অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

ভাৰতীয় জন সংঘ

ভাৰতীয় জন সংঘ (Bharatiya Jana Sangh, সম্পূৰ্ণ নাম: অখিল ভাৰতীয় জন সংঘ, চমুকৈ: জন সংঘ, সংক্ষিপ্তৰূপ: BJS) ভাৰতৰ এটা অধুনালুপ্ত সোঁপন্থী ৰাজনৈতিক দল। ১৯৫১ চনৰ পৰা ১৯৭৭ চনলৈ সক্ৰিয় হৈ থকা এই দলটো হিন্দুত্ববাদী সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ৰাজনৈতিক শাখা আছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৪০৬ শব্দ · ২ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

ভাৰতীয় জন সংঘ (Bharatiya Jana Sangh, সম্পূৰ্ণ নাম: অখিল ভাৰতীয় জন সংঘ, চমুকৈ: জন সংঘ, সংক্ষিপ্তৰূপ: BJS) ১ ভাৰতৰ এটা অধুনালুপ্ত সোঁপন্থী ৰাজনৈতিক দল। ১৯৫১ চনৰ পৰা ১৯৭৭ চনলৈ সক্ৰিয় হৈ থকা এই দলটো হিন্দুত্ববাদী সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ৰাজনৈতিক শাখা আছিল।২ ১৯৭৭ চনত ইন্দিৰা গান্ধী নেতৃত্বাধীন ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিৰুদ্ধে এটা ৰাষ্ট্ৰীয় বিকল্প তৈয়াৰ কৰিবলৈ গঠন কৰা জনতা পাৰ্টিত অন্য বহুবোৰ ৰাজনৈতিক দলৰ সৈতে জন সংঘও চামিল হৈ গৈছিল। ১৯৮০ চনত জনতা পাৰ্টি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দ্বৈত সদস্যতাৰ বিষয়ত মতানৈক্য হৈ জন সংঘ গোটটো জনতা পাৰ্টিৰ পৰা ওলাই আহিছিল আৰু ১৯৮২ চনত ভাৰতীয় জনতা পাৰ্টী গঠন কৰিছিল।৩

উৎপত্তি

১৯৪৯ পিছত সোঁপন্থী হিন্দুত্ববাদী সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই ব্ৰিটিছৰ শাসনকালতে আৰম্ভ কৰা তেওঁলোকৰ কামকাজ আৰু বিচাৰধাৰা আগবঢ়াই লৈ যাবলৈ এটা ৰাজনৈতিক দল গঠন কৰাৰ সম্পৰ্কত চিন্তা-চৰ্চা আৰম্ভ কৰে। সেই একে সময়তে শ্যামাপ্ৰসাদ মুখাৰ্জীয়েও অহিন্দু লোককো দলৰ সদস্যপদৰ বাবে অনুমতি দিয়া সংক্ৰান্তত অসহমত হৈ ৰাজনৈতিক দল অখিল ভাৰতীয় হিন্দু মহাসভা ত্যাগ কৰিছিল।৪৫৬ ১৯৫১ৰ ২১ অক্টোবৰত৭ দিল্লীত শ্যামাপ্ৰসাদে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সহযোগত কংগ্ৰেছ দলৰ বিৰুদ্ধে এক ৰাষ্ট্ৰীয় বিকল্প হিচাপে জনসংঘ গঠন কৰে।৮

দলৰ নিৰ্বাচনী চিহ্ন আছিল তেলৰ চাকি আৰু স্বয়ংসেৱক সংঘৰ দৰে তেওঁলোকেও তেওঁলোকৰ বিচাৰধাৰা হিন্দুত্বৰ ওপৰত কেন্দ্ৰীভূত কৰিছিল। ১৯৫৩ত শ্যামাপ্ৰসাদৰ মৃত্যুৰ পিছত জনসংঘত থকা স্বয়ংসেৱক সংঘৰ কৰ্মকৰ্তাসকলক আঁতৰাই দি ইয়াক সংঘৰ ৰাজনৈতিক শাখা আৰু সংঘ পৰিয়ালৰ অবিচ্ছেদ্য অংগৰূপে গঢ় দিয়া হৈছিল।৯

সভাপতিসকলৰ তালিকা

শ্যামাপ্ৰসাদ মুখাৰ্জী
শ্যামাপ্ৰসাদ মুখাৰ্জীছবি: Ministry of Parliamentary Affairs · GODL-India

সাধাৰণ নিৰ্বাচনত প্ৰদৰ্শন

১৯৫১ চনত প্ৰতিষ্ঠা হোৱা জনসংঘই প্ৰথমটো সাধাৰণ নিৰ্বাচনত ৩খন লোকসভা আসনত জয়লাভ কৰিছিল। আন দুটা হিন্দুত্ববাদী ৰাজনৈতিক দল অখিল ভাৰতীয় হিন্দু মহাসভা আৰু ৰামৰাজ্য পৰিষদে উক্ত নিৰ্বাচনত লাভ কৰা আসনৰ সংখ্যা আছিল ক্ৰমে ৪খন আৰু তিনিখন। শ্যামাপ্ৰসাদ মুখাৰ্জী আৰু দুৰ্গাচৰণ বেনাৰ্জী পশ্চিমবংগৰ পৰা জয়লাভ কৰিছিল আৰু জনসংঘৰ তৃতীয়জন সদস্য উমা শংকৰ ত্ৰিবেদী ৰাজস্থানৰ পৰা জিকি আহিছিল। শ্যামাপ্ৰসাদৰ নেতৃত্বত সম-মনস্ক দলসমূহে সংসদত এটা গোট গঠন কৰিছিল।১০১১

তথ্য উৎস

Sources

অধিক জানিবলৈ পঢ়ক

তথ্যসূত্ৰ

  1. ↑ Donald Anthony Low. (1968). Soundings in Modern South Asian History. University of California Press. পৃ. 372–
  2. ↑ Gurumurthy, S. (16 October 2013). Lifting of the ban on the RSS was unconditional. The Hindu
  3. ↑ BJP History. Andhra Pradesh BJP
  4. ↑ Urmila Sharma SK Sharma 2001, পৃ. 381
  5. ↑ Kedar Nath Kumar 1990, পৃ. 20–21
  6. ↑ Islam 2006b, পৃ. 227
  7. ↑ Founding of Jan Sangh. www.bjp.org
  8. ↑ Sharad Gupta; Sanjiv Sinha. (18 January 2000). Revive Jan Sangh -- BJP hardlines. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  9. ↑ Kanungo, Pralaya. (November 2006). Myth of the Monolith: The RSS Wrestles to Discipline Its Political Progeny. Social Scientist. পৃ. 51–69
  10. ↑ Nag 2014
  11. ↑ Archis Mohan. (9 October 2014). The roots of India's second republic. Business Standard
  12. ↑ Nag 2014
  13. ↑ Andersen Damle 1987, পৃ. 165
  14. ↑ Andersen Damle 1987, পৃ. 165
  15. ↑ Andersen Damle 1987, পৃ. 165
  16. ↑ Andersen Damle 1987, পৃ. 165
  17. ↑ Nag 2014
  18. ↑ Andersen Damle 1987, পৃ. 165

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ বিলুুপ্ত ৰাজনৈতিক দল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয় জন সংঘ” প্ৰবন্ধৰ সংশোধন ৬৩১৫৭৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।