অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

সেউতী (আলোচনী)

সেউতী (Xeuti) আছিল অসমীয়া ভাষাত যুগুত কৰা এখনি হাতেলিখা আলোচনী৷ 'সেউতী' অসমৰ প্ৰথমখন হাতেলিখা আলোচনী৷ অসমৰ কটন কলেজৰ কেইগৰাকীমান শিক্ষাৰ্থীৰ উমৈহতীয়া প্ৰচেষ্টাত ১৯০৭ চনত এই হাতেলিখা আলোচনীখন পোনপ্ৰথমবাৰৰ বাবে মুকলি কৰা হৈছিল৷ 'সেউতী'ৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল সৰ্বেশ্বৰ বৰুৱা৷ আলোচনীখন প্ৰায়…

হালনাগাদ: ২ নৱেম্বৰ ২০২৫ ১৮৭ শব্দ · ১ মিনিট সংগৃহীত ৫০
সংশোধনৰ পৰামৰ্শ

সেউতী (Xeuti) আছিল অসমীয়া ভাষাত যুগুত কৰা এখনি হাতেলিখা আলোচনী৷ 'সেউতী' অসমৰ প্ৰথমখন হাতেলিখা আলোচনী৷১ অসমৰ কটন কলেজৰ কেইগৰাকীমান শিক্ষাৰ্থীৰ উমৈহতীয়া প্ৰচেষ্টাত ১৯০৭ চনত এই হাতেলিখা আলোচনীখন পোনপ্ৰথমবাৰৰ বাবে মুকলি কৰা হৈছিল৷ 'সেউতী'ৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল সৰ্বেশ্বৰ বৰুৱা৷ আলোচনীখন প্ৰায় আঠবছৰ ধৰি প্ৰকাশ পাইছিল৷

ইতিহাস

১৯০১ চনত কটন কলেজ প্ৰতিষ্ঠা হৈছিল৷ সেইসময়ৰ অসমত ছপাশালৰ সংখ্যা মুঠেই কম আছিল৷ সেইকাৰণে শিক্ষানুষ্ঠানসমূহে হাতেলিখা আলোচনী উলিওৱাৰ এটা নবপৰম্পৰাৰ গঢ় দিছিল৷ ১৯০৭ চনত কটন মহাবিদ্যালয়ত সৰ্বেশ্বৰ বৰুৱাই আন সতীৰ্থ শিক্ষাৰ্থীৰ লগ লাগি 'সেউতী' প্ৰস্তুত কৰি উলিয়ায়৷১ উল্লেখ্য যে, সৰ্বেশ্বৰ বৰুৱাই ১৯০৭ চনৰ প্ৰৱেশিকা পৰীক্ষাত ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰি কটন মহাবিদ্যালয়ত যোগদান কৰে৷ সৰ্বেশ্বৰ বৰুৱাৰ জন্ম হৈছিল ১৮৯১ চনত আৰু দেহাৱসান ঘটিছিল ১৯৭৫ চনত৷ তেখেতে পাছলৈ লখিমপুৰক প্ৰতিনিধিত্ব কৰি অসম বিধান পৰিষদ আৰু অসম বিধানসভাৰ সদস্য হৈছিল৷

আলোচনীখনৰ বিষয়

'সেউতী' আলোচনীতেই সৰ্বেশ্বৰ বৰুৱাই লাচিত বৰফুকনৰ বিষয়ে এটা নিবন্ধ লিখিছিল৷ স্মৰণযোগ্য যে, এইটোৱেই লাচিত বৰফুকনৰ বিষয়ে যুগুত কৰা প্ৰথমটো নিবন্ধ৷ সেইহেতুকে অসমত লাচিত বৰফুকনৰ বিষয়ে চৰ্চা কৰা সৰ্বেশ্বৰ বৰুৱাই বোধহয় প্ৰথমজন ব্যক্তি৷ পৰৱৰ্তী সময়ত আলোচনীখনৰ সহকাৰী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা তাৰক চন্দ্ৰ গোস্বামীয়ে আলোচনীৰ বাবে একাধিক বেটুপাত অংকন কৰিছিল৷ ১

সম্পাদকসকল

সেউতীৰ কেইগৰাকীমান সম্পাদক হৈছে-

  1. সৰ্বেশ্বৰ বৰুৱা (প্ৰতিষ্ঠাপক)
  2. সূৰ্য্যকুমাৰ ভূঞা
  3. দণ্ডিনাথ কলিতা
  4. তাৰক চন্দ্ৰ গোস্বামী

তথ্যসূত্ৰ

  1. ↑ বৈশ্য, পৰেশ. (২০ ডিচেম্বৰ, ২০২১). অসমৰ হাতেলিখা আলোচনীৰ এক দীঘলীয়া ইতিহাস. দৈনিক অসম. পৃ. ৪

সম্পৰ্কিত শ্ৰেণী

অসমীয়া আলোচনীঅধুনালুপ্ত আলোচনী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সেউতী (আলোচনী)” প্ৰবন্ধৰ সংশোধন ৫৪৬৭৫৭ (২ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।