ভাষা আৰু সাহিত্য
গ্ৰন্থ, কবিতা, উপন্যাস, ভাষা আৰু লিপি · ১,৫৩৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
সমীক্ষণ
সমীক্ষণ অসমীয়া ভাষাত প্ৰকাশিত মাহেকীয়া আলোচনী৷ সমাজ-ৰাজনীতি বিষয়ক মুখ্য কৰি এই আলোচনী প্ৰকাশ হৈ আহিছে৷ ৰাজনৈতিক-অৰ্থনৈতিক বিশ্লেষণৰ উপৰি সাম্প্ৰতিক ঘটনাক্ৰম, সাহিত্য-বিজ্ঞান আদি বিষয়ৰ নিবন্ধ প্ৰকাশত আলোচনীখনিয়ে গুৰুত্ব দিয়ে৷ আদিতে যোৰহাটৰ পৰা প্ৰকাশ পোৱা আলোচনীখনি ২০২৫ বৰ্ষৰ ফেব্ৰুৱাৰী…
-
সমোচ্চাৰিত শব্দ
সমোচ্চাৰিত শব্দ মানে একে উচ্চাৰণ কিন্তু বাক্য অনুসৰি ভিন্ন অৰ্থ প্ৰকাশ কৰা শব্দ। ই অসমীয়া ব্যাকৰণৰ এটি গুৰুত্বপূূূূৰ্ণ অংশ। অসমীয়া ভাষাত যিমানখিনি আখৰ ব্যৱহাৰ কৰা হয়, সিমান সংখ্যক ধ্বনি সমোচ্চাৰিত নহয়। একে ধ্বনিৰে উচ্চাৰিত শব্দবোৰক সমোচ্চাৰিত শব্দ বুলি কোৱা হয়।
-
সাঁচিপাতৰ পুথি (উপন্যাস)
সাঁচিপাতৰ পুথি হৈছে ঔপন্যাসিক ত্ৰৈলোক্য ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত এখন বুৰঞ্জীমূলক উপন্যাস। গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হয় ১৯৭৩ চনত। গ্ৰন্থখনৰ ষষ্ঠ সংস্কৰণৰ মুঠ পৃষ্ঠা সংখ্যা-১৫২।
-
সাগৰ দেখিছা (কবিতা সংকলন)
সাগৰ দেখিছা(Sagar Dekhisa) হৈছে দেৱকান্ত বৰুৱাৰ একমাত্ৰ কাব্য গ্ৰন্থ। এই কবিতা সংকলনখন স্বাধীনতাৰ পিছত(১৯৪৮ চনত) প্ৰকাশ হৈছে যদিও, সৰহভাগ কবিতাই দ্বিতীয় বিশ্বযুদ্ধৰ আগতে ৰচনা কৰা হৈছিল। গ্ৰন্থ আকাৰে প্ৰকাশ হোৱাৰ পূৰ্বে ইয়াৰ প্ৰায়বিলাক কবিতা 'আৱাহন'ত প্ৰকাশিত হৈছিল।
-
সাত ভাই চম্পা
সাত ভাই চম্পা বাংলা ভাষাৰ এটা জনপ্ৰিয় সাধুকথা। ১৯০৭ চনত দক্ষিণৰঞ্জন মিত্ৰ মজুমদাৰৰ ঠাকুৰমাৰ ঝুলী নামৰ সাধুকথা পুথিখনত এই গল্পটো আনুষ্ঠানিকভাৱে প্ৰথম প্ৰকাশ পায়। সাহিত্যৰ নোবেল বঁটা বিজয়ী ৰবীন্দ্ৰনাথ ঠাকুৰে এই গ্ৰন্থখনৰ প্ৰস্তাৱনা লিখিছিল।
-
সাত মাতৃৰ পুত্ৰ
সাত মাতৃৰ পুত্ৰ, (ইংৰাজীত দ্য ছন অৱ চেভেন মাদাৰছ বা দ্য ছন অৱ চেভেন কুইনছ) হৈছে এটা ভাৰতীয় লোককথা, যিটো ১৯ শতিকাৰ শেষৰফালে লেখিকা ফ্ল'ৰা এনি ষ্টিলে প্ৰথম প্ৰকাশ কৰিছিল।
-
সাতজন জ্ঞানী গুৰু
সাতজন জ্ঞানী গুৰু (Seven Wise Masters) (সাত ঋষি বা সাত জ্ঞানী বুলিও কোৱা হয়) হৈছে সংস্কৃত, পাৰ্চী বা হিব্ৰু মূলৰ কাহিনীৰ এক চক্ৰ।
-
সান্ধ্য ভাষা
সান্ধ্য ভাষা বা সন্ধ্যাভাষা বা গোপন ভাষা হৈছে সংস্কৃত শব্দ (,, )ৰ অনুবাদ, যাৰ আধুনিক ভাৰতীয় সমতুল্য বাংলা, ওড়িয়া, অসমীয়া, মৈথিলী, হিন্দী, নেপালী, ব্ৰজভাষা আৰু খোড়িবোলী আদিতো আছে।
-
সাপ আৰু খেতিয়ক
সাপ আৰু খেতিয়ক (ইংৰাজী: The Snake and the Farmer; দ্য স্নেক এণ্ড দ্য ফাৰ্মাৰ) হৈছে ঈছপৰ নামত প্ৰচলিত এক নীতিশিক্ষা মূলক কাহিনী বা ফেবুল। ইয়াৰ কেইবাটাও প্ৰাচীন সংস্কৰণ পোৱা যায় আৰু মধ্যযুগৰ ইউৰোপ তথা ভাৰতীয় ইতিহাসতো ইয়াৰ উল্লেখ আছে।
-
সামাজিক উপভাষা
সামাজিক উপভাষা (Social dialect) হৈছে সমাজৰ সৈতে জড়িত ভাষা৷ সমাজ একোখনত নানা জাতি-উপজাতি আৰু ভিন ভিন ধৰ্মীয় সম্প্ৰদায়ৰ লোকে বসবাস কৰে৷ ইয়াৰোপৰি সমাজ এখনত বিভিন্ন শ্ৰেণী আৰু গোষ্ঠীৰ লোকে বসবাস কৰে৷ এই ভিন ভিন তৰহৰ মানুহৰ আচাৰ-নীতিৰ ভিন্নতা আছে৷ তেওঁলোকৰ নৈতিক দৃষ্টিভংগীও ক্ষেত্ৰ বিশেষে সুকীয়া…
-
সাম্প্ৰতিক সাময়িকী (আলোচনী)
সাম্প্ৰতিক সাময়িকী ( Sampratik Samayikee) ১৯৭৬ চনৰ পৰা ১৯৮৬ চনলৈকে এৰাধৰাকৈ প্ৰকাশ হোৱা এখন অসমীয়া আলোচনী৷ এই সময়ছোৱাত আলোচনীখনৰ প্ৰায় পঞ্চাশটামান সংখ্যা প্ৰকাশ হৈছিল৷ সাহিত্য-সংস্কৃতি বিষয়ক তিনিমহীয়া আলোচনীখনৰ প্ৰথম বছৰ প্ৰথম সংখ্যাটো প্ৰকাশ হৈছিল ১৯৭৬ চনৰ এপ্ৰিল মাহত।
-
সাহিত্য অকাডেমি ফেল’শ্বিপ
সাহিত্য অকাডেমি (Sahitya Akademi; ৰাষ্ট্ৰীয় সাহিত্য প্ৰতিষ্ঠান) হ'ল ভাৰতত সাহিত্যৰ প্ৰসাৰ, সংৰক্ষণ আৰু প্ৰবৰ্তনৰ বাবে কাৰ্যনিৰ্বাহ কৰা সৰ্বোচ্চ কেন্দ্ৰীয় প্ৰতিষ্ঠান।
-
সাহিত্য আলোচনা
সাহিত্য আলোচনা এখন অসমীয়া গ্ৰন্থ। গ্ৰন্থখনৰ লেখক ত্ৰৈলোক্য নাথ গোস্বামী সাহিত্যৰ লগত জড়িত বিভিন্ন বিভিন্ন বিষয় সম্পৰ্কে আলোচনা কৰিছে। ৰস, অলংকাৰ, দৰ্শন, ট্ৰেজেডী, অস্তিত্ববাদ ইত্যাদি সম্পৰ্কে গ্ৰন্থখনত ৬টা অধ্যায়ত আলোচনা কৰিছে। গ্ৰন্থখনৰ প্ৰকাশক বাণী প্ৰকাশ,পাণবজাৰ,গুৱাহাটী।
-
সাহিত্য দেশী আৰু বিদেশী
সাহিত্য দেশী আৰু বিদেশী এখন অসমীয়া গ্ৰন্থ৷ গ্ৰন্থখনৰ লেখক ড° প্ৰহ্লাদ কুমাৰ বৰুৱা ৷ গ্ৰন্থখন প্ৰথম সংস্কৰণ প্ৰকাশ পাইছিল ২১ ডিচেম্বৰ ১৯৮৮ চনত৷ দ্বিতীয় সংস্কৰণ প্ৰকাশ পায় ২৮ ফেব্ৰুৱাৰী ১৯৯৬ চনত আৰু তৃতীয় তথা বনলতা সংস্কৰণ প্ৰকাশ পাইছিল ২০০১ চনত৷ গ্ৰন্থখনত অসমীয়া সাহিত্য আৰু ভাৰতীয় সাহিত্যৰ…
-
সাহিত্যত ৰবট
মানৱ সংস্কৃতিত কৃত্ৰিম মানুহ আৰু স্বায়ত্তশাসিত কৃত্ৰিম সেৱকৰ এক দীঘলীয়া ইতিহাস আছে যদিও ৰবট শব্দটো আৰু উন্নত কৃত্ৰিম বুদ্ধিমত্তাৰে সজ্জিত চলন্ত যন্ত্ৰ হিচাপে ইয়াৰ আধুনিক সাহিত্যিক ধাৰণাটো মোটামুটি শেহতীয়া।
-
সাহিত্যিক এজেণ্ট
সাহিত্যিক এজেণ্ট (Literary Agent) হৈছে এনে এজন ব্যক্তি বা এজেণ্ট যিয়ে লেখক আৰু তেওঁলোকৰ লিখিত ৰচনাসমূহক প্ৰকাশক, নাট্য প্ৰযোজক, চলচ্চিত্ৰ প্ৰযোজক, আৰু চলচ্চিত্ৰ ষ্টুডিঅ'ৰ সমুখত প্ৰতিনিধিত্ব কৰে। ইয়াৰ উপৰি বিক্ৰী আৰু চুক্তিৰ আলোচনাত সহায় কৰে।
-
সাহিত্যৰ সমাজতত্ত্ব
সাহিত্যৰ সমাজতত্ত্ব (Sociology of literature) সংস্কৃতিৰ সমাজতত্ত্বৰ এটা উপক্ষেত্ৰ। ইয়াত সাহিত্যৰ সামাজিক দৃষ্টিপাত আৰু ইয়াৰ সামাজিক প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰা হৈছে।
-
সিংহাসন বট্টিছি
সিংহাসন বট্টিছি বা অসমীয়াত বত্ৰিশ পুতলাৰ সাধু ভাৰতীয় লোককথাৰ এক সংকলন। শিৰোনামটোৰ আক্ষৰিক অৰ্থ হৈছে "সিংহাসনৰ বত্ৰিশটা (কাহিনী)।" মূল কাহিনীটোত একাদশ শতিকাৰ ৰজা ভোজে কিংবদন্তি ৰজা বিক্ৰমাদিত্যৰ সিংহাসন আৱিষ্কাৰ কৰে। সিংহাসনত বত্ৰিশটা মূৰ্তি আছে।
-
সুবাৰবন ৰিডিং ক্লাব
সুবাৰবন ৰিডিং ক্লাব (বাংলা: সুবাব়বন ব়ীডিং ক্লাব) ভাৰতৰ পশ্চিম বংগৰ কলকাতাৰ অন্যতম পুৰণি পুথিভঁৰাল। ১৮৮৮ চনত বেলিয়াঘাটা নৰকেলডাংগা অঞ্চলৰ নৰকল্ডাংগা হাইস্কুলৰ এটা সৰু কোঠাত সুবাৰবন ৰিডিং ক্লাব প্ৰতিষ্ঠা কৰা হয়।
-
সুস্থ দেহত সুস্থ মন
সুস্থ দেহত সুস্থ মন (Hustho Dehot Hustho Mon) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ স্বাস্থ্যবিষয়ক এখন প্ৰবন্ধ-সংকলন। গ্ৰন্থখন ২০১৪ চনৰ নৱেম্বৰ মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰথম প্ৰকাশ হয়। তেতিয়াৰ মূল্য আছিল ১১০ টকা।
-
সূৰ্য্যৰ সপ্তম ঘোঁৰা
সূৰ্য্যৰ সপ্তম ঘোঁৰা (The Sun's Seventh Horse; হিন্দী: सूरज का सातवाँ घोड़ा) ১৯৫২ চনত আধুনিক হিন্দী সাহিত্যৰ অন্যতম পথ প্ৰদৰ্শক ধৰ্মবীৰ ভাৰতীৰ এখন হিন্দী মেটা কল্পকাহিনী উপন্যাস। উপন্যাসখনত যমুনা, সতী, লিলি নামৰ তিনিগৰাকী নাৰী সম্পৰ্কে তিনিটা সম্পৰ্কীয় আখ্যান উপস্থাপন কৰা হৈছে।
-
সৃষ্টিশীল অ-কল্পকাহিনী
সৃষ্টিশীল অকল্পকাহিনী (Creative Nonfiction) (সাহিত্যিক অকল্পকাহিনী বা আখ্যানমূলক অকল্পকাহিনী বা সাহিত্যিক সাংবাদিকতা বা verfabula বুলিও কোৱা হয়) হৈছে সাহিত্যিক শৈলী আৰু কৌশল ব্যৱহাৰ কৰি বাস্তৱিকভাৱে সঠিক আখ্যান সৃষ্টি কৰা লেখাৰ ধাৰা।
-
সেই সময় (গ্ৰন্থ)
সেই সময় (Sei Somoy) হ'ল এখন বাংলা ঐতিহাসিক উপন্যাস যাৰ বিষয়-বস্তু ঊনবিংশ শতিকাৰ ব্ৰিটিছ শাসনৰ সময়ৰ সমৃদ্ধিশালী কলকাতা চহৰৰ সমাজ আৰু জনসাধাৰণ। বিখ্যাত ভাৰতীয় বাঙালী সাহিত্যিক সুনীল গংগোপাধ্যায় এই উপন্যাসখনৰ স্ৰষ্টা। ঊনবিংশ শতিকাৰ বংগৰ নৱ-জাগৰণ উপন্যাসখনৰ অন্যতম মূল বিষয়-বস্তু।
-
সেউতী (আলোচনী)
সেউতী (Xeuti) আছিল অসমীয়া ভাষাত যুগুত কৰা এখনি হাতেলিখা আলোচনী৷ 'সেউতী' অসমৰ প্ৰথমখন হাতেলিখা আলোচনী৷ অসমৰ কটন কলেজৰ কেইগৰাকীমান শিক্ষাৰ্থীৰ উমৈহতীয়া প্ৰচেষ্টাত ১৯০৭ চনত এই হাতেলিখা আলোচনীখন পোনপ্ৰথমবাৰৰ বাবে মুকলি কৰা হৈছিল৷ 'সেউতী'ৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল সৰ্বেশ্বৰ বৰুৱা৷ আলোচনীখন প্ৰায়…
-
সোণ হৰিণৰ চেঁকুৰ (গ্ৰন্থ)
সোণ হৰিণৰ চেঁকুৰ হৈছে অনুৰাধা শৰ্মা পূজাৰীৰ দ্বাৰা ৰচিত এখন উপন্যাস। উপন্যাসখন গ্ৰন্থাকাৰে প্ৰথম প্ৰকাশিত হয় ২০১২ চনৰ এপ্ৰিল মাহত। ইয়াৰ আগতে উপন্যাসখন প্ৰতিদিন কাকতৰ দেওবৰীয়া আলোচনী 'সম্ভাৰ'ত খণ্ড খণ্ডকৈ প্ৰকাশ পাইছিল।
-
সৌমাৰ নন্দিনী (উপন্যাস)
সৌমাৰ নন্দিনী লেখিকা জুৰি শইকীয়াই লিখা এখন ঐতিহাসিক উপন্যাস। ২০১৫ চনত উপন্যাসখনে বনলতা প্ৰকাশনৰ বেনাৰত মুদ্ৰিত ৰূপ লাভ কৰে। ২০১৭ চনত উপন্যাসখন দ্বিতীয়বাৰৰ বাবে প্ৰকাশ পায়। উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰ হৈছে চুতীয়াসকলৰ ৰাণী সাধনী।
-
স্ন' হোৱাইট
স্ন' হোৱাইট (Snow White) হৈছে ইউৰোপত বহুলভাৱে প্ৰচাৰিত এক জাৰ্মান সাধু। গ্ৰীম ভাতৃদ্বয়ৰ ১৮১২ চনৰ সংগ্ৰহত থকা সাধুৰ সংস্কৰণটি স্ন' হোৱাইট আৰু সাত বাওনা, (জাৰ্মান: Schneewittchen und die sieben Zwerge, ইংৰাজী: Snow White and the Seven Dwarfs) সবাতোকৈ জনপ্ৰিয়।
-
স্বাস্থ্য ৰক্ষাৰ সহজ নিয়ম (গ্ৰন্থ)
স্বাস্থ্য ৰক্ষাৰ সহজ নিয়ম (Swasthya Rakhyar Hohoj Niom) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন স্বাস্থ্য-বিষয়ক প্ৰবন্ধ সংকলন। কিতাপখন প্ৰকাশ কৰিছে ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনে। ২০০৮ চনত প্ৰথম প্ৰকাশ হোৱা কিতাপখনৰ ২০১৭ চনলৈকে সপ্তম সংস্কৰণ প্ৰকাশ পাইছে।
-
স্বৰ্ণলতা (গ্ৰন্থ)
স্বৰ্ণলতা উপন্যাসৰ ঔপন্যাসিক তিলোত্তমা মিশ্ৰ৷ উপন্যাসখনৰ পটভূমি মূলতঃ ঊনবিংশ শতিকাৰ অসম আৰু কলিকতাৰ সামাজিক অৱস্থা৷ স্বৰ্ণলতাই প্ৰায় ৯ বছৰ বয়সতেই শিক্ষা গ্ৰহণৰ বাবে অসম এৰি কলিকতালৈ গুছি যোৱা আৰু পাছলৈ সংসাৰ আৰু ব্যক্তিগত কাৰণত কলিকতাৰ নিবাসী হোৱাৰ জীৱন সংগ্ৰামৰ বাস্তৱ কাহিনীয়েই উপন্যাসখনৰ মূল…
-
হ য ব ৰ ল (বাংলা গ্ৰন্থ)
হ য ব ৰ ল (বাংলা: হ য ব ব় ল), হ'ল সুকুমাৰ ৰায়ৰদ্বাৰা ৰচিত এখন শিশু ৰম্য ৰচনা। হ জ ব ৰ লক বাংলা সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ ননছেন্স (বাংলাত আজেবাজে) গল্প হিচাপে গণ্য কৰা হয়। ইয়াৰ ধাৰা, কলাত্মক যোগ্যতা আৰু শৈলীক উজ্জ্বল কৰিবলৈ ইয়াক সঘনাই এলিছ ইন ৱাণ্ডাৰলেণ্ডৰ সৈতে তুলনা কৰা হয়।