সমাজবাদ (Socialism) অৰ্থনৈতিক আৰু সামাজিক ব্যৱস্থাৰ এক গোট যাক উৎপাদনৰ মাধ্যমৰ সামাজিক মালিকী আৰু গণতান্ত্ৰিক নিয়ন্ত্ৰণেৰে চিহ্নিত কৰা হয়। তেনে সমাজ গঠনৰ উদ্দেশ্য ৰখা ৰাজনৈতিক ভাবাদৰ্শ, সূত্ৰ আৰু আন্দোলনকো সমাজবাদ বোলা হয়।১ সামাজিক মালিকীয়ে ৰাজহুৱা, উমৈহতীয়া, ক'অপাৰেটিভ, প্ৰয়োজনানুযায়ী সমতা আৰু এইবোৰৰ মিশ্ৰণ বুজাব পাৰে।২ যদিও সমাজবাদৰ বহু ৰূপ আছে আৰু কোনো সংজ্ঞাই সকলোকে নাসামৰে, সামাজিক মালিকী সকলোৰে উমৈহতীয়া গুণ। পুঁজিবাদত লাভৰ বাবে উৎপাদন হয়, কিন্তু সমাজবাদত প্ৰয়োজনৰ বাবে।৩৪৫৬
সমাজবাদী অৰ্থনীতি
সমাজবাদী অৰ্থনীতি বজাৰ অৰ্থনীতি হ'বও পাৰে নহবও পাৰে।৭ অ-বজাৰ অৰ্থনৈতিক সমাজবাদত বজাৰ কাৰকসমূহৰ আৰু ধনৰ সলনি আভিযান্ত্ৰিক আৰু প্ৰযুক্তিগত জ্ঞান আদিৰে গণনা কৰা, অৰ্থাৎ অ-পুঁজিবাদী কিছু নিয়মেৰে চালন কৰা হয়। অ-বজাৰ সমাজবাদৰ এক উদ্দেশ্য পুঁজি সংগ্ৰহ আৰু লাভ ব্যৱস্থাৰ দোষ আঁতৰাই চলা। তাৰ বিপৰীতে, বজাৰ সমাজবাদত বজাৰ শক্তি আৰু কাৰকসমূহ কাৰ্যকৰী বিভিন্ন সামাজিকভাৱে চালিত প্ৰতিষ্ঠানসমূহৰ মাজত পুঁজি সামগ্ৰীৰ বিতৰণৰ বাবে। লাভ প্ৰতি প্ৰতিষ্ঠানৰ কৰ্মশক্তিৰ ওপৰত বা সমগ্ৰ সমাজৰ ওপৰত নিৰ্ভৰশীল হ'ব।৮৯১০ পিচে প্ৰকৃত প্ৰণালী আদি সামাজিক গণনা তৰ্কৰ অন্তৰ্গত।
সমাজবাদী ৰাজনীতি
সমাজবাদী ৰাজনৈতিক আন্দোলনে মধ্যৰ পৰা শেষৰ ১৭০০ৰ শতিকাত চিন্তা আৰম্ভ হোৱা পুঁজিবাদী ব্যৱস্থাৰ সমস্যাসমূহৰ বিষয়ে চিন্তিত কেইবাটাও বৈচিত্ৰ্যময় ৰাজনৈতিক দৰ্শন সামৰে।৩ বজাৰ অৰ্থনীতি স্বীকাৰ কৰা নকৰাৰ উপৰিও সমাজবাদীসকল সামাজিক মালিকীৰ প্ৰকাৰ, উৎপাদনকাৰী প্ৰতিষ্ঠানসমূহত কেনে ব্যৱস্থা থাকিব লাগে, আৰু সমাজবাদী সমাজ গঢ়াত ৰাজ্যৰ ভূমিকাক লৈ একমত নহয়।১১৩ মুখ্য তৰ্কৰ বিষয়ে সংস্কাৰ বনাম বৈপ্লৱিক সমাজবাদ, ৰাজ্য সমাজবাদ বনাম মুক্ত সমাজবাদ সামৰে। সমাজবাদী ৰাজনীতি কেন্দ্ৰিত আৰু বিকেন্দ্ৰিত, জাতীয়তাবাদী আৰু আন্তৰ্জাতীয়তাবাদী, ৰাজনৈতিক দলৰ সৈতে সম্বন্ধিত আৰু ৰাজনৈতিক দল বিৰোধী, বাণিজ্য সংঘৰ সমৰ্থক আৰু বাণিজ্য সংঘৰ বিৰোধী, আৰু উদ্যোগীকৃত আৰু উন্নয়নশীল দেশৰ হ'ব পাৰে।১২ যদিও সমাজবাদৰ সকলো অভিগমনেই নিজকে গণতান্ত্ৰিক আখ্যা দিয়ে, "গণতান্ত্ৰিক সমাজবাদে" এই কথাকেই বুজাই যে এই সমাজবাদৰ বিশ্বাসীসকলে অৰ্থনীতিত গণতান্ত্ৰিক প্ৰক্ৰিয়া আৰু গণতান্ত্ৰিক ৰাজনৈতিক ব্যৱস্থাসমূহক সন্মান কৰে। বিশেষকৈ এনে কৰা হয় তেনে গোটৰ সদস্যসকলে অগণতান্ত্ৰিক আখ্যা দিয়া গোটসমূহৰপৰা নিজক পৃথক কৰিবলৈ।১৩১৪১৫১৬ এই শব্দৰ গোট প্ৰায় ছ'ভিয়েট সংঘৰপৰা নিজক পৃথক দৰ্শাবলৈ ব্যৱহাৰ কৰা হয়, যিয়ে বহু দূৰলৈকে কাঢ়া নিয়ন্ত্ৰণমূলক কায়দাৰে কাম কৰিছিল।১৭১৮১৯
গণতান্ত্ৰিক সমাজবাদ, সাম্যবাদ আৰু বৰ্তমানে সমাজবাদ
ঊনবিংশ শতিকাৰ শেষত কাৰ্ল মাৰ্ক্স আৰু ফ্ৰিড্ৰিচ এংগেল্ছ পুঁজিবাদৰ অৰ্থনৈতিক চালনৰ পৰা উদ্ভৱ হোৱা প্ৰযুক্তিৰে২০ "সমাজবাদ"ক পুঁজিবাদৰ পাছৰ ব্যৱস্থা আখ্যা দিলে যি হ'ব কোনো প্ৰকাৰৰ সামাজিক মালিকীৰ ওপৰত আধাৰিত আৰু ই পুঁজিবাদৰ বিৰুদ্ধে ঠিক হোৱা বুজাই।২১২২ ১৯২০ৰ দশকত সামাজিক গণতন্ত্ৰ আৰু সাম্যবাদ বিশ্ব সমাজবাদী আন্দোলনত দুই দমনীয় ৰাজনৈতিক ধাৰা হিচাপে চিহ্নিত হ'ল।২৩ সমাজবাদ পাছলৈ বিংশ শতিকাৰ আতাইতকৈ অধিক প্ৰভাৱশালী ধৰ্মনিৰপেক্ষ বিশ্ব দৰ্শন হ'ল। যদিও সমাজবাদক ছ'ভিয়েট প্ৰকাৰৰ অৰ্থনৈতিক মডেলৰ সৈতে সম্পৰ্কিত কৰিবলৈ লোৱা হ'ল, অনেক অৰ্থনীতিবিদ আৰু বুদ্ধিজীৱীয়ে এই ব্যৱস্থাক ৰাজ্য পুঁজিবাদ২৪২৫২৬ বা অ-পৰিকল্পিত প্ৰশাসনীয় বা আদেশ অৰ্থনীতি আখ্যা দিছে।২৭২৮ সমাজবাদী দলসমূহ আৰু চিন্তা বৰ্তমানেও সকলো মহাদেশতে প্ৰভাৱৰ বেলেগ বেলেগ স্তৰত এক ৰাজনৈতিক বল আৰু বিভিন্ন দেশৰ শাসন ব্যৱস্থা চালিত কৰিছে। বৰ্তমানে সমাজবাদীসকলৰ বিভিন্ন গোটে আন আন সামাজিক বিষয় যেনে প্ৰকৃতিবাদ, নাৰীবাদ আৰু মুক্তিবাদকো সামৰি লৈছে।২৯
তথ্য সংগ্ৰহ
- 1Peter Lamb, J. C. Docherty. Historical dictionary of socialism (Second edition). Lanham, Maryland, UK; Oxford, England, UK: Scarecrow Press, Inc, 2006.
তথ্যসূত্ৰ
- ↑ "2
- ↑ O'Hara, Phillip. (September 2003). Encyclopedia of Political Economy, Volume 2. Routledge. পৃ. 71. ISBN 0-415-24187-1
- ↑ Peter Lamb, J. C. Docherty
- ↑ Busky, Donald F. (2000). Democratic Socialism: A Global Survey. Praeger. পৃ. 2. ISBN 978-0-275-96886-1
- ↑ Arnold, Scott. (1994). The Philosophy and Economics of Market Socialism: A Critical Study. Oxford University Press. পৃ. 7–8. ISBN 978-0195088274
- ↑ Hastings, Mason and Pyper, Adrian, Alistair and Hugh. (December 21, 2000). The Oxford Companion to Christian Thought. Oxford University Press. পৃ. 677. ISBN 978-0198600244
- ↑ Kolb, Robert. (19 October 2007). Encyclopedia of Business Ethics and Society, First Edition. SAGE Publications, Inc. পৃ. 1345. ISBN 978-1412916523
- ↑ Social Dividend versus Basic Income Guarantee in Market Socialism, by Marangos, John. 2004
- ↑ O'Hara, Phillip. (September 2000). Encyclopedia of Political Economy, Volume 2. Routledge. পৃ. 71. ISBN 978-0415241878
- ↑ Pierson, Christopher. (August 1995). Socialism After Communism: The New Market Socialism. Pennsylvania State Univ Press. পৃ. 96. ISBN 978-0271014784
- ↑ Nove, Alec. Socialism. New Palgrave Dictionary of Economics, Second Edition (2008)
- ↑ "In fact, socialism has been both centralist and local; organized from above and built from below; visionary and pragmatic; revolutionary and reformist; anti-state and statist; internationalist and nationalist; harnessed to political parties and shunning them; an outgrowth of trade unionism and independent of it; a feature of rich industrialized countries and poor peasant-based communities" Michael Newman
- ↑ Often, this definition is invoked to distinguish democratic socialism from authoritarian socialism as in Malcolm Hamilton Democratic Socialism in Britain and Sweden (St Martin's Press 1989),in Donald F. Busky, Democratic Socialism: A Global Survey Greenwood Publishing, 2000, See pp.7-8., Jim Tomlinson's Democratic Socialism and Economic Policy: The Attlee Years, 1945-1951, Norman Thomas Democratic Socialism: a new appraisal or Roy Hattersley's Choose Freedom: The Future of Democratic Socialism
- ↑ Nicholas Guilhot, The democracy makers: human rights and international order, 2005, page 33 "The opposition between the West and Soviet totalitarianism was often presented as an opposition both moral and epistemological between truth and falsehood
- ↑ David Caute, Politics and the novel during the Cold War, 2009, pages 95-99
- ↑ George A Reisch, How the Cold War transformed philosophy of science: to the icy slopes of logic, 2005, pages 153-154
- ↑ Nicholas Guilhot, The democracy makers: human rights and international order, 2005, page 33 "The opposition between the West and Soviet totalitarianism was often presented as an opposition both moral and epistemological between truth and falsehood
- ↑ David Caute, Politics and the novel during the Cold War, 2009, pages 95-99
- ↑ George A Reisch, How the Cold War transformed philosophy of science: to the icy slopes of logic, 2005, pages 153-154
- ↑ Bertrand Badie; Dirk Berg-Schlosser; Leonardo Morlino. (2011). International Encyclopedia of Political Science. SAGE Publications, Inc. পৃ. 1497. ISBN 978-1412959636
- ↑ Gasper, Phillip. (October 2005). The Communist Manifesto: a road map to history's most important political document. Haymarket Books. পৃ. 24. ISBN 1-931859-25-6
- ↑ Anthony Giddens
- ↑ "Chapter 1 looks at the foundations of the doctrine by examining the contribution made by various traditions of socialism in the period between the early 19th century and the aftermath of the First World War
- ↑ 'State Capitalism' in the Soviet Union, M.C. Howard and J.E. King
- ↑ Richard D. Wolff (27 June 2015)
- ↑ Noam Chomsky (1986)
- ↑ Wilhelm, John Howard. (1985). The Soviet Union Has an Administered, Not a Planned, Economy. Soviet Studies. পৃ. 118–130
- ↑ Ellman, Michael. (2007). Transition and Beyond: Essays in Honour of Mario Nuti. Palgrave Macmillan. পৃ. 22. ISBN 0-230-54697-8
- ↑ Garrett Ward Sheldon
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সমাজবাদ” প্ৰবন্ধৰ সংশোধন ৬৩১৯৪৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।