অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

পপীয়া তৰাৰ সাধু

পপীয়া তৰাৰ সাধু ঔপন্যাসিক ৰীতা চৌধুৰীৰ এক অনৱদ্য সৃষ্টি। সাংবাদিকতাৰ সপোনেৰে গুৱাহাটীলৈ বুলি জাৰ্নালিজম পঢ়িবলৈ অহা জেউতী নামৰ এজনী সহজ-সৰল গাঁৱলীয়া ছোৱালী কেনেদৰে বাতৰি-কাকতৰ সম্পাদক এজনৰ কামনাৰ বলি হ'ব লগা হৈছিল তাৰ সুন্দৰ বৰ্ণনা আছে। উপন্যাসখনি বাস্তৱধৰ্মী আৰু বৰ্তমান সময়ৰ সৈতে খাপখোৱা।

হালনাগাদ: ২ মাৰ্চ ২০২৪ ২০৮ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

পপীয়া তৰাৰ সাধু ঔপন্যাসিক ৰীতা চৌধুৰীৰ এক অনৱদ্য সৃষ্টি।১ সাংবাদিকতাৰ সপোনেৰে গুৱাহাটীলৈ বুলি জাৰ্নালিজম পঢ়িবলৈ অহা জেউতী নামৰ এজনী সহজ-সৰল গাঁৱলীয়া ছোৱালী কেনেদৰে বাতৰি-কাকতৰ সম্পাদক এজনৰ কামনাৰ বলি হ'ব লগা হৈছিল তাৰ সুন্দৰ বৰ্ণনা আছে। উপন্যাসখনি বাস্তৱধৰ্মী আৰু বৰ্তমান সময়ৰ সৈতে খাপখোৱা। পুৰ্বৰংগ নামৰ এটি নাট্যগোষ্টীয়ে ইয়াৰ এটা নাট্যৰূপ প্ৰকাশ কৰি প্ৰদৰ্শন কৰিছিল।২

কাহিনী

জেউতি এজনী সপোন দেখি ভাল পোৱা যুৱতী৷ তাই এগৰাকী সাহিত্যিক তথা প্ৰখ্যাত সাংবাদিক হোৱাৰ সপোন দেখিছিল৷ সেয়ে নিজৰ সৰু ঠাইখনৰ পৰা ওলাই যাব বিচাৰিছিল৷ তাইৰ লিখাৰ আদৰ্শ আছিল অপৰ্ণা নামৰ এগৰাকী লেখিকা৷ সেই অপৰ্ণাক আগত ৰাখি জেউতিয়ে কবিতা, গল্প-প্ৰবন্ধ আদি লিখিছিল৷ তাইৰ আন এক আদৰ্শ আছিল প্ৰখ্যাত সাংবাদিক লেখক সুবিমল ফুকন। এদিন কলেজৰ অনুষ্ঠানত তাই সুবিমল ফুকনক লগ পাইছিল৷ ফুকনে তাইক মহানগৰীলৈ নিমন্ত্ৰণ কৰি গৈছিল। কলেজীয়া পঢ়া সামৰি, ঘৰৰ আৰু অপৰ্ণাৰ বাধা নেওচি তাই সাংবাদিকতাত স্নাতকোত্তৰ কৰিবৰ বাবে ঘৰৰ পৰা গুৱাহাটীলৈ গুচি আহিছিল৷৩

গুৱাহাটীলৈ আহি তাই সুবিমল ফুকনক লগ পাইছিল৷ সুবিমল ফুকনৰ সম্পাদনাত প্ৰকাশ পোৱা এখন কাকতত তাই নিয়মীয়াকৈ লেখিবলৈ সুবিধা পাইছিল৷ একেদৰে আন কাকত আলোচনীতো লিখিবলৈ আৰম্ভ কৰিছিল৷ এনেদৰেই লাহে লাহে তাই বিখ্যাত হোৱাৰ পথত আগবাঢ়িছিল৷ তাইৰ সপোন বাস্তৱত পৰিণত হৈছিল যদিও তাই বহুতো হেৰুৱাব লগীয়াও হৈছিল৷ সুবিমল ফুকনে তাইক প্ৰতাৰণা কৰিছিল। শেষত তাই এটা ৰাজনৈতিক দলৰ লাভালাভৰ বাবে প্ৰাণ দিবলগীয়া হৈছিল৷৩

লগতে চাওক

  1. দেও লাংখুই (২০০৫)
  2. মাকাম (২০১০)
  3. মায়াবৃত্ত

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (03 January 2013). A tale of illusions and experiences - Mayabritta may be Chowdhury's last novel. The Telegraph
  2. ↑ (26 May 2013). Popiya Torar Sadhu to be staged on June 4, 5. The Assam Tribune
  3. ↑ সুস্মিতা বৰা. (15 July 2012). গ্ৰন্থ আলোচনা: পপীয়া তৰাৰ সাধু. সাহিত্য ডট অৰ্গ

সম্পৰ্কিত শ্ৰেণী

অসমীয়া উপন্যাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পপীয়া তৰাৰ সাধু” প্ৰবন্ধৰ সংশোধন ৪০৯১২৫ (২ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।