অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

সাঁচিপাতৰ পুথি (উপন্যাস)

সাঁচিপাতৰ পুথি হৈছে ঔপন্যাসিক ত্ৰৈলোক্য ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত এখন বুৰঞ্জীমূলক উপন্যাস। গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হয় ১৯৭৩ চনত। গ্ৰন্থখনৰ ষষ্ঠ সংস্কৰণৰ মুঠ পৃষ্ঠা সংখ্যা-১৫২।

হালনাগাদ: ১৪ মে’ ২০২০ ২৬৫ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

সাঁচিপাতৰ পুথি হৈছে ঔপন্যাসিক ত্ৰৈলোক্য ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত এখন বুৰঞ্জীমূলক উপন্যাস।১ গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হয় ১৯৭৩ চনত। গ্ৰন্থখনৰ ষষ্ঠ সংস্কৰণৰ মুঠ পৃষ্ঠা সংখ্যা-১৫২। নগেন শইকীয়াৰ উপন্যাসখনৰ বিষয়ে কৈছে- ‘বুদ্ধদেৱৰ মৃত্যু’ ঔপন্যাসিকাৰে ষাঠিৰ দশকত আত্মপ্ৰকাশ কৰা ত্ৰৈলোক্য ভট্টাচাৰ্যৰ ‘সাঁচিপাতৰ পুথি’ক যুগোপন্যাস বুলিব পাৰি।২

বিষয়বস্তু

উনবিংশ শতিকাৰ অসমৰ সংকটপূৰ্ণ সময় এছোৱাক লৈ ‘সাঁচিপাতৰ পুথি’ ৰচনা কৰা হৈছে। অসমৰ সামাজিক আৰু ৰাজনৈতিক জীৱনক স্পৰ্শ কৰা আৰু ১৮৩৬- ১৮৫৭ৰ ভিতৰত সংঘটিত বিষয় ইয়াত পৰিৱেশন কৰা হৈছে। উপন্যাসখনত অন্তৰ্ভুক্ত বিষয়বস্তুক তিনিটা সৰু সৰু খণ্ডত ভাগ কৰা হৈছে। প্ৰথম খণ্ডত নাথান ব্ৰাউন, অলিভাৰ কট্টকে আদি কৰি আমেৰিকাৰ খ্ৰীষ্টিয়ান মিছনেৰীসকলে অসমীয়া ভাষা-সংস্কৃতিৰ উদ্ধাৰৰ হকে প্ৰদৰ্শন কৰা সহানুভূতিশীল মনোভাবৰ পৰিচয় দাঙি ধৰা হৈছে। দ্বিতীয় খণ্ড আৰম্ভ হৈছে ধৰ্মযাজক বণ্ড আৰু সেই সময়ৰ বিশিষ্ট অসমীয়া আনন্দৰাম ঢেকিয়াল ফুকনৰ। কথা বতৰাৰ মাজেদি। অসম আৰু অসমীয়াৰ হকে যুঁজ দিয়া আনন্দৰামৰ ব্যক্তিত্ব আৰু কোমল বয়সীয়া গুণাভিৰামৰ প্ৰতিশ্ৰুতিসম্পন্ন চৰিত্ৰৰ পৰিচয় প্ৰদান, আনন্দৰামৰ প্ৰতি আস্থাশীল কমিছনাৰ জেনকিন্সৰ সহানুভূতিশীলতা, অসমীয়া ভাষাৰ উন্নতিৰ বাবে মিছনেৰীসকলে গ্ৰহণ কৰা ব্যৱস্থাসমূহ আৰু ফলস্বৰূপে মিছনেৰীসকলৰ সৈতে শাসক দলৰ বিৰোধ এই খণ্ডৰ অন্তৰ্ভুক্ত হৈছে। তৃতীয় খণ্ডত আছে ১৮৫৭ চনত সংঘটিত চিপাহী বিদ্ৰোহৰ ঢৌৱে অসমৰ চিপাহী বেৰেকত সূচনা কৰা কাৰ্যকলাপৰ আভাস, চিপাহীৰ মাজত পাৰস্পৰিক ঈৰ্ষাই বিদ্ৰোহৰ আয়োজন ধ্বংস কৰিবলৈ সুযোগ উলিয়াই দিয়াৰ ইংগিত, ইংৰাজক খেদিবলৈ চেষ্টা কৰা অপৰাধত মণিৰাম দেৱান, পিয়লি বৰুৱা প্ৰমুখ্যে বীৰপুৰুষসকলক ধৰি আনি বিদ্ৰোহৰ বীজ সম্পূৰ্ণৰূপে মষিমূৰ কৰিবলৈ বিদেশী শাসকে গ্ৰহণ কৰা কঠোৰ মনোভাবৰ উল্লেখ। উপন্যাসখন ঐতিহাসিক তথ্যৰে সমৃদ্ধ, কল্পিত কাহিনীৰ প্ৰাধান্য আৰু সামাজিক জীৱনৰ বহল আলোচনা ইয়াত নাই। অসমৰ ভাষা-সংস্কৃতিক লৈ মিছনেৰী আৰু শাসক দলৰ মাজত উদ্ভৱ হোৱা সংঘাতক কেন্দ্ৰ কৰি বহুতো তথ্য উপন্যাসখনত সন্নিৱিষ্ট কৰা হৈছে।৩

চৰিত্ৰসমূহ

নাথান ব্ৰাউন, ছফিয়া ব্ৰাউন, মিঃ কট্টাৰ, অদ্ধেন্দু চক্ৰৱৰ্তী, দয়াৰাম, আনন্দৰাম ঢেকীয়াল ফুকন, গুণাভিৰাম বৰুৱা, জেনকিন্স চাহাব আদি।

তথ্যসূত্ৰ

  1. ↑ Indian Literature, Volume 31. Sähitya Akademi., 1988. পৃ. ১০
  2. ↑ সাঁচিপাতৰ পুথি, ষষ্ঠ সংস্কৰণ, দত্ত প্ৰকাশন, ২০১১, সাঁচিপাতৰ পুথি সম্পৰ্কে বিভিন্নজনৰ অভিমত
  3. ↑ এশ বছৰৰ অসমীয়া উপন্যাস, সম্পাদক- নগেন ঠাকুৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ দ্বাৰা সম্পাদিত জ্যোতি প্ৰকাশন, দ্বিতীয় প্ৰকাশ, পৃষ্ঠা-৩৬

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থঅসমীয়া উপন্যাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাঁচিপাতৰ পুথি (উপন্যাস)” প্ৰবন্ধৰ সংশোধন ২২৭৬১৯ (১৪ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।