ভাষা আৰু সাহিত্য
গ্ৰন্থ, কবিতা, উপন্যাস, ভাষা আৰু লিপি · ১,৫৩৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
উমাচল শিলালিপি
উমাচল শিলালিপি অসমত বৰ্তমানলৈ উদ্ধাৰ হোৱা দ্বিতীয়খন পুৰণি শিলালেখ, সময় পঞ্চম শতিকাৰ শেষভাগ। লিপি খন ১৯৫৫ চনত উদ্ধাৰ হৈছে। গুৱাহাটীৰ নীলাচল পাহাৰৰ উত্তৰ-পূৱ কোনত পোৱা গৈছে। এজোপা পুৰণি বট গছ উভলী পৰাত এই লিপিখন দৃষ্টিগোচৰ হৈছিল।
-
কথাসৰিৎসাগৰ
কথাসৰিৎসাগৰ প্ৰায় একাদশ শতিকাত কাশ্মীৰী বিশিষ্ট কবি সোমদেৱৰ দ্বাৰা ৰচিত ভাৰতীয় কিংবদন্তি, উপকথা আৰু লোককথাৰ সংকলন। সংস্কৃত ভাষাত কথাসৰিৎসাগৰ শব্দৰ অৰ্থ গল্পৰ সাগৰ। ১২৪টা অধ্যায়ৰে ১৮খন গ্ৰন্থত বিভক্ত কথাসৰিৎসাগৰত গদ্য অংশৰ উপৰিও ২১,০০০ৰো অধিক পদ্য সন্নিবিষ্ট কৰা হৈছে।
-
কাংগাল শিলালিপি
ইণ্ডোনেছিয়াৰ মধ্য জাভা চহৰৰ মাগেলাং ৰিজেন্সিৰ চালামৰ কাদিলুৱিহ গাঁৱৰ গুনুং উঁকিৰ মন্দিৰ কমপ্লেক্সত আৱিষ্কাৰ হোৱা ৭৩২ চনৰ সংস্কৃত শিলালিপি হৈছে কাংগাল শিলালিপি এই শিলালিপি পল্লৱ বৰ্ণমালাত লিখা হৈছে।
-
কুটিল লিপি
ষষ্ঠ শতিকাৰ পৰা নৱম শতিকালৈকে উত্তৰ ভাৰতত প্ৰচলিত উত্তৰ-ব্ৰাহ্মী লিপিৰ পৰা বিকশিত হোৱা গুপ্তলিপিৰ পৰিৱৰ্তিত ৰূপকে কুটিল লিপি বা সিদ্ধমাতৃকা লিপি বুলি কোৱা হয়।
-
কুৰিজন ভাৰতীয় গণিত সাধক (গ্ৰন্থ)
কুৰিজন ভাৰতীয় গণিত-সাধক(Kurijon Bharatiyo Ganit-Hadhok) হৈছে অসমীয়া জনপ্ৰিয় গণিতৰ লেখক, শিক্ষাবিদ, অধ্যাপক, সাহিত্যিক ড° দিলীপ শৰ্মাৰ এখন জীৱনী সংকলন।
-
কেৰিবিয়ান হিন্দুস্তানী
কেৰিবিয়ান হিন্দুস্তানী (Devanagari: कैरेबियाई हिंदुस्तानी; Kaithi: 𑂍𑂶𑂩𑂵𑂥𑂱𑂨𑂰𑂆⸱𑂯𑂱𑂁𑂠𑂳𑂮𑂹𑂞𑂰𑂢𑂲; Perso-Arabic: ) এটি ভাৰতীয়-আৰ্য ভাষা যি ভাৰতীয়-কেৰিবিয়ান লোকে ব্যৱহাৰ কৰা এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা। ই বিহাৰী ভাষাগোষ্ঠীৰ অন্তৰ্গত। ই এটি ক'ইনে ভাষা যি ভোজপুৰী আৰু অৱধী ভাষাৰ ওপৰত ভিত্তি কৰি তৈয়াৰ হৈছে।
-
খোৱাৰ ভাষা
খোৱাৰ বা চিত্ৰলী এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি মুখ্যতঃ পাকিস্তানৰ চিত্ৰল অঞ্চল আৰু তাৰ ওচৰৰ অঞ্চলসমূহত ব্যৱহাৰ কৰা হয়। খোৱাৰ চিত্ৰল অঞ্চলৰ মুখ্য ভাষা যি অন্য ভাষা ভাষী লোকেও নিজৰ মাজত কথা পাতিবলৈ ব্যৱহাৰ কৰে।
-
চম্পাৱতী (সাধু)
চম্পাৱতী অসমীয়া সমাজত প্ৰচলিত এক সাধুকথা। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই সংকলিত কৰা লোকসাধুৰ সংকলন বুঢ়ী আইৰ সাধুত এই সাধুটো সন্নিৱিষ্ট কৰা হৈছে। এই সাধুটোত চম্পাৱতী নামৰ এগৰাকী ছোৱালীৰ বিবাহ এটা অজগৰৰ সৈতে সম্পন্ন হয়।
-
চিহ্ন লিপি
চিহ্ন লিপি হৈছে লেখন পদ্ধতি বা লিপিৰ আৱিষ্কাৰৰ পূৰ্বে মানুহে ব্যৱহাৰ কৰা সাঙ্কেতিক চিহ্ন। লিপি সদৃশ কিন্তু পূৰ্ণাৱয়ব লিপি হিচাপে শ্ৰেণীবিভাগ কৰিব নোৱাৰা এই সাঙ্কেতিক চিহ্নসমূহৰ বিকাশ ঘটি খ্ৰীষ্টপূৰ্ব ৩য় সহস্ৰাব্দৰ আগভাগত ইউৰেছিয়াত প্ৰাৰম্ভিক লেখন পদ্ধতিৰ উন্মেষ ঘটে।
-
টোৱাইলাইট (উপন্যাস)
টোৱাইলাইট হ'ল ষ্টিফেনি মেয়াৰ ৰচিত ভেম্পায়াৰ-ৰোমাঞ্চ বিষয়ক এক উপন্যাস। এইখন হ'ল টোৱাইলাইট শৃংখলাৰ প্ৰথমখনি উপন্যাস য'ত পাঠকৰ ১৭ বছৰীয়া ইজাবেলা "বেলা" স্বানৰ লগত পৰিচিতি ঘটে যিয়ে ফিনিক্স,এৰিজোনা এৰি ফোৰ্কছ,ৱাছিংটনলৈ আহি এডৱাৰ্ড কালেন নামৰ ভেম্পায়াৰ এজনৰ প্ৰেমত পৰি নিজৰ জীৱন বিপদাপন্ন কৰি তোলে।
-
ঠাকুৰমাৰ ঝুলী
ঠাকুৰমাৰ ঝুলী (ইংৰাজী: Thakurmar Jhuli; অৰ্থ: আইতাৰ টোপোলা [সাধুকথাৰ]) বাংলা লোককথা আৰু সাধুকথাৰ সংকলন। লেখক দক্ষিণৰঞ্জন মিত্ৰ মজুমদাৰে বাংলা ভাষাৰ কিছুমান লোককথা সংগ্ৰহ কৰি "ঠাকুৰমাৰ ঝুলী" নামেৰে ১৯০৭ চনত কিতাপ হিচাপে প্ৰকাশ কৰে। নোবেল বঁটা বিজয়ী ৰবীন্দ্ৰনাথ ঠাকুৰে এই সংকলনখনৰ প্ৰস্তাৱনা লিখিছিল।
-
তামিল লিপি
তামিল লিপি (தமிழ் அரிச்சுவடி ) হৈছে এক এবুগিডা লিপি যিটো লিপি ভাৰত, শ্ৰীলংকা, মালয়েছিয়া, ছিংগাপুৰ আৰু আন ঠাইত তামিল আৰু তামিল ভাষীসকলে তামিল ভাষা লিখিবলৈ ব্যৱহাৰ কৰে।তামিল লিপি ভাৰতীয় গণৰাজ্যৰ অন্যতম চৰকাৰী লিপি।
-
তেজীমলা
তেজীমলা হৈছে লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা বুঢ়ী আইৰ সাধু মূল পুথিখনৰ অষ্টমটো সাধু তেজীমলাৰ মূল চৰিত্ৰটো হৈছে এজনী বাৰ-তেৰ বছৰীয়া কিশোৰীৰ চৰিত্ৰ। সাধুকথা অনুসৰি তেজীমলা এজন সাউদৰ কন্যা। লক্ষ্মীনাথ বেজবৰুৱাই বৰ্ণনা কৰা অনুসৰি এজন সাউদৰ দুজনী ঘৈণীয়েক আছিল।
-
থাৰু ভাষা
থাৰু হৈছে ইণ্ডো-আৰ্য ভাষাসমূহৰ অন্তৰ্গত কেইটামান ভাষা, যিবোৰ নেপালৰ তৰাই অঞ্চল আৰু উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ আৰু বিহাৰৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত প্ৰচলিত থাৰু জনগোষ্ঠীয়ে ব্যৱহাৰ কৰে। থাৰু ভাষা নেপালৰ অন্যতম প্ৰধান ভাষা।
-
ধৰ্মগ্ৰন্থ
বৌবিশ্বৰ প্ৰধান ধৰ্ম আৰু আধ্যাত্মিক পৰম্পৰাক সামগ্ৰিকভাৱে কেইটামান মূল গোটত ভাগ কৰিব পাৰি যদিও এইটো সৰ্বজনগ্ৰাহ্য প্ৰথা নহয়। এই তত্ত্বৰ আৰম্ভণি হৈছিল ১৮ শতিকাত বিভিন্ন সমাজত সভ্যতাৰ আপেক্ষিক মাত্ৰাক স্বীকৃতি দিয়াৰ লক্ষ্যৰে, কিন্তু তেতিয়াৰ পৰাই বহু সমসাময়িক সংস্কৃতিত বহু ধৰ্ম একেলগ কৰি প্ৰকাশ…
-
নাৰীবাদী সাহিত্য
নাৰীবাদী সাহিত্য (Feminist Literature) হৈছে কল্পকাহিনী, অকল্পকাহিনী, নাটক বা কবিতা, যিয়ে নাৰীৰ বাবে সমান নাগৰিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক অধিকাৰৰ সংজ্ঞা, প্ৰতিষ্ঠা আৰু ৰক্ষাৰ নাৰীবাদী লক্ষ্যসমূহক সমৰ্থন কৰে।
-
নিউ মুন (উপন্যাস)
নিউ মুন (New Moon) ষ্টিফেনি মেয়াৰ ৰচিত টোৱাইলাইট শৃংখলাৰ দ্বিতীয়খনি কাল্পনিক ৰোমাণ্টিক উপন্যাস। উপন্যাসখনত ইজাবেলা স্বান আৰু ভেম্পায়াৰ এডৱাৰ্ড কালেনৰ প্ৰেমকাহিনীয়ে এক নতুন মোৰ লাভ কৰে।
-
নেপালী সাহিত্য
নেপালী সাহিত্য নেপালী ভাষাত লিখা সাহিত্যক বুজায়। নেপালী ভাষা ১৯৫৮ চনৰ পৰা নেপালৰ ৰাষ্ট্ৰীয় ভাষা হৈ আহিছে।নেপালী ভাষা সংস্কৃতৰ পৰা বিকশিত হৈছিল আৰু নেপালী ভাষা সাহিত্যৰ ইতিহাসৰ সঠিক আৰম্ভণি কেতিয়া হৈছিল কোৱাটো কঠিন। কিয়নো বেছিভাগ প্ৰাৰম্ভিক পণ্ডিতে সংস্কৃতত লিখিছিল।
-
পদ (ব্যাকৰণ)
ব্যাকৰণ শাস্ত্ৰত, পদ (Parts of speech বা word class বা grammatical category) হৈছে ভাষাৰ ৰূপতাত্ত্বিক শ্ৰেণীবিভাজন, য’ত বাক্যৰ গঠন আৰু সেই ভাষাৰ শব্দৰ চিনাক্তকৰণ, বিশ্লেষণ আৰু অন্যান্য ভাষিক গঠনৰ বৰ্ণনা কৰা হয়।
-
পপীয়া তৰাৰ সাধু
পপীয়া তৰাৰ সাধু ঔপন্যাসিক ৰীতা চৌধুৰীৰ এক অনৱদ্য সৃষ্টি। সাংবাদিকতাৰ সপোনেৰে গুৱাহাটীলৈ বুলি জাৰ্নালিজম পঢ়িবলৈ অহা জেউতী নামৰ এজনী সহজ-সৰল গাঁৱলীয়া ছোৱালী কেনেদৰে বাতৰি-কাকতৰ সম্পাদক এজনৰ কামনাৰ বলি হ'ব লগা হৈছিল তাৰ সুন্দৰ বৰ্ণনা আছে। উপন্যাসখনি বাস্তৱধৰ্মী আৰু বৰ্তমান সময়ৰ সৈতে খাপখোৱা।
-
পাতাল ভৈৰৱী
পাতাল ভৈৰৱী (Patal Bhairabi) হৈছে অসমৰ গল্পকাৰ, ঔপন্যাসিক, সাহিত্যিক লক্ষ্মীনন্দন বৰাৰ দ্বাৰা লিখিত এখন উপন্যাস। ১৯৮৬ চনত প্ৰকাশিত হোৱা এই উপন্যাসখনত নিচাযুক্ত দ্ৰব্যৰ কুপ্ৰভাৱ আৰু তাৰ দ্বাৰা প্ৰভাৱিত হোৱা ভাৰত, বিশেষকৈ অসমৰ ৰাজনৈতিক আৰু সামাজিক বাতাৱৰণক উপস্থাপন কৰা হৈছে।
-
পৈশাচী (ভাষা)
পৈশাচী হৈছে প্ৰাচীন কালৰ প্ৰাকৃত আৰু সংস্কৃত ব্যাকৰণত উল্লেখ কৰা ভাৰতৰ মধ্যৱৰ্তী ৰাজ্যসমূহৰ লিপিবদ্ধ ৰূপত বহুলাংশে উপলব্ধ নোহোৱা এক সাহিত্যিক ভাষা। ইয়াক সাধাৰণতে প্ৰাকৃতসমূহৰ সৈতে একগোট কৰা হয়।
-
প্ৰহসন
প্ৰহসন (Farce) হৈছে মঞ্চ বা চলচ্চিত্ৰৰ বাবে ৰচনা কৰা এক ধেমেলীয়া ৰচনা। যাৰ লক্ষ্য কেৱল দৰ্শকক বিমল মনোৰঞ্জন দিয়া। অসম্ভৱ পৰিবেশ, ভুল ভ্ৰান্তিৰে মিছা তৰ্কৰ জাল মেলি মানুহক আমোদ দিয়াই ইয়াৰ লক্ষ্য।
-
ফিজিকেল ৰিভিউ লেটাৰছ
ফিজিকেল ৰিভিউ লেটাৰছ (ইংৰাজী: Physical Review Letters, চমুকৈ PRL), ১৯৫৮ চনৰ পৰা প্ৰকাশ পাই অহা এখন সমীক্ষিত (ইংৰাজী: peer reviewed) পদাৰ্থবিজ্ঞান বিষয়ৰ বৈজ্ঞানিক গৱেষণা পত্ৰিকা। আমেৰিকান ফিজিকেল চছাইটিৰ দ্বাৰা এই পত্ৰিকা এবছৰত সাপ্তাহিক ভাৱে ৫২টা সংখ্যা প্ৰকাশ হয়।
-
বঘেলী ভাষা
বঘেলী (দেৱনাগৰী লিপি: बघेली, অথবা বঘেলখণ্ডী) হৈছে এটা মধ্য ইন্দো-আৰ্য ভাষা, যাক ভাৰতৰ মধ্য অঞ্চলৰ বঘেলখণ্ড অঞ্চলত কোৱা হয়।
-
বিলাসপুৰী
বিলাসপুৰী (টাকৰী লিপিত: 𑚠𑚮𑚥𑚭𑚨𑚞𑚱𑚤𑚯) বা কহলূৰী (টাকৰী লিপিত: 𑚊𑚩𑚥𑚱𑚤𑚯) উত্তৰ ভাৰতৰ হিমাচল প্ৰদেশৰ বিলাসপুৰ জিলাত ঘাইকৈ কথিত এটি পশ্চিমীয়া পাহাড়ী ভাৰতীয়-আৰ্য ভাষা। এই ভাষা পাঞ্জাব পাহাড়ত স্থিত পূৰ্বৰ বিলাসপুৰ ৰাজপুত্ৰ শাসিত ৰাজ্যৰ সৈতে জড়িত।
-
বেতাল পঞ্চবিংশতি
বেতাল পঞ্চবিংশতি প্ৰাচীন সংস্কৃত ভাষাত ৰচিত পঁচিশটা নীতিশিক্ষামূলক সাধুৰ সংকলন। বেতাল পঞ্চবিংশতি বিশ্ব সাহিত্যৰ এক মূল্যৱান ৰচনা। ইয়াত থকা পুৰণি সাধুবোৰ বৰ সুন্দৰ আৰু নীতিশিক্ষামূলক। সেইবাবেই ইয়াৰ জনপ্ৰিয়তা যথেষ্ট।
-
ভাৰতৰ চৰকাৰী ভাষাসমূহ
ভাৰতৰ সংবিধান অনুসৰি ভাৰত চৰকাৰৰ চৰকাৰী ভাষা হৈছে দেৱনাগৰী লিপিৰ হিন্দী আৰু ইংৰাজী। সংবিধানত কোনো জাতীয় ভাষা নাই। বিভিন্ন চৰকাৰী কাম-কাজত হিন্দী আৰু ইংৰাজী ব্যৱহাৰ কৰা হয়; যেনে, সংসদৰ কামত, আইন আৰু ন্যায়িক কামত, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত যোগাযোগ ইত্যাদি।ৰাজ্যসমূহে নিজৰ চৰকাৰী ভাষা…
-
ভূমি লেটোৱা (ঝুমুৰা)
মাধৱদেৱৰ ভূমি লেটোৱা ঝুমুৰাখন শ্ৰীকৃষ্ণৰ ল'ৰালি কালৰ একোটা বিশেষ মুহূৰ্ত বা পৰিস্থিতিত ঘটা ক্ষুদ্ৰ ঘটনাক লৈ ৰচিত। মাধৱদেৱৰ নাটকবোৰ "ঝুমুৰা" হিচাপেহে অসমীয়া নাট্য সাহিত্যত পৰিচিত।
-
ভ্ৰমণ সাহিত্য
ভ্ৰমণ সাহিত্যৰ (Travel literature) ধাৰাটোৱে বাহ্যিক সাহিত্য, গাইড বুক, প্ৰকৃতি লেখা, ভ্ৰমণ স্মৃতিগ্ৰন্থ আদি সামৰি লৈছে। পশ্চিমীয়া সাহিত্যৰ এজন প্ৰাচীন ভ্ৰমণ স্মৃতিগ্ৰন্থ আছিল খ্ৰীষ্টীয় দ্বিতীয় শতিকাৰ গ্ৰীক ভূগোলবিদ ‘পৌছানিয়াছ’।