অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

সাহিত্য অকাডেমি ফেল’শ্বিপ

সাহিত্য অকাডেমি (Sahitya Akademi; ৰাষ্ট্ৰীয় সাহিত্য প্ৰতিষ্ঠান) হ'ল ভাৰতত সাহিত্যৰ প্ৰসাৰ, সংৰক্ষণ আৰু প্ৰবৰ্তনৰ বাবে কাৰ্যনিৰ্বাহ কৰা সৰ্বোচ্চ কেন্দ্ৰীয় প্ৰতিষ্ঠান।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ২৬৩ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

সাহিত্য অকাডেমি (Sahitya Akademi; ৰাষ্ট্ৰীয় সাহিত্য প্ৰতিষ্ঠান) হ'ল ভাৰতত সাহিত্যৰ প্ৰসাৰ, সংৰক্ষণ আৰু প্ৰবৰ্তনৰ বাবে কাৰ্যনিৰ্বাহ কৰা সৰ্বোচ্চ কেন্দ্ৰীয় প্ৰতিষ্ঠান।১ এই অকাডেমিয়ে ভাৰতৰ ২৪টা স্বীকৃতিপ্ৰাপ্ত ভাষাত সাহিত্যিক কাৰ্যসূচী আয়োজন, গ্ৰন্থ প্ৰকাশন, সাহিত্য সংৰক্ষণ আৰু পুৰস্কাৰ প্ৰদান সম্পৰ্কীয় কাৰ্যসূচী চলাই আহিছে।১ সাহিত্য অকাডেমি ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ অধীনত এক স্বায়ত্তশাসিত সংস্থা হিচাপে পৰিচালিত হয়।১

ইতিহাস আৰু প্ৰতিষ্ঠা

১৯৫২ চনৰ ১৫ ডিচেম্বৰত ভাৰত চৰকাৰে গ্ৰহণ কৰা এক প্ৰস্তাৱৰ জৰিয়তে অকাডেমিৰ সংবিধান গঠন কৰি প্ৰতিষ্ঠা কৰা হৈছিল।১ ইয়াৰ পিছত ১৯৫৪ চনৰ ১২ মাৰ্চত ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে এই অকাডেমি উদ্বোধন কৰে।১২ ১৯৫৬ চনৰ ৭ জানুৱাৰীত ১৮৬০ চনৰ ছ'চাইটি পঞ্জীয়ন আইনৰ (Societies Registration Act, 1860) অধীনত সাহিত্য অকাডেমীক পঞ্জীয়ন কৰা হয় (পঞ্জীয়ন নং ৯২৭)।১

অকাডেমিৰ মুখ্য কাৰ্যালয় নতুন দিল্লীৰ ৩৫ ফিৰোজশ্বাহ ৰোডত অৱস্থিত ৰবীন্দ্ৰ ভৱনত অৱস্থিত।১ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মশতবাৰ্ষিকী স্মৰণীয় কৰি ৰাখিবলৈ ১৯৬১ চনত এই ৰবীন্দ্ৰ ভৱন নিৰ্মাণ কৰা হৈছিল।১ ইয়াত সাহিত্য অকাডেমিৰ উপৰিও সংগীত নাটক একাডেমী আৰু ললিত কলা একাডেমীৰ মুখ্য কাৰ্যালয়ো অৱস্থিত।১ ইয়াৰ উপৰিও কলকাতা, বেংগালুৰু আৰু মুম্বাইত অকাডেমিৰ আঞ্চলিক কাৰ্যালয় আৰু চেন্নাইত উপ-কাৰ্যালয় অৱস্থিত।১

লক্ষ্য আৰু উদ্দেশ্য

ভাৰতীয় ভাষাসমূহৰ সাহিত্যিক বিকাশ সাধনা কৰা আৰু উচ্চ সাহিত্যিক মানদণ্ড নিৰ্ধাৰণ কৰা সাহিত্য অকাডেমিৰ মূল লক্ষ্য।২ দেশৰ বিভিন্ন ভাষা আৰু সাহিত্যিক অঞ্চলৰ মাজত সাহিত্যিক আদান-প্ৰদান সুচল কৰা আৰু ইয়াৰ মাধ্যমেৰে সাংস্কৃতিক ঐক্য প্ৰসাৰ কৰা অকাডেমিৰ প্ৰধান উদ্দেশ্য।১ মৌলিক সাহিত্য সৃষ্টিৰ উপৰিও অনুবাদ সাহিত্য প্ৰসাৰিত কৰা আৰু বিভিন্ন ভাষাত পুথি প্ৰকাশ কৰি সুস্থ পাঠ্যাভ্যাস গঢ়ি তোলতো অকাডেমিয়ে গুৰুত্ব প্ৰদান কৰে।১

স্বীকৃতিপ্ৰাপ্ত ভাষাসমূহ

ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত উল্লেখিত ২২টা ভাষাৰ উপৰিও সাহিত্য অকাডেমিয়ে ইংৰাজী আৰু ৰাজস্থানী ভাষাক সাহিত্যিক কাৰ্যসূচী ৰূপায়ণৰ বাবে স্বীকৃতি প্ৰদান কৰিছে।১ অকাডেমীয়ে কাৰ্যসূচী পৰিচালনা কৰা ২৪টা স্বীকৃতিপ্ৰাপ্ত ভাষা হৈছে:১

  1. অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
  2. বঙালী
  3. বড়ো
  4. ডোগ্ৰী
  5. ইংৰাজী
  6. গুজৰাটী
  7. হিন্দী
  8. কানাড়া
  9. কাশ্মীৰী
  10. কোংকণী
  11. মৈথিলী
  12. মালয়ালম
  13. মণিপুৰী
  14. মাৰাঠী
  15. নেপালী
  16. ওড়িয়া
  17. পঞ্জাবী
  18. ৰাজস্থানী
  19. সংস্কৃত
  20. সংতালী
  21. চিন্ধী
  22. তামিল
  23. তেলুগু
  24. উৰ্দু

অকাডেমিয়ে প্ৰতিটো ভাষাতে সাহিত্যিক প্ৰকল্প আৰু প্ৰকাশন পৰিচালনা কৰিবলৈ একোখনকৈ 'ভাষিক উপদেষ্টা ব'ৰ্ড' (Language Advisory Board) গঠন কৰিছে।১

বঁটা আৰু ফেল'শ্বিপসমূহ

১. সাহিত্য অকাডেমী বঁটা

১৯৫৪ চনত স্থাপন হোৱা আৰু ১৯৫৫ চনৰ পৰা প্ৰদান কৰা সাহিত্য অকাডেমি বঁটা হৈছে ভাৰতৰ অন্যতম সন্মানীয় সাহিত্যিক বঁটা।২৩ অকাডেমিয়ে স্বীকৃতি দিয়া ২৪টা ভাষাত প্ৰকাশিত শ্ৰেষ্ঠ মৌলিক গ্ৰন্থক প্ৰতিবছৰে এই বঁটা আগবঢ়োৱা হয়।১ ১৯৫৪ চনত এই বঁটাৰ নগদ ধন আছিল ৫,০০০ টকা, যিটো ১৯৮৩ চনত ১০,০০০ টকালৈ, ১৯৮৮ চনত ২৫,০০০ টকালৈ, ২০০১ চনত ৪০,০০০ টকালৈ, ২০০৩ চনত ৫০,০০০ টকালৈ আৰু ২০০৯ চনৰ পৰা ১,০০,০০০ (এক লাখ) টকালৈ বৃদ্ধি কৰা হয়।২

২. সাহিত্য অকাডেমী ফেল'শ্বিপ

অকাডেমিয়ে জীৱিত সাহিত্যিকক প্ৰদান কৰা সৰ্বোচ্চ সন্মান হৈছে সাহিত্য অকাডেমি ফেল'শ্বিপ, যিসকলক 'সাহিত্যৰ অমৰ ব্যক্তিত্ব' বুলি আখ্যা দিয়া হয়।৪ এই ফেল'ৰ সংখ্যা এবছৰত সৰ্বোচ্চ ২১ জনতে সীমিত।৪৫

৩. অন্যান্য পুৰস্কাৰ আৰু ফেল'শ্বিপ

  • অনুবাদ পুৰস্কাৰ: অকাডেমীৰ ২৪ টা স্বীকৃত ভাষাত কৰা শ্ৰেষ্ঠ অনুবাদ গ্ৰন্থৰ বাবে প্ৰদান কৰা হয়।১
  • বাল সাহিত্য পুৰস্কাৰ: ২৪ টা ভাষাত শিশু সাহিত্যলৈ যোগোৱা বিশিষ্ট অৱদানৰ বাবে আগবঢ়োৱা হয়।১
  • যুৱ পুৰস্কাৰ: ২৪ টা ভাষাত উদীয়মান তথা যুৱ লেখকসকলৰ সাহিত্যিক অৱদানৰ বাবে প্ৰদান কৰা হয়।১
  • ভাষা সন্মান: অকাডেমীৰ স্বীকৃতি নোপোৱা ভাষাসমূহৰ বিকাশ আৰু প্ৰাচীন/মধ্যযুগীয় সাহিত্য গৱেষণাত উল্লেখযোগ্য অৱদান আগবঢ়োৱা ব্যক্তি সকলক দিয়া হয়।১
  • আনন্দ কুমাৰস্বামী ফেল'শ্বিপ: এছীয় দেশসমূহৰ পণ্ডিত আৰু গৱেষকসকলক ভাৰতীয় সংস্কৃতি আৰু সাহিত্য গৱেষণাৰ বাবে এই ফেল'শ্বিপ আগবঢ়োৱা হয়।১
  • প্ৰেমচন্দ ফেল'শ্বিপ: ২০০৫ চনত মুন্সী প্ৰেমচন্দৰ ১২৫ তম জন্ম জয়ন্তীত আৰম্ভ কৰা এই ফেল'শ্বিপ চাৰ্ক (SAARC) ভূখণ্ডৰ দেশসমূহৰ সাহিত্যিক আৰু গৱেষকসকলক আগবঢ়োৱা হয়।৪

প্ৰকল্প আৰু প্ৰকাশনসমূহ

  • মেকাৰ্ছ অৱ ইণ্ডিয়ান লিটাৰেচাৰ (MIL): ভাৰতীয় মহান সাহিত্যিকসকলৰ জীৱনী আৰু সাহিত্য সংৰক্ষণৰ উদ্দেশ্যে অকাডেমীয়ে এই প্ৰখ্যাত গ্ৰন্থমালা প্ৰকাশ কৰে।১
  • ইণ্ডিয়ান লিটাৰেচাৰ এব্ৰ'ড: সংস্কৃতি মন্ত্ৰালয়ৰ উদ্যোগত ভাৰতীয় সাহিত্য বিদেশৰ ভাষালৈ অনুবাদ আৰু প্ৰচাৰ কৰাৰ কাৰ্যসূচী।১
  • মৌখিক আৰু জনজাতীয় সাহিত্য কেন্দ্ৰ: নতুন দিল্লীত স্থাপন কৰা এই কেন্দ্ৰৰ জৰিয়তে লোককথা, অডিঅ'-ভিডিঅ' ৰেকৰ্ডিং আৰু জনজাতীয় সাহিত্য সংৰক্ষণৰ কাৰ্যসূচী চলোৱা হয়।১
  • আলোচনী প্ৰকাশ: অকাডেমীয়ে প্ৰকাশ কৰা তিনিখন আলোচনী হৈছে — Indian Literature (ইংৰাজী), Samakaleen Bharatiya Sahitya (হিন্দী), আৰু Samskrita Pratibha (সংস্কৃত)।১

তথ্যসূত্ৰ

  1. ↑ Annual Report 2023-2024. Sahitya Akademi
  2. ↑ List of Books on Sahitya Akademi Awarded Hindi Books. Central Library IIT Delhi
  3. ↑ Jacob, Suraj and Viswanatha, Vanamala. Gender and Indian Literary Awards. Economic and Political Weekly
  4. ↑ Sahitya Akademi Fellowship. Sahitya Akademi Official Website
  5. ↑ Pratibha Ray conferred Sahitya Akademi Fellowship. The New Indian Express

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাহিত্য অকাডেমি ফেল’শ্বিপ” প্ৰবন্ধৰ সংশোধন ৬৩৯৭১৬ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।