অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

থাৰু ভাষা

থাৰু হৈছে ইণ্ডো-আৰ্য ভাষাসমূহৰ অন্তৰ্গত কেইটামান ভাষা, যিবোৰ নেপালৰ তৰাই অঞ্চল আৰু উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ আৰু বিহাৰৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত প্ৰচলিত থাৰু জনগোষ্ঠীয়ে ব্যৱহাৰ কৰে। থাৰু ভাষা নেপালৰ অন্যতম প্ৰধান ভাষা।

হালনাগাদ: ৯ এপ্ৰিল ২০২৬ ৬৩৮ শব্দ · ৪ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

থাৰু হৈছে ইণ্ডো-আৰ্য ভাষাসমূহৰ অন্তৰ্গত কেইটামান ভাষা, যিবোৰ নেপালৰ তৰাই অঞ্চল আৰু উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ আৰু বিহাৰৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত প্ৰচলিত থাৰু জনগোষ্ঠীয়ে ব্যৱহাৰ কৰে।১২ থাৰু ভাষা নেপালৰ অন্যতম প্ৰধান ভাষা।৩

ইণ্ডো-আৰ্য ভাষাসমূহৰ অন্তৰ্গত থাৰু ভাষাসমূহৰ সঠিক স্থানাঙ্কন এতিয়াও সম্পূৰ্ণভাৱে স্থিৰ হোৱা নাই, যদিও এই ভাষাসমূহৰ কিছু অংশত কুমাঊঁনী, অৱধী, মৈথিলী, বাংলা, ৰাজবংশী আৰু ভোজপুৰীৰ সৈতে মিল দেখা যায়। কিছু থাৰু ঘৰৰ শব্দভাণ্ডাৰত প্ৰাচীন ‘আদিবাসী’ স্তৰৰ চিন দেখা যায়, যি চীন-তিব্বতীয় বা ইণ্ডো-আৰ্য জনবসতিৰ আগৰ। ইণ্ডো-আৰ্য পৰিপ্ৰেক্ষিতত থাৰু ভাষাসমূহ পৰিৱৰ্তনশীল ৰূপত অৱস্থান কৰে।৪

ভাষা আৰু উপভাষাসমূহ

নেপাল আৰু ভাৰতৰ বিভিন্ন অংশত থকা থাৰু সমাজসমূহে অন্যান্য জনগোষ্ঠীৰ দৰে একেটা ভাষা ব্যৱহাৰ নকৰে, কাৰণ পূব, মধ্য আৰু পশ্চিম তৰাই অঞ্চলত ভাষাগত পাৰ্থক্য দেখা যায়। তৰাইৰ বিস্তীৰ্ণ অঞ্চলত থকা বিভিন্ন গোট-ভিত্তিক থাৰু উপগোষ্ঠীয়ে বিভিন্ন ধৰণৰ থাৰু ভাষা ব্যৱহাৰ কৰে। বিভিন্ন থাৰু ভাষাৰ মাজত শব্দগত সাদৃশ্যৰ ক্ষেত্ৰত প্ৰায় ৮১%ৰ পৰা ৫১% পৰ্যন্ত ভিন্নতা পোৱা যায়।৫

পশ্চিম থাৰু ভাষাসমূহ

ডাংগৌৰা আৰু কাথৰিয়া থাৰু হৈছে পৰস্পৰ বুজাবুজি কৰিব পৰা থাৰু ভাষাৰ ৰূপ, যিবোৰ গণ্ডক নদীৰ পশ্চিম ফালত প্ৰায় ১৩ লক্ষ লোকৰ দ্বাৰা ব্যৱহৃত।৬৭ ইয়াৰ উপৰিও, থাৰুৰ আন এটা ৰূপ সোন্‌হা ডাংগৌৰাৰ সৈতে বহুলাংশে মিল থকা আৰু পৰস্পৰ বুজাবুজি কৰিব পৰা।৮

ৰাণা থাৰু আৰু ভোক্‌ছা হৈছে পৰস্পৰ বুজাবুজি কৰিব পৰা থাৰু ভাষা, যিবোৰ ঘাঘৰা বা কৰ্ণালী নদীৰ পশ্চিমত আৰু ভাৰতৰ উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশ ৰাজ্যত প্ৰায় ২.৫ লক্ষ লোকৰ দ্বাৰা ব্যৱহৃত। এই ভাষাসমূহৰ ধ্বনি পশ্চিম হিন্দী আৰু অৱধীৰ দৰে শুনা যায়।৯ ২০২০ চনৰ ১৮ মে' তাৰিখৰ নেপালৰ চৰ্টাৰত ৰাণা থাৰুক এটা পৃথক জাতিগত গোট আৰু তেওঁলোকৰ ভাষাক পৃথক ভাষা হিচাপে স্বীকৃতি দিয়া হৈছে।১০

মধ্য থাৰু ভাষাসমূহ

চিতৱানীয়া থাৰু যাক লালপুৰীয়া থাৰু, মধ্য ক্ষেত্ৰীয়া থাৰু বা মধ্য থাৰু বুলিও কোৱা হয়, গণ্ডক নদীৰ পূব ফালত চিতৱান উপত্যকাৰ দাঁতি-কাষৰীয়া অঞ্চলত প্ৰায় ২.৫ লক্ষ লোকৰ দ্বাৰা ব্যৱহাৰ কৰা হয়। কিছু চিতৱানীয়া উপভাষাৰ শব্দভাণ্ডাৰে মাঞ্চাদৰ সৈতে যথেষ্ট মিল প্ৰদৰ্শন কৰে, যি এটা চীন-তিব্বতীয় ভাষা।১১১২

পূব থাৰু ভাষাসমূহ

কোচিলা থাৰু যাক লামপুচ্ছৱা থাৰু বা মোৰংগীয়া, সপ্তৰীয়া থাৰু, মধ্য-পূৰ্বীয়া থাৰু বা মিড-ইষ্টাৰ্ণ থাৰু বুলিও কোৱা হয়, যি‌ এটা বিস্তৃত থাৰু ভাষা, যিটো নেপালৰ পূব আৰু মধ্য অঞ্চলত প্ৰায় ২.৫ লক্ষ লোকৰ দ্বাৰা ব্যৱহৃত হয়।১৩ কোচিলা থাৰু সমাজসমূহ একাকীভাৱে নথকা, কিন্তু বিভিন্ন ভাষাৰ বক্তাসকলৰ সৈতে মিশ্ৰভাৱে বাস কৰে। ‘‘যেতিয়া পশ্চিম তৰাইত থাৰুসমূহ একমাত্ৰ প্ৰধান জনগোষ্ঠী, তেতিয়া পূব তথা দূৰ পূব তৰাইত বিভিন্ন ভাষা-সম্পৃক্ত বহুতো জনগোষ্ঠী বাস কৰে।’’ কোচিলা ভাষাৰ তিনিটা মুখ্য উপভাষা আছে — পশ্চিম কোচিলা, সপ্তৰীয়া কোচিলা আৰু মোৰংগীয়া কোচিলা, যিবোৰ মাজত বুজাবুজিৰ ভিত্তিত পৃথকীকৰণ কৰা হৈছে।১৪

চৰকাৰী স্থিতি

২০২১ চনৰ লোকপিয়ল অনুসৰি থাৰু ভাষা নেপালৰ চতুৰ্থ সৰ্বাধিক প্ৰচলিত ভাষা, যি নেপালৰ মুঠ জনসংখ্যাৰ ৫.৮৮% লোকৰ দ্বাৰা ব্যৱহাৰ কৰা হয়।১৫১৬ নেপালৰ সংবিধান (২০১৫) অনুসৰি নেপালত কোৱা সকলো স্থানীয় ভাষাক ৰাষ্ট্ৰীয় ভাষা হিচাপে স্বীকৃতি দিয়া হৈছে, ইয়াত থাৰু ভাষাও অন্তৰ্ভুক্ত।১৭

নেপাল ভাষা আয়োগে থাৰু ভাষাক লুম্বিনী প্ৰদেশ আৰু সুদূৰ পশ্চিম প্ৰদেশত চৰকাৰী কামকাজৰ ভাষা হিচাপে স্বীকৃতি দিবলৈ পৰামৰ্শ দিছে।১৮ আয়োগে লগতে বাগমতী, কোশী, মধেশ, গণ্ডকী আৰু কৰ্ণালী প্ৰদেশত নিৰ্দিষ্ট অঞ্চল আৰু কাৰ্যৰ বাবে থাৰু ভাষাক অতিৰিক্ত চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিবলৈও পৰামৰ্শ আগবঢ়াইছে।১৯

স্থানীয় স্তৰত, ঘোৰাহী উপ-মহানগৰত থাৰু ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া হৈছে।২০২১২২

ভৌগোলিক বিতৰণ

নেপাল

নেপালত থাৰু ভাষাসমূহ পূবৰ মেচি নদীৰ পৰা পশ্চিমৰ মাহাকালি নদীলৈকে সম্পূৰ্ণ তেৰাই অঞ্চলজুৰি তলত উল্লেখিত জিলা সমূহত ব্যৱহাৰ কৰা হয়।১৬২৩

  • কোশি প্ৰদেশ: ঝাপা জিলা, মোৰং জিলা, সুনসাৰী জিলা আৰু উদয়পুৰ জিলা
  • মধেশ প্ৰদেশ: পৰ্ষা জিলা, বাৰা জিলা, ৰাউতহাট জিলা, সৰলাহী জিলা, মহোত্তৰী জিলা, সিৰাহা জিলা আৰু সপ্তৰী জিলা
  • বাগমতি প্ৰদেশ: চিতৱন জিলা, মকৱানপুৰ জিলা, সিন্ধুলি জিলা আৰু কাঠমাণ্ডু উপত্যকাৰ কাঠমাণ্ডু জিলা, ভক্তপুৰ জিলা আৰু ললিতপুৰ জিলা
  • গণ্ডকী প্ৰদেশ: নৱলপুৰ জিলা আৰু কাস্কী জিলাৰ পোখৰা অঞ্চল
  • লুম্বিনী প্ৰদেশ: বাংকে জিলা, বৰদিয়া জিলা, দাং জিলা, কপিলৱৰ্তু জিলা, পাৰাসী জিলা আৰু ৰূপান্দেহী জিলা
  • কৰ্ণালী প্ৰদেশ: সুৰখেত জিলা
  • সুদূৰ পশ্চিম প্ৰদেশ: কৈলালী জিলা আৰু কাঞ্চনপুৰ জিলা

আভ্যন্তৰীণ স্থানান্তৰ আৰু আন্তৰ্জাতিক প্ৰব্ৰজনৰ ফলস্বৰূপে থাৰু ভাষাভাষী লোকসকল এতিয়া নেপালৰ প্ৰায় সকলো জিলা আৰু বিদেশী দেশসমূহত যেনে আমেৰিকা, জাপান, কাতাৰ, সংযুক্ত আৰব আমিৰাত আৰু অষ্ট্ৰেলিয়াতো উপস্থিত হৈছে।২৪২৫

ভাৰত

ভাৰতত থাৰু ভাষা নেপালৰ সীমান্ত অঞ্চলৰ চহৰসমূহত কথিত। উত্তৰাখণ্ড ৰাজ্যত এই ভাষা উধম সিং নগৰ জিলাত কথিত।২৬ বিহাৰত থাৰু ভাষা [পূব চম্পাৰণ আৰু পশ্চিম চম্পাৰণ জিলাত কথিত।২৭ উত্তৰ প্ৰদেশত এই ভাষা লখিমপুৰ খেৰী, বলৰামপুৰ, শ্ৰাৱস্তী, গোৰখপুৰ, বস্তি, বাহ্ৰাইচ আৰু গোণ্ডা জিলাত কথিত।২

তথ্যসূত্ৰ

  1. ↑ (2001). Uttaranchal. Data Highlights: The Scheduled Tribes. Census of India 2001. Office of the Registrar General, India
  2. ↑ (2001). Uttar Pradesh. Data Highlights: The Scheduled Tribes. Census of India 2001. Office of the Registrar General, India
  3. ↑ Guneratne, Arjun. (2002). Many Tongues, One People: The Making of Tharu Identity in Nepal. Cornell University Press. ISBN 978-0-8014-8728-6
  4. ↑ The Indo-Aryans of Ancient South Asia: Language, Material Culture and Ethnicity
  5. ↑ Krauskopff, G. (1995). The anthropology of the Tharus: an annotated bibliography. Kailash. পৃ. 185–213
  6. ↑ Linguistic Survey of Nepal (LinSuN) Central Department of Linguistics, Tribhuvan University. Dangaura Tharu language
  7. ↑ Copula Construction in Kathariya Tharu
  8. ↑ Chaudhary, Anil Dutta. Phonological study of the Sonaha language
  9. ↑ Dhakal, Dubi Nanda. Notes on Rana Tharu language
  10. ↑ @therecord. Five misconceptions about Rana Tharus - The Record. www.recordnepal.com
  11. ↑ George van Driem, 2007, "Endangered languages of South Asia", in Matthias Brenzinger, Mouton de Gruyter
  12. ↑ Dorothy Leal, Centre for Nepal and Asian Studies (CNAS) & SIL International, 1972. Chitwan Tharu phonemic summary. Language and Culture Archives
  13. ↑ LANGUAGE OF SAPTARIYA THARU
  14. ↑ Linguistic Survey of Nepal (LinSuN), Central Department of Linguistics Tribhuvan University, Nepal and SIL International. A Sociolinguistic Study of Kochila Tharu in Southeast Nepal
  15. ↑ Nepal languages
  16. ↑ caste-ethnicity-report · national_population and housing_census_year results. censusnepal.cbs.gov.np
  17. ↑ The Constitution of Nepal. Nepal Law Commission
  18. ↑ सरकारी कामकाजको भाषाका आधारहरूको निर्धारण तथा भाषासम्बन्धी सिफारिसहरू (पञ्चवर्षीय प्रतिवेदन–सारांश) २०७८. languagecommission.gov.np
  19. ↑ सरकारी कामकाजको भाषाका आधारहरूको निर्धारण तथा भाषासम्बन्धी सिफारिसहरू (पञ्चवर्षीय प्रतिवेदन- सारांश) २०७८. Language Commission. Language Commission of Nepal
  20. ↑ Ghorahi to start classes in Tharu language. english.ratopati.com
  21. ↑ Native language teaching fails to impress Tharu community. kathmandupost.com
  22. ↑ Tharu to become official language in Ghorahi. My Republica
  23. ↑ Map View: Table LANGUAGE - NepalMap. nepalmap.org
  24. ↑ Nepali Tharu community is all set to celebrate maghi festival for the first time in Australia. SBS Language
  25. ↑ (2016-02-16). Nepalese Tharu community celebrates Maghi. Gulf Times
  26. ↑ Table C-16 Population by Mother Tongue: Uttarakhand. www.censusindia.gov.in. Registrar General and Census Commissioner of India
  27. ↑ PTI. (2022-06-12). Bihar: Tharu and Surjapuri languages facing extinction. ThePrint

সম্পৰ্কিত শ্ৰেণী

নেপালভাৰতৰ ভাষাভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “থাৰু ভাষা” প্ৰবন্ধৰ সংশোধন ৬০০১৭৯ (৯ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।