বেতাল পঞ্চবিংশতি প্ৰাচীন সংস্কৃত ভাষাত ৰচিত পঁচিশটা নীতিশিক্ষামূলক সাধুৰ সংকলন। বেতাল পঞ্চবিংশতি বিশ্ব সাহিত্যৰ এক মূল্যৱান ৰচনা। ইয়াত থকা পুৰণি সাধুবোৰ বৰ সুন্দৰ আৰু নীতিশিক্ষামূলক। সেইবাবেই ইয়াৰ জনপ্ৰিয়তা যথেষ্ট। ঘাইকৈ শিৱদাস নামেৰে এজনে এই সাধুবোৰ ৰচনা কৰিছিল বুলি জনা গʼলেও গ্ৰন্থখনৰ লেখক হিচাপে জন্তল ভট্ট আৰু বেতাল ভট্ট নামৰ দুজনৰো উল্লেখ আছে।
ৰচয়িতা
বিখ্যাত কাশ্মিৰী লেখক সোমদেৱৰ কথা সৰিৎসাগৰ আৰু আন এজন লেখকৰ আচাৰ্য ক্ষেমেন্দ্ৰৰ বৃহৎ কথামঞ্জৰীতো বেতাল পঞ্চবিংশতিৰ সাধু অন্তৰ্ভুক্ত কৰা হৈছিল। তেওঁলোক আছিল একাদশ শতিকাৰ লেখক। গতিকে বেতাল পঞ্চবিংশতিৰ কাহিনীবোৰ নিশ্চিতভাৱে তাতোকৈ পুৰণি।
বিষয়বস্তু
মহাৰাজ বিক্ৰমাদিত্যক বেতালে পঁচিশটা সাধু কৈছিল বুলি গ্ৰন্থখনত উল্লেখ কৰা হৈছে। বেতাল পঞ্চবিংশতিত বেতালৰ সেই পঁচিশটা সাধুৰ বৰ্ণনা আছে। প্ৰত্যেকটো সাধু শেষ কৰি বেতালে বিক্ৰমাদিত্যৰ জ্ঞান আৰু সততাৰ পৰীক্ষা লʼবলৈ এটাকৈ প্ৰশ্ন সুধিছে। বিক্ৰমাদিত্যই তাৰ শুদ্ধ উত্তৰ দিছে। গতিকে কেৱল সাধু কেইটাই নহয়, সেইকেইটা কোৱাৰ ধৰণটোও বেছ কৌশলী আৰু কৌতূহল উদ্দীপক।
মুখ্য চৰিত্ৰ
- বিক্ৰমাদিত্য: উজ্জয়িনীৰ ৰজা বিক্ৰমাদিত্য ন্যায় পৰায়ণ, দানী, জ্ঞানী, গুণী, বীৰ, সু-প্ৰজাপালক।
- বেতাল: বেতাল হʼল মৰিশালীৰ মৃতদেহৰ ভিতৰত থকা এক প্ৰেতাত্মা।
- অন্যান্য: ইয়াৰ উপৰিও এজন তান্ত্ৰিকৰ লগতে প্ৰত্যেক সাধুতে নতুন নতুন অলেখ চৰিত্ৰ আ্ছে।
বাহ্যিক সংযোগ
- Vikram & Vetaal - containing the Singhasan Battisi and the Baital Pachisi (Annotated): Translation by
- Original Sanskrit text by Somadeva in Harvard-Kyoto transliteration
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেতাল পঞ্চবিংশতি” প্ৰবন্ধৰ সংশোধন ৬১৩৬৭৪ (২২ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।