অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

অসমৰ ৰাজ্যপালসকলৰ তালিকা

ভাৰতবৰ্ষৰ ৰাজ্য একোখনৰ ৰাজ্যপালজন হৈছে ৰাষ্ট্ৰপতিৰ প্ৰতিনিধি আৰু লগতে ৰাজ্যখনৰ সাংবিধানিক মুৰব্বী। ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালক ৫ বছৰৰ বাবে নিযুক্তি দিয়ে। অসমৰ বৰ্তমানৰ ৰাজ্যপাল হৈছে লক্ষ্মণ আচাৰ্য। ২০২৪ চনৰ ৩০ জুলাই তাৰিখে তেওঁ ২৮ সংখ্যক অসমৰ ৰাজ্যপাল হিচাপে কাৰ্যভাৰ আৰম্ভ কৰে।

হালনাগাদ: ৩ আগষ্ট ২০২৪ ৪৫২ শব্দ · ৩ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

ভাৰতৰ ৰাজ্য একোখনৰ ৰাজ্যপালজন হৈছে ৰাষ্ট্ৰপতিৰ প্ৰতিনিধি আৰু লগতে ৰাজ্যখনৰ সাংবিধানিক মুৰব্বী। ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালক ৫ বছৰৰ বাবে নিযুক্তি দিয়ে। অসমৰ বৰ্তমানৰ ৰাজ্যপাল হৈছে লক্ষ্মণ আচাৰ্য। ২০২৪ চনৰ ৩০ জুলাই তাৰিখে তেওঁ ২৮ সংখ্যক অসমৰ ৰাজ্যপাল হিচাপে কাৰ্যভাৰ আৰম্ভ কৰে।

ক্ষমতা আৰু কাৰ্য্যাৱলী

ৰাজ্যপাল এজনৰ ওচৰত নিম্নোক্ত বিভিন্ন ক্ষমতা সমূহ নিহিত থাকে:

  • কাৰ্যপালকৰ ক্ষমতা: প্ৰশাসন, নিযুক্তি আৰু বৰ্খাস্তকৰণৰ ক্ষমতা
  • বিধানমণ্ডলীয় ক্ষমতা: আইন প্ৰণয়ন সম্পৰ্কীয় আৰু বিধানমণ্ডল (অৰ্থাত, বিধান সভা আৰু বিধান পৰিষদৰ সৈতে যুক্ত ক্ষমতা) আৰু
  • বিবেকাধীন ক্ষমতা: ৰাজ্যপালৰ নিজস্ব চিন্তাধাৰা আৰু বিবেকেৰে চালিত কাৰ্যসমূহ

অধীকৃত অসমত ব্ৰিটিছ সামৰিক কমাণ্ডাৰ (১৮২৪-১৮২৬)

১৮২৪ খ্ৰীঃত ব্ৰিটিছ সামৰিক বাহিনীয়ে অসম অধিকাৰ কৰিছিল। ইয়াৰ আগেয়ে অসম কাহিনীও ভাৰত নাইবা বাৰ্মা (বৰ্তমান ম্যানমাৰ)ৰ অংশ নাছিল। জৰ্জ মেক্ ম'ৰিন, ১৮২৪

  • আৰ্থাৰ ৰিচাৰ্ডছ্, ১৮২৪-১৮২৬

অসমৰ ব্ৰিটিছ ৰাজনৈতিক প্ৰতিনিধি (১৮২৬-১৮২৮)

১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত স্বাক্ষৰিত ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসমৰ অংশ বাৰ্মাৰ পৰা বৃটেইনলৈ হস্তান্তৰিত হৈছিল।

  • ডেভিদ স্কট, ১৮২৬-১৮২৮

অসমৰ আয়ুক্তসকল (১৮২৮-১৮৭৪)

১৮২৮ চনত নামনি অসমক বংগ প্ৰভিন্সৰ লগত সংযুক্ত কৰা হয়, পৰৱৰ্ত্তী কালত ১৮৩৩ চনত অসমৰ বাকী অংশও বংগদেশৰ সৈতে সংযুক্ত হয়। বংগৰ গৱৰ্ণৰৰ অধীনত অসমৰ বাবে এজন আয়ুক্ত বা কমিছনাৰ নিযুক্তি দিয়া হৈছিল।

  • ডেভিদ স্কট, ১৮২৮–২০ আগষ্ট ১৮৩১, ক্ৰমশঃ
  • থমাছ কেম্পবেল ৰবাৰ্টছন, ১৮৩১-১৮৩৪
  • ফ্ৰান্সিছ জেনকিনছ্, ১৮৩৪-১৮৬১
  • হে'নৰী হপকিনছন, ১৮৬১-১৮৭৪

অসমৰ মুখ্য আয়ুক্তসকল(১৮৭৪-১৯০৫)

১৮৭৪ খ্ৰীঃত অসমক বংগ প্ৰেছিডেন্সীৰ পৰা পৃথক কৰা হয় আৰু মুখ্য আয়ুক্তৰ প্ৰভিন্সৰ মৰ্য্যদা দিয়া হয়।

  • ৰিচাৰ্ড হাৰটে কীটিঙে, ১৮৭৪-১৮৭৮
  • ষ্টুৱাৰ্ট কলৱিন বে'য়লে', ১৮৭৮-১৮৮১
  • ছাৰ চাৰ্লছ আলফ্ৰেড ইলিয়ট, ১৮৮১-১৮৮৫
  • উইলিয়াম আৰ্ছকিন ৱাৰ্ড, ১৮৮৫–১৮৮৭, 'প্ৰথম বাৰ''
  • ছাৰ ডেনিছ ফিটজ্ পে'ট্ৰিক, ১৮৮৭-১৮৮৯
  • জেমছ ৱালেছ কুইণ্টন, ১৮৮৯-১৮৯১
  • উইলিয়াম আৰ্ছকিন ৱাৰ্ড, ১৮৯১–১৮৯৬, দ্বিতীয় বাৰ
  • ছাৰ হেনৰী ষ্টাডমেন কটন, ১৮৯৬–১৯০২
  • ছাৰ জোছেফ বেম্পফ্লাইড্ ফুল্যাৰ, ১৯০২–১৯০৫

পূৰ্ব বংগ আৰু অসমৰ লেফটেনেণ্ট গৱৰ্ণৰসকল (১৯০৫–১৯১২)

১৯০৫ চনত বংগদেশক দ্বি-বিভক্ত কৰি পূৰ্ববংগ আৰু অসম গঠন কৰা হয়। ইয়াৰ শাসন চলাবৰ বাবে এজন লেফটেনেণ্ট গৱৰ্ণৰ নিযুক্তি দিয়া হয়।

  • ছাৰ জোছেফ বেম্পফ্লাইড্ ফুল্যাৰ, ১৯০৫–১৯০৬
  • লেনছল'ট হাৰে, ১৯০৬–১৯১১
  • চাৰ্লছ ষ্টুৱাৰ্ট বে'য়লে', ১৯১১-১৯১২

অসমৰ মুখ্য আয়ুক্তসকল (১৯১২–১৯২১)

১৯১২ খ্ৰীঃত পূৰ্ব বংগক পুনৰ বংগ প্ৰেছিডেন্সীৰ অন্তৰ্ভুক্ত কৰা হয়। অসমৰ প্ৰশাসনৰ বাবে আকৌ মুখ্য আয়ুক্ত নিযুক্ত হয়।

  • ছাৰ আৰ্কডে'ল আৰ্লে', ১৯১২-১৯১৮
  • ছাৰ নিক'লাছ ড'ড্ বে'ল, ১৯১৮–৩ জানুৱাৰী ১৯২১

অসমৰ গৱৰ্ণৰসকল (১৯২১-১৯৪৭)

১৯২১ চনত মুখ্য আয়ুক্তৰ পদবীটোক গৱৰ্ণৰলৈ উন্নিতি কৰা হয়।

  • ছাৰ নিক'লাছ ড'ড্ বে'ল, ৩ জানুৱাৰী ১৯২১–২ এপ্ৰিল ১৯২১, ক্ৰমশঃ
  • ছাৰ উইলিয়াঅম ছিনক্লেয়াৰ ম্যাৰিছ, ৩ এপ্ৰিল ১৯২১–১০ অক্টোবৰ ১৯২২
  • ছাৰ জন হে'নৰী ক্যাৰ, ১০ অক্টোবৰ ১৯২২-২৮ জুন ১৯২৭
  • ছাৰ এ'গবাৰ্ট্ লৌৰী লুক্যাছ হাম্ম'ণ্ড, ২৮ জুন ১৯২৭–১১ মে' ১৯৩২
  • ছাৰ মাইকে'ল কিয়েনে, ১১ মে' ১৯৩২–৪ মাৰ্চ ১৯৩৭
  • ৰবাৰ্ট নেয়ল ৰে'ইদ্, ৪ মাৰ্চ ১৯৩৭–৪ মে' ১৯৪২
    • হেনৰী জোছেফ টুয়ন্যাম, ১৮ ফেব্ৰুৱাৰী ১৯৩৮–৪ অক্টোবৰ ১৯৩৯, ৰে'ইদ্-ৰ স্থানত কাৰ্যবাহী
  • ছাৰ এন্দ্ৰিউ গৌড়লে' ক্ল', ৪ মে' ১৯৪২–৪ মে' ১৯৪৭
    • মুটাগুচি ৰেন্যা, মাৰ্চ ১৯৪৪–জুলাই ১৯৪৪, (জাপান অধীকৃত)
    • এ' চি চেটাৰ্জী,মাৰ্চ ১৯৪৪–জুলাই ১৯৪৪, (মুক্ত ভাৰতৰ সাময়িক অস্থায়ী চৰকাৰৰ)
    • ৰেদ্ৰিক চালমাৰ্চ বাউৰ্ণ, ৪ এপ্ৰিল ১৯৪৬–?, ক্ল'ৰ ভাৰপ্ৰাপ্ত
    • হেনৰী ফ'লে নাইট, ৪ ছেপ্টেম্বৰ ১৯৪৬–২৩ ডিচেম্বৰ ১৯৪৬, ক্ল'ৰ স্থানত কাৰ্যবাহী
  • ছাৰ মহম্মদ চালেহ আকবৰ হাইদৰী, ৪ মে' ১৯৪৭–১৫ আগষ্ট ১৯৪৭

অসমৰ ৰাজ্যপালসকল

ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছৰ পৰা অসমৰ ৰাজ্যপালসকল ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা নিযুক্ত হৈ আহিছে।

ক্ৰমচিত্ৰনামকাৰ্যকাল আৰম্ভণিকাৰ্যকাল শেষ
১মহম্মদ চালেহ আকবৰ হাইদৰী১৫ আগষ্ট ১৯৪৭২৮ ডিচেম্বৰ ১৯৪৮
২ৰ'নাল্ড্ ফ্ৰান্সিছ ল'ড্জ্৩০ ডিচেম্বৰ ১৯৪৮১৬ ফেব্ৰুৱাৰী ১৯৪৯
৩Sri Prakasa 1991 stamp of India.jpgশ্ৰী প্ৰকাশ১৬ ফেব্ৰুৱাৰী ১৯৪৯২৭ মে' ১৯৫০
৪Jairamdas Daulatram 1985 stamp of India.jpgজয়ৰাম দাস দৌলতৰাম২৭ মে' ১৯৫০১৫ মে' ১৯৫৬
৫ছৈয়দ ফজল আলি১৫ মে' ১৯৫৬২২ আগষ্ট ১৯৫৯
৬চন্দ্ৰেশ্বৰ প্ৰসাদ সিনহা২৩ আগষ্ট ১৯৫৯১৪ অক্টোবৰ ১৯৫৯
৭General Satyawant Mallana Srinagesh.jpgসত্যৱন্ত্ মল্লানা শ্ৰীনাগেশ১৪ অক্টোবৰ ১৯৫৯১২ নবেম্বৰ ১৯৬০
৮বিষ্ণু সাহায়১২ নবেম্বৰ ১৯৬০১৩ জানুৱাৰী ১৯৬১
৯General Satyawant Mallana Srinagesh.jpgসত্যৱন্ত্ মল্লানা শ্ৰীনাগেশ (দ্বিতীয় কাৰ্যকাল)১৩ জানুৱাৰী ১৯৬১৭ ছেপ্টেম্বৰ ১৯৬২
১০বিষ্ণু সাহায়৭ ছেপ্টেম্বৰ ১৯৬২১৭ এপ্ৰিল ১৯৬৮
১১ব্ৰজ্ কুমাৰ নেহৰু১৭ এপ্ৰিল ১৯৬৮১৯ ছেপ্টেম্বৰ ১৯৭৩
১২লাল্লান প্ৰসাদি সিং১৯ ছেপ্টেম্বৰ ১৯৭৩১০ আগষ্ট ১৯৮১
১৩Prakash Mehrotra.jpgপ্ৰকাশ চন্দ্ৰ মেহৰ'ত্ৰা১০ আগষ্ট ১৯৮১২৮ মাৰ্চ ১৯৮৪
১৪ন্যায়ধীশ টি. এছ্. মিশ্ৰ২৮ মাৰ্চ ১৯৮৪১৫ এপ্ৰিল ১৯৮৪
১৫ন্যায়ধীশ দেৱী দাস ঠাকুৰ২ মে' ১৯৯০১৭ মাৰ্চ ১৯৯১
১৬লোকনাথ মিশ্ৰ১৭ মাৰ্চ ১৯৯১১ ছেপ্টেম্বৰ ১৯৯৭
১৭লেফটেনেণ্ট জেনেৰেল(অৱসৰপ্ৰাপ্ত) শ্ৰীনিবাস কুমাৰ সিনহা১ ছেপ্টেম্বৰ ১৯৯৭২১ এপ্ৰিল ২০০৩
১৮অৰৱিন্দ্ দাৱে২১ এপ্ৰিল ২০০৩৫ জুন ২০০৩
১৯অজয় সিং৫ জুন ২০০৩৪ জুলাই ২০০৮
২০শিৱ চৰণ মাথুৰ৪ জুলাই ২০০৮২৫ জুন ২০০৯
২১কে শংকৰনাৰায়ণন২৬ জুন্ ২০০৯২৭ জুলাই ২০০৯
২২ছৈয়দ ছিবটে ৰাযি২৭ জুলাই ২০০৯১০ নবেম্বৰ ২০০৯
২৩J B Pattnaik, Governor of Assam.jpgজানকী বল্লভ পাটনায়ক১১ নবেম্বৰ ২০০৯১১ ডিচেম্বৰ ২০১৪
২৪Governor of Tripura Padmanabha Balakrishna Acharya.jpgপদ্মনাভন বালকৃষ্ণ আচাৰ্য্য১২ ডিচেম্বৰ ২০১৪১৭ আগষ্ট ২০১৬
২৫বানৱাৰীলাল পুৰোহিত২২ আগষ্ট ২০১৬৩০ ছেপ্টেম্বৰ ২০১৭
২৬Lt. Governor of Andaman & Nicobar Islands Prof. Jagdish Mukhi.jpgজগদীশ মুখী৩০ ছেপ্টেম্বৰ ২০১৭২২ ফেব্ৰুৱাৰী ২০২৩
২৭গুলাব চান্দ কাটাৰিয়া২২ ফেব্ৰুৱাৰী ২০২৩২৯ জুলাই ২০২৪
২৭লক্ষ্মণ আচাৰ্য৩০ জুলাই ২০২৪বৰ্তমানলৈকে

বাহ্যিক সংযোগ

লগতে চাওক

সম্পৰ্কিত শ্ৰেণী

অসম সম্পৰ্কীয় তালিকাঅসম চৰকাৰঅসমৰ ৰাজ্যপাল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমৰ ৰাজ্যপালসকলৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৪২৭৮৩৪ (৩ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।