অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (ইংৰাজীত চমুকৈ AJYCP) অসমৰ এক যুৱ-ছাত্ৰ সংগঠন। অসমৰ জটিল জনগাঁথনিৰ পটভূমিত শোষণ,নিপীড়ন আৰু প্ৰবঞ্চনাৰ পৰা অসমৰ জনসাধাৰণক মুক্ত কৰিৱলৈ এক উমৈহতীয়া সংগ্ৰামী সত্ত্বাৰ প্ৰয়োজন আছিল। তেনে এক চিন্তাৰ উন্মেষ ঘটাই অসমৰ এজাক যুৱক যুৱতীয়ে ১৯৭৮ চনৰ ১২মাৰ্চত গুৱাহাটীৰ নবীন চন্দ্ৰ বৰদলৈ প্ৰেক্ষাগৃহত অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন, পূৰ্ণ স্বায়ত্ব শাসনপ্ৰদান আৰু দ্বি-নাগৰিকত্বৰ দাবীৰে ঐতিহ্যমণ্ডিত অসমীয়া জাতিক কেওফালৰ পৰা সুৰক্ষা কৱচ পিন্ধাই এখন,সুস্থ সৱল আৰু নিকা সমাজ মূলতঃ সুন্দৰ অসম গঢ়া প্ৰতিশ্ৰুতিৰ প্ৰতিজ্ঞাবদ্ধৰে সংগঠিত হৈ জন্ম দিছিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদক।
প্ৰতীক
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতীক হ’ল- বৰ অসমৰ(পূৰ্বাঞ্চলৰ ৭খন প্ৰদেশৰ) মানচিত্ৰখন আৰু এই মানচিত্ৰখনৰ সোঁমাজত পশ্চিম মুৱাকৈ থকা এটা গঁড়ৰ ছবি। মূল মানচিত্ৰখন আবৰি থকাকৈ দুটা কলা বৃত্তৰ মাজত ওপৰফালে "জয় আই অসম" আৰু তলৰ ফালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বুলি অসমীয়া হৰফত লিখা থাকে।১
প্ৰতীকৰ তাত্পৰ্য
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতীকটোৱে এটা তাত্পৰ্য বহন কৰে- (ক) প্ৰতীকটোত থকা গঁড়টোক অসমীয়া জাতিৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ গৌৰৱ তথা শান্তিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। (খ) প্ৰতীকৰ অবিভক্ত অসমৰ মানচিত্ৰখনত ব্যৱহৃত সেউজীয়া ৰঙে ঐতিহ্যমণ্ডিত অসম আৰু বৃহত্ অসমীয়াৰ জাতিসত্তাৰ সামজিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু প্ৰাকৃতিক সমৃদ্ধিক বুজায়। (গ)মানচিত্ৰৰ ব্ৰহ্মপুত্ৰ নদে চিৰ প্ৰবহমান অসমীয়া সংস্কৃতি আৰু বিভিন্ন জাতি-উপজাতিৰ সংমিশ্ৰণত গঢ়লৈ উঠা বৃহত্ অসমীয়া জতিসত্তাৰ সংহতিক বুজায়।১
দাবী সমূহ
১)অসমত শীঘ্ৰেই পূৰ্ণ স্বায়ত্ত শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰক।
২)অসমত অতি শীঘ্ৰে আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰক।
৩)অসমত দ্বি নাগৰিকত্ব ব্যৱস্থা প্ৰৱৰ্তন কৰক।
৪)অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাবে ঘোষণা কৰক।
৫)চাহৰ মূখ্য কাৰ্যালয় অসমত স্থাপন কৰক।
৬)অসমৰ ভূমি নীতিৰ আমূল পৰিৱৰ্তন আৰু খনিজ সম্পদৰ ওপৰত অধিকাৰ সাব্যস্ত কৰক।
তথ্যসূত্ৰ
- ↑ সংবিধান (অ.জা.যু.ছা.প.)৩ নং ধাৰা. অসম জাতীয়তাবদী যুৱ ছাত্ৰ পৰিষদ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ” প্ৰবন্ধৰ সংশোধন ৫২৯৮৮৯ (২ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।