অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

সুস্থ দেহত সুস্থ মন

সুস্থ দেহত সুস্থ মন (Hustho Dehot Hustho Mon) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ স্বাস্থ্যবিষয়ক এখন প্ৰবন্ধ-সংকলন। গ্ৰন্থখন ২০১৪ চনৰ নৱেম্বৰ মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰথম প্ৰকাশ হয়। তেতিয়াৰ মূল্য আছিল ১১০ টকা।

হালনাগাদ: ২৩ মে’ ২০২১ ১৬৪ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

সুস্থ দেহত সুস্থ মন (Hustho Dehot Hustho Mon) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ স্বাস্থ্যবিষয়ক এখন প্ৰবন্ধ-সংকলন। গ্ৰন্থখন ২০১৪ চনৰ নৱেম্বৰ মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰথম প্ৰকাশ হয়। তেতিয়াৰ মূল্য আছিল ১১০ টকা। গ্ৰন্থখন লেখক বৰগোহাঞিয়ে ফকৰুদ্দিন আনচাৰীৰ সাতবছৰীয়া পুত্ৰ মোস্তাক আহমেদ আনচাৰীলৈ আগবঢ়াইছে।১

বিৱৰণ

কিতাপখনত ২৬ টা প্ৰবন্ধ আছে। সেইকেইটা হৈছে, 'শ্ৰেয় আৰু প্ৰেয়', 'দিনটো কেনেকৈ আৰম্ভ কৰা উচিত', 'সুস্বাস্থ্যৰ কাৰণে ধ্যান', 'নীৰৱতাৰ কাৰণে অলপ সময়', 'ৰোগৰ নিৰাময়ত কিতাপেও সহায় কৰিব পাৰে', 'মনৰ ৰহস্যময় শক্তি', 'শাৰীৰিক স্বাস্থ্য আৰু মানসিক শান্তি', 'ভাল স্বাস্থ্য', 'ৰোগ আৰু স্বাস্থ্য', 'টেলিভিছন আৰু স্বাস্থ্য', 'চৰিত্ৰ','চকুৰ বিষয়ে', 'আটাইতকৈ পুণ্যৰ কাম- দৃষ্টিদান', 'ছালৰ বিষয়ে', 'পেটৰ বিষয়ে', 'পানী-লগা জ্বৰৰ কথা', 'স্মৃতিশক্তিৰ বিষয়ে', 'আহাৰৰ পৰিমাণ,শৰীৰৰ প্ৰয়োজন', 'ডি এন এ', 'কেইজনমান ডাক্তৰৰ কথা', 'হাস্পতাল মানেই স্বাস্থ্য নহয়', 'হস্পিচ', 'হিপ্পক্ৰেটিছ', 'বিপথগামী সন্তান আৰু দায়িত্বহীন অভিভাৱক', 'আদৰ্শ পিতৃ-মাতৃ' আৰু 'মৃত্যুৰ মুহূৰ্তত মানুহৰ কোনো যন্ত্ৰণা নহয়'। ১

লেখকৰ চমু পৰিচয়

মূল প্ৰবন্ধ: হোমেন বৰগোহাঞি

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ (গ্ৰন্থ) গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।২ ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়।৩

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ হোমেন বৰগোহাঞি. (নৱেম্বৰ,২০১৪). সুস্থ দেহত সুস্থ মন. শ্ৰী অজয় কুমাৰ দত্ত
  2. ↑ Sahitya Akademi Official website
  3. ↑ Desk, Digital. (12 May 2021). Breaking: Eminent litterateur, journalist Homen Borgohain no more » News Live TV » Assam. News Live TV

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থপ্ৰবন্ধ গ্ৰন্থহোমেন বৰগোহাঞিৰ সাহিত্যৰাজি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুস্থ দেহত সুস্থ মন” প্ৰবন্ধৰ সংশোধন ২৭৮৪৭২ (২৩ মে’ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।