অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ঠাকুৰমাৰ ঝুলী

ঠাকুৰমাৰ ঝুলী (ইংৰাজী: Thakurmar Jhuli; অৰ্থ: আইতাৰ টোপোলা [সাধুকথাৰ]) বাংলা লোককথা আৰু সাধুকথাৰ সংকলন। লেখক দক্ষিণৰঞ্জন মিত্ৰ মজুমদাৰে বাংলা ভাষাৰ কিছুমান লোককথা সংগ্ৰহ কৰি "ঠাকুৰমাৰ ঝুলী" নামেৰে ১৯০৭ চনত কিতাপ হিচাপে প্ৰকাশ কৰে। নোবেল বঁটা বিজয়ী ৰবীন্দ্ৰনাথ ঠাকুৰে এই সংকলনখনৰ প্ৰস্তাৱনা লিখিছিল।

হালনাগাদ: ১৩ মাৰ্চ ২০২৫ ১৯৪ শব্দ · ১ মিনিট সংগৃহীত ৫৯
সংশোধনৰ পৰামৰ্শ

ঠাকুৰমাৰ ঝুলী (ইংৰাজী: Thakurmar Jhuli; অৰ্থ: আইতাৰ টোপোলা [সাধুকথাৰ]) বাংলা লোককথা আৰু সাধুকথাৰ সংকলন। লেখক দক্ষিণৰঞ্জন মিত্ৰ মজুমদাৰে বাংলা ভাষাৰ কিছুমান লোককথা সংগ্ৰহ কৰি "ঠাকুৰমাৰ ঝুলী" নামেৰে ১৯০৭ চনত কিতাপ হিচাপে প্ৰকাশ কৰে। নোবেল বঁটা বিজয়ী ৰবীন্দ্ৰনাথ ঠাকুৰে এই সংকলনখনৰ প্ৰস্তাৱনা লিখিছিল। তেতিয়াৰ পৰাই ই বাংলা শিশু সাহিত্যৰ আদৰ্শ স্বৰূপ হৈ পৰিছে আৰু বছৰ বছৰ ধৰি পশ্চিম বংগ আৰু বাংলাদেশৰ ঘৰুৱা নাম হৈ পৰিছে।

"লালকমল-নীলকমল", "বুদ্ধ-ভুতুম" আৰু "ব্যাঙ্গমা-ব্যাঙ্গমী" আদি কিছুমান চৰিত্ৰ আৰু কাহিনীয়ে কিতাপখনক কিংবদন্তি মৰ্যাদা প্ৰদান কৰিছে। এই গ্ৰন্থখনৰ প্ৰকাশৰ পিছৰে পৰা বাংলাদেশ আৰু পশ্চিম বংগত ইয়াৰ শ শ সংস্কৰণ প্ৰকাশ পাইছে।

চলচ্চিত্ৰ আৰু দূৰদৰ্শন

ঠাকুৰমাৰ ঝুলিৰ অনুপ্ৰেৰণাৰে কেইবাখনো চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ অনুষ্ঠান নিৰ্মাণ তথা প্ৰচাৰিত হৈছে৷ ১৯৭৮ চনত চিত্ৰসাথীৰ পৰিচালনাত ভাৰতীয় বাংলা ভাষাৰ চলচ্চিত্ৰ সাত ভাই চম্পা, ১৯৭৯ চনত বৰুণ কবাসীৰ পৰিচালনাত ভাৰতীয় ফেণ্টাচি ছবি অৰুণ বৰুণ ও কিৰণমালা, ২০০০ চনত জি বাংলাত প্ৰচাৰিত ভাৰতীয় এনিমেটেড দূৰদৰ্শন ধাৰাবাহিক ঠাকুমাৰৰ ঝুলী, ২০১৪ চনৰ পৰা ২০১৬ চনলৈকে ষ্টাৰ জলছা চেনেলত প্ৰচাৰিত কিৰণমালা নামৰ ভাৰতীয় ফেণ্টাচি দূৰদৰ্শন ধাৰাবাহিক,১ ২০১৭ চনত নীতিশ ৰয়ৰ পৰিচালনাত ভাৰতীয় কাল্পনীক নাটকীয় ছবি বুদ্ধ ভুতুম,২ ২০১৭ চনৰ পৰা ২০১৯ চনলৈকে জি বাংলাত প্ৰচাৰিত ভাৰতীয় বাংলা ভাষাৰ ফেণ্টাচি দূৰদৰ্শন ধাৰাবাহিক সাত ভাই চম্পা, ২০১৯ চনত ষ্টাৰ জলছাত প্ৰচাৰিত ভাৰতীয় দূৰদৰ্শন ধাৰাবাহিক ঠাকুৰমাৰ ঝুলী৩ আদি উল্লেখযোগ্য৷

তথ্যসূত্ৰ

  1. ↑ (8 February 2015). Fantasy classic reinvented for TV audiences. Business Standard. PTI
  2. ↑ Mukherjee, Srijoy. (Sep 21, 2019). Buddhu Bhutum Movie Review. The Times of India
  3. ↑ Thakumar Jhuli. Disney+ Hotstar

সম্পৰ্কিত শ্ৰেণী

কিংবদন্তিসংকলনলোককথাসাধুকথা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঠাকুৰমাৰ ঝুলী” প্ৰবন্ধৰ সংশোধন ৪৯১৩০০ (১৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।