বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়(Bineswar Brahma Engineering College) অসম চৰকাৰৰ দ্বাৰা ২০০৮ চনত কোকৰাঝাৰ জিলাত প্ৰতিষ্ঠা কৰা হয়। ২০০৬ চনত অসম চৰকাৰে কোকৰাঝাৰত এখন অভিযান্ত্ৰিক মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হ'ব বুলি ঘোষণা কৰিছিল। সেইমৰ্মে ২০০৮ চনৰ ১৬ আগষ্ট তাৰিখে অসমৰ মুখ্যমন্ত্ৰী শ্ৰী তৰুণ গগৈ ডাঙৰীয়াই কোকৰাঝাৰ চহৰৰ পৰা ৫ কিঃমিঃ নিলগত চন্দ্ৰপাৰা গাঁৱত বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। মহাবিদ্যালয়খনৰ নামাকৰণ বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিনেশ্বৰ ব্ৰহ্মৰ নামত কৰা হয়। এই অভিযান্ত্ৰিক মহাবিদ্যালয়খন AICTE (All India Council for Technical Education)-ৰ মান্যতাপ্ৰাপ্ত১। এই প্ৰতিষ্ঠানটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ।
অৱস্থান আৰু পৰিবহণ
বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয় কোকৰাঝাৰ চহৰৰ পৰা ৫ কিঃমিঃ নিলগৰ চন্দ্ৰপাৰা গাঁৱত অৱস্থিত।
শিক্ষা
মহাবিদ্যালয়ত নিম্নোক্ত শাখাসমূহত শিক্ষা আৰু স্নাতক ডিগ্ৰী প্ৰদান কৰা হয়
অভিযান্ত্ৰিক পাঠ্যক্ৰম
| বিষয় | সময় | আসন |
|---|---|---|
| ৰসায়নিক অভিযান্ত্ৰিক ( ৰাসায়নিক অভিযান্ত্ৰিকী) | ৪ বছৰ | ৬০ |
| বৈদ্যুতিক অভিযান্ত্ৰিক ( বৈদ্যুতিক অভিযান্ত্ৰিকী) | ৪ বছৰ | ৬০ |
উৎসৱ
ইয়াত " Technisia " নামৰ বাৰ্ষিক উৎসৱৰ আয়োজন কৰা হয়। ৰাজ্যৰ বিভিন্ন স্থানৰ ছাত্ৰ-ছাত্ৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। ইয়াত মূলতঃ প্ৰযুক্তি আৰু কলা-সংস্কৃতিৰ লগত জড়িত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াৰ উপৰিও ইয়াত নিয়মিতভাৱে "আলোচনাচক্ৰ", "ৰ'বটিক কৰ্মশালা" আৰু বাৰ্ষিক মহাবিদ্যালয় সপ্তাহ অনুষ্ঠিত হয়।
ট্ৰেইনিং আৰু প্লেচমেন্ট
মহাবিদ্যালয়ৰ প্ৰশিক্ষণ আৰু সংস্থাপন কোষে ছাত্ৰ-ছাত্ৰীৰ ইন্টাৰ্ণশ্বিপ ট্ৰেইনিং আৰু কেম্পাচ ইন্টাৰভিউসমূহ চোৱাচিতা কৰে। মহাবিদ্যালয়ে ছাত্ৰ-ছাত্ৰীৰ সংস্থাপনৰ ক্ষেত্ৰত উল্লেখযোগ্য সাফল্য দেখুৱাইছে।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৩৮২০৯৫ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।