উমাচল শিলালিপি অসমত বৰ্তমানলৈ উদ্ধাৰ হোৱা দ্বিতীয়খন পুৰণি শিলালেখ, সময় পঞ্চম শতিকাৰ শেষভাগ। লিপি খন ১৯৫৫ চনত উদ্ধাৰ হৈছে। গুৱাহাটীৰ নীলাচল পাহাৰৰ উত্তৰ-পূৱ কোনত পোৱা গৈছে। এজোপা পুৰণি বট গছ উভলী পৰাত এই লিপিখন দৃষ্টিগোচৰ হৈছিল।১ শিলালিপিখনত বৰ্মণ ৰাজবংশৰ ৰজা মহেন্দ্ৰ বৰ্মাৰ (খ্ৰী.৪৭০–৪৯৪) নাম খোদিত হৈ আছে। তেওঁৰ নাম উদ্ধাৰ হোৱা শিলালেখ খনত সুৰেন্দ্ৰবৰ্মণা বুলি উল্লেখ আছে। পুৰণি কালত ৰজা মহাৰজাৰ নাম তেওঁলোকৰ নামৰ সমাৰ্থক নামেৰেও ৰখা নিয়ম আছিল।২ শিলালিপিত ব্যৱহাৰ কৰা লিপি গুপ্ত বংশৰ গুপ্ত লিপিৰ পূৰ্বী ভাগ আৰু ভাষা সংস্কৃত ভাষা গদ্য।৩ যদিও নীলাচল পাহাৰ শক্তিপীঠ কামাখ্যা মন্দিৰৰ বাবে বিখ্যাত, শিলালিপিত উল্লিখিত মন্দিৰ বলভদ্ৰৰ নামত উছৰ্গিত। বলভদ্ৰ বৈষ্ণৱ পন্থাৰ এক দেৱতা।৪ ই অসমৰ ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্ন।
পণ্ডিতৰ মতে গোলাঘাট জিলাৰ নগাজৰী-খনিকৰগাঁৱৰ শিলালিপি
পুৰনি প্ৰথম শিলালিপি। এই লিপিৰ সময় আছিল পঞ্চম শতিকাৰ আদিভাগ।
উমাচল গুহা
২০১২ চনত এই শিলালিপিৰ কাষতেই এক গুহা আৱিষ্কাৰ হয়। শিলালিপিত উল্লেখ থকা মতে এই গুহা মহেন্দ্ৰ বৰ্মায়ে নিৰ্মাণ কৰাইছিল। গুহাটোৰ ভিতৰভাগ ৬.২৬x৫.০২ মিটাৰৰ। এসময়ত ই বলভদ্ৰ স্বামীৰ মন্দিৰ আছিল। ইয়াত ১৬.৫ ছেণ্টিমিটাৰ ব্যাসৰ শিলৰ বাতি এটাৰ দুটুকুৰা উদ্ধাৰ হৈছে। ইয়াত শিলৰ ওপৰত ৭৬x৭৩x১৬ ছেণ্টিমিটাৰৰ ধুনীয়া ফুলাম আৰ্হি খোদিত আছে।৫৬
পাঠ
মহাৰাজাধিৰাজ শ্ৰীসুৰেন্দ্ৰবৰ্মণা কৃতম্ভগৱতঃ ৱলভদ্ৰস্বামিনায় ইদংহ গুহং
অসমীয়া অনুবাদ
"ভগৱান বলভদ্ৰৰ নামত উছৰ্গিত এই গুহা (মন্দিৰ) মহাৰাজধীৰাজ শ্ৰী সুৰেন্দ্ৰ বৰ্মনে নিৰ্মাণ কৰাইছিল। "৭
তথ্যসূত্ৰ
- ↑ The rock inscription came into view when an old banyan tree was uprooted. Sircar 1971, পৃ. 79 The first report on the artifact was published by R. M. Nath Sharma 1978, পৃ. 1
- ↑ "...in ancient India, kings were sometimes mentioned by the synonyms of their names, Surendravarman may tentatively be identified with Mahendravarman...Surendra and Mahendra both indicate Indra." Sircar 1971, পৃ. 81
- ↑ Sharma 1978, পৃ. 3
- ↑ "...It is, however, more likely that Bhagavata Balabhadrasvamin of the present inscription is no other than the Vaishnavite deity variously called Balabhadra, Baladeva, Balarama, Sankarsana etc." Sircar 1971, পৃ. 81
- ↑ 4th century cave discovered in Guwahati. thesundayindian.com
- ↑ Rock cut cave discovered in city. assamtribune.com
- ↑ Sharma 1978, পৃ. 2
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উমাচল শিলালিপি” প্ৰবন্ধৰ সংশোধন ৪১৪৯১১ (২৭ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।