সমোচ্চাৰিত শব্দ মানে একে উচ্চাৰণ কিন্তু বাক্য অনুসৰি ভিন্ন অৰ্থ প্ৰকাশ কৰা শব্দ। ই অসমীয়া ব্যাকৰণৰ এটি গুৰুত্বপূূূূৰ্ণ অংশ। অসমীয়া ভাষাত যিমানখিনি আখৰ ব্যৱহাৰ কৰা হয়, সিমান সংখ্যক ধ্বনি সমোচ্চাৰিত নহয়। একে ধ্বনিৰে উচ্চাৰিত শব্দবোৰক সমোচ্চাৰিত শব্দ বুলি কোৱা হয়।
উদাহৰণ
- অণু: পদাৰ্থৰ অতি ক্ষুদ্ৰ অংশ
- অনু: উপসৰ্গ-বিশেষ্য
- অটল: দৃঢ়
- অতল: দ আৰু গভীৰ
- আঁচল: চাদৰৰ আগ
- আচল: যিটো নকল নহয়
- আলি: ওখ পথ
- আলী: উপাধি বিশেষ
- এসাঁজ: এবাৰত খাবৰ জোখৰ
- এসাজ: এবাৰত খাবৰ দিব পৰা
- কাঁহ: এবিধ ধাতু
- কাহ: এবিধ ৰোগ
- কুলি: চৰাই -বিশেষ
- কুলী: বনুৱা
- গড়: দুৰ্গ
- গড়: কেইবাটাও ৰাশিক যোগ কৰি ৰাশিৰ সংখ্যাৰে হৰণ কৰি পোৱা মান (avarage)
- গঁড়: এবিধ জন্তু
- গাঁও: গ্ৰাম
- গাওঁ: গীত-মাত পৰিৱেশন কৰোঁ
- ঘঁটি: নাকৰ ভিতৰৰ নোম
- ঘটী: পাত্ৰ বিশেষ
- চিন: দাগ বা চিহ্ন
- চীন: এখন দেশ
- ফল: কোনো কাৰ্যৰ পৰিণতি
- ফল: গছৰ গুটি
- ভাট: প্ৰশস্তি গাওঁতা
- ভাত: অন্ন
- মাটি: মৃত্তিকা
- মাতি: আমন্ত্ৰণ কৰি
- ৰং: আনন্দ
- ৰং: বৰণ
- সজা: চৰাই আদি থোৱা কাঠীৰ সঁজুলি বা বাহ
- সজা: আনলোকৰ দ্বাৰা নিৰ্মাণ কৰা; তৈয়াৰ কৰা
- হাট: সপ্তাহৰ নিৰ্দিষ্ট দিনত বহা হাত বজাৰ
- হাত: দেহৰ অংগ বিশেষ, কৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সমোচ্চাৰিত শব্দ” প্ৰবন্ধৰ সংশোধন ৫৩৭৫৭২ (৭ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।