অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

সমীক্ষণ

সমীক্ষণ অসমীয়া ভাষাত প্ৰকাশিত মাহেকীয়া আলোচনী৷ সমাজ-ৰাজনীতি বিষয়ক মুখ্য কৰি এই আলোচনী প্ৰকাশ হৈ আহিছে৷ ৰাজনৈতিক-অৰ্থনৈতিক বিশ্লেষণৰ উপৰি সাম্প্ৰতিক ঘটনাক্ৰম, সাহিত্য-বিজ্ঞান আদি বিষয়ৰ নিবন্ধ প্ৰকাশত আলোচনীখনিয়ে গুৰুত্ব দিয়ে৷ আদিতে যোৰহাটৰ পৰা প্ৰকাশ পোৱা আলোচনীখনি ২০২৫ বৰ্ষৰ ফেব্ৰুৱাৰী…

হালনাগাদ: ১ অক্টোবৰ ২০২৬ ১৬৬ শব্দ · ১ মিনিট সংগৃহীত ৪০
সংশোধনৰ পৰামৰ্শ

সমীক্ষণ অসমীয়া ভাষাত প্ৰকাশিত মাহেকীয়া আলোচনী৷ সমাজ-ৰাজনীতি বিষয়ক মুখ্য কৰি এই আলোচনী প্ৰকাশ হৈ আহিছে৷ ৰাজনৈতিক-অৰ্থনৈতিক বিশ্লেষণৰ উপৰি সাম্প্ৰতিক ঘটনাক্ৰম, সাহিত্য-বিজ্ঞান আদি বিষয়ৰ নিবন্ধ প্ৰকাশত আলোচনীখনিয়ে গুৰুত্ব দিয়ে৷ আদিতে যোৰহাটৰ পৰা প্ৰকাশ পোৱা আলোচনীখনি ২০২৫ বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰপৰা গুৱাহাটীৰ অসম লাইভ ২৪ সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰিবলৈ লৈছে৷ তেতিয়াৰে পৰা মুখ্য সম্পাদকৰ দায়িত্বত আছে দিগন্ত ওজা৷ আলোচনীখনৰ RNI Regd. নম্বৰ হৈছে- Ass/Ass/2010/ 33995 আৰু ISSN নম্বৰ হৈছে- 2319-4561১

ইতিহাস

২০১০ চনৰ এপ্ৰিল মাহৰ পৰা জোনজ্যোতি দত্তবৰাৰ সম্পাদনাত যোৰহাটৰ পৰা সমীক্ষণ আলোচনীৰ প্ৰকাশ আৰম্ভ হয়৷ মাহেকীয়া বাৰ্তালোচনী হিচাপে প্ৰকাশ আৰম্ভ হোৱা আলোচনীখনি আছিল ৱান-ফ’ৰ ডিমাই আকাৰৰ ৪৮ পৃষ্ঠাৰ৷ বিহু আৰু পূজাত বিশেষ সংখ্যা বৰ্ধিত কলেৱৰত প্ৰকাশ পাইছিল৷ ২০১৭ চনলৈকে এনে ৰূপত প্ৰকাশিত আলোচনীখনি পৰৱৰ্তীকালত হাফ ডিমাই (টেবলইড) আকাৰত প্ৰকাশ পায়৷ কোভিড মহামাৰীৰ সময়ত আলোচনীখনিৰ প্ৰকাশ বন্ধ হয়৷ পৰৱৰ্তীকালত গুৱাহাটীৰ অসম লাইভ ২৪ সংবাদ প্ৰতিষ্ঠানৰ মূল গোষ্ঠী সুৰেকা পাব্লিকেশ্যনছ প্ৰাইভেট লিমিটেডৰ অধ্যক্ষ নৃপেন দাসে এই আলোচনী অধিগ্ৰহণ কৰি প্ৰকাশ আৰম্ভ কৰে৷ নতুন ৰূপত আলোচনীখনি ৯৬ পৃষ্ঠাৰ ৱান-ফ’ৰ ডিমাই আকাৰত ৰঙীন আকাৰত ছপা হৈছে৷ নতুন প্ৰকাশকালতো জোনজ্যোতি দত্তবৰা সম্পাদকৰ দায়িত্বত আছে৷

তথ্যসূত্ৰ

  1. ↑ অসমীয়া মাহেকীয়া আলোচনী 'সমীক্ষণ'লৈ ব্যাপক সঁহাৰি পঢ়ুৱৈ সমাজৰ. অসম লাইভ ২৪ সংবাদ প্ৰতিষ্ঠান

সম্পৰ্কিত শ্ৰেণী

অসমীয়া আলোচনী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সমীক্ষণ” প্ৰবন্ধৰ সংশোধন ৬৪০৬১৪ (১ অক্টোবৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।