Rights activist sends legal notice to Hansraj College over cow centre. The Times of India
  12. ↑ Welfare of animals her priority. www.tribuneindia.com
  13. ↑ (2018-02-16). People for Animals unit to move court over threat. Deccan Chronicle
  14. ↑ (8 March 2017). Ministry of Women and Child Development Nari Shakti Awardees 2017. Ministry of Women and Child Development
  15. ↑ (2020-03-09). Who's looking after the animals of India?. Mongabay-India
  16. ↑ Infographic: Nari Shakti Puraskar - Times of India. The Times of India

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গৌৰী মৌলেখী” প্ৰবন্ধৰ সংশোধন ৪৯৪৪৬৬ (১৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।