ভাষা আৰু সাহিত্য
গ্ৰন্থ, কবিতা, উপন্যাস, ভাষা আৰু লিপি · ১,৫৩৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
মোৰ যৌৱনৰ ৰামধেনু
মোৰ যৌৱনৰ ৰামধেনু (Mor Joubanar Ramdhenu) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন গল্প সংকলন য'ত মাজে মাজে কবিতাও আছে। কিতাপখন প্ৰকাশ কৰিছে বনলতা প্ৰকাশনে।
-
মৎস্যগন্ধা (উপন্যাস)
মৎস্যগন্ধা হৈছে হোমেন বৰগোহাঞিৰ এখন উল্লেখযোগ্য উপন্যাস। এই উপন্যাসখনৰ পটভূমি নিৰ্মাণ হৈছে লক্ষীমপুৰ জিলাৰ ঢকুৱাখনা অঞ্চলৰ ম'হঘুলি নৈৰ পাৰৰ ম'হঘুলি আৰু গৰৈমাৰী গাঁৱৰ কৈৱৰ্ত সম্প্ৰদায়ৰ প্ৰতি সমাজৰ তথাকথিত উচ্চ সম্প্ৰদায়ৰ শোষণ-অৱদমন, অস্পৃশ্য জ্ঞান, সামাজিক অৱস্থিতিক উপেক্ষা আদিৰ বিৰুদ্ধে…
-
যুগাগ্ৰগামীৰ দস্তাবেজ (গ্ৰন্থ)
যুগাগ্ৰগামীৰ দস্তাবেজ (Jugagrogamir Dostabez) মৰিয়নি মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড° ভূপেন্দ্ৰ নাথ গোস্বামীৰ দৈনিক জনমভূমি, নতুন পদাতিক আদি কাকত, আলোচনীত ভিন ভিন সময়ত প্ৰকাশিত কুৰিটা প্ৰবন্ধৰ একত্ৰ সঙ্কলন।
-
যুৱতীলৈ ৰূপান্তৰিত এন্দুৰী
যুৱতীলৈ ৰূপান্তৰিত এন্দুৰী (ইংৰাজী: The Mouse Turned into a Maid; দ্য মাউচ টাৰ্ণড ইনটু এ মেইড) হৈছে ভাৰতীয় মূলৰ এক প্ৰাচীন নীতিশিক্ষা মূলক কাহিনী বা ফেবুল। মধ্যযুগত এই কাহিনীটো পশ্চিমৰ ইউৰোপলৈ গতি কৰিছিল আৰু সুদূৰ প্ৰাচ্যতো ইয়াৰ অস্তিত্ব পোৱা যায়।
-
যোগীৰ শাস্তি
যোগীৰ শাস্তি (ইংৰাজী: The Jogi's Punishment) হ'ল এটা ভাৰতীয় সাধুকথা, যিটো ফেৰোচপুৰৰ পৰা মেজৰ কেম্পবেলৰ দ্বাৰা সংগৃহীত এটা পঞ্জাবী সাধু। এণ্ড্ৰু লেংঙে তেওঁৰ দ্য লিলাক ফেয়াৰী বুকত এইটো অন্তৰ্ভুক্ত কৰিছে। এই ভাৰতীয় লোককথাটোৰ নীতিশিক্ষা হ'ল যে— বেয়াই সদায় তাৰ প্ৰাপ্য শাস্তি পায়।
-
লক্ষীমপুৰ সাহিত্য সভা
লক্ষীমপুৰ সাহিত্য সভা'উত্তৰ লক্ষীমপুৰ সাহিত্য সভা নামেৰে অসম সাহিত্য সভা প্ৰতিষ্ঠা হোৱাৰ পূৰ্বে অৰ্থাৎ ১৯১২ চনত গঠিত হয়। ইয়াৰ প্ৰতিস্থাপক সভাপতি আছিল নীলকণ্ঠ গোহাঞিবৰুৱা আৰু সম্পাদক আছিল ডম্বৰুধৰ গগৈ৷ পিছত ই “লক্ষীমপুৰ জিলা সাহিত্য সভা’’ নামেৰে পৰিচিত হয়৷ তেতিয়াৰ পৰা অসম সাহিত্য সভাৰ দ্বিতীয়…
-
লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদান
পৌৰাণিক যুগৰ পৰা এতিয়ালৈকে শ্ৰীমন্ত শঙ্কৰদেৱ, মাধৱদেৱকে আদি কৰি শ্ৰেষ্ঠ দহজন অসমীয়াৰ ভিতৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাও এজন বুলি কোৱা হয়। আধুনিক অসমীয়া ভাষা সাহিত্যৰ প্ৰতিষ্ঠাত তেওঁৰ অৱদানেই আটাইতকৈ বেছি; অসমীয়া সাহিত্যৰ প্ৰতিটো বিভাগতে তেওঁৰ দখল আছিল।
-
লজ্জা (উপন্যাস)
লজ্জা (Lajja) বাংলাদেশী ঔপন্যাসিক তথা নাৰীবাদী লেখিকা তছলিমা নাছৰিনৰ দ্বাৰা ৰচিত এখন উপন্যাস। উপন্যাসখন একাধিক ভাষালৈ অনূদিত কৰা হৈছে। ১৯৯৩ চনত প্ৰথম প্ৰকাশিত এই গ্ৰন্থখন বাংলাদেশত নিষিদ্ধ কৰা হৈছিল।
-
লাইফ ইচ হোৱাট ইউ মেক ইট
লাইফ ইচ হোৱাট ইউ মেক ইট প্ৰীতি শ্বিনয়ৰ এখন উপন্যাস। হিন্দুস্তান টাইমছত প্ৰকাশিত নীলছনৰ তালিকা অনুসৰি কিতাপখন "২০১১ চনৰ শীৰ্ষ কিতাপ"ৰ তালিকাত আছিল। দ্য টাইম্ছ অৱ ইণ্ডিয়াৰ মতে ই ২০১১ চনৰ বেষ্ট চেলাৰ আছিল। এইখন উপন্যাসত প্ৰকাশিত হৈছে নব্বৈৰ দশকৰ ভাৰতত পৰিৱেশিত এক আচৰিত প্ৰেম কাহিনী।
-
লাভ ফৰ্মছ (উপন্যাস)
লাভ ফৰ্মছ ( Love Forms) হৈছে ২০২৫ চনত লিখা লেখিকা ক্লেয়াৰ এডামৰ উপন্যাস। যʼত বৰ্তমানৰ লণ্ডনত বাস কৰা ট্ৰিনিদাদ আৰু ট’বাগোৰ পৰা অহা অনুপ্ৰৱেশকাৰী ডনৰ কাহিনী বৰ্ণনা কৰা হৈছে আৰু ১৯৮০ চনত দত্তক লোৱাৰ বাবে এৰি দিবলগীয়া হোৱা হেৰুৱা কন্যাক বিচাৰি উলিয়াবলৈ চেষ্টা কৰা হৈছে।
-
লাষ্ট ফ'ৰ লাইফ
লাষ্ট ফ'ৰ লাইফ (Lust for Life) বিশ্ববিখ্যাত চিত্ৰশিল্পী ভিনচেণ্ট ভেন গঘৰ জীৱনৰ ওপৰত আধাৰিত এখন বিশ্ববিখ্যাত উপন্যাস। ১৯৩৪ চনত এইখন প্ৰকাশ হৈছিল আৰু এইখন লিখিছিল আৰভিং ষ্টনে।
-
লিংগ নিৰপেক্ষ ভাষা
লিংগ নিৰপেক্ষ ভাষা বা লিংগ অন্তৰ্ভুক্ত ভাষা (Gender-neutral language) হৈছে কোনো বিশেষ লিংগ বা লিংগক উল্লেখ নকৰাকৈ লিখা ভাষা। ইংৰাজী ভাষাত ভূমিকা বা বৃত্তিক বুজাবলৈ বিশেষ্যৰ ব্যৱহাৰ লিংগ-নিৰ্দিষ্ট নহয়।
-
লিখন শৈলী
সাহিত্যত লিখন শৈলী বা লিখাৰ শৈলী(Writing Style) হৈছে কোনো ব্যক্তি, যুগ, বিদ্যালয় বা জাতিৰ বৈশিষ্ট্যপূৰ্ণ ভাষাত চিন্তা প্ৰকাশ কৰাৰ ধৰণ। ব্ৰাইয়ান ৰেইৰ মতে, শৈলী হৈছে এক বহল চিন্তা, যিয়ে "পাঠকৰ সৈতে, পাঠ্য, লেখকসকলে কৰা ব্যাকৰণগত পছন্দ, কিছুমান প্ৰসংগত নীতি-নিয়ম মানি চলাৰ গুৰুত্ব আৰু আন কিছুমানত…
-
লিহাফ
লিহাফ হৈছে ইস্মত চুগতাইয়ে লিখা ১৯৪২ চনৰ উৰ্দু ভাষাৰ চুটিগল্প। উৰ্দু সাহিত্যিক আলোচনী অদব-ই-লতিফত প্ৰকাশিত এই গল্পটোৰ ফলত বহু বিতৰ্ক, উৎকট আৰু এক অশ্ৰাব্য অশ্লীলতাৰ মুকদ্দমাৰ বিচাৰ হৈছিল, য'ত ইস্মতে নিজকে পাকিস্তানৰ লাহোৰ চহৰৰ আদালতত এই কামৰ বাবে ৰক্ষা কৰিব লগা হৈছিল।
-
লে-লাডাখ (গ্ৰন্থ)
লে-লাডাখ হিমালয় ভ্ৰমণক কেন্দ্ৰ কৰি ৰচনা কৰা এখন ভ্ৰমণ বিষয়ক গ্ৰন্থ৷ লিখক- সৌম্যদ্বীপ দত্ত৷ গ্ৰন্থখনত হিমালয় আৰু কাৰাকোৰাম অঞ্চলৰ দুৰ্গম পথেৰে কৰা যাত্ৰাৰ সৰস বৰ্ণনা থকাৰ লগতে আৰু হিমালয়ৰ আশে-পাশে থকা সৰু বৰ অসংখ্য পাহাৰ ভ্ৰমণৰ সময়ত লাভ কৰা বাস্তৱ অভিজ্ঞতা, সেই পাহাৰ-পৰ্বতবোৰৰ সম্পৰ্কে বিশদ…
-
লেখকৰ ঘৰ
লেখকৰ ঘৰ (Writer's home) (কেতিয়াবা লেখকৰ, লেখকৰ বা সাহিত্যৰ ঘৰ) হৈছে লেখকসকলে বাস কৰা স্থান। সঘনাই এই ঘৰবোৰ ঐতিহাসিক ঘৰ সংগ্ৰহালয় আৰু সাহিত্য পৰ্যটন স্থলী হিচাপে সংৰক্ষিত হৈ থাকে, যিবোৰক লেখকৰ ঘৰ সংগ্ৰহালয় বুলি কোৱা হয়; বিশেষকৈ যেতিয়া ঘৰবোৰ বিখ্যাত সাহিত্যিক ব্যক্তিৰ ঘৰ হয়।
-
লেডিজ ক্যুপে
লেডিজ ক্যুপে (Ladies Coupé) ২০০১ চনত প্ৰকাশিত অনিতা নাইৰৰ এখন উপন্যাস। উপন্যাসখনে স্বাধীনতাৰ সন্ধানত কন্যাকুমাৰীলৈ যোৱাৰ সময়ত অখিলা নামৰ এগৰাকী আদবয়সীয়া ভাৰতীয় মহিলাৰ যাত্ৰা অনুসৰণ কৰে আৰু ৰেলৰ লেডিজ ক্যুপেত উঠি ৬৯ গৰাকী ভিন্ন মাতৃৰ সৈতে কাহিনী বিনিময় কৰে যিয়ে তেওঁক নিজৰ জীৱন যাপন কৰিবলৈ…
-
শাশ্বত বঙ্গ
শাশ্বত বঙ্গ (ইংৰাজী: Shashwata Banga) হ’ল বাংলা ভাষা, বাংলা সাহিত্য আৰু বাঙালীসকলৰ সাংস্কৃতিক ইতিহাসৰ ওপৰত আধাৰিত এখন গ্ৰন্থ। ইয়াক বাংলা সাহিত্যৰ এক গুৰুত্বপূৰ্ণ তথ্যচিত্ৰমূলক কৰ্ম হিচাপে গণ্য কৰা হয়। এই গ্ৰন্থখনে বাঙালী সমাজৰ চিন্তা আৰু সংস্কৃতিৰ এক দৃষ্টিভংগী আগবঢ়ায়।
-
শিয়াল আৰু বগলী
শিয়াল আৰু বগলী(ইংৰাজী:Fox and Crane), বা দ্য ফক্স এণ্ড দ্য ক্ৰেন, বা দ্য ভিক্সেন এণ্ড দ্য ক্ৰেন হৈছে ইউক্ৰেইনৰ সাধুকথাৰ শিৰোনাম, যিটো একে বা একে শিৰোনামেৰে জনাজাত বিভিন্ন কাহিনীভাগৰ উপকথা। ফক্স এণ্ড ক্ৰেনৰ এটা সংস্কৰণ ইৰিনা ঝেলেজনোভাই পুনৰ কয়।
-
শিল্প-সংস্কৃতিৰ ৰণাঙ্গন
শিল্প-সংস্কৃতিৰ ৰণাঙ্গন হৈছে অসমৰ বিশিষ্ট সমালোচক-সাহিত্যিক ড০ হীৰেন গোহাঁইৰ দ্বাৰা লিখিত আৰু ঐকান্তিক প্ৰকাশন গোষ্ঠীৰ দ্বাৰা সংকলিত এখনি সমালোচনাত্মক গ্ৰন্থ৷ গ্ৰন্থখনৰ ভাষা অসমীয়া৷ ২৬ টা ভিন্নধৰ্মী বিষয়ত আধাৰিত গ্ৰন্থখনৰ লেখাসমূহ মুঠতে ছটা ভাগত বিভক্ত আৰু লেখাসমূহ লেখকৰ দ্বাৰা ভিন ভিন সময়ত লিখা…
-
শিশু কবিতা
শিশু কবিতা (Children's poetry) হৈছে শিশুৰ বাবে লিখা কবিতা। প্ৰাথমিক মৌখিক পৰম্পৰা, লোককবিতা, নাৰ্চাৰী ৰাইম আদিত শিপাই থকা শিশু কবিতা অন্যতম পুৰণি কলা। শিশুৰ বাবে লিখা কবিতা আৰু প্ৰাপ্তবয়স্কৰ বাবে নিৰ্ধাৰিত কবিতা দুয়োটাকে শিশুৱে সদায় উপভোগ কৰি আহিছে।
-
শুকুলা ঘোঁৰা (গ্ৰন্থ)
শুকুলা ঘোঁৰা অসমীয়া লেখক প্ৰবীণা শইকীয়াৰ এখন সামাজিক উপন্যাস। শুকুলা ঘোঁৰা উপন্যাসখন মূলতঃ অসমৰ গ্ৰাম্য সমাজৰ পটভূমিত ৰচিত। উপন্যাসখনত চহা জীৱনৰ ছবি প্ৰতিফলিত হৈছে। উপন্যাসখনত সমাজত প্ৰচলিত অন্ধবিশ্বাসৰ প্ৰভাৱ পৰিছে।
-
শুতনুকা প্ৰত্নলিপি
শুতনুকা প্ৰত্নলিপি হ'ল ছোটনাগপুৰৰ ৰামগড় পৰ্বতৰ ওপৰত অৱস্থিত জোগীমাৰা নামৰ গুহাত খোদিত এখন শিলালিপি। ‘শুতনুকা’ নামেৰে জনাজাত তিনিশাৰীৰ এখন সৰু লিপি। এই লিপিৰ প্ৰথম শব্দ ‘শুতনুক’ নামৰ পৰা লিপিখনক ‘শুতনুকা প্ৰত্নলিপি' বুলি কোৱা হয় আৰু সময় আনুমানিক খ্ৰীষ্ট-পূৰ্ব দ্বিতীয় শতাব্দী।
-
শেষেৰ কবিতা (উপন্যাস)
শেষেৰ কবিতা (Shesher Kabita) ৰবীন্দ্ৰনাথ ঠাকুৰৰ এখন উপন্যাস। এইখন ৰবীন্দ্ৰনাথৰ চিত্ৰ সৃষ্টি পৰ্যায়ৰ দ্বিতীয়খন উপন্যাস (প্ৰথমখন যোগাযোগ)। ১৯২৭ চনৰ পৰা (১৩৩৪ বঙ্গাব্দৰ ভাদ্ৰ) ১৯২৮ চন(১৩৩৪ বঙ্গাব্দৰ চ'ত)লৈকে এই উপন্যাসখন প্ৰবাসীত ধাৰাবাহিকভাৱে প্ৰকাশ হৈছিল।
-
শ্লীপিং বিউটী
স্লীপিং বিউটী (Sleeping Beauty) হৈছে চাৰ্লছ পেৰল্ট ৰচিত শ্লিপিং বিউটী বা গ্ৰীম ভাতৃদ্বয় ৰচিত "লিটল ব্ৰায়াৰ ৰোজ" হ'ল যাদুকৰী নিদ্ৰাত শুই থকা এগৰাকী ৰাজকুমাৰী আৰু এজন সুদৰ্শন ৰাজকুমাৰৰ এক পৌৰাণিক সাধুকথা। ১৬৯৭ চনত পেৰল্টৰ Histoires ou contes dutempspasséত ইয়াৰ প্ৰথম প্ৰকাশ হয়।
-
শৰীৰ আৰু হৃদয়
শৰীৰ আৰু হৃদয়(Harir Aaru Hriday) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। সংকলনখনত মুঠ ৩০ টা প্ৰবন্ধ আছে।
-
সংস্কৃতিৰ দাপোণ
সংস্কৃতিৰ দাপোণ (Sanskritir Dapoon) বৰ্তমান সময়ত প্ৰকাশিত একমাত্ৰ অসমীয়া মাহেকীয়া সাংস্কৃতিক বাতৰি কাকত। ২০২৪ চনৰ ৭ জানুৱাৰীত প্ৰথমবাৰৰ বাবে প্ৰকাশিত কাকতখনৰ মুখ্য কাৰ্যালয় গুৱাহাটীত অৱস্থিত।
-
সন্ধিয়াৰ সাধু
সন্ধিয়াৰ সাধু (ইংৰাজী: Sandhiyar Sadhu) ত্ৰৈলোক্যেশ্বৰী দেৱী বৰুৱানীৰ দ্বাৰা লিখিত এখনি সাধুকথাৰ পুথি৷ পুথিখন পোনপ্ৰথমবাৰৰ বাবে ১৯৩৭ চনত প্ৰকাশিত হৈছিল৷ পুথিখনত মুঠতে ২২টা সাধু আছে৷
-
সময়সাপেক্ষ কবিতা
সময়সাপেক্ষ কবিতা (Occasional Poetry) হ’ল কোনো বিশেষ উপলক্ষে ৰচনা কৰা কবিতা। সাহিত্যৰ ইতিহাসত ইয়াক প্ৰায়ে মৌখিক, পৰিৱেশন, পৃষ্ঠপোষকতাৰ সৈতে জড়িত কৰি অধ্যয়ন কৰা হয়।
-
সমাজভাষাবিজ্ঞান পৰিচয় (গ্ৰন্থ)
সমাজভাষাবিজ্ঞান পৰিচয় গ্ৰন্থখনৰ লিখক অনুৰাধা শৰ্মা। গ্ৰন্থখনত আধুনিক ভাষাবিজ্ঞানৰ এটা প্ৰধান শাখা সমাজভাষাবিজ্ঞান (Sociolinguistics)ৰ বিষয়ে আলোচনা কৰা হৈছে।