মিছ ইণ্টাৰনেশ্যনেল (ইংৰাজী ভাষা: Miss International; মিছ ইণ্টাৰনেশ্যনেল বিউটি বা দ্য ইণ্টাৰনেশ্যনেল বিউটি পেজেণ্ট) হ’ল ইণ্টাৰনেশ্যনেল কালচাৰেল এছ'চিয়েশ্যনৰদ্বাৰা আয়োজিত জাপান ভিত্তিক এখন আন্তঃৰাষ্ট্ৰীয় প্ৰধান সৌন্দৰ্য প্ৰতিযোগিতা। ১৯৬০ চনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰা বিজয়ীৰ সংখ্যাৰফালৰপৰা বিশ্বৰ চতুৰ্থ বৃহত্তম সৌন্দৰ্য প্ৰতিযোগিতা।১২৩
মিছ ৱৰ্ল্ড, মিছ ইউনিভাৰ্ছ আৰু মিছ আৰ্থৰ সৈতে এই প্ৰতিযোগিতাখনো বিশ্বৰ চাৰিখন প্ৰধান সৌন্দৰ্য প্ৰতিযোগিতাৰ অন্যতম।৪ মিছ ইণ্টাৰনেশ্যনেল সংস্থা আৰু ইয়াৰ ব্ৰেণ্ডটো বৰ্তমান (১৯৬৮ চনৰ পৰা) ইণ্টাৰনেশ্যনেল কালচাৰেল এছ'চিয়েশ্যন আৰু মিছ পেৰিছ গ্ৰুপৰ মালিকানাধীন। এই প্ৰতিযোগিতাত ব্যৱহৃত মুকুটটো মিকিমোটো পাৰ্ল কোম্পানীয়ে যোগান ধৰে।
২০২০ আৰু ২০২১ চনত ক’ভিড-১৯ মহামাৰীৰ বাবে এই প্ৰতিযোগিতাখন বাতিল কৰা হৈছিল।৫
বৰ্তমানৰ মিছ ইণ্টাৰনেশ্যনেল হ’ল কলম্বিয়াৰ কেটেলিনা ড্যুক, যাক ২০২৫ চনৰ ২৭ নৱেম্বৰত জাপানৰ টকিঅ’ত মুকুট পিন্ধোৱা হৈছিল।
ইতিহাস
১৯৬০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ লং বীচত মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাখন ফ্ল’ৰিডাৰ মায়ামি বীচলৈ স্থানান্তৰিত হোৱাৰ পিছত মিছ ইণ্টাৰনেশ্যনেল প্ৰতিযোগিতাখনৰ সৃষ্টি কৰা হৈছিল।৬৭ ১৯৬৭ চনলৈকে লং বীচত অনুষ্ঠিত হোৱাৰ পিছত ১৯৬৮ চনৰপৰা ১৯৭০ চনলৈকে এই প্ৰতিযোগিতাখন জাপানলৈ স্থানান্তৰিত কৰা হয় আৰু প্ৰতি বছৰে এক্সপো '৭০ৰ সৈতে একেখন চহৰতে ইয়াৰ আয়োজন কৰা হয়। ১৯৭১ চনত পুনৰ লং বীচত ইয়াৰ আয়োজন কৰা হৈছিল, কিন্তু তাৰ পিছৰপৰা ২০০৩ চনলৈকে ইয়াক প্ৰতি বছৰে জাপানতে অনুষ্ঠিত কৰা হৈছিল। ২০০৪ চনৰপৰা ইয়াক চীন বা জাপানত অনুষ্ঠিত কৰা হয়।৮ ১৯৬০ চনত এই প্ৰতিযোগিতাৰ প্ৰথমগৰাকী বিজয়ী আছিল কলম্বিয়াৰ ষ্টেলা মাৰ্কেজ।
তাৰ পিছৰেপৰা জাপান আয়োজক দেশ হৈ পৰে আৰু এই প্ৰতিযোগিতাখন বেছিভাগেই শৰৎ কালত অক্টোবৰ বা নৱেম্বৰ মাহত জাপানত অনুষ্ঠিত হৈ আহিছে। এই প্ৰতিযোগিতাখনক "মিছ ইণ্টাৰনেশ্যনেল বিউটি" বুলিও কোৱা হয়।৯ প্ৰতিযোগিতাখনৰ মূল লক্ষ্য হ’ল এনে এক পৃথিৱী গঢ়ি তোলা য’ত মহিলাই ইতিবাচকতা, অভ্যন্তৰীণ শক্তি আৰু স্বকীয়তাৰে জীয়াই থাকিব পাৰে। মিছ ইণ্টাৰনেশ্যনেলৰ শ্লোগান হ’ল "আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ত জাপানৰ সঠিক বুজা-বুজি" আৰু "পাৰস্পৰিক বুজা-বুজিৰ জৰিয়তে বিশ্ব শান্তিৰ উপলব্ধি।" শেহতীয়াকৈ ই "চিয়াৰ অল উইমেন" (Cheer All Women) শ্লোগানটোও গ্ৰহণ কৰিছে।১০৮
২০১২ চনৰ মিছ ইণ্টাৰনেশ্যনেল জাপানৰ ইকুইমি য়োশিমাতছুৱে তেওঁৰ উত্তৰাধিকাৰীক মুকুট পিন্ধাবলৈ সক্ষম হোৱা নাছিল। এটা টেলেণ্ট এজেন্সীৰ সৈতে হোৱা সংঘাতৰ বাবে তেওঁৰ নিৰাপত্তা বিঘ্নিত হোৱাৰ ভাবুকি আহিছিল; তাৰ পৰিৱৰ্তে ২০০৮ চনৰ মিছ ইণ্টাৰনেশ্যনেল আলেকজান্দ্ৰা এণ্ড্ৰেউৱে ফিলিপাইনছৰ বিয়া চান্তিয়াগোক ২০১৩ চনৰ মিছ ইণ্টাৰনেশ্যনেল হিচাপে মুকুট পিন্ধাইছিল।১১ সংস্থাটোক সমালোচনা কৰা হৈছিল কাৰণ তেওঁলোকে য়োশিমাতছুক উত্তৰাধিকাৰী অনুষ্ঠানত অংশ নল’বলৈ আৰু জাপানৰ এটা প্ৰডাকচন হাউচৰ সৈতে হোৱা বিতৰ্ক এৰাবলৈ "বেমাৰৰ ভাও ধৰি মনে মনে থাকিবলৈ" কৈছিল বুলি অভিযোগ উত্থাপন হৈছিল।২ ২০১৭ চনত ইণ্ডোনেছিয়াৰ কেভিন লিলিয়ানা জুনেডি মিছ ইণ্টাৰনেশ্যনেল জয় কৰা প্ৰথমগৰাকী মুছলমান মহিলা হিচাপে পৰিগণিত হয়।১২ ২০২০ আৰু ২০২১ বৰ্ষৰ প্ৰতিযোগিতাখন ক’ভিড-১৯ মহামাৰীৰ বাবে ৬৬ চনৰ পিছত দ্বিতীয় আৰু তৃতীয়বাৰৰ বাবে বাতিল কৰা হয়।১৩
শেহতীয়া খিতাপধাৰীসকল
| সংস্কৰণ | বৰ্ষ | প্ৰতিনিধিত্বকাৰী দেশ | মিছ ইণ্টাৰনেশ্যনেল | ৰাষ্ট্ৰীয় খিতাপ | স্থান | অংশগ্ৰহণকাৰীৰ সংখ্যা |
|---|---|---|---|---|---|---|
| ৫৯তম | ২০১৯ | চিৰিথৰ্ন লীয়ামৱাট | মিছ থাইলেণ্ড ২০১৯ | টকিঅ', জাপান | ৮৩ | |
| ২০২০ — ২০২১ | ক’ভিড-১৯ মহামাৰীৰ বাবে প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নাছিল | |||||
| ৬০তম | ২০২২ | জেচমিন চেলবাৰ্গ | মিছ ইণ্টাৰনেশ্যনেল জাৰ্মানী ২০২২ | টকিঅ', জাপান | ৬৬ | |
| ৬১তম | ২০২৩ | আন্দ্ৰিয়া ৰুবিঅ' | মিছ ভেনিজুৱেলা ইণ্টাৰনেশ্যনেল ২০২২ | চিবুয়া, টকিঅ', জাপান | ৭০ | |
| ৬২তম | ২০২৪ | হুয়াইন থি থান থুই | মিছ ভিয়েটনাম ২০২২ | টকিঅ', জাপান | ৭১ | |
| ৬৩তম | ২০২৫ | কেটেলিনা ড্যুক | মিছ কলম্বিয়া ২০২৪ | টকিঅ', জাপান | ৮০ |
মুকুটসমূহ
মিছ ইণ্টাৰনেশ্যনেলৰ মুকুটৰ গেলেৰী
- লং বীচ পাৰ্ল ক্ৰাউন (২০২২–বৰ্তমান) – এই মুকুটটো মিছ ইণ্টাৰনেশ্যনেল সংস্থাৰ অধিকাৰিক মুকুট স্পনছৰ লং বীচ পাৰ্লৰ প্ৰতিষ্ঠাপক বুই থি মাই কানহে ডিজাইন কৰিছিল। ২০২২ চনৰপৰা এই মুকুটটো ব্যৱহাৰ কৰা হৈছে। ২০২২ চনৰ মিছ ইণ্টাৰনেশ্যনেলৰ এই মুকুটটোৰ মূল বিষয়-বস্তু হ'ল বসন্তৰ সূৰ্য্যক আদৰণি জনোৱা 'চেৰী ব্লচম' (Cherry Blossoms)। ই বিশ্বাস আৰু ইতিবাচকতাৰ সৌন্দৰ্যক প্ৰতিধ্বনিত কৰে। চেৰী ব্লচম জাপানৰ এক প্ৰতীক, যি দেশখনৰ আধ্যাত্মিকতা, শক্তি আৰু সংস্কৃতিক প্ৰতিনিধিত্ব কৰে। ইয়াৰ উপৰি ই নম্ৰতা আৰু শান্তিৰে সহৱস্থান কৰাৰ ইচ্ছাৰো প্ৰতীক। এই ডিজাইনটোত ৩৩৩টা বিশুদ্ধ বগা মুুকুতা ব্যৱহাৰ কৰা হৈছে, যি ফুটি উঠা ফুলৰ কলিৰ প্ৰতীক। এই সংখ্যাটোৱে ভাগ্য আৰু দীৰ্ঘায়ুও সূচায়। মুকুটটোত ১৯৬০টা বগা ৰত্ন খটোৱা হৈছে—যি মিছ ইণ্টাৰনেশ্যনেল প্ৰতিযোগিতা প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা বৰ্ষটোক বুজায়।১৪
- মিকিমোটো মুকুট (১৯৭০–১৯৯৮; ২০১৫–২০১৯) – এই মুকুটটো মিকিমোটো কোম্পানীৰ হৈ টমোহিৰো ইয়ামাজীয়ে ডিজাইন কৰিছিল। ইয়াত ৫ ৭৫.৩১ গ্ৰাম সোণ আৰু ৬৫০টা দক্ষিণ সাগৰীয় তথা আকোয়া মুুকুতা ব্যৱহাৰ কৰা হৈছে। ইয়াৰ অনুমাণিক মূল্য ৩,৫০,০০০ আমেৰিকান ডলাৰ। জাপানৰ মিকিমোটো পাৰ্ল আইলেণ্ডত এই মুকুটটো তৈয়াৰ কৰা হৈছিল। এই সংগ্ৰহটোত ৰানাৰ্ছ আপসকলৰ বাবে ৪টা সৰু টিয়ৰাও আছে। থাইলেণ্ডৰ চিৰিথৰ্ন লীয়ামৱাটে ২০১৯ চনত এই মুকুটটো ব্যৱহাৰ কৰাৰ পাছত ইয়াক অৱসৰ দিয়া হয়।১৫
- কাপল অৱ হৰ্চেজ ক্ৰাউন (১৯৯৯–২০০৫; ২০০৭–২০১৪) – এই মুকুটটো ১৯৯৯ চনৰপৰা ২০০৫ চনলৈ আৰু ২০০৭ চনৰপৰা ২০১৪ চনলৈ ব্যৱহাৰ কৰা হৈছিল। মিকিমোটো মুকুটৰ দৰেই এইটোও টমোহিৰো ইয়ামাজীয়ে ডিজাইন কৰিছিল। এই মুকুটটোত এযোৰ ঘোঁৰাৰ প্ৰতীকী ডিজাইন আৰু ৫৩০টা মুুকুতা আছিল। পোয়েৰ্টো ৰিকোৰ ভেলেৰী হাৰ্নাণ্ডেজে ২০১৫ চনত ইয়াক ব্যৱহাৰ কৰাৰ পাছত এই মুকুটটো অৱসৰ দিয়া হয়।১৬
- ক্ৰিষ্টেল ক্ৰাউন (২০০৬) – ইয়াক মাকি ডায়মণ্ড টিয়ৰা বুলিও জনা যায়। ২০০৬ চনত ভেনিজুৱেলাৰ ডেনিয়েলা ডি গিয়াকোমোৱে মিছ ইণ্টাৰনেশ্যনেল খিতাপ জিকাৰ সময়ত এই মুকুটটো ব্যৱহাৰ কৰা হৈছিল। তেৱেঁই আছিল এই মুকুট পিন্ধা একমাত্ৰ বিজয়ী। বগা আৰু হালধীয়া সোণৰ সংমিশ্ৰণত নিৰ্মিত এই মুকুটটোত ১০০০তকৈও অধিক বহুমূলীয়া পাথৰ খটোৱা আছিল আৰু ইয়াৰ মূল্য আছিল ১,৫০,০০০ আমেৰিকান ডলাৰ।১৭
আৰু চাওক
অধিক পঢ়ক
- (14 October 2015). Miss International Trivia: Surprising Facts And Controversies. Yibada
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (21 October 2008). MOFA examines beauty contest's 'belittling'. China Post
- ↑ Adelstein, Jake. First lady scrutinizes blackballing of beauty queen. The Japan Times
- ↑ Kerongo, Grace. (10 November 2015). Kenyan Beauty Crowned Miss International in Tokyo. All Africa
- ↑ Enriquez, Amee. (2 February 2014). Beauty Pageant Basics. BBC
- ↑ (31 August 2021). Miss International 2021 moved to 2022. CNN Philippines
- ↑ (13 August 1960). 6th place winner low-rates Miami. The Miami News
- ↑ (22 August 1959). May settle dispute over beauty pageant. Lewiston Evening Journal
- ↑ History of Miss International. Miss-International.org
- ↑ (14 August 1965). Miss Germany Tops Beauties. The Hartford Courant
- ↑ (26 April 2020). About Miss International. Miss International
- ↑ (16 December 2013). Japanese Miss International files stalking charges against talent agent. South China Morning Post
- ↑ (14 November 2017). Indonesia's Kevin Lilliana wins Miss International 2017. The Jakarta Post
- ↑ Yokohama y Tokio, sedes para el Miss International 2020 que será el 21 de octubre. Telemetro
- ↑ (5 November 2022). Việt Nam được chọn sáng tạo, chế tác vương miện Hoa hậu Quốc tế. Báo Thanh Niên
- ↑ (14 July 2019). Aurora Pijuan's 1970 Miss International Mikimoto tiara-crown up for auction. Lifestyle Inquirer
- ↑ (9 April 2020). When Japan won its first Miss International crown – and the lingering controversy that followed. normannorman.com
- ↑ Pageant Almanac Retrieved on 11 April 2008
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিছ ইণ্টাৰনেশ্যনেল” প্ৰবন্ধৰ সংশোধন ৫৯৯৬৮২ (২ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।