অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

সাহিত্য আলোচনা

সাহিত্য আলোচনা এখন অসমীয়া গ্ৰন্থ। গ্ৰন্থখনৰ লেখক ত্ৰৈলোক্য নাথ গোস্বামী সাহিত্যৰ লগত জড়িত বিভিন্ন বিভিন্ন বিষয় সম্পৰ্কে আলোচনা কৰিছে। ৰস, অলংকাৰ, দৰ্শন, ট্ৰেজেডী, অস্তিত্ববাদ ইত্যাদি সম্পৰ্কে গ্ৰন্থখনত ৬টা অধ্যায়ত আলোচনা কৰিছে। গ্ৰন্থখনৰ প্ৰকাশক বাণী প্ৰকাশ,পাণবজাৰ,গুৱাহাটী।

হালনাগাদ: ৯ ছেপ্তেম্বৰ ২০২৩ ২৮১ শব্দ · ২ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

সাহিত্য আলোচনা এখন অসমীয়া গ্ৰন্থ। গ্ৰন্থখনৰ লেখক ত্ৰৈলোক্য নাথ গোস্বামী সাহিত্যৰ লগত জড়িত বিভিন্ন বিভিন্ন বিষয় সম্পৰ্কে আলোচনা কৰিছে। ৰস, অলংকাৰ, দৰ্শন, ট্ৰেজেডী, অস্তিত্ববাদ ইত্যাদি সম্পৰ্কে গ্ৰন্থখনত ৬টা অধ্যায়ত আলোচনা কৰিছে। গ্ৰন্থখনৰ প্ৰকাশক বাণী প্ৰকাশ,পাণবজাৰ,গুৱাহাটী। গ্ৰন্থখন প্ৰথম সংস্কৰণ প্ৰকাশ পাইছিল ১৯৬১ চনত। বৰ্তমানলৈকে গ্ৰন্থখনৰ ১০টা সংস্কৰণ প্ৰকাশ পাইছে।১

গ্ৰন্থকাৰৰ পৰিচয়

মূল প্ৰবন্ধ: ত্ৰৈলোক্য নাথ গোস্বামী

শ্ৰীত্ৰৈলোক্য নাথ গোস্বামীৰ জন্ম হৈছিল ১৯০৬ চনত নলবাৰী জিলাৰ অন্তৰ্গত নলবাৰী সত্ৰত। তেখেতৰ পিতাকৰ নাম আছিল যামিনীকান্ত গোস্বামী আৰু মাতৃৰ নাম আছিল অমৃতপ্ৰিয়া দেৱী। তেখেতে নলবাৰী গৰ্ডন হাইস্কুলৰ পৰা ১৯২৬ চনত মেট্ৰিক পাছ কৰে। ১৯৩২ চনত তেখেতে কটন কলেজৰ পৰা ইংৰাজী সাহিত্য বিষয়ত এম.এ ডিগ্ৰী লাভ কৰে। তেখেতৰ কৰ্মজীৱন আৰম্ভ হয় কলিকতাৰ অক্সফোৰ্ড ইউনিভাৰ্ছিটি প্ৰেছ নামৰ প্ৰকাশন প্ৰতিষ্ঠানটোত। পৰৱৰ্তী সময়ত বিভিন্ন শিক্ষানুষ্ঠানত শিক্ষকতা কৰাৰ পিছত কেইমাহমানৰ কাৰণে কটন কলেজৰ ইংৰাজী বিভাগত সহকাৰী অধ্যাপক হিচাপে নিযুক্ত হয়। তদুপৰি তেখেতে ছিলেটৰ মুৰাৰীচাঁদ কলেজত প্ৰায় তিনিবছৰ কাল সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত হৈ আছিল। পৰৱৰ্তী সময়ত ১৯৪৫ চনত নলবাৰী কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ হিচাপে যোগ দিয়ে আৰু ১৯৬৮ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে।১ আধুনিক গল্প সাহিত্য, নন্দনতত্ত্ব: প্ৰাচ্য আৰু পাশ্চাত্য, সাহিত্যকলা আৰু তাৰ বিচাৰ, চিন্তা তৰংগ আদি তেখেতৰ উল্লেখযোগ্য সাহিত্যকৰ্ম। তেখেত ১৯৬০ আৰু ১৯৬১ চনৰ অসম সাহিত্য সভাৰ পলাশবাৰী আৰু গোৱালপাৰা অধিৱেশনৰ সভাপতি আছিল।

গ্ৰন্থখনৰ অন্তৰ্ভাগ

  • প্ৰথম অধ্যায়

এই অধ্যায়ত সাহিত্য, সাহিত্য আৰু সমাজ, শব্দশক্তি সম্পৰ্কে আলোচনা কৰিছে।

  • দ্বিতীয় অধ্যায়

এই অধ্যায়ত সংস্কৃত অলংকাৰ শাস্ত্ৰৰ বিভিন্ন মতবাদ আৰু কাব্যৰ আত্মা সম্পৰ্কে আলোচনা কৰিছে।

  • তৃতীয় অধ্যায়

এই অধ্যায়ত গদ্য আৰু পদ্য, জীৱনৰ ওপৰত কবিতাৰ প্ৰভাৱ, কলা,কবিতা আৰু ধৰ্ম সম্পৰ্কে আলোচনা কৰিছে।

  • চতুৰ্থ অধ্যায়

এই অধ্যায়ত নাটক, নাট্যৰস, ট্ৰেজেডী,আধুনিক পাশ্চাত্য নাট্য সাহিত্য, এবছাৰ্ড নাটক আৰু অস্তিত্ববাদ সম্পৰ্কে আলোচনা কৰিছে।

  • পঞ্চম অধ্যায়

এই অধ্যায়ত উপন্যাস আৰু চুটিগল্প সম্পৰ্কে আলোচনা কৰিছে।

  • ষষ্ঠ অধ্যায়

এই অধ্যায়ত সমালোচনা, প্ৰাচীন আৰু আধুনিক সাহিত্য, আধুনিক সাহিত্যৰ দৃষ্টিভংগী আদি বিষয় সম্পৰ্কে আলোচনা কৰিছে।

তথ্যসূত্ৰ

  1. ↑ ত্ৰৈলোক্য নাথ গোস্বামী. (২০১৮). সাহিত্য আলোচনা. ISBN ৮১-৭৬৪৩-০০৯-৯

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাহিত্য আলোচনা” প্ৰবন্ধৰ সংশোধন ৩৭৭৪০০ (৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।