অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

সোণ হৰিণৰ চেঁকুৰ (গ্ৰন্থ)

সোণ হৰিণৰ চেঁকুৰ হৈছে অনুৰাধা শৰ্মা পূজাৰীৰ দ্বাৰা ৰচিত এখন উপন্যাস। উপন্যাসখন গ্ৰন্থাকাৰে প্ৰথম প্ৰকাশিত হয় ২০১২ চনৰ এপ্ৰিল মাহত। ইয়াৰ আগতে উপন্যাসখন প্ৰতিদিন কাকতৰ দেওবৰীয়া আলোচনী 'সম্ভাৰ'ত খণ্ড খণ্ডকৈ প্ৰকাশ পাইছিল।

হালনাগাদ: ২২ নৱেম্বৰ ২০২৩ ২২০ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

সোণ হৰিণৰ চেঁকুৰ হৈছে অনুৰাধা শৰ্মা পূজাৰীৰ দ্বাৰা ৰচিত এখন উপন্যাস। উপন্যাসখন গ্ৰন্থাকাৰে প্ৰথম প্ৰকাশিত হয় ২০১২ চনৰ এপ্ৰিল মাহত। ইয়াৰ আগতে উপন্যাসখন প্ৰতিদিন কাকতৰ দেওবৰীয়া আলোচনী 'সম্ভাৰ'ত খণ্ড খণ্ডকৈ প্ৰকাশ পাইছিল।১

কাহিনীৰ সাৰাংশ

উপন্যাসখনত লেখিকাই বৰ্তমান সময়ৰ বাস্তৱ জীৱনৰ চিৰাচৰিত ঘটনাৱলীক দাঙি ধৰিছে। তৰুণ প্ৰজন্মৰ প্ৰত্যাশা, ভাৱাবেশ, উচ্চাকাংক্ষা, হতাশা আদি প্ৰতিটো অনুভূতিকে সাৰ্থকভাৱে তুলি ধৰিছে। আমাৰ চলিত শিক্ষানীতি, মানু্হৰ মগজুৰ সংকীৰ্ণতা, শিক্ষক শিক্ষয়িত্ৰীৰ স্বজনপ্ৰীতি, উন্নতিৰ নামত নামহীন প্ৰতিযোগিতাৰ দৌৰত কিদৰে মোহাছন্ন হয় এচাম অভিভাৱক সেই সকলোবোৰ সামৰি সমাজখনৰ এক স্বৰূপ দাঙি ধৰিছে উপন্যাসত। আজিৰ শিক্ষাই শিক্ষাৰ্থীক টকা ঘটা যন্ত্ৰ হবলৈ, ৰেচৰ ঘোঁৰা হৈ নম্বৰ বুটলিবলৈ শিকাইছে, ডাক্তৰ হৈ ৰোগীৰ ফোন আহিব বুলি মোবাইল ফোনৰ চুইচ অফ কৰি থবলৈ শিকাইছে, ইঞ্জিনিয়াৰ হৈ দলং ৰাস্তা সকলোতে ফাঁকি দি ধনী হবলৈ শিকাইছে বিষয়া হৈ ৰিলিফৰ চাউল আত্মসাৎ কৰিবলৈ শিকাইছে, আৰক্ষী হৈ অপৰাধীক সুৰক্ষা দিবলৈ শিকাইছে, কিন্তু এজন খেতিয়ক হবলৈ, গায়ক বা গীটাৰবাদক হবলৈ শিকোৱা নাই। অভিজাত্যৰ ভেমত আত্মকেন্দ্ৰিক হৈ স্বাৰ্থপৰতাৰ কবলত পৰি চিঙি পেলোৱা হয় তেজৰ সম্পৰ্ক যাৰ ফলত হেৰুৱাই পেলায় জীৱনৰ ৰং। উপন্যাসখনত বৰ্ণিত প্ৰতিটো চৰিত্ৰই কঢ়িয়াই ফুৰিছে একো একোটা কাহিনী, যত আছে প্ৰতাৰণা, বিফলতা, দুৰ্যোগ কিন্তু তাৰ মাজতো আছে প্ৰেম, আশা, প্ৰতিশ্ৰুতি আৰু জীৱন।২ ৩ ৪

লেখক পৰিচিতি

মূল প্ৰবন্ধ: অনুৰাধা শৰ্মা পূজাৰী

অনুৰাধা শৰ্মা পূজাৰী, জন্ম ১৯৬৪ চন। অসমৰ এগৰাকী শিক্ষাবিদ, লেখিকা, সাংবাদিক আৰু সম্পাদক। ১৯৮৭ চনত তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সমাজশাস্ত্ৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৯৩ চনত কলিকতাৰ পৰা সাংবাদিকতাৰ পাঠ্যক্ৰম গ্ৰহণ কৰে।

তথ্যসূত্ৰ

  1. ↑ xahitya.org/%E0%A6%B8%E0%A7%8B%E0%A6%A3-%E0%A6%B ৰ পৰা আহৰণ কৰা হৈছে
  2. ↑ সোণ হৰিণৰ চেঁকুৰ, লেখিকা-অনুৰাধা শৰ্মা পূজাৰী, প্ৰকাশ- ২০১২, তৃতীয় প্ৰকাশ, প্ৰকাশন- চন্দ্ৰ প্ৰকাশ গুৱাহাটী।
  3. ↑ www.dailyassam.com/2021/02/son-harinar-chenkur.h ৰ পৰা আহৰণ কৰা হৈছে।
  4. ↑ as.time8.in/anuradha-sharma-pujari-win-2021-sahi ৰ পৰা আহৰণ কৰা হৈছে।

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থঅসমীয়া উপন্যাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোণ হৰিণৰ চেঁকুৰ (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৩৯৩০১৩ (২২ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।