ব্যাকৰণ শাস্ত্ৰত, পদ (Parts of speech বা word class১ বা grammatical category২) হৈছে ভাষাৰ ৰূপতাত্ত্বিক শ্ৰেণীবিভাজন, য’ত বাক্যৰ গঠন আৰু সেই ভাষাৰ শব্দৰ চিনাক্তকৰণ, বিশ্লেষণ আৰু অন্যান্য ভাষিক গঠনৰ বৰ্ণনা কৰা হয়। অসমীয়া ব্যাকৰণত পদ প্ৰধানত পাঁচ প্ৰকাৰৰ— বিশেষ্য, বিশেষণ, সৰ্বনাম, অব্যয় আৰু ক্ৰিয়া৷
প্ৰায় সকলো ভাষাতে বিশেষ্য আৰু ক্ৰিয়া পদ ব্যৱহাৰ হয় যদিও বিভিন্ন ভাষাত এই দুটা পদৰ মাজত তাৰতম্য দেখা যায়।৩ যেনে— জাপানী ভাষাত তিনিটা পৃথক বিশেষণ পদৰ বিপৰীতে ইংৰাজী আৰু অসমীয়া ভাষাত কেৱল এটাহে বিশেষণ পদ আছে।
অৰ্থ
বহল ব্যাকৰণ
- অৰ্থযুক্ত বৰ্ণ বা বৰ্ণসমষ্টিক পদ বোলা হয়৷
- প্ৰাকৃতিত বিভক্তি যোগ হ’লে তাক পদ বোলা হয়৷
অসমীয়া ব্যাকৰণ প্ৰৱেশ
- বাক্যৰ ভিতৰত থকা সৰু সৰু গাইগুটীয়া খণ্ডবোৰক পদ বোলে৷
- বিভক্তি যোগ হোৱাৰ আগৰ ৰূপটোক শব্দ বোলে৷ শব্দৰ লগত বিভক্তি যোগ হ’লে তাক পদ বোলে৷
| পদ | সংজ্ঞা | উদাহৰণ |
|---|---|---|
| বিশেষ্য (Noun) | কোনো নাম, জাতি, বস্তু বা প্ৰণালীৰ নাম, ঠাইৰ নাম বুজোৱা শব্দক বিশেষ্য পদ বোলে৷ | চৰাই, আপেল, ল'ৰা, কলম |
| সৰ্বনাম (Pronoun) | বিশেষ্য পদৰ সলনি যিবোৰ পদ ব্যৱহাৰ হয় তাক সৰ্বনাম পদ বোলে৷ | মই, আমি, তুমি, আপুনি |
| বিশেষণ (Adjective) | যিবোৰ শব্দই বিশেষ্য আৰু সৰ্বনাম পদৰ দোষ-গুণ বুজায় তাক বিশেষণ পদ বোলে৷ | বেয়া, শকত, অন্ধ, ধুনীয়া |
| ক্ৰিয়া (Verb) | যিবোৰ শব্দই কোনো কাম কৰা বা হোৱা বুজায় তাক ক্ৰিয়া পদ বোলে৷ | খা, যা, খেল, পঢ় |
| ক্ৰিয়া বিশেষণ (Adverb) | যিবোৰ শব্দ বিশেষ্য আৰু সৰ্বনাম পদৰ বাহিৰে বাকীবোৰ পদৰ দোষ-গুণ বুজাবলৈ ব্যৱহাৰ কৰা হয় তাক ক্ৰিয়া বিশেষণ বোলে৷ | এতিয়া, সদায়, আগত, পিছত |
| অব্যয় (Preposition) | যি পদৰ কোনো অৱস্থাতে পৰিৱৰ্তন নহয় তাক অব্যয় বোলে৷ | সৈতে, ওপৰত, ভিতৰত, তলত |
| সংযোগ অব্যয় (Conjunction) | যিবোৰ শব্দই বাক্য বা শব্দক লগ কৰে তাক সংযোগ অব্যয় বোলে৷ | আৰু, কিন্তু, তথাপিও, যদিও |
| ভাববোধক অব্যয় (Interjection) | যিবোৰ শব্দই মনৰ হৰ্ষ, বিষাদ, দুখ, প্ৰবল চিন্তা আদি প্ৰকাশ কৰে তাক ভাববোধক অব্যয় বোলে৷ | হায়!, আঃ!, বাঃ! |
শ্ৰেণীবিভাজন
ৰূপতত্ত্বৰ ভিত্তিত অসমীয়া ভাষাৰ পদৰ শ্ৰেণীবিভাজন
অধিক তথ্যৰ বাবে চাওক
- Part of speech (পদ)
- পদ (amaraxom)
- পদ (assamesemedium)
- বিশেষ্য পদ
- বিশেষ্য পদৰ শ্ৰেণী বিভাগ
- বিশেষণ পদ
- বিশেষণ পদৰ শ্ৰেণী বিভাগ
- সৰ্বনাম পদ
- সৰ্বনাম পদৰ শ্ৰেণী বিভাগ
- অব্যয় পদৰ শ্ৰেণী বিভাগ
- ক্ৰিয়া পদ (assamdigitalinfo)
- ক্ৰিয়া পদ (drjonali)
- ক্ৰিয়া পদৰ শ্ৰেণী বিভাগ
তথ্যসূত্ৰ
- ↑ Rijkhoff, Jan. (2007). Word Classes. Language and Linguistics Compass. Wiley. পৃ. 709–726
- ↑ Payne, Thomas E. (1997). Describing morphosyntax: a guide for field linguists. ISBN 9780511805066
- ↑ Kroeger, Paul. (2005). Analyzing Grammar: An Introduction. Cambridge University Press. পৃ. 35. ISBN 978-0-521-01653-7
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পদ (ব্যাকৰণ)” প্ৰবন্ধৰ সংশোধন ৬৩১৫৮৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।