ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যায়ন পৰিষদ চমুকৈ নাক (NAAC) ভাৰতৰ উচ্চশিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ মূল্যাংকন আৰু প্ৰত্যায়নৰ লগত জড়িত অনুষ্ঠান। বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধীনত এই অনুষ্ঠানটো সম্পূৰ্ণ স্বায়ত্ত্বশাসিত। ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ৰ অন্তৰ্গত এই অনুষ্ঠানৰ মুখ্য কাৰ্যালয় কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুত অৱস্থিত। ইয়াৰ বৰ্তমান সঞ্চালক প্ৰধান এছ. চি. শৰ্মা।
ইতিহাস
১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰামৰ্শ অনুসৰি ১৯৯৪ চনত ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যায়ন পৰিষদ গঠন কৰা হৈছিল। এই নীতি অনুসৰি শিক্ষাৰ নিম্ন মানদণ্ডৰ প্ৰতি লক্ষ্য ৰাখি মানদণ্ড উন্নয়নৰ বাবে কাৰ্যপন্থা হাতত ল’বলৈ পৰামৰ্শ দিয়া হৈছিল। ইয়াৰ ফলশ্ৰুতিত বিভিন্ন আঁচনি ৰূপায়ণৰ লগতে এখন ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যায়ন অনুষ্ঠান গঠন কৰা হয়।১২ ১৯৯৪ চনত নাক আনুষ্ঠানিকভাৱে গঠন কৰা হয়। স্থাপনৰ পিছৰে পৰা ই দেশৰ বিভিন্ন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ শৈক্ষিক দিশৰ মূল্যাংকন আৰু প্ৰত্যায়ন কৰি আহিছে।
গ্ৰেডিং
ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যায়ন পৰিষদে প্ৰতিষ্ঠান সমূহৰ শৈক্ষিক দিশ পৰ্যালোচনা কৰি আঠটা শ্ৰেণীত গ্ৰেড প্ৰদান কৰে:৩
| প্ৰতিষ্ঠানৰ চিজিপিএৰ পৰিসৰ | ইংৰাজী বৰ্ণৰ গ্ৰেড | প্ৰদৰ্শনৰ বৰ্ণনা |
|---|---|---|
| 3.51 – 4.00 | A++ | প্ৰত্যাপিত |
| 3.26 – 3.50 | A+ | প্ৰত্যাপিত |
| 3.01 – 3.25 | A | প্ৰত্যাপিত |
| 2.76 – 3.00 | B++ | প্ৰত্যাপিত |
| 2.51 – 2.75 | B+ | প্ৰত্যাপিত |
| 2.01 – 2.50 | B | প্ৰত্যাপিত |
| 1.51 – 2.00 | C | প্ৰত্যাপিত |
| ≤ 1.50 | D | অপ্ৰত্যাপিত |
প্ৰত্যায়ন
২০১৮ চনৰ ২ নৱেম্বৰ অনুসৰি ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যায়ন পৰিষদে ৫৬৮খন বিশ্ববিদ্যালয় আৰু ১১,৮১৬খন মহাবিদ্যালয় প্ৰত্যাপিত কৰিছে। ইয়াৰে ভিতৰত ১,৮৫৬খন প্ৰতিষ্ঠানে প্ৰতিষ্ঠিত "A" গ্ৰেড লাভ কৰিছে। ইয়াৰে ২০৬খন বিশ্ববিদ্যালয় আৰু ১৬৫০খন মহাবিদ্যালয়।৪
তথ্যসূত্ৰ
- ↑ NAAC - An Overview. National Assessment and Accreditation Council
- ↑ Higher Education in India. Government of India Ministry of Human Resource Development Department of Higher Education
- ↑ Assessment Outcome. www.naac.gov.in
- ↑ (2 November 2017). Total Number of Accreditations as on 02/11/2018. National Assessment and Accreditation Council
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যায়ন পৰিষদ” প্ৰবন্ধৰ সংশোধন ৪৬১৬৮৪ (৪ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।