ভাষা আৰু সাহিত্য
গ্ৰন্থ, কবিতা, উপন্যাস, ভাষা আৰু লিপি · ১,৫৩৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
অসমীয়া কবিতা
অসমীয়া কবিতা হৈছে অসমীয়া ভাষাত ৰচিত কবিতা। অসমীয়া কবিতাৰ উৎপত্তি ত্ৰয়োদশ শতিকাৰ আৰম্ভণিতে হোৱা বুলি ধৰা হয়।
-
আশীৰ্বাদৰ ৰং
আশীৰ্বাদৰ ৰং অৰুণ শৰ্মাৰ দ্বাৰা ৰচিত এখন সামাজিক উপন্যাস। ১৯৯৮ চনত এই উপন্যাসখনে সাহিত্য অকাডেমিৰ পুৰস্কাৰ লাভ কৰিছিল। উপন্যাসখন প্ৰথম প্ৰকাশ হয় ১৯৯৬ চনত। প্ৰকাশক আছিল জাৰ্ণাল এম্প’ৰিয়াম। 'তাৰপাছত ক্ৰমে ১৯৯৮, ১৯৯৯, ২০০৬ আৰু ২০১০ চনত উপন্যাসখনৰ পুনৰ সংস্কৰণ প্ৰকাশ হৈছিল।
-
এঙ্গল' আছামিজ ডিক্সনেৰি অৱ মেথেমেটিক্স
এঙ্গল' আছামিজ ডিক্সনেৰি অৱ মেথেমেটিক্স (Anglo Assamese Dictionary Of Mathematics নতুবা ইংৰাজী-অসমীয়া গণিত অভিধান) হৈছে ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাৰ এখন গণিত অভিধান। অসমীয়া ভাষাত গণিত বিষয়ত এনে অভিধান এয়ে প্ৰথম।
-
কাংগড়ী
কাংগড়ী (টাকৰী লিপিত: 𑚊𑚭𑚫𑚌𑚪𑚯) এটি পাহাড়ী ভাৰতীয়-আৰ্য ভাষা যি উত্তৰ ভাৰতত কথিত। এই ভাষা মুখ্যতঃ হিমাচল প্ৰদেশৰ কাংগড়া, উনা আৰু হমীৰপুৰ তথা পাঞ্জাবৰ গুৰদাসপুৰ, ৰূপনগৰ আৰু হোশ্বিয়াৰপুৰত ব্যৱহাৰ কৰা হয়। এই ভাষাৰ সৈতে কাংগড়া উপত্যকাৰ লোক জড়িত। ২০১১ চনত ১১ লাখ কাংগড়ী ভাষী লোক আছিল।
-
কামৰূপী উপভাষা
কামৰূপী উপভাষা বা কামৰূপীয়া অসমৰ কামৰূপ অঞ্চলত বহুলভাৱে প্ৰচলিত বঙালী- অসমীয়া ভাষাৰ উপভাষা। পশ্চিম অসমত প্ৰচলিত বঙালী- অসমীয়াৰ দুই উপভাষাৰ ভিতৰত কামৰূপী অন্যতম। আনটো উপভাষা হৈছে গোৱালপাৰীয়া উপভাষা বা গোৱালপাৰীয়া। কামৰূপীয়াৰ লগত বৰপেটীয়া, নলবাৰীয়া আৰু পলাশবাৰীয়া উপভাষাৰ লগত মিল আছে।
-
কুমাঊঁনী ভাষা
কুমাঊঁনী (कुमाऊँनी, কুমাওনি) এটি ভাৰতীয়-আৰ্য ভাষা যি ২ নিযুততকৈ অধিক লোকৰ দ্বাৰা ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যৰ কুমাঊঁ অঞ্চল আৰু পশ্চিম নেপালৰ ডোটী অঞ্চলত ঘাইকৈ কথিত। ১৯৬১ চনৰ জনগণনাত ১,০৩০,২৫৪ ভাৰতৰ কুমাঊঁনীভাষী লোক চিহ্নিত হৈছিল। এই সংখ্যা বাঢ়ি ২০১১ চনত ২.২ নিযুত হ'ল।
-
কৃত্তিবাসী ৰামায়ণ
কৃত্তিবাসী ৰামায়ণ বা শ্ৰীৰামপাঁচালী হৈছে পোন্ধৰ শতিকাৰ বাংলা কবি কৃত্তিবাস ওঝাই ৰচনা কৰা ৰামায়ণৰ এক সংস্কৰণ। লেখকৰ নামেৰেই এই সংস্কৰণৰ নাম ৰখা হৈছে। এই গ্ৰন্থত ৰামায়ণক বাংলা ভাষালৈ ৰূপান্তৰ কৰা হৈছে।
-
খুদ্দাকা নিকায়
খুদ্দাকা নিকায় (শব্দগত অৰ্থ 'ক্ষুদ্ৰ সংগ্ৰহ') হৈছে সুত্ত পিটকৰ পাঁচটা নিকায় বা সংগ্ৰহৰ ভিতৰত শেষ, যিটো থেৰবাদ বৌদ্ধ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰ পালি টিপিটক ৰচনা কৰা "তিনিটা টোপোলা"ৰ ভিতৰত অন্যতম।
-
গঢ়ৱালী ভাষা
গঢ়ৱালী (গঢ়ৱালী ভাষাত: गढ़वळि, ) এটি ভাৰতীয়-আৰ্য ভাষা যি কেন্দ্ৰীয় পাহাড়ী উপ-গোটৰ। এই ভাষা মুখ্যতঃ হিমালয়ী ৰাজ্য উত্তৰাখণ্ডৰ গঢ়ৱাল প্ৰান্তত গঢ়ৱালী লোকে কয়। গঢ়ৱালীৰ কেইবাটাও স্থানীয় উপ-ভাষা আছে।
-
গুণমালা
গুণমালা পুথি মহাপুৰুষ শংকৰদেৱৰ এক অনন্য সৃষ্টি। মহাভাগৱতৰ সাৰমৰ্ম মাত্ৰ ৬ টি অধ্যায়ত সামৰি ৰচনা কৰা গুণমালা পুথিখন গুৰুজনাৰ এক অপূৰ্ব সৃষ্টি হিচাপে গণ্য কৰা হয়।
-
চৰিত পুথি
চৰিত পুথি হৈছে শঙ্কৰোত্তৰ যুগ (১৭০০-১৮৩০ প্ৰায়)ৰ বৈষ্ণৱ সাহিত্য। বৈষ্ণৱ গুৰু যেনে- শংকৰদেৱ, মাধৱদেৱ,হৰিদেৱ,দামোদৰদেৱ, গোপালদেৱ, যদুমণিদেৱ, বাৰেঘৰীয়া শ্ৰীৰামদেৱ আদিৰ জীৱন চৰিত্ৰক কেন্দ্ৰ কৰি তেওঁলোকৰ শিষ্য সকলে এই সাহিত্যৰ ৰচনা কৰিছিল।
-
ছনেট
ছনেট ( Sonnet) কাব্য-সাহিত্যৰ এটি ৰূপ। চিচিলিয়ান চহৰ ’পাৰ্লামোৰ’ ৰোমান সম্ৰাট দ্বিতীয় ফ্ৰডেৰিকৰ ৰাজদৰবাৰত ৰচিত কবিতাৰ মাজৰ এটা কাব্যিক ৰূপ হৈছে ছনেট। ত্ৰয়োদশ শতিকাৰ কবি আৰু নটাৰী ’জিয়াকামো দা লেণ্টিনি’ক ছনেট উদ্ভাৱনৰ কৃতিত্ব দিয়া হয় আৰু তেওঁক আগুৰি থকা “চিচিলিয়ান স্কুল অৱ পয়েট’’এ কবিতাৰ এই…
-
জাভা ভাষা
জাভা ভাষা বা জাভানীজ ভাষা এটা অষ্ট্ৰ'নেছিয়ান ভাষা৷ ইণ্ডোনেছিয়াৰ জাভা দ্বীপ আৰু ইয়াৰ আশে-পাশে থকা দ্বীপসমূহৰ প্ৰায় ৮ৰ পৰা ১ কোটি লোকে ইয়াক এই ভাষা কয়। মালয়েছিয়াতো ইয়াৰ জনপ্ৰিয়তা আছে। ই সৰ্বাধিক ভাষী থকা অষ্ট্ৰ’নেছিয়ান ভাষা।
-
তত্ত্বচিন্তামণি
তত্ত্বচিন্তমণি হৈছে খ্ৰীষ্টীয় চতুৰ্দশ শতিকাৰ ভাৰতীয় যুক্তিবিদ আৰু দাৰ্শনিক গংগেশৰদ্বাৰা ৰচিত সংস্কৃত ভাষাৰ এখন গ্ৰন্থ। এই গ্ৰন্থখনক প্ৰমাণ-চিন্তামণি ("বৈধ জ্ঞানৰ এক চিন্তা-মণি") বুলিও কোৱা হয়। এই গ্ৰন্থখনে ভাৰতীয় যুক্তিৰ ইতিহাসত এক নতুন যুগৰ প্ৰৱৰ্তন কৰিছিল।
-
দিভেহি ভাষা
দিভেহি ভাষা হ'ল মালদ্বীপৰ ৰাষ্ট্ৰীয় ভাষা। বৰ্তমান বিশ্বত এই ভাষা ব্যাবহাৰকাৰীৰ সংখ্যা প্ৰায় চাৰি লাখ। ইয়াৰে অধিকাংশই মালদ্বীপৰ মানুহ। মালদ্বীপ বাহিৰেও মালয়েচিয়া আৰু মিনিকয় দ্বীপকে ধৰি আন কিছুমান ঠাইত এই ভাষা কোৱা হয়।
-
দ্য টেলিগ্ৰাফ (কলকাতা)
দ্য টেলিগ্ৰাফ হৈছে ১৯৮২ চনৰ ৭ জুলাইৰপৰা কলকাতাত প্ৰতিষ্ঠা আৰু অবিৰতভাৱে প্ৰকাশিত ভাৰতীয় ইংৰাজী দৈনিক কাকত। এইখন এবিপি গ্ৰুপৰদ্বাৰা প্ৰকাশিত আৰু মধ্যম বজাৰৰ কাকত দ্য টাইমছ অৱ ইণ্ডিয়াৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হয়।
-
ফিজি হিন্দী
ফিজি হিন্দী ভাষা (ৰোমান হিন্দী ভাষাত: Fiji Hindi; হিন্দী ভাষাত: फिजी हिन्दी) - এই ভাষাটো ভাৰতীয় বংশোদ্ভূত ফিজিয় নাগৰিকসকলৰদ্বাৰা সৰ্বাধিক ব্যৱহৃত ভাষা। ফিজি হিন্দীত মূলত ফিজি আৰু তাৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ প্ৰায় ৩ লাখ ৮০ হাজাৰ মানুহে কথা পাতে।
-
ব্ৰহ্মাণ্ড পুৰাণ
ব্ৰহ্মাণ্ড পুৰাণ (Brahmāṇḍa Purāṇa; ब्रह्माण्ड पुराण) হৈছে মহৰ্ষি বেদব্যাস প্ৰণীত সংস্কৃত ভাষাত ৰচিত হিন্দু ধৰ্মৰ অষ্টাদশ মহাপুৰাণৰ ভিতৰত অন্যতম। মধ্যযুগীয় ভাৰতীয় সাহিত্যত এই পুৰাণক “বায়বীয় পুৰাণ” বা “বায়বীয় ব্ৰহ্মাণ্ড” নামেৰেও উল্লেখ কৰা হৈছে।
-
ব্ৰাহ্মী লিপিসমূহ
ব্ৰাহ্মী লিপিসমূহ হ'ল আবুগিদা লিখন ব্যৱস্থাৰ এটা পৰিয়াল, যাক ভাৰতীয় লিপি বুলিও কোৱা হয়। সমগ্ৰ ভাৰতীয় উপমহাদেশ, দক্ষিণ-পূব এছিয়া আৰু পূব এছিয়াৰ কিছু অংশত ব্ৰাহ্মীক লিপি ব্যৱহাৰ কৰা হয়। ব্ৰাহ্মীক লিপিৰ অন্তৰ্গত লিপিসমূহৰ আদি লিপি হ'ল ব্ৰাহ্মী লিপি। ব্ৰাহ্মী লিপি এটা প্ৰাচীন লিখন ব্যৱস্থাৰ নাম।
-
ভাৰতীয় সাহিত্য
ভাৰতীয় সাহিত্যই ১৯৪৭ চনলৈকে ভাৰতীয় উপমহাদেশত আৰু তাৰ পিছত ভাৰত গণৰাজ্যত সৃষ্টি হোৱা সাহিত্যক বুজায়। ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত ২২টা আনুষ্ঠানিকভাৱে স্বীকৃতিপ্ৰাপ্ত ভাষা আছে। ভাৰতৰ সৰ্বোচ্চ সাহিত্যিক সংস্থা সাহিত্য অকাডেমীৰো ২৪টা স্বীকৃতিপ্ৰাপ্ত সাহিত্য ভাষা আছে।
-
ভাৰতৰ ৰাজপত্ৰ
ভাৰতৰ ৰাজপত্ৰ ভাৰত চৰকাৰৰ এখন চৰকাৰী প্ৰকাশনা। ইয়াত চৰকাৰৰ বিভিন্ন জাননী, আদেশ, বিধি, নিয়ম, নিযুক্তি আৰু অন্যান্য চৰকাৰী তথ্য প্ৰকাশ কৰা হয়। ৰাজপত্ৰখন নিয়মীয়াকৈ প্ৰকাশ কৰা হয়। ইয়াৰ সাধাৰণ সংখ্যা প্ৰতি সপ্তাহে প্ৰকাশ পায়।
-
মাকাম
মাকাম হৈছে ড॰ ৰীতা চৌধুৰীৰ দ্বাৰা ৰচিত এখন উপন্যাস। অসমত থকা চীনামূলীয় লোকসকলৰ পটভূমিত ৰচিত মাকাম এখন উল্লেখযোগ্য গ্ৰন্থ। ২০১০ চনৰ এপ্ৰিল মাহত জ্যোতি প্ৰকাশনে এই উপন্যাসখনৰ প্ৰথম প্ৰকাশ কৰে।
-
মৰাণ ভাষা
মৰাণ ভাষা (Moran language) বড়ো-গাৰো পৰিয়ালৰ অন্তৰ্গত আৰু পূৰ্ব্বতে উত্তৰ পূব ভাৰতৰ অসম (বিশেষভাৱে তিনিচুকীয়া জিলা)-ত কথিত এটা বিলুপ্ত ভাষা। এই ভাষা অসমৰে আন এক ভাষা ডিমাছাৰ সৈতে সম্পৰ্কিত। তথ্য অনুসৰি মৰাণভাষী লোকৰ সংখ্যা ১৯০১ চনৰ লোকপিয়লত ৭৮, ১৯১১ চনত ২৪ আৰু ১৯৩১ চনত ০ আছিল।
-
হৰ্ষচৰিত
হৰ্ষচৰিত ভাৰতীয় সম্ৰাট হৰ্ষৰ জীৱনী। খ্ৰীষ্টীয় সপ্তম শতিকাৰ ভাৰতৰ সংস্কৃত লেখক বাণভট্ট বা বাণ নামেৰেও পৰিচিত কবিৰদ্বাৰা ৰচনা কৰা হয়। তেওঁ আছিল হৰ্ষৰ পৃষ্ঠপোষকতাৰ ৰাজ-দৰবাৰ কবি। হৰ্ষচৰিত বাণৰ প্ৰথম ৰচনা আৰু সংস্কৃত ভাষাত ঐতিহাসিক কাব্য ৰচনাৰ আৰম্ভণি বুলি গণ্য কৰা হয়।
-
অক্সফৰ্ড ইংৰাজী অভিধান
অক্সফৰ্ড ইংৰাজী অভিধান, অক্সফ’ৰ্ড ইউনিভাৰ্ছিটি প্ৰেছৰ দ্বাৰা প্ৰকাশিত এখন ইংৰাজী ভাষাৰ অভিধান বিশ্বৰ বিভিন্ন দেশত ইংৰাজী ভাষাৰ প্ৰায়োগিক ভিন্নতা অন্তৰ্ভুক্ত কৰাৰ লগতে এই অভিধানে ভাষাটোৰ ঐতিহাসিক বিকাশৰ বিষয়েও তথ্য সন্নিবিষ্ট কৰে৷ ১৯৮৯ চনত প্ৰকাশ পোৱা এই অভিধানৰ দ্বিতীয় সংস্কৰণত ২০ টা খণ্ড আৰু…
-
অসমীয়া উপন্যাস
অসমীয়া উপন্যাস অসমীয়া সাহিত্যৰ এক আধুনিক সৃষ্টি। পাশ্চাত্য সাহিত্যৰ প্ৰভাৱ আৰু প্ৰত্যক্ষ অনুকৰণত জন্ম হ’লেও অতি সোনকালে ই অসমীয়া সাহিত্যৰ এক অবিচ্ছেদ্য অংগ হৈ পৰে।
-
অসমীয়া লিপিৰ বুৰঞ্জী
অসমীয়া ভাষা অসমীয়া লিপিত লিখা হয়। লিপিবিদসকলে অসমীয়া লিপিৰ ক্ৰমবিকাশৰ ধাৰা সম্পৰ্কে দুইধৰণৰ মত পোষণ কৰে। সেই দুটা হ’ল- * প্ৰথম মত অনুসৰি: ব্ৰাহ্মী লিপি → গুপ্ত লিপি → কুটিল বা সূক্ষ্মকোণী বা সিদ্ধমাতৃকা লিপি → পুৰণি অসমীয়া লিপি হৈ বৰ্তমানৰ অসমীয়া লিপি (সৰ্বেশ্বৰ কটকী, ড॰ মহেশ্বৰ নেওগ, ড॰…
-
অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত
অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত হৈছে সত্যেন্দ্ৰনাথ শৰ্মাৰ দ্বাৰা ৰচিত অসমীয়া ভাষা সাহিত্যৰ ইতিহাস বিষয়ক এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ৷। এই গ্ৰন্থখন প্ৰথম প্ৰকাশ হয় ১৯৮১ চনত৷ এই গ্ৰন্থখনক অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ সংক্ষিপ্ত বুৰঞ্জী বুলি অসমীয়া সাহিত্যত স্বীকৃতি দিয়া হৈছে৷ গ্ৰন্থখনৰ দশম…
-
আদি ভাষা
আদি হৈছে চীন-তিব্বতীয় শাখাৰ তিব্বত-বৰ্মী ভাষাৰ অন্তৰ্গত এটা ভাষা। এই ভাষা প্ৰধানকৈ অৰুণাচল প্ৰদেশৰ আদি জনগোষ্ঠীয়ে ব্যৱহাৰ কৰে। এই ভাষাক আবৰ, আবৰ-মিৰি বা লহ'বা নামেও জনা যায়।
-
আৱেস্তা
আৱেস্তা বা জেন্দ আৱেস্তা হ'ল জৰথুষ্ট্ৰ (জৰথুষ্ট্ৰবাদ) বা জৰদস্তি ধৰ্মৰ পবিত্ৰ ধৰ্মশাস্ত্ৰ। ইয়াক আৱেস্তা ভাষাত লিখা হৈছে। পাৰ্চী আৰু ইংৰাজীকে ধৰি অন্যান্য ভাষালৈও আবেস্তা অনুবাদ কৰা হৈছে। ইয়াৰ প্ৰাচীন অংশ হৈছে গন্তা, যিবোৰ হৈছে জৰাথুষ্ট্ৰে নিজেই ৰচনা কৰা ধৰ্মীয় গীত।