কুৰিজন ভাৰতীয় গণিত-সাধক(Kurijon Bharatiyo Ganit-Hadhok) হৈছে অসমীয়া জনপ্ৰিয় গণিতৰ লেখক, শিক্ষাবিদ, অধ্যাপক, সাহিত্যিক ড° দিলীপ শৰ্মাৰ এখন জীৱনী সংকলন। বান্ধৱ প্ৰকাশনে ২০২০ চনত প্ৰকাশ কৰা এই সংকলনটি লেখক দিলীপ শৰ্মাই অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছৰ ধীৰাজ বৰালৈ উছৰ্গা কৰিছে। সংকলনখনত মুঠ ২০ জন ভাৰতীয় গণিতজ্ঞৰ জীৱনক লৈ ২০ টা অধ্যায় আছে।১ গণিতৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা এই বিছজন ভাৰতীয় গণিতজ্ঞৰ জীৱন আৰু কীৰ্তিৰ বৰ্ণনা কিতাপখনত আছে।২
বিৱৰণ
আৰম্ভণিতে উপোদ্ঘাত শিৰোনামেৰে লেখকৰ একাষাৰত লেখকে লিখিছে, ”ভাৰতত বহু প্ৰতিভাধৰ গণিতজ্ঞৰ জন্ম হৈছিল। উচ্চ স্তৰৰ গণিতৰ চৰ্চা হৈছিল। শূন্যৰ আৱিষ্কাৰ আৰু দশমিক স্থানীয় মান পদ্ধতিৰ সহায়ত সংখ্যা লিখাৰ উপায় প্ৰাচীন ভাৰতীয় গণিতজ্ঞৰ সুবিমল কীৰ্তি।এই পুথিখনত কুৰিজন গণিত-সাধকৰ জীৱন আৰু কৃতিৰ আভাস দিবলৈ চেষ্টা কৰা হৈছে। বহু তীক্ষ্ণধী গণিতজ্ঞৰ কথা বাদ পৰি গৈছে। উদাহৰণস্বৰূপে, মধ্য-যুগৰ কেৰালাৰ মাধৱ আছিল প্ৰখৰ ধীসম্পন্ন গণিতজ্ঞ।" লগতে তেওঁ নাম উল্লেখ কৰিছে বিংশ শতিকাৰ অমিয়চৰণ বেনাৰ্জি,কে আনন্দ ৰাও, শুদ্ধোদন ঘোষ আদি গণিতজ্ঞৰ নাম আৰু লিখিছে, ”এনে ব্যুৎপন্ন গণিতজ্ঞসকলৰ কথা পৰৱৰ্তী সংস্কৰণত সংযোগ কৰা হ’ব।“১
কিতাপখনত থকা অধ্যায়সমূহ হৈছে, ‘পিংগল’, ‘আৰ্যভট্ট’, ‘বৰাহমিহিৰ’, ‘ব্ৰহ্মগুপ্ত’, ‘মহাবীৰাচাৰ্য্য’, ‘ভাস্কৰাচাৰ্য্য’, ‘ৰাধানাথ শিকদাৰ’, ‘আনন্দমোহন বসু’, ‘আশুতোষ মুখোপাধ্যায়’, ‘ৰামানুজন আৰু “উপেক্ষিতা” জানকী’, ‘দত্তাত্ৰেয় ৰামচন্দ্ৰ কাপ্ৰেকৰ’, ‘দামোদৰ ধৰ্মানন্দ কোসাম্বী’, ‘সৰ্ৱদমন চাওলা’, ‘ৱেংশী দেতাৰাম থাৱানি’, ‘শান্তিনাৰায়ণ’, ‘জগতনাৰায়ণ কাপুৰ’, ‘হৰিশ-চন্দ্ৰ’, ‘জ্যোতিপ্ৰসাদ মেধি’, ‘শিৱেন্দ্ৰনাৰায়ণ বৰুৱা’ আৰু ‘বশিষ্ঠনাৰায়ণ সিং’।১
লেখকে অতি সাৱলীল ভাষাৰে সকলো স্তৰৰ পাঠকে বুজি পোৱাকৈ কিতাপখন লিখিছে। কিতাপখনত বহুল ব্যৱহৃত গাণিতিক শব্দৰ অসমীয়া প্ৰতিশব্দৰ প্ৰয়োগ ঘটাৰ লগতে জতুৱা-ঠাঁচ, কাব্যিক উদ্ধৃতি আদিৰ ব্যৱহাৰ হৈছে। উদাহৰণস্বৰূপে ‘‘ৰামানুজন আৰু “উপেক্ষিতা” জানকী’’ অধ্যায়ত ৰত্নকান্ত বৰকটকীৰ ‘উৰ্মিলা’ কবিতাটিৰ দুশাৰী উল্লেখ কৰিছে। প্ৰতিটো লেখাতে অসমীয়া বহু কাকত-আলোচনী তথা বিশ্ববিখ্যাত গৱেষণা-পত্ৰৰ নাম সংযুক্ত কৰিছে।২
লেখকৰ চমু পৰিচয়
মূল প্ৰবন্ধ: দিলীপ শৰ্মা (গণিত লেখক)
অসমৰ এগৰাকী জনপ্ৰিয় গণিতৰ লেখক, অধ্যাপক, শিক্ষাবিদ, সাহিত্যিক।
লগতে চাওক
তথ্যসূত্ৰ
- ↑ দিলীপ শৰ্মা. (ডিচেম্বৰ,২০২০). কূৰিজন ভাৰতীয় গণিত-সাধক. ৰঞ্জন শৰ্মা,বান্ধৱ প্ৰকাশন
- ↑ ড° চয়নিকা বৰুৱা. (২০২১). 'কুৰিজন ভাৰতীয় গণিত-সাধক': এজন পাঠকৰ দৃষ্টিৰে. গণিত বিকাশ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুৰিজন ভাৰতীয় গণিত সাধক (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৩৬৮৭১০ (১৬ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।