ভাষা আৰু সাহিত্য
গ্ৰন্থ, কবিতা, উপন্যাস, ভাষা আৰু লিপি · ১,৫৩৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ক্ৰা-ডাই ভাষা
ক্ৰা ডাই ভাষা বা টাই কাডাই ( দায়িক আৰু কাডাই) হল এক প্ৰকাৰৰ ভাষা সমূহ যাক চীন,ম্যানমাৰ, থাইলেণ্ড,লাওছ আৰু উত্তৰপূব ভাৰতত পোৱা যায়। চীনত ইয়াক চীনা-তিব্বতীয় ভাষাৰ শাখা মঙ-মিয়াও ভাষাৰ অন্তগত বুলি ধৰা হয়। ইয়াৰে থাই ভাষা আৰু লাও ভাষা ক্ৰমে থাইলেণ্ড আৰু লাওছ দেশৰ ৰাষ্ট্ৰভাষা।
-
গদ্য
গদ্য হৈছে বাক্যৰ স্বাভাৱিক প্ৰবাহ বা ছন্দ, সাধাৰণ ব্যাকৰণগত গঠন, বা লিখাৰ ক্ষেত্ৰত সাধাৰণ নিয়ম আৰু বিন্যাস অনুসৰণ কৰা ভাষা। এইদৰে গদ্য অনানুষ্ঠানিক কথনৰ পৰা আৰম্ভ কৰি আনুষ্ঠানিক শৈক্ষিক লেখালৈকে বিস্তৃত। গদ্য কবিতাৰ পৰা বিশেষভাৱে পৃথক, যিয়ে কোনো ধৰণৰ ইচ্ছাকৃত, কল্পিত, কলাত্মক গাঁথনি অনুসৰণ কৰে।
-
চম্বয়ালী
চম্বয়ালী (টাকৰী লিপিত: 𑚏𑚢𑚶𑚠𑚣𑚭𑚥𑚯) এটি পাহাড়ী ভাৰতীয়-আৰ্য ভাষা যি উত্তৰ ভাৰতৰ হিমাচল প্ৰদেশৰ চম্বা জিলাত ঘাইকৈ ব্যৱহাৰ কৰা হয়।
-
চান্দমামা
চান্দমামা (Chandamama) হৈছে এখন ভাৰতীয় মাহেকীয়া শিশু আলোচনী যি ইয়াত সন্নিৱিষ্ট চিত্ৰসমূহৰ কাৰণে জনাজাত। আলোচনীখনে দীৰ্ঘদিন ধৰি প্ৰচলিত কিংবদন্তি তথা যাদুকৰী কাহিনীও প্ৰকাশ কৰিছে। তেলুগু চলচ্চিত্ৰ নিৰ্মাতা বি নাগী ৰেড্ডী আৰু লেখক এ.
-
চি (প্ৰগ্ৰামিং লেংগুৱেজ)
চি (C) হ’ল বেল লেবৰটেৰিজত ১৯৬৯ ৰ পৰা ১৯৭৩ চনৰ কালছোৱাত ডেনিচ ৰিট্চী ৰ দ্বাৰা বিকাশিত এটা কম্পিউটাৰ প্ৰগ্ৰামিং লেংগুৱেজ। ই এজন প্ৰগ্ৰেমাৰক কম্পিউটাৰ আৰ্কিটেক্সাৰৰ হাই লেভেল লেংগুৱেজৰ পৰা ল' লেভেল লেংগুৱেজলৈকে এক বিস্তৃত পৰিসৰ প্ৰদান কৰে।
-
ছহীহ আল বুখাৰী
ছহীহ আল বুখাৰী صحيح البخاري, ( ইংৰাজী: Sahih Al Bukhari ) হৈছে ছুন্নী ইছলামৰ ছয় কিতাপৰ প্ৰথম হাদীছ সংকলন। ইছলামিক পণ্ডিত আল-বুখাৰীয়ে মুছান্নাফ ফৰ্মেটত সংকলন কৰা এই গ্ৰন্থখনক ছহীহ মুছলিমৰ সমান্তৰালভাৱে মুছলমানসকলে কোৰআনৰ পিছত আটাইতকৈ প্ৰামাণিক বুলি মূল্য দিয়ে।
-
টিংকল
টিংকল (ইংৰাজী: Tinkle) ভাৰতত প্ৰকাশিত এখন মাহেকীয়া শিশু আলোচনী। আলোচনীখনৰ প্ৰকৃত স্বত্বাধিকাৰী আছিল ইণ্ডিয়া বুক হাউচ। ২০০৭ চনত ইয়াৰ স্বত্ব ACK Media ৰ হাতলৈ যায়। আলোচনীখন কমিক, সাধু, সাঁথৰ, কুইজ আৰু বিদ্যালয়ত পঢ়া শিশুসকলৰ উপযোগীকৈ প্ৰস্তুত কৰা আন আন উপাদানৰ সমাহাৰ।
-
দ্য গড অৱ স্মল থিংছ
দ্য গড অৱ স্মল থিংছ (১৯৯৭) হ’ল ভাৰতীয় লেখিকা অৰুন্ধতী ৰায়ৰ প্ৰথম উপন্যাস। "কাক, কেনেকৈ আৰু কিমান পৰিমাণে ভালপাব লাগে" তাৰ হিচাপ বান্ধি দিয়া "ভালপোৱাৰ নিয়ম"বোৰৰ মেৰপেছত পৰি হতদিশ হোৱা এহাল যমজ শিশুৰ বাল্যকালৰ কাহিনী ইয়াত বৰ্ণিত হৈছে।
-
পদ্মাৱত
পদ্মাৱত ১৫৪০ চনত চুফী কবি মালিক মহম্মদ জায়চীয়ে ৰচনা কৰা এটা মহাকাব্যিক কবিতা। তেখেতে কবিতাটো হিন্দুস্তানী ভাষা অৱধী আৰু তাৰ পূৰ্বে পাৰ্ছী নাষ্টালিক লিপিত ৰচনা কৰিছিল। অৱধীত ৰচিত বৰ্তমানেও প্ৰাপ্য গুৰুত্বপূৰ্ণ ৰচনাসমূহৰ ভিতৰত ই আটাইতকৈ পুৰণি।
-
প্ৰাকৃত ভাষা
প্ৰাকৃত ভাষা (Prakrit language) খ্ৰীষ্টপূৰ্ব প্ৰায় ৫ম শতিকাৰ পৰা দ্বাদশ শতিকালৈকে ভাৰতীয় উপমহাদেশত ব্যৱহৃত স্থানীয় ধ্ৰুপদী মধ্য ভাৰত-আৰ্য ভাষাৰ এটা গোট।প্ৰাকৃত শব্দটো সাধাৰণতে পালিৰ বাহিৰে মধ্য ইন্দো-আৰ্য ভাষাৰ মাজৰ সময়ছোৱাত প্ৰয়োগ কৰা হয়।
-
ফিলোছ'ফিয়া নেচাৰেলিচ প্ৰিন্সিপিয়া মেথেমেটিকা
ফিলোছ'ফিয়া নেচাৰেলিচ প্ৰিন্সিপিয়া মেথেমেটিকা (লেটিন: Philosophiæ Naturalis Principia Mathematica, ইংৰাজী: Mathematical Principles of Natural Philosophy) চমুকৈ, “প্ৰিন্সিপিয়া” হ'ল ১৬৮৭ চনৰ ৫ জুলাইত প্ৰকাশিত ইংৰাজী গণিতজ্ঞ তথা বিজ্ঞানী ছাৰ আইজাক নিউটনৰ এখন বিখ্যাত গ্ৰন্থ।
-
ফেলুদা
প্ৰদোষচন্দ্ৰ মিত্ৰ ওৰফে ফেলুদা সত্যজিৎ ৰায়ৰ সৃষ্ট বঙালী সাহিত্যৰ এটি জনপ্ৰিয় কাল্পনিক ৰহস্যসন্ধানী চৰিত্ৰ। ১৯৬৫ চনৰ ডিচেম্বৰ মাহৰ সন্দেশ আলোচনীত ফেলুদা চিৰিজৰ প্ৰথম গল্প"ফেলুদাৰ গোয়েন্দাগিৰি" প্ৰকাশিত হয়।
-
বঙালী ভাষা আন্দোলন (বৰাক উপত্যকা)
বঙালী ভাষা আন্দোলন (বৰাক উপত্যকা) (Bengali Language Movement (Barak Valley)) অসমীয়া ভাষাৰ সৈতে বঙালী ভাষাকো অসমৰ অন্যতম চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ দাবীত বৰাক উপত্যকাত সংঘটিত হোৱা এটি গণ আন্দোলন।
-
বজ্জিকা ভাষা
বজ্জিকা এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা প্ৰকাৰ যি পূৰ্বী ভাৰত আৰু নেপালৰ কোনো কোনো অংশত ব্যৱহাৰ কৰা হয়। এই ভাষা মৈথিলীৰ সৈতে ওচৰেৰে সম্বন্ধিত আৰু ইয়াক অনেকে মৈথিলীৰ উপভাষাও জ্ঞান কৰে।
-
ভোজ
ভোজ মৃত্যুৰ আগলৈকে, ১০১০ চনৰ পৰা ১০৫৫ চনলৈ মালৱা পৰমৰা ৰজা আছিল। তেওঁ ধৰা (বৰ্তমান ধৰ)ৰ পৰা শাসন কৰিছিল, আৰু নিজৰ ৰাজ্য বৃদ্ধিৰ প্ৰয়াসত প্ৰায় সকলো ওচৰ-চুবুৰীয়াৰ সৈতে যুদ্ধ কৰিছিল, বিভিন্ন মাত্ৰাত সফলতা লাভ কৰিছিল।
-
মণ্ডিয়ালী
মণ্ডিয়ালী (টাকৰী লিপিত: 𑚢𑚘𑚶𑚖𑚮𑚣𑚭𑚥𑚯) উত্তৰ ভাৰতৰ হিমাচল প্ৰদেশত ঘাইকৈ কথিত এটি পাহাড়ী ভাৰতীয়-আৰ্য ভাষা। হিমাচল প্ৰদেশৰ মণ্ডী জিলাত এই ভাষাৰ প্ৰচলন অধিক। ইউনেস্ক'ৰ মতে এই ভাষা অতিকৈ লুপ্তপ্ৰায় ভাষাসমূহৰ অন্যতম। ১৯৬১ চনৰ পৰা ২০০১ চনলৈ এই ভাষা ভাষী লোকৰ সংখ্যতা ২১ শতাংশ হ্ৰাস পাইছে।
-
মনোমতী
মনোমতী উপন্যাসখন ৰজনীকান্ত বৰদলৈয়ে বৰপেটাত চাকৰি কৰি থাকোঁতে ১৮৯৭ চনৰ এপ্ৰিল মাহৰ আগতে লিখি শেষ কৰে আৰু ১৯০০ চনৰ ফেব্ৰুৱাৰী মাহত ইয়াক ছপাই উলিয়ায়। এয়া এখন সাৰ্থক বুৰঞ্জীমূলক উপন্যাস। মানৰ তৃতীয়বাৰ অসম আক্ৰমণৰ ঘটনাই ইয়াৰ মূল উপজীৱ্য। উপন্যাসখন দুটা ভাগত বিভক্ত।
-
মৌখিক সাহিত্য
মৌখিক সাহিত্য বা লোক-সাহিত্য, প্ৰবাদ বা লোক-উক্তি লিখাৰ পৰিৱৰ্তে কথিত বা মুখে মুখে প্ৰচলিত সাহিত্যৰ এটা ধাৰা, যদিও বহু মৌখিক সাহিত্য লিপিবদ্ধ কৰা হৈছে। ইয়াৰ কোনো মানক সংজ্ঞা নাই, কিয়নো নৃতত্ত্ববিদসকলে মৌখিক সাহিত্য বা লোক-সাহিত্যৰ বাবে বিভিন্ন সময়ত বিভিন্ন বৰ্ণনা ব্যৱহাৰ কৰিছে।
-
সমাৰ্থক শব্দ
সমাৰ্থক শব্দ (Synonym) হ'ল কোনো শব্দৰ সলনি বা বিকল্প হিচাপে ব্যৱহাৰ হোৱা বা একে অৰ্থ প্ৰকাশক শব্দ। সমাৰ্থক শব্দক প্ৰতিশব্দ বুলিও কোৱা হয়। একেটা শব্দৰে কেইবাটাও প্ৰতিশব্দ থাকিব পাৰে। সমাৰ্থক শব্দ বা প্ৰতিশব্দই ভাষাৰ শব্দ ভাণ্ডাৰৰ প্ৰকাশিকা শক্তি বৃদ্ধি কৰাত সহায় কৰে।
-
সাহিত্য সমালোচনা
সাহিত্য সমালোচনা বা সাহিত্য অধ্যয়ন (Literary criticism) হৈছে সাহিত্যৰ অধ্যয়ন, মূল্যায়ন আৰু ব্যাখ্যা। আধুনিক সাহিত্য সমালোচনাত প্ৰায়ে সাহিত্য তত্ত্বৰ প্ৰভাৱ পৰে, যি হৈছে সাহিত্যৰ লক্ষ্য আৰু পদ্ধতিৰ দাৰ্শনিক আলোচনা।
-
সোৰথ ৰায় দিয়াচ
সোৰথ ৰায় দিয়াচ (Sorath Rai Diyach) সিন্ধী আৰু গুজৰাটী লোককথাৰ ৰোমান্টিক লোককথা। শ্বাহ জো ৰিছালোতো এই কাহিনীটো প্ৰকাশ পাইছে আৰু সিন্ধৰ পৰা অহা সাতটা জনপ্ৰিয় ট্ৰেজিক ৰোমাঞ্চৰ অংশ।
-
হাইকু
হাইকু (俳句 haikai verse?) এবিধ অতি চুটি কবিতা। জাপানত এই কবিতাৰ প্ৰথমে প্ৰচলন হৈছিল। হাইকু কবিতাৰ তিনিটা প্ৰধান বৈশিষ্ট্য হৈছে: * হাইকুৰ এটা বৈশিষ্ট্য হৈছে, 'কিৰু' (আক্ষৰিক অৰ্থঃ কটা) (kiru)। দুটা ভিন্ন চিত্ৰকল্প বা ধাৰণাৰ মিশ্ৰণ, যাক সাঙোৰা হয় এটা শব্দৰ দ্বাৰা। এই শব্দক 'কিৰেজি' (kireji) বোলা হয়।
-
ৰামানুজন আৰু তেওঁৰ গণিত (গ্ৰন্থ)
ৰামানুজন আৰু তেওঁৰ গণিত (Ramanujan Aaru teur Gonit) হৈছে ভাৰতীয় তথা অসমীয়া গণিতজ্ঞ, গণিত অধ্যাপক, লেখক নয়নদীপ ডেকা বৰুৱাৰ প্ৰথমখন প্ৰকাশিত গ্ৰন্থ। সঞ্জীৱন প্ৰকাশনৰ পৰা ২০২১ চনৰ জানুৱাৰী মাহত প্ৰথম প্ৰকাশিত গ্ৰন্থখনত গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ জীৱনকাহিনী আৰু তেওঁৰ গাণিতিক অৱদানৰ বিষয়ে বৰ্ণনা…
-
বহুভাষাবাদ
বহুভাষাবাদ (multilingualism) হৈছে কোনো ব্যক্তি, গোষ্ঠী বা নিৰ্দিষ্টসংখ্যক লোকে কৰা এটাতকৈ অধিক ভাষাৰ ব্যৱহাৰ। বৰ্তমান পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় অৰ্ধসংখ্যক লোক বহুভাষিক। বহুভাষিকতা সমাজ ভাষাবিজ্ঞানৰ অন্তৰ্গত এটা গুৰুত্বপূৰ্ণ অধ্যয়নৰ বিষয়।
-
অংক নহয় আতংক (গ্ৰন্থ)
অংক নহয় আতংক(Anko Nohoi Aatonko) হৈছে এখন গণিত বিষয়ক প্ৰবন্ধৰ সংকলন। এইখনক অসমীয়া সমাজত ‘গণিত’ৰ প্ৰতি থকা নেতিবাচক ধাৰণাক সলনি কৰিব পৰা কিতাপ বুলিও কোনো কোনো লোকে কয়। কিতাপখন লিখিছে গণিতচ'ৰাৰ প্ৰতিষ্ঠাপক সম্পাদকদ্বয়ৰ এজন পংকজ জ্যোতি মহন্তই।
-
অসমীয়া চলচ্চিত্ৰৰ ছাঁ-পোহৰ
অসমীয়া চলচ্চিত্ৰৰ ছাঁ-পোহৰ (Axomiya Chalachitrar San-Pohar) হৈছে অসমীয়া গল্পকাৰ-সাহিত্যিক আৰু চলচ্চিত্ৰ সমালোচক অপূৰ্ব শৰ্মাৰ দ্বাৰা লিখিত এখন চলচ্চিত্ৰ সমালোচনাৰ গ্ৰন্থ। গ্ৰন্থখন পোনপ্ৰথমবাৰৰ বাবে ২০০১ চনৰ জানুৱাৰী মাহত প্ৰকাশিত হৈছিল।
-
অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ
অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ (Asamiya Vyakaranar Maulik Vicar) হৈছে গোলোকচন্দ্ৰ গোস্বামীৰ দ্বাৰা ৰচিত এখন ব্যাকৰণধৰ্মী গ্ৰন্থ। ১৯৭৫ চনৰ মে' মাহৰ ৪ তাৰিখৰ পৰা লিখিবলৈ আৰম্ভ কৰা এই গ্ৰন্থখন ১৯৮৭ চনত আৰ. চি. ভঁৰালীয়ে (ৰামচৰণ ভঁৰালী) প্ৰকাশ কৰে।
-
আব্দুছ ছাত্তাৰ
আব্দুছ ছাত্তাৰ
-
ইণ্ডিয়ান অপিনিয়ন
ইণ্ডিয়ান অপিনিয়ন (Indian Opinion) হৈছে ভাৰতীয় নেতা মহাত্মা গান্ধীয়ে প্ৰতিষ্ঠা কৰা এখন বাতৰি কাকত। এই প্ৰকাশনটো গান্ধী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত ৰাজনৈতিক আন্দোলনৰ বাবে আৰু বৰ্ণ বৈষম্যৰ সৈতে যুঁজ দিবলৈ আৰু দক্ষিণ আফ্ৰিকাৰ ভাৰতীয় অনুপ্ৰৱেশকাৰী সম্প্ৰদায়ৰ বাবে অসামৰিক অধিকাৰ লাভ কৰিবলৈ…
-
ঈয়াৰুইঙ্গম
ঈয়াৰুইঙ্গম (Yaruingam) অসমীয়া সাহিত্য জগতৰ লেখত ল’বলগীয়া উপন্যাসসমূহৰ মাজত অন্যতম এখন উপন্যাস। ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য এই উপন্যাসৰ ৰচয়িতা। দ্বিতীয় বিশ্বযুদ্ধ আৰু ভাৰতৰ স্বাধীনতা লাভৰ কালছোৱাৰ আগে-পিছে টাংখুল নগা সমাজলৈ অহা বিভিন্ন ঘাট-প্ৰতিঘাটৰ কাহিনী এই উপন্যাসত বৰ্ণিত হৈছে।