অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টী (মেঘালয়)

ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টী (ইংৰাজী: United Democratic Party, চমুকৈ ইউডিপি বা UDP) হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ এক স্বীকৃতিপ্ৰাপ্ত ৰাজ্যিক ৰাজনৈতিক দল। ১৯৯৭ চনত মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ইভানছক্লেণ্ড মাওলঙৰ নেতৃত্বত দলটো প্ৰতিষ্ঠা কৰা হৈছিল।

হালনাগাদ: ২৫ ছেপ্তেম্বৰ ২০২৬ ১৮৮ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টী (ইংৰাজী: United Democratic Party, চমুকৈ ইউডিপি বা UDP) হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ এক স্বীকৃতিপ্ৰাপ্ত ৰাজ্যিক ৰাজনৈতিক দল। ১৯৯৭ চনত মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ইভানছক্লেণ্ড মাওলঙৰ নেতৃত্বত দলটো প্ৰতিষ্ঠা কৰা হৈছিল। বৰ্তমান এই দলটোৰ সভাপতি হিচাপে নেতৃত্ব বহন কৰি আছে মেঘালয় বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ মেটবাহ লিংডোৱে।

ইতিহাস

১৯৯৭ চনত গঠিত হোৱাৰ পাছত ১৯৯৮ চনৰ মেঘালয় বিধানসভা নিৰ্বাচনত দলটোৱে ২০খন আসন লাভ কৰে আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে ক্ষমতা হস্তান্তৰৰ চুক্তিত মিত্ৰজোট চৰকাৰ গঠন কৰে। এই চৰকাৰত ইউডিপিৰ ব্ৰিংটন বুহাই লিংডো মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। পৰৱৰ্তী সময়ত ২০০০ চনত ইভানছক্লেণ্ড মাওলং মুখ্যমন্ত্ৰী হয়।

২০০৮ চনত ইউডিপিয়ে জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টি, হিল ষ্টেট পিপলছ ডেম’ক্ৰেটিক পাৰ্টী, ভাৰতীয় জনতা পাৰ্টী আৰু নিৰ্দলীয় সদস্যসকলক লগত লৈ 'মেঘালয় প্ৰগ্ৰেছিভ এলায়েন্স' গঠন কৰে আৰু ড° ডনকুপাৰ ৰয় মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হয়।

২০১৮ চনৰ সাধাৰণ নিৰ্বাচনৰ পাছত দলটোৱে ৬খন আসন লাভ কৰি নেছনেল পিপলছ পাৰ্টি (ভাৰত)-ৰ নেতৃত্বত গঠিত মেঘালয় গণতান্ত্ৰিক মৰ্চা (MDA) চৰকাৰত অংশীদাৰ হয় আৰু ড° ডনকুপাৰ ৰয় বিধানসভাৰ অধ্যক্ষ নিৰ্বাচিত হয়। ২০২৩ চনৰ বিধানসভা নিৰ্বাচনত ইউডিপিয়ে ১২খন আসন লাভ কৰি নিৰ্বাচনত দ্বিতীয় সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰে আৰু পুনৰ এমডিএ মিত্ৰজোট চৰকাৰত যোগদান কৰে।

সভাপতিসকলৰ তালিকা

নংসভাপতিৰ নামকাৰ্যকাল আৰম্ভকাৰ্যকাল সমাপ্ত
১ই. কে. মাওলং১৯৯৭২০০৪
২ড° ডনকুপাৰ ৰয়২০০৪২০১৯
৩মেটবাহ লিংডো১১ ছেপ্টেম্বৰ ২০১৯বৰ্তমানলৈকে

মুখ্যমন্ত্ৰীসকল

নংমুখ্যমন্ত্ৰীকাৰ্যকাল আৰম্ভকাৰ্যকাল সমাপ্ত
১বি. বি. লিংডো১০ মাৰ্চ ১৯৯৮৮ মাৰ্চ ২০০০
২ই. কে. মাওলং৮ মাৰ্চ ২০০০৮ ডিচেম্বৰ ২০০১
৩ড° ডনকুপাৰ ৰয়১৯ মাৰ্চ ২০০৮১৮ মাৰ্চ ২০০৯

নিৰ্বাচনী প্ৰদৰ্শন

মেঘালয় বিধানসভা নিৰ্বাচন

নিৰ্বাচনলাভ কৰা ভোটভোটৰ %প্ৰতিদ্বন্দ্বিতা কৰা আসনলাভ কৰা আসনআসনৰ পৰিৱৰ্তন
১৯৯৮২,২৬,০২৬২৬.৯৯%–২০
২০০৩১,৪৪,২৫৫১৫.৯৯%–১১
২০০৮২,০২,৫১১১৮.৩৭%৫৩২
২০১৩২,২৫,৬৭৬১৭.১০%–৩
২০১৮১,৮৩,০০৫১১.৬০%২৭২
২০২৩৩,০০,৭৪৭১৬.২১%৪৬৬

লগতে চাওক

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ৰাজনৈতিক দল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টী (মেঘালয়)” প্ৰবন্ধৰ সংশোধন ৬৩৮৩২৭ (২৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।