টোৱাইলাইট হ'ল ষ্টিফেনি মেয়াৰ ৰচিত ভেম্পায়াৰ-ৰোমাঞ্চ১২ বিষয়ক এক উপন্যাস। এইখন হ'ল টোৱাইলাইট শৃংখলাৰ প্ৰথমখনি উপন্যাস য'ত পাঠকৰ ১৭ বছৰীয়া ইজাবেলা "বেলা" স্বানৰ লগত পৰিচিতি ঘটে যিয়ে ফিনিক্স,এৰিজোনা এৰি ফোৰ্কছ,ৱাছিংটনলৈ আহি এডৱাৰ্ড কালেন নামৰ ভেম্পায়াৰ এজনৰ প্ৰেমত পৰি নিজৰ জীৱন বিপদাপন্ন কৰি তোলে। শৃংখলাটিৰ আন আন কিতাপকেইখন হল নিউ মুন,ইক্লিপ্ছ আৰু ব্ৰেকিং ড'ন।
২০০৫ চনত ইয়াৰ প্ৰকাশৰ লগে লগে ই বেষ্টচেলাৰ হৈ পৰে আৰু নিউ য়ৰ্ক টাইমছ বেষ্টচেলাৰ তালিকাত প্ৰথমতে পঞ্চম৩ আৰু পিছলৈ প্ৰথম৪ স্থান লাভ কৰে। সেই বছৰতে 'পাব্লিছাৰ্চ ৱিকলী'য়ে ইয়াক ২০০৫ চনৰ শ্ৰেষ্ঠ শিশু গ্ৰন্থ আখ্যা দিয়ে।৫২০০৮ চনত ই সৰ্বাধিক বিক্ৰী হোৱা উপন্যাস৬ আৰু ২০০৯ চনত দ্বিতীয় সৰ্বাধিক বিক্ৰী হোৱা উপন্যাস হিচাপে পৰিগণিত হয় য'ত প্ৰথম হয় ইয়াৰেই ছিকুৱেল নিউ মুন।৭ বৰ্তমান ই ৩৭টা বিভিন্ন ভাষালৈ অনূদিত হৈছে।৮
প্ৰকাশৰ লগে লগে ই সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰে। সমালোচকসকলে ইয়াক "আত্মাক চুই যোৱা এক ৰহস্যঘন প্ৰেমকাহিনী" বুলি প্ৰশংসা কৰে। আনহাতে কিছুমান সমালোচকৰ মতে এডৱাৰ্ডৰ প্ৰতি বেলাৰ আকৰ্ষণ "চৰিত্ৰতকৈ যাদুৰ ভেটিতহে প্ৰতিষ্ঠিত" আৰু বেলা এক অতি দুৰ্বল মহিলা চৰিত্ৰ। অৱশ্যে সকলোৱেই ইয়াক এক সাহিত্যিক চমৎকাৰ বুলি মানি লৈছে।
২০০৮ ত টোৱাইলাইটৰ চলচ্চিত্ৰ অভিযোজনে মুক্তি লাভ কৰে। ই ব্যৱসায়িক ভাৱে যথেষ্ট সফল হয় আৰু গোটেই বিশ্বজুৰি $৩৯২ মিলিয়ন উপাৰ্জন কৰে৯ তথা জুলাই,২০০৯ লৈ উত্তৰ আমেৰিকাত ডিভিডি বিক্ৰীৰ জৰিয়তে অতিৰিক্ত $১৫৭ মিলিয়ন উপাৰ্জন কৰে।১০
কাহিনীভাগ
পটভূমি
ইজাবেলা "বেলা" স্বানে সদায়ে ৰ'দ দি থকা চহৰ ফিনিক্স,আৰিজোনাৰ পৰা অনবৰতে বৰষুণে কিনকিনাই থকা চহৰ ফোৰ্কছ,ৱাছিংটনত নিজৰ দেউতাক চাৰ্লিৰ লগত থাকিবলৈ আহে কাৰণ তাইৰ মাক ৰিণীয়ে তেওঁৰ নতুন পতি বেছবল খেলুৱৈ ফিলৰ লগত ফুৰা চকা কৰিব খোজে। নতুন স্কুলত বেলাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে আৰু খুব সোনকালে বহুকেইজন বন্ধু-বান্ধৱী গোটাই লয়। লাজকুৰীয়া বেলাক অস্বস্তিত পেলাই বহুকেইজন ল'ৰাই বেলাৰ মনোযোগ আকৰ্ষণৰ প্ৰতিযোগিতাত নামি পৰে। প্ৰথমদিনাই যেতিয়া বেলা এডৱাৰ্ড কালেনৰ কাষত বহে তাই অনুভৱ কৰে যেন সি তাই কাষত বহাত বহুত বিৰক্ত হৈছে। তাৰ পিছত সি বহুকেইদিন স্কুললৈ নাহে আৰু যেতিয়া উভতি আহে বেলাৰ লগত বন্ধুত্বপূৰ্ণ ব্যৱহাৰ কৰে। তেওঁলোকৰ বন্ধুত্বই এক গাঢ় পৰ্যায় পায় যেতিয়া বেলাক স্কুলৰ পাৰ্কিঙত এখন ভানে প্ৰায় খুন্দিওৱাৰ উপক্ৰম হয়। এডৱাৰ্ডে নিমিষতে বেলাৰ কাষত উপস্থিত হৈ খালী হাতেৰেই ভানখন ৰখাই দিয়ে।
এডৱাৰ্ডে তাইক কেনেকৈ ৰক্ষা কৰিলে তাৰ ৰহস্য উদ্ঘাটন কৰিবলৈ বেলা বদ্ধপৰিকৰ হয় আৰু এডৱাৰ্ডক সঘনাই প্ৰশ্ন কৰি থাকিবলৈ লয়। যেতিয়া পুৰণি বন্ধু পৰিয়ালৰ জেকব ব্লেকে তাইক স্থানীয় জনজাতীয় লোককথাসমূহ কয় তাই গম পায় যে এডৱাৰ্ড আৰু তাৰ পৰিয়ালৰ সকলোটি ভেম্পায়াৰ যিয়ে মানুহৰ পৰিৱৰ্তে জন্তুৰ তেজ হে খাদ্য হিচাপে গ্ৰহণ কৰে। তেতিয়া এডৱাৰ্ডেও কয় যে বেলাৰ তেজৰ গোন্ধটো তাৰ বাবে খুব লোভনীয় বাবেহে প্ৰথমাৱস্থাত সি তাইক এৰি চলিছিল। সময় যোৱাৰ লগে লগে দুয়ো দুয়োৰে প্ৰেমত পৰে। সেই সময়তে ফোৰ্কছত আন এক হিংস্ৰ ভেম্পায়াৰৰ দল আহি উপস্থিত হয়। সেই দলটিৰ এজন অনুসৰণকাৰী ভেম্পায়াৰ জেমছে মানুহৰ সৈতে কালেন পৰিয়ালে সম্পৰ্ক গঢ়ি তোলা বাবে ক্ষোভিত হয় আৰু বেলাৰ চিকাৰ কৰিব বিচাৰে। বেলাক ৰক্ষা কৰিবৰ বাবে কালেন পৰিয়ালটো দুটা ভাগত বিভক্ত হয় আৰু এডৱাৰ্ডৰ সৈতে বেলা ফিনিক্সৰ হোটেল এখনত লুকাই থাকে। তাত জেমছে বেলাক ফোন কৰি কয় যে সি তাইৰ মাকক বন্দী কৰি থৈছে (যিটো আচলতে তাৰ ফন্দী আছিল)। যেতিয়া বেলাই জেমছৰ ওচৰত আত্মসমৰ্পণ কৰে সি তাইক আক্ৰমণ কৰে যদিও কালেনসকল আহি তাইক ৰক্ষা কৰে। অৱশ্যে জেমছে তাইক কামুৰিবলৈ সক্ষম হয়। এডৱাৰ্ডে সুকলমে তাইৰ তেজত সোমোৱা বিষখিনি শুহি লৈ বেলাক ভেম্পায়াৰ হোৱাৰ পৰা ৰক্ষা কৰে। পিছত এডৱাৰ্ড আৰু বেলাই স্কুলৰ প্ৰম নাচত অংশগ্ৰহণ কৰে আৰু বেলাই ভেম্পায়াৰ হোৱাৰ ইচ্ছা প্ৰকাশ কৰে যদিও এডৱাৰ্ড অমান্তি হয়।
প্ৰধান চৰিত্ৰসমূহ
ইজাবেলা স্বান ইজাবেলা এজনী ১৭ বছৰীয়া ছোৱালী যিয়ে নিজকে বেলা বুলি মতাটো পছন্দ কৰে। তাই ফিনিক্স এৰি ফোৰ্কছত থাকিবলৈ লয় যাতে তাইৰ মাকে তেওঁৰ নতুন পতিৰ লগত ফুৰিবলৈ যাব পাৰে। ফোৰ্কছ হাই স্কুলত তাই এডৱাৰ্ড কালেনক লগ পায় আৰু লগেলগে তাৰ প্ৰতি আকৰ্ষিত হয়। এডৱাৰ্ডৰ ৰহস্যটো তাই গম পোৱা বুলি তাই তাক কৈ দিয়ে,সিও তাত হয়ভৰ দিয়ে আৰু দুয়ো নিষিদ্ধ প্ৰেমত মগ্ন হয় য'ত এডৱাৰ্ডে বেলাৰ তেজ পিবলৈ থকা তাৰ অদম্য ইচ্ছাৰ লগত যুঁজ দি থাকে। বেলা এজনী দয়ালু আৰু অপ্ৰতিভ ব্যক্তিত্ব সম্পন্না ছোৱালী আৰু তাইৰ বয়সৰ আনছোৱালীতকৈ তাই বেছি বয়স্ক। তাই অতি বুদ্ধিমতী আৰু সূক্ষ্ম পৰিদৰ্শক আৰু সেই গুণেই কালেনসকলৰ আচৰিত ধৰণ কৰণ,শাৰীৰিক গঢ়,শক্তি আদি দেখি নিজেই সত্যটো বিচাৰি উলিয়াই লয়। উপন্যাসৰ আৰম্ভণিতে বেলাই অনুভৱ কৰে যে "সিদ্ধান্ত এটা থিৰ কৰাই আটাইতকৈ টান কাম,কিন্তু সিদ্ধান্ত লোৱাৰ পিছত তাক অনুসৰণ কৰাটো (তাইৰ বাবে)সহজ। " কিন্তু উপন্যাসৰ ঘটনাচক্ৰত বেলাই অজানিতেই কঠিন সিদ্ধান্তবোৰ ল'বলৈ আৰু তাৰ ফলাফলবোৰ মানি ল'বলৈ শিকি যায়।১১
এডৱাৰ্ড কালেন এডৱাৰ্ড কালেন হ'ল ১০৪ বছৰীয়া এজন ভেম্পায়াৰ। ১৯১৮ চনত যেতিয়া স্পেনিছ ইনফ্লুৱেঞ্জাত সি মৃতপ্ৰায় হয় তেতিয়া কাৰ্লাইল কালেনে তাক ভেম্পায়াৰলৈ সলনি কৰে। তাৰ মানুহৰ মন পঢ়িব পৰা এক ঐশ্বৰিক শক্তি আছে। বেলাক লগ পোৱাৰ লগে লগে সি তাইৰ প্ৰতি আকৰ্ষিত হৈছিল কাৰণ সি বেলাৰ চিন্তাবোৰ পঢ়িব পৰা নাছিল। তদুপৰি বেলাৰ তেজৰ গোন্ধটোও তাৰ বাবে এক লোভনীয় সুঘ্ৰাণ আছিল। প্ৰথমতে বেলাৰ সুৰক্ষাৰ বাবে নিজেই বেলাক সি যে বিপদজনক সেয়া সঁকিয়াই দিছিল যদিও অৱশেষত নিজৰ পৰিচয় প্ৰকাশ কৰে। বেলাৰ মাজতে সি প্ৰেম,কৰুণা,তত্ত্বাৱধান সকলো বিচাৰি পায়। বেলাতেই সি নিজৰ এশ বছৰীয়া অৰ্থহীন জীৱনৰ লক্ষ্য বিচাৰি পায়।১১ টোৱাইলাইটত এডৱাৰ্ডৰ ব্যক্তিত্বৰ মাজেৰে মেয়াৰৰ নৈৰাশ্যবাদী মনোভাৱ প্ৰকাশ পাইছে।১২ বিখ্যাত উপন্যাস জেন আয়াৰৰ মি০ ৰোচেষ্টাৰৰ কিছু প্ৰভাৱ এডৱাৰ্ডৰ চৰিত্ৰত দেখা যায় কাৰণ এডৱাৰ্ডৰ দৰে তেৱোঁ নিজকে এজনে দানৱ বুলি ভাবিছিল।১৩
জেম্ছ জেম্ছ হ'ল এনে এক ভেম্পায়াৰ যিয়ে গোন্ধৰ দ্বাৰা মানুহ বা ভেম্পায়াৰৰ পথ অনুসৰণ কৰিব পাৰে। তাৰ প্ৰতিযোগিতাপ্ৰিয় মনে প্ৰত্যাহ্বান ভাল পায় আৰু বেলাৰ তেজৰ সুস্বাদু গোন্ধে তাক বেলাৰ তেজ পিবলৈ ব্যাকুল কৰি তোলে। আৰু কালেন সকলে তাক বাধা দিব বুলি জানিও সি বেলাক হত্যা কৰাৰ পৰিকল্পনা কৰে। সি বেলাক ফিনিক্সলৈকে অনুসৰণ কৰে আৰু ফোন কৰি মিছাকৈ কয় যে তাইৰ মাকক সি অপহৰণ কৰি বন্দী কৰি থৈছে। মাক ফ্লোৰিডাত থকা কথা নাজানি বেলাই জেম্ছে কোৱা স্থানত উপস্থিত হয়। তাতে সি বেলাক কামোৰে যদিও কালেনসকল সঠিক সময়ত আহি তাইক ৰক্ষা কৰে আৰু জেম্ছক ধ্বংস কৰে।
বিকাশ
মেয়াৰে কোৱা মতে ২০০৩ চনৰ ২ জুন তাৰিখে এক সপোনত তেওঁৰ মনলৈ টোৱাইলাইটৰ চিন্তা আহে। তেওঁ সপোনত এজনী ছোৱালী আৰু এটা ভেম্পায়াৰ দেখিছিল যিয়ে তাইক ভালো পায় কিন্তু তাইৰ তেজ পিবলৈ আতুৰ হৈও থাকে। এই সপোনৰ ভেঁটিতে তেওঁ এক ৰচনা লেখিলে যিটো বৰ্তমানৰ কিতাপখনৰ ত্ৰয়োদশ অধ্যায়।১৪ কিতাপখনৰ নাম প্ৰথমতে 'ফোৰ্কছ' ৰখা হৈছিল যদিও পিছত প্ৰকাশকৰ অনুৰোধক্ৰমে ইয়াক টোৱাইলাইট কৰা হয়। প্ৰথমতে মেয়াৰে বেলা বা এডৱাৰ্ডৰ সলনি 'তাই' বা 'সি' হে ব্যৱহাৰ কৰিছিল। পিছলৈ চাৰ্লট ব্ৰণ্টেৰ "মি০ ৰোচেষ্টাৰ" আৰু জেন অষ্টিনৰ "মি০ ফেৰাৰ্চ"ৰ পৰা অনুপ্ৰাণিত হৈ তেওঁ পুৰুষ চৰিত্ৰটোৰ বাবে এডৱাৰ্ড নামটো নিৰ্বাচন কৰে। আকৌ মেয়াৰে নাৰী চৰিত্ৰটিৰ বাবে মেয়াৰে ইজাবেলা নামটো নিৰ্বাচন কৰে কাৰণ তেওঁৰ যদি এজনী ছোৱালী থাকিলহেতেন তাইৰ নাম তেওঁ ইজাবেলা ৰাখিলেহেতেন। ৰোজেলি আৰু জেস্পাৰকো প্ৰথমতে কেৰল আৰু ৰোণাল্ড নাম দিয়া হৈছিল।১৫
পৃষ্ঠকাহিনীৰ কথা নভবাকৈ মেয়াৰে ক্ৰমে শেষলৈকে লিখি সাং কৰিলে। কিন্তু প্ৰথম খচৰা খনৰ শেষ অধ্যায়টো বৰ দীঘল হৈ যাবলৈ ধৰিলে গতিকে তেওঁ উপসংহাৰৰ পিছত উপসংহাৰ লিখাত লাগিল। কিন্তু তেওঁ অনুভৱ কৰিলে যে তেওঁ পৃষ্ঠকাহিনীত আৰু কিছুমান ঘটনা আৰু ইয়াৰ কাৰণ সমূহ সংযোগ কৰিব বিচাৰে আৰু পাঁচ বা ছয়টা অধ্যায়ৰ ভিতৰত পৃষ্ঠকাহিনীটো সমাপ্ত কৰাৰ পৰিকল্পনা কৰি কৰি শেষত বাৰটা অধ্যায়ত ইয়াক সম্পূৰ্ণ কৰে।১৬ তিনিটা মাহৰ ভিতৰতে মেয়াৰে তেওঁৰ সপোনক এক উপন্যাস হিচাপে গঢ়ি তোলে১৭ যদিও তেওঁৰ মতে তেওঁ কেতিয়াও টোৱাইলাইটক প্ৰকাশ কৰি উলিয়াব খোজা নাছিল বৰং নিজৰ সন্তুষ্টিৰ বাবেহে লিখিছিল।১৮ বাহ্যিক পৃথিৱীৰ পৰা এটা গ্ৰীষ্মকাল বিচ্ছিন্ন হৈ থাকি অৱশেষত ২০০৩ চনৰ ২৯ আগষ্টত পাণ্ডুলিপিটো লিখি শেষ কৰে।১৯
কিতাপখনৰ প্ৰতি মেয়াৰৰ ভনীয়েকে যথেষ্ট উৎসাহ প্ৰদৰ্শন কৰে আৰু পাণ্ডুলিপিটো প্ৰকাশন গোষ্ঠীসমূহলৈ পঠিয়াবলৈ মেয়াৰক হেঁচা দিয়ে।২০ মেয়াৰে পঠোৱা ১৫খন চিঠিৰ ৫ খনৰ কোনো উত্তৰ নাহিল,৯ খনে তেওঁক অগ্ৰাহ্য কৰিলে যদিও শেষৰখনে ৰাইটাৰ্চ হাউছৰ জ'ড ৰিমাৰৰ পৰা সন্মতি আনিলে।২১ সম্পাদনা কৰোঁতে বিংশতিতম অধ্যায়ৰ লগতে আৰু কিছুমান ঘটনা আঁতৰাই দিয়া হয়।২২
বেটুপাত
মেয়াৰৰ মতে কিতাপখনৰ বেটুপাতত থকা আপেলটো প্ৰকৃততে বুক অৱ জেনেছিছত উল্লিখিত নিষিদ্ধ ফল। বেলা আৰু এডৱাৰ্ডৰ নিষিদ্ধ প্ৰেমক চিহ্নিত কৰা এই ফলটো প্ৰকৃততে জেনেছিছৰ ২:১৭ উক্তিত-যিটো উক্তি কিতাপখনৰ আৰম্ভণিতে উদ্ধৃত কৰা হৈছে- উল্লিখিত ভাল বেয়াৰ জ্ঞান সম্বলিত জ্ঞানবৃক্ষৰ ফলৰ সৈতে একে। ই ভাল আৰু বেয়া সম্বন্ধে বেলাৰ জ্ঞান তথা 'নিষিদ্ধ ফল' এডৱাৰ্ডক গ্ৰহণ কৰিবলৈ বেলাৰ সিদ্ধান্তক প্ৰতিনিধিত্ব কৰে।২৩ মেয়াৰেও কৈছে -"ই দৰাচলতে প্ৰশ্ন কৰে যে তুমি তাক কামুৰি তাৰ ভয়াবহ সম্ভাৱনাবোৰ উপভোগ কৰিবা নে কামুৰিবলৈ অস্বীকাৰ কৰি তোমাৰ চিনাকি পৃথিৱীখনতে সুখী থাকিবা"।২৪ বেটুপাতৰ আন এক সংস্কৰণত চলচ্চিত্ৰত বেলা আৰু এডৱাৰ্ডৰ চৰিত্ৰ ৰূপায়ণ কৰা ক্ৰিষ্টেন ষ্টিৱাৰ্ট আৰু ৰবাৰ্ট পেটিনছনৰ আলোকচিত্ৰ দেখা যায়।
বঁটা আৰু সন্মান
- পাব্লিছাৰ্চ ৱিকলীৰ "২০০৫ চনৰ শ্ৰেষ্ঠ শিশু গ্ৰন্থসমূহ"ৰ এখন৫
- স্কুল লাইব্ৰেৰী জাৰ্ণালৰ "২০০৫ চনৰ শ্ৰেষ্ঠ গ্ৰন্থসমূহ"ৰ এখন২৫
প্ৰকাশ
প্ৰথমাৱস্থাত টোৱাইলাইটক ১৪ জন ব্যক্তিয়ে প্ৰত্যাখ্যান কৰে২৬ যদিও ২০০৩ চনত ইয়াৰ প্ৰকাশৰ স্বত্বৰ বাবে অনুষ্ঠিত হোৱা নিলামত ৮ জন প্ৰকাশকে প্ৰতিদ্বন্দ্ব্বিতা কৰে।২১ লিটল ব্ৰাউন এণ্ড কোম্পানীয়ে প্ৰথমতে ৩০০,০০০ ডলাৰৰ প্ৰস্তাৱ ৰাখে যদিও মেয়াৰৰ প্ৰতিনিধিয়ে ১ মিলিয়ন ডলাৰ খোজাত এক সমিলমিললৈ আহি অৱশেষত তিনিখন কিতাপৰ বাবদ ৭৫০,০০০ ত চুক্তি চূড়ান্ত হয়।২৭ ২০০৫ ত ৭৫,০০০খন কিতাপেৰে টোৱাইলাইটে প্ৰকাশৰ মুখ দেখে।২১ প্ৰকাশৰ এমাহৰ ভিতৰতে ই নিউয়ৰ্ক টাইমছ বেষ্ট চেলাৰ তালিকাত পঞ্চম আৰু পিছলৈ প্ৰথম স্থান দখল কৰে। .২৮
২০০৮ ৰ অক্টোবৰ মাহত য়ুএছএ টুডে ৰ "যোৱা পোন্ধৰ বছৰত সৰ্বাধিক বিক্ৰী হোৱা কিতাপৰ তালিকা"ত ষষ্ঠবিংশতিতম স্থান লাভ কৰে।২৯ শেষলৈ ই ২০০৮ চনৰ সৰ্বাধিক বিক্ৰী হোৱা গ্ৰন্থ হিচাপে পৰিগণিত হয়।৩০ আৰু ২০০৯ ত ই দ্বিতীয় সৰ্বাধিক বিক্ৰী হোৱা উপন্যাস হিচাপে চিহ্নিত হয় য'ত প্ৰথম হয় ইয়াৰেই ছিকুৱেল নিউ মুন (উপন্যাস)।৩১
সমালোচকৰ সহাঁৰি
প্ৰথমাৱস্থাত টোৱাইলাইটে মিশ্ৰিত সঁহাৰি লাভ কৰে আৰু পাব্লিছাৰ্চ ৱিকলীয়ে ষ্টিফেনি মেয়াৰক "২০০৫ চনৰ শ্ৰেষ্ঠ নতুন লেখক সকল"ৰ এজন আখ্যা দিয়ে।৩২ দ্য টাইমছ এ "কৈশোৰ কালৰ যৌন অস্থিৰতা আৰু একাকিত্ব"ৰ ওপৰত দৃষ্টিপাত কৰা বাবে ইয়াক প্ৰশংসা কৰে৩৩ আৰু আমাজ’ন ডট কমে ইয়াক "যথেষ্ট ৰোমাণ্টিক আৰু ৰহস্যপূৰ্ণ" আখ্যা দিয়ে।৩৪ স্কুল লাইব্ৰেৰী জাৰ্ণালৰ হিলাছ.জে.মাৰ্টিনৰ মতে "ই বাস্তৱধৰ্মী,পৰিমাৰ্জিত,সংক্ষিপ্ত আৰু সহজতে অনুকৰণীয়,টোৱাইলাইটে পাঠকক বাৰুকৈয়ে মোহাচ্ছন্ন কৰিব"। ৩৫ আকৌ টিনৰীড্ছৰ নোৰা পিয়েলে লিখিছে "টোৱাইলাইট হ'ল ৰোমাঞ্চ আৰু ভৌতিকতাৰ এক অপূৰ্ব মিশ্ৰণ"।৩৬ পাব্লিছাৰ্চ ৱিকলীৰ সমালোচনাত বেলাৰ "বহিৰাগত এডৱাৰ্ডৰ সৈতে মোহান্ধতা", তেওঁলোকৰ বিপদাপন্ন সম্পৰ্ক আৰু "এডৱাৰ্ডৰ নিজৰ লগতে লাগি থকা যুঁজ"ক কৈশোৰাৱস্থাৰ যৌনদ্বিধাৰ এক ৰূপক বুলি অভিহিত কৰা হৈছে।৩৭ বুকলিষ্টে লিখিছে "ইয়াত কিছুমান ভুল নথকা নহয়-আৰু বেছি শক্তিশালী হ'ব পৰা এক পটভূমি,উক্তি সমূহত জোৰ দিবলৈ বিশেষণ আৰু ক্ৰিয়া বিশেষণৰ ওপৰত অধিক গুৰুত্ব আদি- কিন্তু সি যি কি নহঁওক, এই ৰহস্যঘন প্ৰেমকাহিনীয়ে প্ৰাণ ছুই যায়"।৩৮ "দ্য পোষ্ট এণ্ড কুৰিয়াৰ"ৰ জেনিফাৰ হছে কৈছে "টোৱাইলাইট,ষ্টিফেনি মেয়াৰৰ এই শৃংখলাৰ প্ৰথম কিতাপখনিয়ে মোক ইমানেই আকৰ্ষিত কৰিছে যে মই মোৰ কিতাপখন হেৰুওৱাত কাষৰে কিশোৰী এগৰাকীৰ পৰা তাইৰ কিতাপখন পঢ়িবলৈ আনিলো"।৩৯ চুইট১০১.কমৰ ৰবাৰ্টা গোলিয়ে এক ধনাত্মক সঁহাৰি দি কৈছে যে যদিও "উপন্যাসখনৰ প্ৰথম ভাগত কোনো এক্সন নাই",ইয়াৰ লিখনি "মসৃণ" আৰু কাহিনীভাগ "আকৰ্ষণীয়"। কিতাপখনৰ দুই প্ৰধান চৰিত্ৰৰ মাজত অনুভূতিৰ গভীৰতা আৰু "কৈশোৰ প্ৰেমৰ উৎকণ্ঠা" খুব সুন্দৰকৈ বৰ্ণিত হোৱা বুলি তেওঁ ইয়াৰ প্ৰশংসা কৰে।
কিৰকাছে ইয়াক মিশ্ৰিত সঁহাৰি দি কৈছে যে "টোৱাইলাইট সম্পূৰ্ণ নিখুঁত নহয়। ভয়ানক তথা প্ৰেমিক নায়ক ৰূপে এডৱাৰ্ডৰ চৰিত্ৰায়ণ খুবেই বায়ৰণিক আৰু তাৰ প্ৰতি বেলাৰ আকৰ্ষণ যাদুগত হে,চৰিত্ৰগত নহয়। হলেও এই বিপদজনক প্ৰেমিক যুগলৰ প্ৰতিচ্ছবি খুবেই সফল আৰু ৰহস্যঘন ৰোমাঞ্চৰ গুণমুগ্ধসকলে ইয়াক প্ৰত্যাখ্যান কৰিব নোৱাৰিব"।৪০ নিউ য়ৰ্ক টাইমছৰ সমালোচনাত কোৱা হৈছে "টোৱাইলাইটৰ ধাৰণাটি অতি আকৰ্ষণীয়,এৰাব নোৱাৰা-কোনেনো বাৰু এজন সুন্দৰ অচিনাকিৰ সৈতে এক স্বৰ্গীয় প্ৰেমৰ কল্পনা নকৰে? কিন্তু কিতাপখনত মাজে মাজে অত্যধিক উৎসুকতা সম্বলিত আৰু অপেশাদাৰী লিখনি দেখা যায়। অলপ বেছি 'প্ৰদৰ্শন' আৰু অলপ কম 'কথন' হয়তো দৰকাৰী আছিল,বিশেষকৈ এডৱাৰ্ডৰ ধ্বংসাত্মক সৌন্দৰ্য্য আৰু বেলাৰ মোহান্ধতাৰ বিৱৰণ কিছু চুটি হ'লেও হ'লহেতেন"।৪১ যদিও দ্য ডেইলী টেলিগ্ৰাফে পিছলৈ টোৱাইলাইটক "১০০ বুকছ দেট দিফাইনছ দ্য ন'টীজ"ত ৩২তম স্থান দিয়ে,তেওঁলোকে কয় "আচৰিত,যদিও মেয়াৰৰ অনুপযুক্ত লিখনিৰ বাবেহে"।৪২ ৱাছিংটন পোষ্টৰ এক আলোচনাত এলিজাবেথ হেণ্ডে কয় "মেয়াৰৰ লিখনিয়ে কেতিয়াবাহে সাধাৰণ লিখনিৰ পৰিধি অতিক্ৰম কৰে,আৰু পটভূমিৰ অংকনো নিষ্প্ৰাণ"।৪৩
অভিযোজন
চাম্মিট এণ্টাৰটেইনমেণ্টে টোৱাইলাইটৰ চলচ্চিত্ৰ সংস্কৰণ নিৰ্মাণ কৰে। কেথেৰিণ হাৰ্ডৱিকৰ নিৰ্দেশনাত নিৰ্মিত এই ছবিখনত ক্ৰিষ্টেন ষ্টিৱাৰ্ট আৰু ৰবাৰ্ট পেটিনছনে ক্ৰমে ইজাবেলা স্বান আৰু এডৱাৰ্ড কালেনৰ চৰিত্ৰ ৰূপায়ণ কৰে। ইয়াৰ চিত্ৰনাট্য মেলিছা ৰোজেনবাৰ্গৰ। ২১ নৱেম্বৰ,২০০৮ত এই ছবিখন আমেৰিকা যুক্তৰাষ্ট্ৰত৪৪ আৰু ২১ মাৰ্চ,২০০৯ত ডিভিডি হিচাপে৪৫ মুকলি কৰি দিয়া হয়। ২২ এপ্ৰিল,২০০৯ ত অষ্ট্ৰেলিয়াত এই ডিভিডিখনে মুক্তি লাভ কৰে।৪৬
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Gregory Kirschling. (2007-08-02). Stephenie Meyer's 'Twilight' Zone. Entertainment Weekly
- ↑ Mike Russell. (2008-05-11). 'Twilight' taps teen-vampire romance. Los Angeles Times
- ↑ Her Literary Career - Stephenie Meyer. Time.com
- ↑ (2007-06-17). Children's Books - New York Times. New York Times
- ↑ Jennifer M. Brown and Diane Roback. (2005-11-03). Best Children's Books of 2005. Publishers Weekly
- ↑ (2009-01-14). The top 100 titles of 2008. USA Today
- ↑ (January 6, 2010). Best-Selling Books: The top 100 of 2009. USA Today
- ↑ Kenneth Turan. (2002-11-21). Movie Review: 'Twilight'. LA Times
- ↑ (2008-11-21). Twilight (2008). Box Office Mojo
- ↑ (2009-03-22). Twilight - DVD Sales. The Numbers
- ↑ Meyer, Stephenie. (2005). Twilight. Little, Brown and Company
- ↑ Meyer, Stephenie. (2011). The Twilight Saga: The Official Illustrated Guide. Little, Brown and Company
- ↑ Meyer, Stephenie. (2011). The Twilight Saga: The Official Illustrated Guide. Little, Brown and Company
- ↑ Walker, Michael R. (Winter 2007). A Teenage Tale With Bite. Brigham Young University Magazine
- ↑ The Story Behind Twilight. StephenieMeyer.com
- ↑ Meyer, Stephenie. (2011). The Twilight Saga: The Official Illustrated Guide. Little, Brown and Company
- ↑ Lev Grossman. (2008-04-24). Stephenie Meyer: A New J.K. Rowling?. Time
- ↑ (August 2006). BookStories Interview with Stephenie Meyer. BookStories. Changing Hands Bookstore
- ↑ Meyer, Stephenie. (2011). The Twilight Saga: The Official Illustrated Guide. Little, Brown and Company
- ↑ Damian Whitworth. (2008-05-13). Harry who? Meet the new J.K. Rowling. The Times
- ↑ (2008-12-05). Stephenie Meyer By the Numbers. Publishers Weekly
- ↑ Twilight Series - Twilight - Outtakes. StephenieMeyer.com
- ↑ What's with the apple?. StephenieMeyer.com
- ↑ Meyer, Stephenie. (2011). The Twilight Saga: The Official Illustrated Guide. Little, Brown and Company
- ↑ Trevelyn Jones. (2005-12-01). Best Books 2005. School Library Journal
- ↑ Rebecca Murray. Interview with 'Twilight' Author Stephenie Meyer. About.com
- ↑ Cecelia Goodnow. (2005-10-08). Debut writer shines with 'Twilight'. Seattle Post-Intelligencer
- ↑ Stephenie Meyer. Waterstone's
- ↑ (2008-10-30). USA Today's best-selling books of last 15 years. USA Today
- ↑ Mary Cadden. (2009-01-15). New star authors made, old ones rediscovered in 2008. USA Today
- ↑ (January 6, 2010). Best-Selling Books: The top 100 of 2009. USA TODAY
- ↑ Official Bio. StephenieMeyer.com
- ↑ Amanda Craig. (2006-01-14). New-Age vampires stake their claim. The Times
- ↑ Editorial Reviews. Amazon.com
- ↑ Hillias J. Martin. (2005-10-01). Grades 5 and Up Reviews: October, 2005. School Library Journal
- ↑ Norah Piehl. Review: Twilight. Teenreads.com
- ↑ Stephenie Meyer's official website — Twilight reviews
- ↑ Booklist Review at Amazon.com. Amazon.com
- ↑ Jennifer Hawes. (2009-07-13). Living a real-life romance. The Post and Courier
- ↑ Kirkus Review at B&N.com. B&N.com
- ↑ Elizabeth Spires. (2006-02-12). 'Enthusiasm,' by Polly Shulman and 'Twilight,' by Stephenie Meyer. nytimes.com. New York Times
- ↑ Brian MacArthur. (2009-11-13). 100 books that defined the noughties. telegraph.co.uk. Telegraph Media Group
- ↑ Hand, Elizabeth. (2008-08-10). Love Bites. The Washington Post
- ↑ Stephenie Meyer's official website — Twilight news archive
- ↑ (2009-03-22). Summit Home Entertainment's Saturday Release of Twilight Unleashes With Over 3 Million Units Sold. Summit Entertainment
- ↑ Gillian Cumming. (2009-04-19). Stephanie Meyer reflects on bright Twilight as DVD looms. The Courier Mail
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টোৱাইলাইট (উপন্যাস)” প্ৰবন্ধৰ সংশোধন ৬৩১৯৮০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।