অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

আম আদমি পাৰ্টী

আম আদমি পাৰ্টী (Aam Aadmi Party; সংক্ষেপে আপ; অৰ্থ: সাধাৰণ লোকৰ দল) এক ভাৰতীয় ৰাজনৈতিক দল। ইয়াৰ আনুষ্ঠানিক আৰম্ভ হয় ২০১২ চনৰ ২ নৱেম্বৰ তাৰিখে আৰু বৰ্তমানে ই ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লী আৰু পঞ্জাবৰ শাসকদল।

হালনাগাদ: ৪ জুন ২০২৪ ২৮১ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

আম আদমি পাৰ্টী (Aam Aadmi Party; সংক্ষেপে আপ; অৰ্থ: সাধাৰণ লোকৰ দল) এক ভাৰতীয় ৰাজনৈতিক দল। ইয়াৰ আনুষ্ঠানিক আৰম্ভ হয় ২০১২ চনৰ ২ নৱেম্বৰ তাৰিখে আৰু বৰ্তমানে ই ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লী আৰু পঞ্জাবৰ শাসকদল। ২০১১ চনৰ পৰা জন লোকপাল বিলৰ দাবীত ভাৰতত হোৱা যি দুৰ্নীতিৰ বিৰোধী আন্দোলন, তাক ৰাজনীতিকৰণ কৰিব লাগে নে নালাগে তাক লৈ নেতাকৰ্মী অৰবিন্দ কেজৰিৱাল আৰু আন্না হাজাৰেৰ মাজত হোৱা মতবিৰোধৰ পাছত এই দলটোৰ গঠন হয়। আন্না হাজাৰেই বিচাৰিছিল যে এই আন্দোলন অৰাজনৈতিক হোৱা উচিত, কিন্তু অৰবিন্দ কেজৰিৱালৰ অনুসৰি আন্দোলনৰ পথ ব্যৰ্থতাৰ বাবে সক্ৰীয়ভাবে ৰাজনীতিত জড়িত হোৱা প্ৰয়োজন।

দলটোৱে ২০১৩ চনৰ দিল্লী বিধানসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে প্ৰতিদন্দ্বীতা কৰে, য'ত ২৮খন সমষ্টিত বিজয়ী হৈ দ্বিতীয় বৃহত্তম দল হিচাবে আত্মপ্ৰকাশ কৰে। কোনো দলে পূৰ্ণ সংখ্যাগৰিষ্ঠতা নোপোৱাৰ ফলত আপে ভাৰতীয় জাতীয় কংগ্ৰেছৰ শৰ্তাধীন সমৰ্থনৰ বলত এক সংখ্যালঘু চৰকাৰ গঠন কৰে। দলটো কাৰ্যক্ৰমণিকাৰ এক উল্লেখযোগ্য অংশ আছিল ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লীত জন লোকপাল বিলখন দ্ৰুততাৰে প্ৰচলন কৰা। নিৰ্বাচনৰ পাছত যেতিয়া স্পষ্ট হৈ পৰিল যে অন্য ডাঙৰ দলসমূহে এই বিলখনক সমৰ্থন নকৰে, তেতিয়া আপ চৰকাৰে ৪৯ দিনৰ ক্ষমতাৰ পাছত পদত্যাগ কৰে।

২০১৫ চনৰ দিল্লী বিধানসভা নিৰ্বাচনত, আম আদমি পাৰ্টীয়ে ৭০খন আসনৰ ভিতৰত ৬৭খনতে জয় লাভ কৰে। ভাৰতৰ দুটা মুখ্য ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টীয়ে ৩খন বিজয় লাভ কৰে আৰু ভাৰতীয় জাতীয় কংগ্ৰেছে কোনো আসনতে বিজয় লাভ নকৰিলে।১

সাংগঠনিক দিশ

নিম্নলিখিত সংস্থাৰে দলটোৰ নেতৃত্ব গঢ় লৈ উঠিছে:

ৰাষ্ট্ৰীয় আহ্বায়ক

অৰবিন্দ কেজৰিৱাল আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক। ৰাষ্ট্ৰীয় সম্পাদক: পংকজ গুপ্তা২

ৰাষ্ট্ৰীয় কোষাধ্যক্ষ: নাৰায়ণ দাস গুপ্তা

ৰাজনৈতিক পৰিক্ৰমা সমিতি (পিএচি)

ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ বৰ্তমানৰ সদস্য হৈছে অৰবিন্দ কেজৰিৱাল, মনীষ ছিছ’দিয়া, সঞ্জয় সিং, আতিশী, সাধু সিং, গোপাল ৰায় আৰু দুৰ্গেশ পাঠক। পংকজ কুমাৰ গুপ্তা (ৰাষ্ট্ৰীয় সম্পাদক) আৰু নাৰায়ণ দাস গুপ্তা (ৰাষ্ট্ৰীয় কোষাধ্যক্ষ) হৈছে পিএচিৰ পূৰ্বৰ সদস্য।৩

ৰাষ্ট্ৰীয় কাৰ্যবাহী সমিতি

দলটোৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ২০২২ চনত ৩৪ জন সদস্য আছে।

ৰাজ্যিক নেতৃত্ব

দলটোৰ ৰাজ্যিক নেতৃত্বই ৰাজ্যিক শাখাসমূহ পৰিচালনা কৰে।

তথ্যসূত্ৰ

  1. ↑ (13 January 2015). EC cracks whip as Delhi goes to polls. The Hindu
  2. ↑ Aam aadmi party
  3. ↑ Political affairs committee

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ৰাজনৈতিক দল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আম আদমি পাৰ্টী” প্ৰবন্ধৰ সংশোধন ৪২২২২৯ (৪ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।