ফিজিকেল ৰিভিউ লেটাৰছ (ইংৰাজী ভাষা: Physical Review Letters, চমুকৈ PRL), ১৯৫৮ চনৰ পৰা প্ৰকাশ পাই অহা এখন সমীক্ষিত (ইংৰাজী ভাষা: peer reviewed) পদাৰ্থবিজ্ঞান বিষয়ৰ বৈজ্ঞানিক গৱেষণা পত্ৰিকা। আমেৰিকান ফিজিকেল চছাইটিৰ দ্বাৰা এই পত্ৰিকা এবছৰত সাপ্তাহিক ভাৱে ৫২টা সংখ্যা প্ৰকাশ হয়। Journal Citation Reports impact factor-কে ধৰি বিভিন্ন মানক মাপন অনুসৰি ফিজিকেল ৰিভিউ লেটাৰছ পদাৰ্থবিজ্ঞানৰ গৱেষণাৰ ক্ষেত্ৰত সৰ্বোকৃষ্ট পত্ৰিকাসমূহৰ অগ্ৰণী। ১২৩
PRL ছপা পত্ৰিকা হিচাপে প্ৰকাশ পোৱাৰ উপৰিও ইলেক্ট্ৰনিক ফৰ্মেট, অনলাইন আৰু চি ডি-ৰ'ম হিচাপেও প্ৰকাশিত হয়। পদাৰ্থবিজ্ঞান আৰু ইয়াৰ সমন্বিত অন্যান্য বৈজ্ঞানিক ক্ষেত্ৰসমূহৰ মৌলিক গৱেষণালব্ধ শেহতীয়া তাৎপৰ্যপূৰ্ণ আৰু উল্লেখনীয় ফলাফল তথা ব্যাখ্যাসমূহৰ খৰতকীয়া প্ৰচাৰেই এই পত্ৰিকাখন প্ৰকাশৰ কেন্দ্ৰীয় উদ্দেশ্য। "Letters" শীৰ্ষক চমু প্ৰতিবেদন জৰিয়তে গুৰুত্বপূৰ্ণ বৈজ্ঞানিক তথ্যসমূহ খৰতকীয়াকৈ প্ৰকাশ কৰা হয়। গৱেষণা পত্ৰসমূহ ইলেক্ট্ৰনিক মাধ্যমেৰেও প্ৰকাশিত হয় আৰু এইবোৰ ক্ৰমানুসাৰে সূচীকৰণ কৰা হয়। এইদৰে প্ৰকাশ কৰাৰ ফলত পিছৰ গৱেষণা পত্ৰসমূহে প্ৰাসংগিক পূৰ্ববৰ্তী পত্ৰসমূহ উদ্ধৃত কৰিবৰ বাবে উপলব্ধ হয়। ফিজিকেল ৰিভিউ লেটাৰছ পত্ৰিকাখনৰ বৰ্তমান চাৰিজন সম্পাদক আছে: Jack Sandweiss, George Basbas, Robert Garisto, আৰু Reinhardt B. Schuhmann। ১৪
ক্ষেত্ৰ আৰু ব্যৱস্থাপনীয় প্ৰাৰূপ
ফিজিকেল ৰিভিউ লেটাৰছ এখন আন্তঃৰাষ্ট্ৰীয় মানসম্পন্ন আৰু বহুলভাৱে পঠিত পদাৰ্থবিজ্ঞানৰ গৱেষণা পত্ৰিকা। পদাৰ্থবিজ্ঞানৰ অগ্ৰগতিৰ লগতে অন্যান্য সমন্বিত বৈজ্ঞানিক ক্ষেত্ৰৰ গৱেষণালব্ধ ফলাফল আৰু তথ্য সাপ্তাহিকভাৱে এই পত্ৰিকাখনে প্ৰকাশ কৰে। এই আন্তঃৰাষ্ট্ৰীয় পত্ৰিকাখনত প্ৰকাশিত বিভিন্ন বিষয়বস্তুসমূহেই পত্ৰিকাখনৰ প্ৰতিটো অনুচ্ছেদসমূহৰ শিৰোনাম। অনুচ্ছেদসমূহ নিম্নোক্ত ধৰণে বৰ্ণনা কৰা হয় (সূচীপত্ৰ):১৫৬
- সাধাৰণ পদাৰ্থবিজ্ঞান: পৰিসাংখ্যিক বলবিজ্ঞান আৰু কোৱাণ্টাম বলবিজ্ঞান, কোৱাণ্টাম তথ্য, ইত্যাদি।
- মহাকৰ্ষণ আৰু জ্যোতি-পদাৰ্থবিজ্ঞান
- মৌলিক কণা আৰু কোৱাণ্টাম ক্ষেত্ৰ তত্ত্ব
- নিউক্লীয় পদাৰ্থবিজ্ঞান
- পাৰমাণৱিক, আণৱিক আৰু আলোক পদাৰ্থবিজ্ঞান
- অৰৈখিক গতিবিজ্ঞান, তৰল গতিবিজ্ঞান, ধ্ৰুপদী আলোকবিজ্ঞান, ইত্যাদি।
- প্লাজমা পদাৰ্থবিজ্ঞান আৰু লে'জাৰ
- ঘনীভূত অৱস্থাৰ পদাৰ্থবিজ্ঞান: গঠন, ইত্যাদি।
- ঘনীভূত অৱস্থাৰ পদাৰ্থবিজ্ঞান: অৰ্ধ-পৰিবাহী ইলেক্ট্ৰনীয় ধৰ্ম ইত্যাদি।
- Soft matter, জৈৱিক, আৰু আন্তঃবিষয়ক পদাৰ্থবিজ্ঞান
উল্লেখযোগ্য যে, এই পত্ৰিকাখনত নিৰ্বাচিত নিৱন্ধৰ এটা অনুচ্ছেদ প্ৰকাশিত হয়। এই অনুচ্ছেদত পত্ৰিকাখনৰ সম্পাদকমণ্ডলীৰ দ্বাৰা নিৰ্বাচিত বিশেষ নিৱন্ধ বা গৱেষণা পত্ৰ সন্নিবিষ্ট হয়। এই নিবন্ধ অথবা গৱেষণা পত্ৰসমূহ Viewpoint in Physics -ত সামৰি লোৱা হয়। এই বিশেষ অনুচ্ছেদটোৰ নিৰ্বাচনৰ আন এটা চৰ্ত হৈছে যে, এই নিৱন্ধসমূহ Physical Review Focus-ত বিশেষ নিৱন্ধ হিচাপে ভূমুকি মৰাটো। অৱশ্যে সম্পাদক মণ্ডলীয়ে তাৎপৰ্যপূৰ্ণ বুলি বিবেচনা কৰা অন্যান্য বৈজ্ঞানিক কাৰণৰ জৰিয়তেও নিৰ্বাচিত প্ৰবন্ধ শিতানৰ বাবে গৱেষণা পত্ৰ নিৰ্বাচিত হ'ব পাৰে। ৫৬
চমু ইতিহাস
১৮৯৯ চনৰ ২০ মে' তাৰিখে ৩৬ জন বিশিষ্ট পদাৰ্থবিদ নিউয়ৰ্ক মহানগৰৰ কলম্বিয়া বিশ্ববিদ্যালয়ত সন্মিলিত হৈ আমেৰিকান ফিজিকেল চছাইটি প্ৰতিষ্ঠা কৰিছিল। এই ৩৬ গৰাকী পদাৰ্থবিদে সিদ্ধান্ত কৰিলে যে, আমেৰিকান ফিজিকেল চছাইটি(ইংৰাজী ভাষাত চমুকৈ APS)-ৰ মুখ্য উদ্দেশ্য হ'ব: "to advance and diffuse the knowledge of physics"। আৰম্ভণিৰ সময়ছোৱাত পদাৰ্থবিজ্ঞানৰ প্ৰকাশ আৰু প্ৰচাৰ মূলতঃ ত্ৰিমাসিক বৈজ্ঞানিক সভাতেই সীমাবদ্ধ আছিল। ১৯১৩ চনত APS-এ ১৮৯৩ চনৰে পৰা প্ৰকাস পাই অহা Physical Review কতৃত্ব আৰু দায়িত্ব গ্ৰহণ কৰে। ইয়াৰ লগে লগে বৈজ্ঞানিক পত্ৰিকা প্ৰকাশ কৰাটোও APS-ৰ এটা মুখ্য উদ্দেশ্য হৈ পৰিল। Reviews of Modern Physics ৰ পিছতেই ১৯২৯ চনত Physical Review আৰু ১৯৫৮ চনত Physical Review Letters -ৰ প্ৰকাশৰ সূচনা হয়। ফিজিকেল ৰিভিউ লেটাৰছৰ প্ৰথম সংস্কৰণৰ প্ৰথম সংখ্যাটো ১৯৫৮ চনৰ ১ জুলাইত প্ৰকাশিত হৈছিল। সময় বাগৰাৰ লগে লগে পদাৰ্থবিজ্ঞানৰ ক্ষেত্ৰখনৰ পৰিসীমা ক্ৰমান্বয়ে বৃদ্ধি পাই আহিবলৈ ধৰিলে আৰু ইয়াৰ লগে লগে গৱেষণা পত্ৰৰ সংখ্যাও ক্ৰমাত বৃদ্ধি পাই আহিল। ইয়াৰ ফলশ্ৰুতিতেই, Physical Review -ক পৰৱৰ্তী সময়ত ৫টা বিশেশীকৃত ভাগলৈ বিভক্ত কৰা হ'ল। ফিজিকেল ৰিভিউ লেটাৰছ-ৰ পৰা এই আন ৫খন গৱেষণা পত্ৰিকা পৃথক।৭৮
নিগূঢ়কৰণ, সূচীকৰণ, আৰু প্ৰভাৱী সূচ্যাংক
২০১২ চনৰ তথ্য অনুযায়ী ফিজিকেল ৰিভিউ লেটাৰছ ৰ প্ৰভাৱী সূচ্যাংক (ইংৰাজী ভাষা: impact factor) ৭.৯৪৩। এই সূচ্যাংক নিম্নোক্ত গ্ৰন্থসূচক তথ্যভাণ্ডাৰ (ইংৰাজী ভাষা: bibliographic databases) সমূহত সূচিত হৈছে।:১
- Chemical Abstracts
- Computer & Control Abstracts
- Current Physics Index
- Electrical & Electronics Index
- Energy Research Abstracts
- GeoRef
- INSPEC
- International Aerospace Abstracts
- Mathematical Reviews
- Medline
- Metals Abstracts
- Nuclear Science Abstracts
- Physics Abstracts
- PubSCIENCE
- SPIN
- World Aluminum Abstracts
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ About Physical Review Letters. American Physical Society
- ↑ J. Bollen, M.A. Rodriguez, H. Van de Sompel. (2006). Journal Status. Scientometrics. পৃ. 669–687
- ↑ (2011). New associate editor for Physical Review Letters. Central Laser Facility, Rutherford Appleton Laboratory
- ↑ Physical Review Letters Staff. American Physical Society
- ↑ (1 May 2009). Table of Contents. Physical Review Letters
- ↑ (2 July 2010). Table of Contents. Physical Review Letters
- ↑ Society History. American Physical Society
- ↑ (1 July 1958). Table of Contents. Physical Review Letters
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফিজিকেল ৰিভিউ লেটাৰছ” প্ৰবন্ধৰ সংশোধন ৩৮১৮৯৪ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।