অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

স্বাস্থ্য ৰক্ষাৰ সহজ নিয়ম (গ্ৰন্থ)

স্বাস্থ্য ৰক্ষাৰ সহজ নিয়ম (Swasthya Rakhyar Hohoj Niom) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন স্বাস্থ্য-বিষয়ক প্ৰবন্ধ সংকলন। কিতাপখন প্ৰকাশ কৰিছে ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনে। ২০০৮ চনত প্ৰথম প্ৰকাশ হোৱা কিতাপখনৰ ২০১৭ চনলৈকে সপ্তম সংস্কৰণ প্ৰকাশ পাইছে।

হালনাগাদ: ১২ জুলাই ২০২৩ ২৩৭ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

স্বাস্থ্য ৰক্ষাৰ সহজ নিয়ম (Swasthya Rakhyar Hohoj Niom) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন স্বাস্থ্য-বিষয়ক প্ৰবন্ধ সংকলন। কিতাপখন প্ৰকাশ কৰিছে ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনে। ২০০৮ চনত প্ৰথম প্ৰকাশ হোৱা কিতাপখনৰ ২০১৭ চনলৈকে সপ্তম সংস্কৰণ প্ৰকাশ পাইছে। এই গ্ৰন্থখন লেখক বৰগোহাঞিয়ে তেখেতৰ তিনিজন প্ৰিয় সহকৰ্মী গীতিমালিকা নেওগ,নন্দন প্ৰতিম শৰ্মা বৰদলৈ আৰু অনমিত্ৰ গগৈলৈ আগবঢ়াইছে।১

বিৱৰণ

কিতাপখন প্ৰধান তিনিটা অধ্যায়ত বিভক্ত। প্ৰথম অধ্যায়ত সাতটা, দ্বিতীয় অধ্যায়ত ষোল্লটা আৰু তৃতীয় অধ্যায়ত এটা প্ৰবন্ধ আছে। তাৰ পিছত পৰিশিষ্ট হিচাপে সংযোগ কৰিছে বাৰটা প্ৰাসংগিক প্ৰবন্ধ। প্ৰথম অধ্যায়ত থকা প্ৰবন্ধকেইটা হৈছে,'স্বাস্থ্য কি','স্বাস্থ্যৰ বিষয়ে লিখিবলৈ মোৰ নিজৰ যোগ্যতা কি?','স্বাস্থ্য কিয় লাগে', 'স্বাস্থ্যৰ যত্ন কেনেকৈ ল'ব লাগে (১)','স্বাস্থ্যৰ যত্ন কেনেকৈ ল'ব লাগে (২)','স্বাস্থ্য-পৰীক্ষাৰ দৰকাৰ' আৰু 'অভিজ্ঞ ডাক্তৰে কি কয়?'। দ্বিতীয় অধ্যায়ত আছে, 'আপুনি এতিয়া স্বাস্থ্য গঢ়াৰ কাম আৰম্ভ কৰিবলৈ সাজু হৈছে','চাৰিটা প্ৰধান উপায়','আহাৰ','ধনী মানুহৰ আহাৰ, দুখীয়া মানুহৰ আহাৰ','কি কি বস্তু কেতিয়াও নাখাব','কেনেকুৱা খাদ্য খাব','পনীৰ কথা','আহাৰ কেনেকৈ খাব?','স্বাস্থ্যৰ কাৰণে ব্যায়াম অপৰিহাৰ্য','গভীৰ উশাহ-নিশাহৰ উপকাৰিতা','টোপনিৰ বিষয়ে','নিদ্ৰাহীনতাৰ প্ৰতিকাৰ কি','স্বাস্থ্য আৰু যৌনতা','অধিক মাছত বগলী-কণা','বেমাৰ হ'লে কি কৰিব?' আৰু 'কেইটামান সাধাৰণ ৰোগ'। তৃতীয় অধ্যায়ত লিখিছে 'স্বাস্থ্যৰ বিষয়ে সততে মনত ৰাখিবলগীয়া কেইটামান সাধাৰণ কথা' শীৰ্ষক প্ৰবন্ধ। আনহাতে 'স্বাস্থ্য'ৰ সম্পাদক কেনেকৈ হ'লো,এটা জটিল ৰোগৰ সহজ চিকিৎসা,মদ আৰু স্বাস্থ্য,ষ্ট্ৰেছ নহ'লেও জীৱন চলে, পৰিষ্কাৰ হৈ থকাৰ প্ৰয়োজনীয়তা, স্বাস্থ্যৱান মানুহ, অৱসাদ জয় কৰাৰ উপায়,কলেষ্টেৰল,এলাৰ্জিৰ কথা, খোজ কঢ়াৰ বিষয়ে কিছু কথা, ডাক্তৰৰ কথা, আৰু চাবোনৰ কথা হৈছে পৰিশিষ্টত সংযোগ কৰা বাৰটা প্ৰবন্ধ। ১

লেখকৰ চমু পৰিচয়

মূল প্ৰবন্ধ: হোমেন বৰগোহাঞি

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ (গ্ৰন্থ) গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।২ ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়।৩

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ হোমেন বৰগোহাঞি. (জুন,২০১৭). স্বাস্থ্য ৰক্ষাৰ সহজ নিয়ম. শ্ৰী অজয় কুমাৰ দত্ত
  2. ↑ Sahitya Akademi Official website
  3. ↑ Desk, Digital. (12 May 2021). Breaking: Eminent litterateur, journalist Homen Borgohain no more » News Live TV » Assam. News Live TV

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থপ্ৰবন্ধ গ্ৰন্থহোমেন বৰগোহাঞিৰ সাহিত্যৰাজি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্বাস্থ্য ৰক্ষাৰ সহজ নিয়ম (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৩৭১৪৪৮ (১২ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।