ভাৰতীয় প্ৰশাসনিক সেৱা চমুকৈ আই এ এছ (Indian Administrative Service, IAS) সৰ্বভাৰতীয় সেৱাৰ প্ৰশাসনিক বিভাগ।১ ই ভাৰতৰ প্ৰতিষ্ঠিত অসমৰিক সেৱাসমূহৰ ভিতৰত অন্যতম।১২ ভাৰতীয় পুলিচ সেৱা আৰু ভাৰতীয় বৈদেশিক সেৱাৰ লগতে ভাৰতীয় প্ৰশাসনিক সেৱা সৰ্বভাৰতীয় সেৱাৰ মুখ্য তিনিটা বিভাগ। এই সেৱাৰ বিষয়া সকলে ভাৰত চৰকাৰ আৰু প্ৰতিটো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চললৈ সেৱা আগবঢ়ায়। আই এ এছ বিষয়া সমূহে ভাৰত চৰকাৰৰৰ অধীনস্থ বিভিন্ন ৰাজহুৱা খণ্ডৰ উদ্যোগতো সেৱা আগবঢ়ায়।
ৱেষ্টমিনিষ্টাৰ সংসদীয় চৰকাৰ অনুধাৱন কৰা আন দেশৰ দৰে ভাৰতীয় প্ৰশাসনিক সেৱা ভাৰতৰ স্থায়ী আমোলাতন্ত্ৰৰ অন্তৰ্ভুক্ত।৩ ইয়াৰ লগতে ই ভাৰত চৰকাৰৰ কাৰ্যনিৰ্বাহকৰ অংশ। সেয়ে আমোলাতন্ত্ৰ সাধাৰণতে ৰাজনৈতিক ভাবে নিৰপেক্ষ আৰু যি কোনো চৰকাৰ বা পৰিস্থিতিত দেশৰ সেৱাৰ বাবে সদা নিয়োজিত।৩
সেৱাত নিয়োজিত হোৱাৰ পিছত প্ৰশাসনিক বিষয়া সকলে কিছুদিন উপ-সংমণ্ডলীয় দণ্ডাধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰে। তাৰপিছত তেওঁলোক ভাৰতৰ বিভিন্ন জিলাসমূহৰ উপায়ুক্ত পদত অধিষ্ঠিত হয়। এই পদত কেইবাবছৰ সেৱা আগবঢ়োৱা পিছত (কোনো কোনো ৰাজ্যত প্ৰায় ১৬ বছৰ) এজন বিষয়াক গোটেই ৰাজ্যৰ সংমণ্ডলৰ মুৰব্বী পদ সংমণ্ডল অধিকাৰী হিচাপে পদোন্নতি দিয়া হয়।
উচ্চ দৰমহা নিৰীখ লাভ কৰা বিষয়া সকলে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগ আৰু মন্ত্ৰণালয়ত সেৱা আগবঢ়ায়। এই স্তৰত প্ৰশাসনিক বিষয়া সকলে আন্তৰ্জাতিক স্তৰৰ দ্বীপক্ষীক বা বহুপক্ষীক অনুষ্ঠানত দেশক প্ৰতিনিধিত্ব কৰে। ইয়াৰ লগতে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় সংস্থা সমূহ যেনে বিশ্ব বেংক, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি, এছিয়ান উন্নয়ন বেংক, এছিয়ান আন্তঃগাঁথনি বিনিয়োগ বেংক, ৰাষ্ট্ৰসংঘ আৰু ইয়াৰ সহযোগী সংস্থা সমূহতো ভাৰতৰ হৈ সেৱা আগবঢ়ায়। প্ৰশাসনিক বিষয়া সকলে ভাৰতৰ নিৰ্বাচনী আয়োগৰ লগত জড়িত হৈ ভাৰতত নিৰ্বাচন অনুষ্ঠিত কৰে।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Service Profile for the Indian Administrative Service. Department of Personnel and Training, ভাৰত চৰকাৰ
- ↑ Tummala, Krishna Kumar. (1996). Public Administration in India. Allied Publishers. পৃ. 154–159. ISBN 978-8170235903
- ↑ Bhattacharjee, Subhomoy. (22 June 2017). In defence of administrative continuity. Business Standard
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয় প্ৰশাসনিক সেৱা” প্ৰবন্ধৰ সংশোধন ৪৪৭২৭১ (২২ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।