ভাৰতীয় বায়ুসেনা (Indian Air Force) হৈছে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বায়ুসেনা। ভাৰতীয় আকাশমাৰ্গ সুৰক্ষিত কৰা আৰু সশস্ত্ৰ সংঘাতৰ সময়ত আকাশী যুদ্ধ চলোৱাটো ইয়াৰ প্ৰধান অভিযানৰ অংশ। ১৯৩২ চনৰ ৮ অক্টোবৰত ইয়াক আনুষ্ঠানিকভাৱে ব্ৰিটিছ সাম্ৰাজ্যৰ সহায়ক বায়ুসেনা হিচাপে প্ৰতিষ্ঠা কৰা হয় যিয়ে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ভাৰতৰ বিমান সেৱাক ৰয়েল উপসৰ্গৰে সন্মান জনায়।১ ১৯৪৭ চনত যুক্তৰাজ্যৰ পৰা ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত ডমিনিয়ন অৱ ইণ্ডিয়াৰ নামত ৰয়েল ইণ্ডিয়ান এয়াৰ ফৰ্চ নাম ৰখা হৈছিল আৰু সেৱা আগবঢ়োৱা হৈছিল। ১৯৫০ চনত ভাৰত গণৰাজ্যলৈ পৰিৱৰ্তন হোৱাৰ লগে লগে ৰয়েল উপসৰ্গটো আঁতৰাই পেলোৱা হয়।
১৯৫০ চনৰ পৰা বায়ু সেনা চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ সৈতে চাৰিখন যুদ্ধত জড়িত হৈ আছে। আই এ এফে গ্ৰহণ কৰা আন আন প্ৰধান অভিযানসমূহৰ ভিতৰত আছে অপাৰেচন বিজয়, অপাৰেচন মেঘদূট, অপাৰেচন কেকটাছ আৰু অপাৰেচন পূমলাই। আই এ এফৰ অভিযান শত্ৰু বাহিনীৰ সৈতে জড়িত হোৱাৰ বাহিৰেও সম্প্ৰসাৰিত হয়৷ আই এ এফে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানত অংশগ্ৰহণ কৰে।
ভাৰতৰ ৰাষ্ট্ৰপতি আই এ এফৰ উচ্চতম সেনাধ্যক্ষৰ পদবী লাভ কৰে।২ ২০১৭ চনৰ ১ জুলাইলৈকে ১৭০,৫৭৬ জন জোৱান ভাৰতীয় বায়ুসেনাৰ সৈতে সেৱাত আছে।৩৪এয়াৰ ষ্টাফৰ মুৰব্বী, এজন এয়াৰ চিফ মাৰ্শ্বাল, এজন চাৰি তাৰকা বিষয়া আৰু তেওঁ বায়ুসেনাৰ অপাৰেচনেল কমাণ্ডৰ ডাঙৰ অংশৰ দায়িত্ব লয়। আই এ এফত কোনো সময়তে এজনতকৈ অধিক ব্যক্তিয়ে এ চি এম সেৱা আগবঢ়োৱা নাই। ইতিহাসৰ এটা সময়ত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে বায়ুসেনাৰ মাৰ্শ্বাল পদবী প্ৰদান কৰিছে৷ তেওঁ হৈছে অৰ্জন সিঙ। ২০০২ চনৰ ২৬ জানুৱাৰীত সিং আই এ এফৰ প্ৰথম আৰু এতিয়ালৈকে মাত্ৰ পঞ্চ-তাৰকাপদযুক্ত বিষয়া হয়।৫
তথ্যসূত্ৰ
- ↑ Indian Air Force. indianairforce.nic.in
- ↑ About – The President of India
- ↑ 20% Sailor Shortage in Navy, 15% Officer Posts Vacant In Army, Nirmala Sitharaman Tells Parliament. News18
- ↑ (2017-12-27). Armed forces facing shortage of nearly 60,000 personnel: Government. The Economic Times
- ↑ (16 September 2017). Arjan Singh: IAF's 1965 war hero and the only five-star ranked officer
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয় বায়ু সেনা” প্ৰবন্ধৰ সংশোধন ৫১৬৯৫৫ (১১ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।