অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

সাগৰ দেখিছা (কবিতা সংকলন)

সাগৰ দেখিছা(Sagar Dekhisa) হৈছে দেৱকান্ত বৰুৱাৰ একমাত্ৰ কাব্য গ্ৰন্থ। এই কবিতা সংকলনখন স্বাধীনতাৰ পিছত(১৯৪৮ চনত) প্ৰকাশ হৈছে যদিও, সৰহভাগ কবিতাই দ্বিতীয় বিশ্বযুদ্ধৰ আগতে ৰচনা কৰা হৈছিল। গ্ৰন্থ আকাৰে প্ৰকাশ হোৱাৰ পূৰ্বে ইয়াৰ প্ৰায়বিলাক কবিতা 'আৱাহন'ত প্ৰকাশিত হৈছিল।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ২২৭ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

সাগৰ দেখিছা(Sagar Dekhisa) হৈছে দেৱকান্ত বৰুৱাৰ একমাত্ৰ কাব্য গ্ৰন্থ।১ এই কবিতা সংকলনখন স্বাধীনতাৰ পিছত(১৯৪৮ চনত) প্ৰকাশ হৈছে যদিও, সৰহভাগ কবিতাই দ্বিতীয় বিশ্বযুদ্ধৰ আগতে ৰচনা কৰা হৈছিল।২ গ্ৰন্থ আকাৰে প্ৰকাশ হোৱাৰ পূৰ্বে ইয়াৰ প্ৰায়বিলাক কবিতা 'আৱাহন'ত প্ৰকাশিত হৈছিল। সংকলনখনত মুঠ ৩৬টা কবিতা সংকলিত হৈছে।৩৪

কবি পৰিচয়

মূল প্ৰবন্ধ: দেৱকান্ত বৰুৱা

দেৱকান্ত বৰুৱা ৰোমাণ্টিক যুগৰ শেষৰ ফালৰ আৰু আধুনিক যুগৰ প্ৰাৰম্ভণি কবি। তেখেতক কলংপাৰৰ কবি তথা সংক্ৰান্তিকালৰ কবি বুলি কোৱা হয়। মাথোঁ কেইটিমান কবিতাৰে অসমীয়া কাব্য সাহিত্যত তেওঁ এক উচ্চ স্থান অধিকাৰ কৰিছে। তেওঁ ৰাজনীতি, সাহিত্য আৰু সংবাদ জগততো বিশেষ প্ৰতিভাবান আছিল। নিজৰ প্ৰতিভাৰ বলতে ইন্দিৰা গান্ধীৰ সময়ত কংগ্ৰছ দলৰ সভাপতিৰ পদত অধিষ্ঠিত হৈছিল।

কবিতাসমূহ

  • সাগৰ দেখিছা?
  • ওলগ
  • প্ৰথমা
  • দৃষ্টিসৃষ্টি
  • বিহুৰ পেঁপা
  • নিমন্ত্ৰণী
  • পূজা-উছৱ
  • সুন্দৰ
  • তুমি নাই
  • পূজাৰ ফুল
  • আকাশ কুসুম
  • কবিৰ কামনা
  • তিলোত্তমা
  • প্ৰেমৰ উত্তৰ
  • কলঙ্-পাৰত
  • ৰহস্য
  • নাৰী বন্দনা
  • শকুন্তলা
  • কলঙ্-পাৰত মাজনিশা
  • মনোৰমা
  • নিশাৰ পূৰৱী
  • পৃথিৱী
  • দেৱদাসী
  • অপ্ৰকাশ
  • অসাৰ্থক
  • ৰঙা এটি কৰবীৰ ফুল
  • লাচিত ফুকন
  • অৰ্থহীন
  • প্ৰগতি
  • 'শেৱালি' কবিৰ প্ৰতি
  • উৰ্বশী-বিদায়
  • যৌৱন
  • আমি দুৱাৰ মুকলি কৰোঁ
  • এটি প্ৰাৰ্থনা
  • মোৰ দেশ মানুহৰ দেশ
  • বিষকন্যা।

৩

সমালোচনা

  • "দেৱকান্তৰ কবিতাৰ ভাব আৰু প্ৰকাশভঙ্গী আন কবিৰ পৰা সম্পূৰ্ণ স্বতন্ত্ৰ, তেওঁৰ কবিতাত মানুহৰ বীৰ্য আৰু নিয়তিৰ জয় ধ্বনিত হৈছে। জীৱনৰ নশ্বৰতা অসহা‌য়তা আৰু সঘন সংগ্ৰামৰ ক'লা ডাৱৰ ভেদ কৰি প্ৰেমৰ যি এটা ক্ষণিক প্ৰভাৱ উজ্জ্বলাই তোলে তাকেই স্থায়ী কৰাৰ প্ৰয়াস দেৱকান্তৰ কবিতাত দেখা যায়। আন কথাত মানৱীয় প্ৰেমৰ গৌৰৱ ঘোষণা তেওঁৰ কবিতাৰ প্ৰধান সুৰ। এই প্ৰেম দেখা পাইছে দেৱদাসী আৰু বিষকন্যাত, প্ৰিয়তমাৰ খন্তেকীয়া একান্ত সান্নিধ্যত।"
    • ড° সত্যেন্দ্ৰনাথ শৰ্মা ২

তথ্যসূত্ৰ

  1. ↑ xahitya.org/debakanta_baruah_kobita/ ৰ পৰা আহৰণ কৰা হৈছে।
  2. ↑ গ্ৰন্থ:অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত; লেখক: ড° সত্যেন্দ্ৰনাথ শৰ্মা; দশম সংস্কৰণ:২০২২; প্ৰকাশন: সৌমাৰ প্ৰকাশ; পৃষ্ঠা:৩২৪।
  3. ↑ গ্ৰন্থ:সাগৰ দেখিছা; লেখক: দেৱকান্ত বৰুৱা; দশম সংস্কৰণ: এপ্ৰিল,২০১৯; প্ৰকাশন:ষ্টুডেণ্টচ্ ষ্টʼৰচ্।
  4. ↑ janambhumi.in/VFZSbk1FNTZTVDA9/%E0%A6%86%E0%A6%B ৰ পৰা আহৰণ কৰা হৈছে।

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থসংকলনকবিতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাগৰ দেখিছা (কবিতা সংকলন)” প্ৰবন্ধৰ সংশোধন ৩৮৫৯৪৯ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।