ভাষা আৰু সাহিত্য
গ্ৰন্থ, কবিতা, উপন্যাস, ভাষা আৰু লিপি · ১,৫৩৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
মহাসু পাহাড়ী
মহাসু পাহাড়ী (টাকৰী লিপিত: 𑚢𑚩𑚭𑚨𑚱 𑚞𑚩𑚭𑚪𑚯) এটি পশ্চিমীয়া পাহাড়ী ভাষা, যি ঘাইকৈ ভাৰতৰ হিমাচল প্ৰদেশ ৰাজ্যত ব্যৱহাৰ কৰা হয়। এই ভাষাক মহাসুঈ বা মহাসুৱী নামেৰেও জনা যায়। ২০০১ চনত এই ভাষা প্ৰায় ১০০০০০০ লোকে কৈছিল বুলি অনুমান কৰা হয়। এই ভাষাক মুখ্যতঃ চিমলা আৰু চোলান জিলাত কোৱা হয়।
-
মাগধী প্ৰাকৃত
পালি ভাষাৰ অৱনতিৰ পিছত প্ৰাচীন ভাৰতৰ লিখিত ভাষাৰ তিনিটা নাটকীয় প্ৰাকৃতৰ ভিতৰত মগধী প্ৰাকৃত (Māgadhī) অন্যতম। ই পূৰ্বৰ বৈদিক সংস্কৃতৰ ঠাই লোৱা এটা স্থানীয় ভাষাৰ মধ্য ভাৰত-আৰ্য্য ভাষা আছিল।
-
মিৰি জীয়ৰী
"মিৰি জীয়ৰী" ৰজনীকান্ত বৰদলৈ ৰচিত আৰু ১৮৯৪ চনত প্ৰথম প্ৰকাশিত এখন অসমীয়া উপন্যাস। এইখন প্ৰথম অসমীয়া সামাজিক উপন্যাস আৰু প্ৰথম অসমীয়া জনজাতীয় উপন্যাস। মিচিংসকলক আগতে "মিৰি" বুলি উল্লেখ কৰা হৈছিল।
-
মীতৈ লিপি
মীতৈ লিপি বা মৈতৈ ময়েক বা মিতৈ ময়েক বা মণিপুৰী লিপি মণিপুৰত প্ৰচলিত মীতৈ ভাষা (মণিপুৰী ভাষা) লিখিবলৈ ব্যৱহাৰ কৰা হয়। মেইতেই ময়েক হৈছে একপ্ৰকাৰৰ আবুগিদা লিখন পদ্ধতি। ১৮শ শতিকালৈ এই লিপিৰ প্ৰচলন আছিল যদিও তাৰ পাছৰ শতিকাত বাংলা লিপিয়ে ইয়াৰ স্থান লয়।
-
মৌ (মাহিলি কাকত)
মৌ (মাহিলি কাকত)(ইংৰাজী: The Bee) ১৮৮৬ চনৰ ডিচেম্বৰ মাহত হৰনাৰায়ণ বৰাৰ সম্পাদনাত কলিকতাৰপৰা প্ৰকাশ পোৱা এখন মাহিলি কাকত। চাৰিটা সংখ্যা প্ৰকাশ হৈ ১৮৮৭ খ্ৰীষ্টাব্দৰ এপ্ৰিল মাহত ‘মৌ’ৰ প্ৰকাশ বন্ধ হয়। মৌ বৰ বেছিদিন জীয়াই থাকিব নোৱাৰিলে যদিও ই অসমীয়া আলোচনীৰ ইতিহাসত এক বিশেষ স্থান অধিকাৰ কৰি আছে।
-
শব্দ প্ৰদূষণ
শব্দ প্ৰদূষণ (Noise pollution) হৈছে মানুহৰ বা জন্তুৰ জীৱনৰ কাৰ্যকলাপৰ ওপৰত বিভিন্ন ক্ষতিকাৰক প্ৰভাৱৰ পেলোৱাকৈ হোৱা শব্দ তথা কোলাহলৰ প্ৰসাৰ। শব্দ হৈছে অণুৰ সংঘৰ্ষত সৃষ্টি হোৱা এক কম্পন বা তৰঙ্গ, যি কোনো মাধ্যমৰ দ্বাৰা আহি আমাৰ কাণত অনুভূত হয়।
-
শ্বিনা ভাষা
শ্বিনা (ݜݨیاٗ,شِْنْیٛا Ṣiṇyaá) এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি মুখ্যতঃ শ্বিনা লোকৰ দ্বাৰা ব্যৱহৃত। পাকিস্তানত শ্বিনা ঘাইকৈ গিলগিত-বলতিস্তান অঞ্চলত ব্যৱহাৰ কৰা হয়, অনুমানিত ১১৪৬০০০ লোকৰ দ্বাৰা। কোহিস্তান অঞ্চলতো এই ভাষা ব্যৱহাৰ কৰা হয়।
-
সাহিত্য তত্ত্ব
সাহিত্য তত্ত্ব (Literary Theory) হৈছে সাহিত্যৰ প্ৰকৃতি আৰু সাহিত্য বিশ্লেষণৰ পদ্ধতিৰ পদ্ধতিগত অধ্যয়ন।১৯ শতিকাৰ পৰা সাহিত্যিক পণ্ডিতত সাহিত্যিক তত্ত্ব আৰু বৌদ্ধিক ইতিহাস, নৈতিক দৰ্শন, সামাজিক ভৱিষ্যদ্বাণী আৰু মানুহে অৰ্থ কেনেকৈ ব্যাখ্যা কৰে তাৰ লগত জড়িত আন্তঃশাখা বিষয়বস্তুৰ বিবেচনাসমূহ…
-
সৰ্প ৰাজকুমাৰ (পঞ্জাবী সাধুকথা)
সৰ্প ৰাজকুমাৰ হৈছে ভাৰতীয় সাধুকথা, ফেৰোশ্বেপুৰত মেজৰ কেম্পবেলে সংগ্ৰহ কৰা পঞ্জাবী কাহিনী। এণ্ড্ৰু লেঙে ইয়াক দ্য অলিভ ফেয়াৰী বুক (১৯০৭)ত অন্তৰ্ভুক্ত কৰিছিল।
-
সৰ্প ৰাজকুমাৰ (হাংগেৰিয়ান লোককথা)
সৰ্প ৰাজকুমাৰ (দ্য চাৰ্পেন্ট প্ৰিন্স বা দ্য স্নেক প্ৰিন্স) হৈছে হাংগেৰিয়ান-আমেৰিকান পণ্ডিত লিণ্ডা ডেঘে সংগ্ৰহ কৰা হাংগেৰিয়ান লোককথা, য'ত এগৰাকী মানৱ কুমাৰী আৰু এডাল সাপৰ মাজত স্বামী-স্ত্ৰীৰ সম্পৰ্ক দেখুওৱা হৈছে।
-
ৰঘুবংশম
ৰঘুবংশম (रघुवंशम्) প্ৰখ্যাত সংস্কৃত কবি কালিদাসৰ সংস্কৃত মহাকাব্য। যদিও ৰচনাৰ সঠিক তাৰিখ জানিব পৰা হোৱা নাই, তথাপি কবিগৰাকী খ্ৰীষ্টপূৰ্ব ৫ম শতিকাত ভাস্বৰ হৈ উঠিছিল বুলি অনুমান কৰা হৈছে। ইয়াত ১৯টা সৰ্গত ৰঘু বংশৰ সৈতে জড়িত ৰজা-মহাৰজা দিলীপ, অগ্নিবৰ্ণ, ৰঘু, দশৰথ, ৰাম আদিৰ কাহিনীসমূহ বৰ্ণনা কৰা হৈছে।
-
ৰাজবংশী ভাষা (নেপাল)
ৰাজবংশী বা তাজপুৰীয়া এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি অসমীয়া-বাঙালী উপগোটৰ অন্তৰ্গত। এই ভাষা মুখ্যতঃ নেপালত ব্যৱহাৰ কৰা হয়। ভাষাটো ৰাজবংশী ভাষাৰ সৈতে সম্বন্ধিত, কিন্তু পৃথক, যদিও কোনো কোনোৱে ৰাজবংশী ভাষাকো চুটিকৈ ৰাজবংশী বা কমতাপুৰী নামেৰে অভিহিত কৰে।
-
ৰিভ'লিউচন ২০২০
ৰিভ'লিউচন ২০২০: লাভ, কৰাপচন, এম্বিচন (Revolution 2020: Love, Corruption, Ambition)হৈছে চেতন ভগতৰ দ্বাৰা ৰচিত পঞ্চমখন উপন্যাস। উপন্যাসখনৰ সমগ্ৰ কাহিনীটো প্ৰেম, দুৰ্নীতি আৰু উচ্চাকাংক্ষা - এই ত্ৰিকোণীয়া ত্ৰিভুজৰ মাজত আৱদ্ধ।
-
ৰুবায়েট
ৰুবায়েট (رباعیات عمر خیام) একাদশ শতিকাৰ পাৰস্যৰ কবি ওমৰ খৈয়ামৰ দ্বাৰা ৰচিত এখন কাব্য সংকলন। পাৰ্চী ভাষাত ৰুবায় শব্দৰ অৰ্থ দুশৰীয়া এক বিশেষ শ্ৰেণীৰ কবিতাৰ পংক্তি। ৰুবায়েটৰ অৰ্থ ৰুবায়ৰ দুগুণ অৰ্থাৎ চাৰিশৰীয়া কবিতাৰ পংক্তি।
-
অনুৰাধাৰ দেশ
অনুৰাধাৰ দেশ উৰিষ্যাৰ বংগোপসাগৰৰ তৈল অনুসন্ধান ক্ষেত্ৰৰ পটভূমিত ৰচিত এখন ভিন্নধৰ্মী অসমীয়া উপন্যাস। উপন্যাসখনৰ লেখক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী। ই দেৱচৌধুৰীৰ প্ৰথমখন উপন্যাস। অনুৰাধাৰ দেশৰ বাবে লেখকে ১৯৯৩ চনৰ বিষ্ণুৰাভা বঁটা লাভ কৰে।
-
অপাদান গ্ৰন্থ
অপাদান গ্ৰন্থ থেৰবাদ বৌদ্ধ ধৰ্মৰ শাস্ত্ৰ পালি কেননৰ খুদ্দাকা নিকায়ত পোৱা জীৱনীমূলক কাহিনীৰ সংকলন। জি.পি. মালালাচেকেৰাই ইয়াক বুদ্ধৰ জীৱনকালত বাস কৰা বৌদ্ধ সন্ন্যাসী আৰু সন্ন্যাসীসকলৰ 'বৌদ্ধ ভিটা চেণ্টাৰম' বুলি বৰ্ণনা কৰিছে। ইয়াক কেননৰ শেহতীয়া সংযোজনসমূহৰ ভিতৰত অন্যতম বুলি ভবা হয়।
-
অমৰ চিত্ৰ কথা
অমৰ চিত্ৰ কথা (Amar Chitra Katha (ACK Comics) ভাৰতৰ মুম্বাইত অৱস্থিত ভাৰতীয় কমিক বুক প্ৰকাশন গোষ্ঠী। ১৯৬৭ চনত অনন্ত পাইয়ে এই কোম্পানীটো প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ অধিকাংশ কমিক ধৰ্মীয় কিংবদন্তি আৰু মহাকাব্য, ঐতিহাসিক ব্যক্তি আৰু জীৱনী, লোককথা আৰু সাংস্কৃতিক কাহিনীৰ ওপৰত আধাৰিত।
-
অয়নান্ত (গ্ৰন্থ)
অয়নান্ত (Ayananta) হ’ল অসমীয়া ঔপন্যাসিক তথা গল্পকাৰ অৰূপা পটঙ্গীয়া কলিতাৰ 'ভাৰতীয় ভাষা পৰিষদ'ৰ পুৰস্কাৰপ্ৰাপ্ত এখন উপন্যাস। এই উপন্যাসখনক ১৯৯৪ চনত প্ৰথমে প্ৰকাশ কৰে লয়াৰ্ছ বুক ষ্টল প্ৰকাশনে। এই উপন্যাসখন হিন্দী আৰু ইংৰাজী ভাষালৈও অনূদিত হৈছে।
-
অসমীয়া সাহিত্যৰ অৰুণোদয় যুগ
১৮৪৬ চনত শিৱসাগৰৰ পৰা বেপ্তিষ্ট মিছনেৰীসকলৰ উদ্যোগত ‘অৰুণোদই’ নামৰ আলোচনী প্ৰকাশ পায়। এই আলোচনীক কেন্দ্ৰ কৰি অসমীয়া ভাষাই আধুনিক ৰূপ লাভ কৰে। ইয়াৰ আৰম্ভণি অৰ্থাৎ ১৮৪৬ চনৰ পৰা ১৮৮৮ চনলৈকে এই সময়চোৱাক অৰুণোদয় যুগ বুলি কোৱা হয়।
-
অসীমত যাৰ হেৰাল সীমা
অসীমত যাৰ হেৰাল সীমা প্ৰয়াত ভুৱন মোহন বৰুৱাই কাঞ্চন বৰুৱা ছদ্মনামেৰে ৰচনা কৰা এখন জনপ্ৰিয় অসমীয়া উপন্যাস৷ এই উপন্যাসৰ কাহিনী কল্পনা আৰু বাস্তৱৰ সংমিশ্ৰণ তথা জন্মান্তৰবাদৰ আলমত লিখা হৈছে। এই গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৪৫ চনৰ ১৫ জুলাইত।
-
আইটন ভাষা
টাই-আইটন ভাষা ((တႝ)ဢႝတွꩫ်) অসমৰ ধনশিৰি উপত্যকা আৰু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত কোৱা এটা টাই ভাষা ৷ বৰ্তমান ইয়াক ভাবুকিৰ সন্মুখীন হোৱা ভাষা হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে, বিশ্বজুৰি ২০০০ তকৈও কম লোকে এই ভাষা কয়। ইয়াৰ আন নামসমূহৰ হৈছে আইটনিয়া আৰু চ্যাম দুৱানিয়া৷
-
আত্মকথা
আত্মকথা হ’ল অসমৰ নৱপ্ৰজন্মৰ সাহিত্যিক শৰ্মিষ্ঠা প্ৰীতমৰ আত্মজীৱনী। ২০১১ চনৰ ডিচেম্বৰ মাহত কিতাপখন প্ৰথম প্ৰকাশ হয়। আলিবাট প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থখনৰ মুঠ পৃষ্ঠা ১৮১ আৰু মূল্য ১৭০ টকা। ২০১৭ চনৰ নৱেম্বৰ মাহলৈকে কিতাপখনৰ পাঁচটা সংস্কৰণ প্ৰকাশ হৈছে।
-
ইক্লিপ্স (উপন্যাস)
ইক্লিপ্স (Eclipse) ষ্টিফেনি মেয়াৰৰ টোৱাইলাইট শৃংখলাৰ তৃতীয়খন উপন্যাস। ইয়াত বেলা স্বান আৰু ভেম্পায়াৰ প্ৰেমিক এডৱাৰ্ড কালেনৰ প্ৰেমৰ ধাৰাবাহিকতা অক্ষুণ্ণ থাকে।
-
ইণ্ডোনেছিয়াৰ ভাষাসমূহ
ইণ্ডোনেছিয়া হ'ল ৭০০তকৈও অধিক জীৱিত ভাষাৰ বাসস্থান। এই উল্লেখযোগ্য ভাষিক বৈচিত্ৰ্যই ইণ্ডোনেছিয়াক পাপুয়া নিউ গিনিৰ পিছত বিশ্বব্যাপী দ্বিতীয় সৰ্বাধিক ভাষিকভাৱে বৈচিত্ৰ্যময় ৰাষ্ট্ৰৰ স্থান দিছে।
-
কছাৰী ভাষা
কছাৰী ভাষা (Kachari) হৈছে অসমত প্ৰচলিত এটা চীনা-তিব্বতীয় ভাষা। ই বড়ো-গাৰো শাখাৰ অন্তৰ্গত। ২০১১ চনৰ তথ্য অনুসৰি এই ভাষাৰ মাতৃভাষী প্ৰায় ১৬,০০০ জন। ভাষাটোক বৰ্তমান সংকটাপন্ন ভাষা হিচাপে গণ্য কৰা হয়। কছাৰী ভাষাৰ সৈতে তিৱা, ৰাভা, কোচি আৰু মেচি আদি ওচৰ-চুবুৰীয়া ভাষাৰ সম্পৰ্ক আছে।
-
কথা কবিতা
কথা কবিতা( prose poetry) ঊনৈশ শতিকাত জন্ম লাভ কৰা সৃষ্টিশীল লেখনিৰ এক প্ৰকাৰ। কোনো আবেদনশীল বা ভাৱব্যঞ্জক পৰিস্থিতিক বিষয়বস্তু হিচাপে লৈ, ঘাইকৈ কাব্যভাবানুৰঞ্জিত গদ্যত লিখা নাতিদীৰ্ঘ ৰচনাই কথা কবিতা। কথা কবিতাত কেৱল এটা কেন্দ্ৰস্থ ভাৱৰ সমাবেশ ঘটে। কথা কবিতাত ৰূপকৰ সমাবেশ ঘটে।
-
কাৰক (অসমীয়া ব্যাকৰণ)
কাৰক (Case) হৈছে সেই পদৰ ৰূপ যাৰদ্বাৰা কোনো ক্ৰিয়াৰ লগত অন্য পদৰ সম্বন্ধ প্ৰকাশ পায়। অৰ্থাৎ, ক্ৰিয়াৰ লগত যাৰ অন্বয় বা সম্বন্ধ থাকে তাকেই কাৰক বোলে। অসমীয়া ব্যাকৰণত ছয়প্ৰকাৰৰ কাৰক দেখা যায় — # কৰ্তা কাৰক (Nominative) কৰ্ম কাৰক (Accusative) কৰণ কাৰক (Instrumental) সম্প্ৰদান কাৰক (Dative)…
-
ক্ৰিয়া পদ
ক্ৰিয়া পদ (ইংৰাজী: Verb) ধাতুৰ লগত বিভক্তি প্ৰত্যয় আদি যোগ হৈ বাক্যত ব্যৱহৃত হ’লে, সেই ধাতু ক্ৰিয়াপদলৈ সলনি হয়। অৰ্থাৎ ক্ৰিয়াৰ মূল ধাতু। ক্ৰিয়া পদৰ দ্বাৰা বাক্যত কোনো কাৰ্য কৰা বা হোৱা বুজায়। অসমীয়া ভাষাত বাক্যত ক্ৰিয়াপদৰ ব্যৱহাৰ অত্যৱশ্যকীয় নহয়। বহু বাক্য ক্ৰিয়াপদ অবিহনেই ব্যৱহাৰ হয়।
-
খামটি ভাষা
টাই-খামটি ভাষা (খামটি:တဲးၵံးတီႈ) উত্তৰ-পূব ভাৰত আৰু মানদেশত বসবাস কৰা খামটি জনগোষ্ঠীৰ লোকসকলৰ দ্বাৰা ব্যৱহৃত এটা দক্ষিণ-পশ্চিমীয় টাই ভাষা। উত্তৰ পূব ভাৰতৰ অসম আৰু অৰুণাচল প্ৰদেশত খামটি ভাষী লোকসকলে বাস কৰে।
-
গণিতৰ কথা (গ্ৰন্থ)
গণিতৰ কথা (Gonitor Kotha) হৈছে এখন গণিত বিষয়ক প্ৰবন্ধৰ সংকলন। লেখক হৈছে গণিতজ্ঞ,শিক্ষাবিদ ড॰ ভূপতি চন্দ্ৰ ডেকা। অসম বিজ্ঞান সমিতিয়ে ১৯৬৮ চনত প্ৰথম প্ৰকাশ কৰা এই গ্ৰন্থখনৰ দ্বিতীয় সংস্কৰণ ১৯৯১ চনৰ জানুৱাৰী মাহত আৰু তৃতীয় সংস্কৰণ ২০০৩ চনৰ অক্টোবৰত প্ৰকাশ পায়।