নেছনেল পিপলছ পাৰ্টি (National People's Party) চমুকৈ এন.পি.পি, ভাৰতৰ এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক দল যদিও ইয়াৰ প্ৰভাৱ বেছিভাগেই মেঘালয় ৰাজ্যত কেন্দ্ৰীভূত। ২০১২ চনৰ জুলাই মাহত এন চি পিৰ পৰা বহিষ্কাৰ হোৱাৰ পিছত পি এ চাংমাই এই দলটো প্ৰতিষ্ঠা কৰিছিল। উত্তৰ-পূব ভাৰতৰ পৰা এই মৰ্যাদা লাভ কৰা প্ৰথমটো ৰাজনৈতিক দল।১
ইতিহাস
২০১৩ চনৰ জানুৱাৰী মাহত পি এ চাংমাই ৰাষ্ট্ৰীয় পৰ্যায়ত দলটো আৰম্ভ কৰে। ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ সৈতে তেওঁৰ দলৰ মিত্ৰতা হ’ব বুলি ঘোষণা কৰে। চাংমাই লগতে পুনৰ কয় যে দলটোৰ সদস্যপদ সকলোৰে বাবে মুকলি হ’লেও ই জনজাতিকেন্দ্ৰিক ৰাজনৈতিক দল হে হ’ব।২
৯ বাৰৰ সংসদ সদস্য হিচাপে থকা চাংমাই ২০১২ চনৰ জুলাই মাহত জাতীয়তাবাদী কংগ্ৰেছ দলৰ পৰা বহিষ্কৃত হোৱাৰ পিছত অতি সোনকালে নতুন ৰাজনৈতিক দল গঠনৰ কথা ঘোষণা কৰিছিল, তেওঁ ২০১২ চনৰ ভাৰতীয় ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰা তেওঁৰ প্ৰাৰ্থীত্ব ত্যাগ কৰাৰ দলীয় সিদ্ধান্ত মানি ল’বলৈ অস্বীকাৰ কৰিছিল কাৰণে তেওঁক দলৰ পৰা বহিষ্কাৰ কৰা হৈছিল। এন পি পিয়ে ২০১৩ চনৰ ডিচেম্বৰ মাহত ৰাজস্থানৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। নিৰ্বাচনৰ সময়ত বিজেপিৰ প্ৰাক্তন সদস্য তথা সাংসদ কিৰোডী লাল মীনাৰ নেতৃত্বত চাৰিখন আসন লাভ কৰিবলৈ সক্ষম হৈছিল।
বৰ্তমান ই উত্তৰ-পূবৰ ৰাজনৈতিক দলেৰে গঠিত উত্তৰ-পূব গণতান্ত্ৰিক মিত্ৰজোঁটৰ অংশ, যিয়ে বিজেপিৰ নেতৃত্বত থকা ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটক সমৰ্থন কৰিছে।
২০১৮ চনৰ মেঘালয় বিধানসভাৰ নিৰ্বাচনত এন পি পিয়ে ১৯খন আসনত জয়লাভ কৰিছিল। যদিও শাসকীয় ভাৰতীয় জাতীয় কংগ্ৰেছ একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰিছিল, তথাপিও নেডাৰ সামূহিকভাৱে সংখ্যাগৰিষ্ঠতা আছিল। এইদৰে কনৰাড চাংমা মুখ্যমন্ত্ৰী হৈ কোনো এখন ভাৰতীয় ৰাজ্যৰ নেতৃত্ব দিয়া দলটোৰ প্ৰথমজন সদস্য হৈ পৰে।
নিৰ্বাচনৰ প্ৰতীক
ইয়াৰ নিৰ্বাচনী প্ৰতীক এখন কিতাপ।৩ দলটোৱে বিশ্বাস কৰে যে কেৱল সাক্ষৰতা আৰু শিক্ষাইহে দুৰ্বল শ্ৰেণীক শক্তিশালী কৰিব পাৰে।২
নিৰ্বাচন
২০১৪ চনৰ লোকসভা নিৰ্বাচনত তুৰাৰ পৰা দলটোৱে এখন আসন লাভ কৰাত চাংমা সাংসদ হয়। পি এ চাংমাৰ মৃত্যুৰ পিছত এই আসনৰ পৰাই তেওঁৰ পুত্ৰ কনৰাড চাংমাই ২০১৬ চনৰ মে’ মাহত অনুষ্ঠিত উপ-নিৰ্বাচনত জয়ী হয়। দলটোৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি অন্ধ্ৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, ৰাজস্থান, গুজৰাট, ঝাৰখণ্ড, ছত্তীশগড়, মধ্যপ্ৰদেশ, ওড়িশা, আদি ৰাজ্যৰ লগতে পশ্চিম বংগ আৰু উত্তৰ-পূব ভাৰতৰ জনজাতীয় সমষ্টিত নিজৰ শক্তি বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছিল।
২০১৮ চনৰ মাৰ্চ মাহত অনুষ্ঠিত মেঘালয় বিধানসভাৰ নিৰ্বাচনত ৬০খন বিধানসভাৰ আসনৰ ভিতৰত ১৯খন আসন লাভ কৰি বিজেপি আৰু অন্যান্য দলৰ সৈতে মিত্ৰতা কৰি ৰাজ্যখনত চৰকাৰ গঠন কৰে আৰু দলটোৰ সভাপতি কনৰাড চাংমাই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ২০১৮ চনৰ মে’ মাহত উপ-নিৰ্বাচনত দলটোৱে উইলিয়ামনগৰ বিধানসভাৰ আসন লাভ কৰি মেঘালয় বিধানসভাৰ ৬০খন বিধানসভাৰ আসনৰ ভিতৰত ২০খন আসন লাভ কৰে।
মুখ্যমন্ত্ৰী
মেঘালয়
- কনৰাড চাংমা
- প্ৰথম কাৰ্যকাল: ৬ মাৰ্চ ২০১৮ৰ পৰা ৭ মাৰ্চ ২০২৩লৈ
- দ্বিতীয় কাৰ্যকাল: ৭ মাৰ্চ ২০২৩ - বৰ্তমানৰ
উপ-মুখ্যমন্ত্ৰী
মণিপুৰ
- যুমনাম জয়কুমাৰ সিং
- প্ৰথম কাৰ্যকাল: ১৫ মাৰ্চ ২০১৭ৰ পৰা ১৭ জুন ২০২০ আৰু ৫ জুলাই ২০২০ৰ পৰা ১০ মাৰ্চ ২০২২লৈ
মেঘালয়
- প্ৰিষ্টোন টাইনছং
- প্ৰথম কাৰ্যকাল: ৬ মাৰ্চ ২০১৮ৰ পৰা ২ মাৰ্চ ২০২৩লৈ
- দ্বিতীয় কাৰ্যকাল: ৭ মাৰ্চ - বৰ্তমানৰ
- স্নিয়াৱভালং ধৰ
- প্ৰথম কাৰ্যকাল: ৭ মাৰ্চ - বৰ্তমানৰ
তথ্যসূত্ৰ
- ↑ (7 June 2019). NPP Becomes First Political Outfit from the Northeast to get Status of National Party. News18
- ↑ (January 5, 2013). Sangma launches National People's Party, forms alliance with NDA. India Today. PTI
- ↑ Political Parties And Election Symbols as on 08-03-2011
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেছনেল পিপলছ পাৰ্টি (ভাৰত)” প্ৰবন্ধৰ সংশোধন ৬৩৮০০১ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।