সাত ভাই চম্পা বাংলা ভাষাৰ এটা জনপ্ৰিয় সাধুকথা। ১৯০৭ চনত দক্ষিণৰঞ্জন মিত্ৰ মজুমদাৰৰ ঠাকুৰমাৰ ঝুলী নামৰ সাধুকথা পুথিখনত এই গল্পটো আনুষ্ঠানিকভাৱে প্ৰথম প্ৰকাশ পায়। সাহিত্যৰ নোবেল বঁটা বিজয়ী ৰবীন্দ্ৰনাথ ঠাকুৰে এই গ্ৰন্থখনৰ প্ৰস্তাৱনা লিখিছিল। গল্পটো বিষ্ণু দেই ১৯৪৪ চনত সাত ভাই চম্পা নামেৰে বিতংভাৱে পুনৰ প্ৰকাশ কৰে৷১ সাত ভাই চম্পাৰ কাহিনীৰ আধাৰত কেইবাখনো বাংলা চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছিল। ব্ৰিটিছ ফিল্ম ইনষ্টিটিউটে ১৯৬৮ চনত মুক্তি পোৱা সাত ভাই চম্পা ছবিখনক সৰ্বকালৰ দহখন শ্ৰেষ্ঠ বাংলা ছবিৰ ভিতৰত স্থান দিছে।২
চলচ্চিত্ৰ
সাত ভাই চম্পা (১৯৬৮)
১৯৬৮ চনত পূব পাকিস্তানৰ যুগত এইখন চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছিল। দিলীপ ছমৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে কবৰি আৰু খান আতাউৰ ৰহমানে। ব্ৰিটিছ ফিল্ম ইনষ্টিটিউটে এই ছবিখনক সৰ্বকালৰ দহখন শ্ৰেষ্ঠ বাংলা ছবিৰ ভিতৰত স্থান দিছিল।২
সাত ভাই চম্পা (১৯৭৮)
১৯৭৮ চনত ভাৰতৰ পশ্চিম বংগত নিৰ্মিত এই ছবিখন। চিত্ৰস্বৰ্থীয়ে পৰিচালনা কৰা ছবিখনৰ সংগীত পৰিচালক আছিল ৰগুনাথ দাস। ছবিখনত অভিনয় কৰিছে বিশ্বজিৎ, সন্ধ্যা ৰায়, গীতা কৰ্মকাৰ, মৃণাল মুখাৰ্জী, বিশ্বনাথ চেটাৰ্জী আৰু চন্দা চেটাৰ্জীয়ে।
সাত ভাই চম্পা (১৯৯৪)
বাংলাদেশত নিৰ্মিত এই ছবিখন ১৯৬৮ চনত নিৰ্মিত এখন ছবিৰ পুনৰ্নিৰ্মাণ।
শিল্পকৰ্ম
গগনেন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা অংকিত সাত ভাতৃ চম্পা চিত্ৰকৰ্মক সমসাময়িক ভাৰতীয় চিত্ৰকলাৰ এক মাষ্টাৰপিছ বুলি গণ্য কৰা হয়।৩
ধাৰাবাহিক
সাত ভাই চম্পা (২০১৭ চনৰ ভাৰতীয় টিভি ধাৰাবাহিক)
২০১৭ চনৰ ২৭ নৱেম্বৰৰ পৰা জি বাংলাত প্ৰচাৰ আৰম্ভ হৈছিল এই ধাৰাবাহিকখন। ধাৰাবাহিকখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে প্ৰমিতা চক্ৰৱৰ্তী, সুদীপ্ত বেনাৰ্জী, আৰু সোণালী চৌধুৰীয়ে৷ ইয়াক হিন্দীত সুৰবীৰ চিচটাৰ বুলি ডাব কৰা হৈছিল আৰু বিগ মেজিকত প্ৰচাৰ কৰা হৈছিল। ২০১৯ চনৰ ৩ মাৰ্চত ইয়াৰ সম্প্ৰচাৰ সমাপ্ত হয়।
সাত ভাই চম্পা (২০১৮ চনৰ বাংলাদেশী টিভি ধাৰাবাহিক)
২০১৮ চনৰ ২৮ ফেব্ৰুৱাৰীৰ পৰা চেনেল আইত প্ৰচাৰ আৰম্ভ হয় এই ধাৰাবাহিকখন। ইয়াৰ পৰিচালক হৈছে ৰিপন নাগ। বাংলাদেশৰ এইখন প্ৰথম মেগা ছিৰিজ। ২০১৯ চনৰ ৫ মাৰ্চত ১৪৫ সংখ্যক খণ্ডৰ সৈতে ধাৰাবাহিকখনৰ সামৰণি পৰে।
তথ্যসূত্ৰ
- ↑ 0. Sat Bhai Champa
- ↑ (2007-07-17). Top 10 Bangladeshi Films. ব্ৰিটিছ ফিল্ম ইনষ্টিটিউট
- ↑ 0. Academy of Fine Arts
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাত ভাই চম্পা” প্ৰবন্ধৰ সংশোধন ৪৮৮৯৯৭ (৮ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।