অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়

মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয় ভাৰত চৰকাৰৰ অন্তৰ্গত এখন মন্ত্ৰণালয়। মহিলা আৰু শিশুৰ সৰ্বাংগীন উন্নয়নৰ বাবে ২০০৬ চনৰ ৩০ জানুৱাৰী তাৰিখে ভাৰত চৰকাৰে এই মন্ত্ৰণালয় গঠন কৰিছিল। ভাৰতত মহিলা আৰু শিশুৰ বিকাশৰ বাবে গ্ৰহণ কৰা নীতি আৰু আইন সমূহ এই মন্ত্ৰণালয়ে প্ৰস্তুত কৰে।

হালনাগাদ: ১১ ফেব্ৰুৱাৰী ২০২১ ২৯৭ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয় ভাৰত চৰকাৰৰ অন্তৰ্গত এখন মন্ত্ৰণালয়। মহিলা আৰু শিশুৰ সৰ্বাংগীন উন্নয়নৰ বাবে ২০০৬ চনৰ ৩০ জানুৱাৰী তাৰিখে ভাৰত চৰকাৰে এই মন্ত্ৰণালয় গঠন কৰিছিল। ভাৰতত মহিলা আৰু শিশুৰ বিকাশৰ বাবে গ্ৰহণ কৰা নীতি আৰু আইন সমূহ এই মন্ত্ৰণালয়ে প্ৰস্তুত কৰে। বৰ্তমান মহিলা আৰু শিশুৰ বিকাশ মন্ত্ৰী হৈছে স্মৃতি ইৰানী। ২০১৪ চনৰ মে' মাহৰ পৰা তেওঁ এই পদত অধিষ্ঠিত হৈ আছে।

ইতিহাস

মহিলা আৰু শিশুৰ বিকাশৰ বাবে ১৯৮৫ চনত এই বিভাগটো সৃষ্টি কৰা হৈছিল। প্ৰথমে ই মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ৰ অধীনত আছিল। পিছলৈ ২০০৬ চনৰ ৩০ জানুৱাৰী তাৰিখে এই বিভাগে সুকীয়া মন্ত্ৰণালয়ৰ মৰ্যদা লাভ কৰে। তেতিয়াৰে পৰা এই মন্ত্ৰণালয়ে মহিলা আৰু শিশুৰ বিকাশৰ বাবে বিভিন্ন কাৰ্যপন্থা হাতত লৈ আহিছে।১

নীতিসমূহ

শিশু আৰু মহিলাৰ সৰ্বাংগীন বিকাশৰ বাবে মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয়ে বিভিন্ন নীতি হাতত লয়। ই পৃথিৱীৰ সৰ্ববৃহৎ সংযুক্ত শিশু বিকাশ সেৱাৰ কাৰ্যসূচী চলায়। ইয়াৰ লগত জড়িত বিষয়সমূহ হৈছে পৰিপুষ্টি, সম্পূৰ্ণ টীকাকৰণ, স্বাস্থ্য সেৱা, অংগনবাদী আৰু অনানুষ্ঠানিক শিক্ষা। ইয়াৰ লগতে মন্ত্ৰণালয়ে বহুতো ক্ষেত্ৰ ভিত্তিক প্ৰকল্পৰ কামকাজ চলায়। বেছিভাগ প্ৰকল্প আৰু আঁচনি বেচৰকাৰী সংগঠনৰ সহায়ত সম্পাদন কৰা হয়। ইয়াৰ উল্লেখযোগ্য নীতি সমূহ হ'ল সংযুক্ত শিশু বিকাশ সেৱা, কিশোৰী সকলৰ বাবে পৰিপুষ্টিৰ আঁচনি কিশোৰী শক্তি যোজনা, শিশু অধিকাৰ ৰক্ষা কৰিবলৈ আয়োগ গঠন কৰা আৰু মহিলাক ঘৰুৱা হিংসাৰ পৰা ৰক্ষা কৰিবলৈ আইন প্ৰণয়ন।১

নাৰী শক্তি পুৰস্কাৰ

নাৰী শক্তি পুৰস্কাৰ মহিলায়ে আগবঢ়োৱা উৎকৃষ্ট অৱদানৰ বাবে ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয়ে প্ৰদান কৰা বঁটা। সৰ্বমুঠ ছয়টা শিতানত এই বঁটা প্ৰদান কৰা হয়। কঠিন পৰিস্থিতিৰ মাজতো মহিলায়ে অদম্য সাহসৰ বলত ব্যক্তিগত, সামাজিক আৰু পেছাদাৰী জীৱনত উৎকৃষ্ট ফলাফল দেখুৱা নাৰীক এই বঁটা প্ৰদান কৰা হয়। লগতে মহিলা সবলীকৰণ আৰু মহিলাৰ সামাজিক স্থিতিৰ উন্নতি সাধন কৰাৰ স্বীকৃতি স্বৰূপ পুৰুষ আৰু মহিলা উভয়কে এই বঁটা প্ৰদান কৰা হয়।২

১৯৯১ চনত পোন প্ৰথম বাৰৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল। সেই বছৰৰ আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে ৮ মাৰ্চ তাৰিখে নতুন দিল্লীত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এই বঁটাৰ শুভাৰম্ভভণি কৰে। তেতিয়াৰে পৰা প্ৰতি বছৰে ৮ মাৰ্চ তাৰিখে এই বঁটা প্ৰদান কৰা হয়। পূৰ্বতে এই বঁটাৰ নাম স্ত্ৰী শক্তি পুৰস্কাৰ আছিল। পিছলৈ ইয়াৰ নাম নাৰী শক্তি পুৰস্কাৰ কৰা হল। এই বঁটাৰ লগতে পূৰ্বতে ১ লাখ টকা আৰু এখনি প্ৰশস্তি পত্ৰ প্ৰদান কৰা হৈছিল। বৰ্তমান ইয়াৰ অৰ্থমুল্য ৩ লাখ টকা কৰা হল।৩

মন্ত্ৰী সমূহৰ তালিকা

  • মেনকা গান্ধী, ২০১৪ চনৰ জুলাই মাহৰ পৰা বৰ্তমানলৈকে
  • কৃষ্ণা ত্ৰিপাঠী, ২০০৯ চনৰ মে' মাহৰ পৰা ২০১৪ চনৰ মে' মাহলৈ

তথ্যসূত্ৰ

  1. ↑ Homepage: Ministry of Women & Child Development. Wcd.nic.in
  2. ↑ Stree Shakti Puraskar. Ministry of Women and Child Development
  3. ↑ Press Information Bureau. Government of India

সম্পৰ্কিত শ্ৰেণী

ভাৰত চৰকাৰৰ মন্ত্ৰণালয়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়” প্ৰবন্ধৰ সংশোধন ২৬২৫৬৭ (১১ ফেব্ৰুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।