অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

ৱিকিমিডিয়া ফাউণ্ডেশ্যন

ৱিকিমিডিয়া ফাউণ্ডেশ্যন, ইন্‌ক'ৰ্প'ৰেছন হৈছে এটা আমেৰিকান অব্যৱসায়িক দাতব্য সংস্থা। ফ্ল'ৰিডাৰ আইনৰ অধীনত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয় চান ফ্ৰান্সিচ্‌ক', কেলিফ'ৰ্নিয়াত অৱস্থিত।

হালনাগাদ: ১২ ফেব্ৰুৱাৰী ২০২৬ ৫৮৫ শব্দ · ৩ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ৱিকিমিডিয়া ফাউণ্ডেশ্যন, ইন্‌ক'ৰ্প'ৰেছন হৈছে এটা আমেৰিকান অব্যৱসায়িক দাতব্য সংস্থা। ফ্ল'ৰিডাৰ আইনৰ অধীনত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয় চান ফ্ৰান্সিচ্‌ক', কেলিফ'ৰ্নিয়াত অৱস্থিত। ই কেইবাটাও অনলাইন সহযোগিতামূলক ৱিকি প্ৰকল্প পৰিচালনা কৰে, যেনে-ৱিকিপিডিয়া, ৱিক্সনেৰী, ৱিকিক্কোৱ'ট, ৱিকিবুক্‌ছ, ৱিকিচ'ৰ্ছ, ৱিকিমিডিয়া কমন্‌ছ, ৱিকিস্পিচিজ, ৱিকিনিউজ, ৱিকিভাৰ্চিটী, ৱিকিমিডিয়া ইনকিউবেটৰ, মেটাৱিকি আৰু বৰ্তমান নিষ্ক্ৰিয় নুপিডিয়াৰ মালিকীস্বত্ব আছে। ইয়াৰ মুখ্য প্ৰকল্প ৱিকিপিডিয়া বিশ্বজুৰি সৰ্বোচ্চ দৰ্শিত দহটা ৱেবচাইটৰ এটা।১ ২০০৩ চনৰ ২০ জুনত ৱিকিপিডিয়াৰ সহ-প্ৰতিষ্ঠাপক জিম্মী ৱেল্‌ছএ ৱিকিমিডিয়া ফাউণ্ডেশ্যন আনুষ্ঠানিকভাৱে মুকলি ঘোষণা কৰে।২ তাৰ আগতে তেওঁ "ব'মিছ" নামৰ নিজৰ প্ৰতিষ্ঠানটোৰ নামত ৱিকিপিডিয়া পৰিচালনা কৰি আছিল।৩

২০১৫ চনৰ তথ্য অনুসৰি এই ফাউণ্ডেশ্যনত প্ৰায় ২৫০জন লোকে কাম কৰে আৰু ইয়াৰ বাৰ্ষিক ৰাজহ ৫ কোটি আমেৰিকান ডলাৰতকৈও অধিক। বৰ্তমান লাইলা ট্ৰেটিক'ভ এই ফাউণ্ডেশ্যনৰ কাৰ্যবাহী সঞ্চালক আৰু পেট্ৰিচিঅ' লৰেণ্টে ব'ৰ্ডৰ অধ্যক্ষ।

উদ্দেশ্য

ৱিকিমিডিয়া ফাউণ্ডেশ্যন এক ৰাজহুৱা সাহায্য হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আভ্যন্তৰীন ৰাজহ ক'ড 501(c)(3)ৰ অন্তৰ্গত। ইয়াৰ National Taxonomy of Exempt Entities (NTEE) ক'ড হৈছে C60 (প্ৰাপ্তবয়স্ক শিক্ষা, শিক্ষাৰ প্ৰসাৰ)।৪৫ ফাউণ্ডেশ্যনটোৰ আইনী নীতিয়ে শিক্ষামূলক বিষয়বস্তুৰ সংগ্ৰহ আৰু উন্নয়ন কৰি সেইবোৰক বিশ্বজুৰি সফলতাৰে বিয়পাই দিয়াৰ উদ্দেশ্য ঘোষণা কৰে।৬

ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ ঘোষিত লক্ষ্য হৈছে মুক্ত বিষয়বস্তু থকা, ৱিকি-নিৰ্ভৰ প্ৰকল্পৰ নিৰ্মাণ আৰু সমগ্ৰ বিষয়বস্তু ৰাইজক বিনামূলীয়াকৈ বিতৰণ কৰা।৭ এয়া ফাউণ্ডেশ্যনৰ ব্যৱহাৰিক চৰ্ত্তসমূহৰ বাবেই সম্ভৱপৰ হৈছে (জুন ২০০৯ত CC-BY-SA লাইচেঞ্চ আদৰি ল'বলৈ আপডেট আৰু অনুমোদন কৰা হয়)।

ইতিহাস আৰু বিকাশ

]]

]]

২০ জুন, ২০০৩ চনত ৱিকিপিডিয়া আৰু ন্যুপিডিয়াৰ পৰা ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ সৃষ্টি হয়।৮ ই ১৭ চেপ্তেম্বৰ, ২০০৪ চনত United States Patent and Trademark Officeত ৱিকিপিডিয়া ট্ৰেডমাৰ্ক হিছাপে ব্যৱহাৰ কৰিবলৈ আবেদন জনায়। ১০ জানুৱাৰী, ২০০৬ চনত এই চিহ্নটোৰ পঞ্জীয়ন অনুমোদিত হয়। ১৬ ডিচেম্বৰ ২০০৪ত জাপানত আৰু ২০ জানুৱাৰী ২০০৫ত ইউৰোপীয়ান ইউনিয়নত ট্ৰেডমাৰ্ক সুৰক্ষা প্ৰদান কৰা হয়। কাৰিকৰীগতভাৱে চাৰ্ভিছ মাৰ্কটোৰ পৰিসীমাৰ ভিতৰত আছে: "ইণ্টাৰনেটৰ জৰিয়তে সাধাৰণ বিশ্বকোষীয় জ্ঞানৰ ক্ষেত্ৰত তথ্যৰ ব্যৱস্থা" (Provision of information in the field of general encyclopedic knowledge via the Internet। গ্ৰন্থ আৰু ডি.ভি.ডি.ৰ দৰে আন কিছু সামগ্ৰীৰ বাবেও ৱিকিপিডিয়া ট্ৰেডমাৰ্ক ব্যৱহাৰৰ পৰিকল্পনা আছে।৯

"ৱিকিমিডিয়া" নামটো আমেৰিকান লেখক শ্বেল‌ডন ৰেম্পটনে ২০০৩ চনৰ মাৰ্চত ইংৰাজী মেইলিং তালিকালৈ লিখোঁতে উদ্ভাৱন কৰে।১০

ফাউণ্ডেশ্যনৰ ঘোষণাৰ লগে লগে ৱিকিপিডিয়া, ৱিক্স্যনেৰী আৰু ন্যুপিডিয়াৰ সকলো ড'মেইন নামৰ লগতে ব'মিছ বা ৱেল‌ছে নিজেই তৈয়াৰ কৰা এই প্ৰকল্পবোৰত জড়িত সকলো সামগ্ৰীৰ অনুজ্ঞাপত্ৰ ৱিকিমিডিয়ালৈ স্থানান্তৰ কৰা হয়। ৱিকিমিডিয়া প্ৰকল্পৰ বাবে ব্যৱহৃত কম্পিউটাৰ সঁজুলিসমূহো ৱেল্‌ছে ফাউণ্ডেশ্যনলৈ দান কৰে। ফাউণ্ডেশ্যনে "wikimedia.org" আৰু "wikimediafoundation.org" ড'মেইন নাম লাভ কৰে।

২০০৫ চনৰ এপ্ৰিলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ Internal Revenue Serviceএ "প্ৰাপ্তবয়স্ক শিক্ষা, শিক্ষাৰ প্ৰসাৰ" শ্ৰেণীত শৈক্ষিক ফাউণ্ডেশ্যন হিছাপে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অনুমোদন জনায়, আৰু ইয়ালৈ প্ৰদান কৰা সাহায্য আমেৰিকাত উপাৰ্জন কৰ-মুক্ত হোৱাৰ পথ সূচল হয়।

২০০৬ চনৰ ১১ ডিচেম্বৰত ৱিকিমিডিয়া ফাউণ্ডেশ্যন ব'ৰ্ডে লক্ষ্য কৰে যে ফ্ল'ৰিডাৰ আইন পঞ্জীয়নৰ নীতি পালন কৰিব নোৱাৰাৰ ফলত প্ৰতিষ্ঠানটো পূৰ্বে পৰিকল্পনা কৰাৰ দৰে সহযোগিতামূলক প্ৰতিষ্ঠান হ'ব নোৱাৰিলে। তাৰপিছত ব'ৰ্ডে সদস্যতাৰ সকলো অধিকাৰ আৰু কাৰ্যৰ প্ৰসংগ আঁতৰাবলৈ নিয়মৰ সালসলনি কৰে।১১

২০০৭ চনৰ ২৫ চেপ্তেম্বৰত প্ৰতিষ্ঠানৰ সকলো কাৰ্যকলাপ চান ফ্ৰান্সিচ্‌ক' উপকূল অঞ্চললৈ স্থানান্তৰ কৰাৰ অৰ্থে ব'ৰ্ডে জাননী জাৰি কৰে। ইয়াৰ কাৰণ আছিল একে ভাৱসম্পন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু সম্ভাব্য সহযোগীৰ নিকট অৱস্থিতি, আৰু ছেইণ্ট পিটাৰ্ছবাৰ্গতকৈ অধিক সুলভ বা সূচল আন্তঃৰাষ্ট্ৰীয় যাতায়তৰ ব্যৱস্থা।১২১৩১৪

২০১০ চনৰ ১৬ এপ্ৰিলত কোনো ৱিকিমিডিয়াৰ প্ৰকল্পত এশকোটিতম সম্পাদনা কৰা হয়।১৫

ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ ভগ্নী প্ৰকল্পসমূহ

  1. ৱিকিপিডিয়া
  2. ৱিকিউৎস
  3. ৱিকিউদ্ধৃতি
  4. ৱিকি অভিধান
  5. ৱিকিগ্ৰন্থ
  6. ৱিকি ভ্ৰমণ
  7. ৱিকিবাতৰি
  8. ৱিকিমিডিয়া কমন্স
  9. মিডিয়াৱিকি
  10. মেটা-ৱিকি
  11. ৱিকিপ্ৰজাতি
  12. ৱিকিফলন
  13. ৱাকিডাটা
  14. ৱিকিভাৰ্চিটী

বহিঃসংযোগ

নথিপত্ৰ (সংবাদ, পৰিকল্পনা আদি)

*, wikimediafoundation.org *, upload.wikimedia.org

অন্যান্য

তথ্যসূত্ৰ

  1. ↑ Top 500. Alexa
  2. ↑ Neate, Rupert. (2008-10-07). Wikipedia founder Jimmy Wales goes bananas. The Daily Telegraph
  3. ↑ Wales, Jimmy. (2003-06-20). Wikipedia English mailing list message
  4. ↑ NTEE Classification System
  5. ↑ NCCS definition for Adult Education
  6. ↑ Jd. Wikimedia Foundation bylaws. Wikimedia Foundation
  7. ↑ Devouard, Florence. Mission statement. Wikimedia Foundation
  8. ↑ জিম্মী ৱেল্‌ছ: "Announcing Wikimedia Foundation", June 20, 2003, <Wikipedia-l@wikipedia.org>
  9. ↑ Nair, Vipin. (December 5, 2005). Growing on volunteer power. Business Line
  10. ↑ Rampton, Sheldon. (2003-03-16). Wikipedia English mailing list message
  11. ↑ Bylaws revision
  12. ↑ Carlos Moncada. (2007-09-25). Wikimedia Foundation Moving To Another Bay Area. The Tampa Tribune
  13. ↑ Richard Mullins. (2007-09-26). Online Encyclopedia To Leave St. Petersburg For San Francisco. The Tampa Tribune
  14. ↑ Kim, Ryan. (2007-10-10). Wikipedia team plans move to San Francisco. San Francisco Chronicle
  15. ↑ Twitter. Twitter

সম্পৰ্কিত শ্ৰেণী

ৱিকিমিডিয়া ফাউণ্ডেশ্যনশৈক্ষিক প্ৰতিষ্ঠানঅব্যৱসায়িক সংস্থা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱিকিমিডিয়া ফাউণ্ডেশ্যন” প্ৰবন্ধৰ সংশোধন ৫৭৬৫৮২ (১২ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।