অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

মাৰ্ক্সবাদ

মাৰ্ক্সবাদ হৈছে এক মতাদৰ্শ তথা বিশ্লেষণৰ এক পদ্ধতি, যি ঐতিহাসিক বস্তুবাদী দৃষ্টিৰে সমাজখনৰ শ্ৰেণী সম্বন্ধ তথা সামাজিক দ্বন্দ্ববিলাকৰ বিশ্লেষণ কৰে। মাৰ্ক্সবাদৰ আৰম্ভণি ঘটিছিল ১৯ শতিকাৰ দ্বিতীয় ভাগত, জাৰ্মান দাৰ্শনিক কাৰ্ল মাৰ্ক্স আৰু ফ্ৰেডৰিক এংগেলছৰ জৰিয়তে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২৫৬ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

মাৰ্ক্সবাদ হৈছে এক মতাদৰ্শ তথা বিশ্লেষণৰ এক পদ্ধতি, যি ঐতিহাসিক বস্তুবাদী দৃষ্টিৰে সমাজখনৰ শ্ৰেণী সম্বন্ধ তথা সামাজিক দ্বন্দ্ববিলাকৰ বিশ্লেষণ কৰে। মাৰ্ক্সবাদৰ আৰম্ভণি ঘটিছিল ১৯ শতিকাৰ দ্বিতীয় ভাগত, জাৰ্মান দাৰ্শনিক কাৰ্ল মাৰ্ক্স আৰু ফ্ৰেডৰিক এংগেলছৰ জৰিয়তে।

প্ৰাৰম্ভিক মাৰ্ক্সবাদ

মাৰ্ক্সবাদে প্ৰথমে ঐতিহাসিক ভৌতিকতাবাদেৰে পুঞ্জিবাদৰ উত্থান আৰু ব্যৱস্থাগত অৰ্থনৈতিক পৰিৱৰ্তনত শ্ৰেণী সংগ্ৰামৰ ভূমিকাৰ বিশ্লেষণ আৰু আলোচনা কৰিছিল। মাৰ্ক্সবাদৰ মতে পুঞ্জিবাদত শ্ৰেণী সংগ্ৰামৰ উদ্ভৱ হয় সৰ্বহাৰাই কৰা অতিকৈ উত্‌পাদনশীল যান্ত্ৰীকৃত আৰু সামাজিকৃত উত্‌পাদন আৰু সংখ্যালঘু বুৰ্জোৱাই লভা সম্পদৰ ব্যক্তিগত মালিকানা আৰু মুনাফাৰ বিৰোধৰ বাবে। উতপাদনৰ বল আৰু সম্বন্ধৰ বিৰোধৰ বৃদ্ধিৰ বাবে সংকটৰ সৃষ্টি হয়। বুৰ্জোৱাই ভিন ভিন স্তৰৰ চেতনাৰ শ্ৰমিক ব্যৱচ্ছেদক বান্ধি ৰাখিব নোৱাৰে আৰু অৱশেষত সূচনা হয় সামাজিক বিপ্লৱৰ। এই বিপ্লৱৰ ফলত সৃষ্টি হ'ব সমাজবাদী সমাজৰ- সকলোৰেপৰা সামৰ্থ্য অনুসৰি আৰু সকলোলৈ বৰঙণি অনুসৰি। উত্‌পাদনৰ প্ৰযুক্তিৰ বিকাশ সাধন হৈয়ে যাব আৰু মাৰ্ক্সৰ মতে ফল হ'ব এক সাম্যবাদী সমাজ- য'ত থাকিব সম্পদৰ ৰাজহুৱা মালিকানা আৰু উত্‌পাদৰ উভৈনদী-ই হ'ব এক মানৱীয় সমাজ, সকলোৰেপৰা সামৰ্থ্য অনুসৰি, সকলোলৈ প্ৰয়োজন অনুসৰি।

মাৰ্ক্সবাদৰ ভিন্ন ধাৰা

মাৰ্ক্সবাদ পাছলৈ ভিন্ন চিন্তাগোষ্ঠীত বিকশিত হ'ল।১ ভিন্ন মাৰ্ক্সবআদী চিন্তাগোষ্ঠীয়ে শাস্ত্ৰীয় মাৰ্ক্সবাদৰ ভিন্ন বিষয়ত গুৰুত্ব আৰোপ কৰে, কিছু বিষয় গৌণ জ্ঞান কৰে অথবা সম্পূৰ্ণ ৰূপে খাৰিজ কৰে। কোনো কোনো চিন্তাগোষ্ঠিত মাৰ্ক্সবাদ আৰু আন সূত্ৰৰ মিশ্ৰণ ঘটিছে। সেই বাবে ভিন্ন চিন্তাগোষ্ঠীৰ মীমাংসা সামঞ্জসয়হীনো হ'ব পাৰে।২ শেহতীয়াকৈ পিচে এই কথাত গুৰুত্ব আৰোপ কৰা হৈছে যে মাৰ্ক্সবাদত দ্বন্দ্ববাদী ভৌতিকতাবাদ আৰু ইতিহাসবাদ গুৰুত্বপূৰ্ণ, যিয়ে মতৰ ঐক্যসাধনত সহায় কৰিব পাৰে।৩

প্ৰভাৱ

মাৰ্ক্সবাদে বিভিন্ন ৰাজনৈতিক আৰু সামাজিক আন্দোলনক প্ৰভাৱিত কৰইছে, তাৰ উপৰিও ভিন্ন শিক্ষাক্ষেত্ৰত পুৰাতত্ত্ব, নৃতত্ত্ব, ৪ গণ মাধ্যম অধ্যয়ন, ৫, ৰাজনীতি বিজ্ঞান, নাট্য, বুৰঞ্জী, সমাজবিদ্যা, কলা বুৰঞ্জী আৰু সূত্ৰ, সংস্কৃতিবিদ্যা, শিক্ষাবিদ্যা, অৰ্থনীতি, ভূগোল, সাহিত্য সমালোচনা, সৌন্দৰ্য শাস্ত্ৰ, সমালোচনামূলক মনোবিজ্ঞান আৰু দৰ্শন অধ্যয়নত মাৰ্ক্সবাদ ব্যৱহৃত।

তথ্যসূত্ৰ

  1. ↑ Wolff and Resnick, Richard and Stephen. (August 1987). Economics: Marxian versus Neoclassical. The Johns Hopkins University Press. পৃ. 130. ISBN 0-8018-3480-5
  2. ↑ O'Hara, Phillip. (September 2003). Encyclopedia of Political Economy, Volume 2. Routledge. পৃ. 107. ISBN 0-415-24187-1
  3. ↑ Ermak, Gennady. (2016). Communism: The Great Misunderstanding. ISBN 1533082898
  4. ↑ Bridget O'Laughlin (1975) Marxist Approaches in Anthropology Annual Review of Anthropology Vol. 4: pp. 341–70 (October 1975) . William Roseberry (1997) Marx and Anthropology Annual Review of Anthropology, Vol. 26: pp. 25–46 (October 1997)
  5. ↑ S. L. Becker (1984) "Marxist Approaches to Media Studies: The British Experience", Critical Studies in Mass Communication, 1(1): pp. 66–80

সম্পৰ্কিত শ্ৰেণী

ৰাজনৈতিক মতাদৰ্শ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰ্ক্সবাদ” প্ৰবন্ধৰ সংশোধন ৬৩১০৫৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।