সৈনিক স্কুল, গোৱালপাৰা (Sainik School, Goalpara) হৈছে অসমৰ এখন সামৰিক বিদ্যালয়। ১৯৬৪ চনৰ ১২ নৱেম্বৰত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনত ইয়াক প্ৰতিষ্ঠা কৰা হয়। এই বিদ্যালয়খন এখন আৱাসিক বিদ্যালয়।
ইয়াত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পাঠদান দিয়া হয়। বিদ্যালয়ত ছাত্ৰৰ নামভৰ্তি ষষ্ঠ আৰু নৱম শ্ৰেণীত কৰা হয়। প্ৰত্যক শ্ৰেণীত প্ৰায় ৯০ জনকৈ ছাত্ৰ আছে। ইয়াত ছাত্ৰসকলক শাৰীৰিক তথা মানসিকভাৱে নেচনেল ডিফেঞ্চ একাডেমী। পৰীক্ষাৰ বাবে প্ৰস্তুত কৰা হয়। বৰ্তমানলৈকে ২০০ৰো অধিক ছাত্ৰয়ে এন.ডি.এ.ত ভৰ্তি হৈছে। ইয়াৰ উপৰিও প্ৰায় ৫০০ জন ছাত্ৰ CDSৰ দৰে পৰীক্ষাত উত্তীৰ্ণ হৈ ভাৰতীয় সামৰিক বাহিনীত ভৰ্তি হৈছে।
লক্ষ্য
বিদ্যালয়খনৰ মূল উদ্দেশ্য হৈছে:
- শাৰীৰিক তথা মানসিকভাৱে সকলো দিশৰ পৰাই ছাত্ৰসকলৰ ব্যক্তিত্বৰ বিকাশ সাধন কৰা।
- To remove regional imbalance in officer cadre of Defance services
- To Develop qualities of body,mind and character
- To bring public school education within the reach ofcommon man
প্ৰতিষ্ঠা
১৯৬১ চনত সেই সময়ৰ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ভি. কে. মেননে সৈনিক বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ কথা উত্থাপন কৰে। প্ৰথমতে সমগ্ৰ ভাৰতত ১৮খন সৈনিক স্কুল প্ৰতিষ্ঠা কৰা হয়। ১৯৬৪ চনৰ ১২ নৱেম্বৰত অসমৰ গোৱালপাৰা জিলাত এই বিদ্যালয়খন স্থাপন কৰা হয়।
অৱস্থান আৰু পৰিবহন
সৈনিক স্কুল, গোৱালপাৰা ভাৰতৰ উত্তৰ-পূব অঞ্চলত অৱস্থিত। এই অঞ্চলৰ মণিপুৰৰ ইম্ফালত অন্য এখন সৈনিক স্কুল প্ৰতিষ্ঠা কৰা হৈছে। এই বিদ্যালয়খন গোৱালপাৰা চহৰৰ পৰা প্ৰায় ১৮ কিঃমিঃ দূৰত্বত অৱস্থিত।১ ইয়াৰ নিকটৱৰ্তী ৰেল ষ্টেশ্যন হৈছে গোৱালপাৰা। দূৰত্ব প্ৰায় ২৩ কিঃমিঃ।১

নামভৰ্তি
ইয়াত কেৱল ল’ৰাকহে নামভৰ্তি কৰোৱা হয়। ১০-১১ বছৰৰ ল’ৰাক ষষ্ঠ শ্ৰেণী আৰু ১৩-১৪ বয়সীয়া ল’ৰাক নৱম শ্ৰেণীত নামভৰ্তি কৰা হয়। প্ৰতিবছৰে জানুৱাৰীৰ তৃতীয় সপ্তাহত নামভৰ্তিৰ বাবে সৰ্বভাৰতীয় পৰ্য্যায়ৰ এটা লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হয়। ইয়াৰ পিছত নিৰ্বাচিত ছাত্ৰ সকলৰ সাক্ষাৎকাৰ আৰু শাৰীৰিক পৰীক্ষা লোৱা হয়। এই সকলো পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰক নামভৰ্তিৰ বাবে জুন মাহত মতা হয়। সাধাৰণতে প্ৰতিবছৰে জুলাইৰ ২ তাৰিখে ইয়াত নামভৰ্তি কৰা হয়।
চৌহদ
চৌহদৰ ভিতৰত এখন প্ৰাথমিক বিদ্যালয় আছে।
বিদ্যালয়ৰ ভৱন
ছাত্ৰ সকল থাকিবৰ বাবে সাতটা আৱাসগৃহ আছে।২ পাঠদানৰ বাবে শৈক্ষিক ভৱন আছে। ইয়াৰ উপৰিও ইয়াত প্ৰায় ১০০০ জন লোকে একেলগে ভোজন কৰিব পৰা এটা ভোজনালয় আৰু প্ৰায় ১১০০ আসনযুক্ত এটা প্ৰেক্ষাগৃহ আছে।
শৈক্ষিক ভৱন
বিদ্যালয়ৰ শৈক্ষিক ভৱনটো দুটা ভাগত বিভক্ত: মূল ভৱন আৰু বিজ্ঞান শাখা। মূল ভৱনটো তিনি মহলীয়া।২ ইয়াতে বিদ্যালয়ৰ কাৰ্য্যালয় আৰু ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে শ্ৰেণীকোঠা সমূহ আছে। বিজ্ঞান শাখাৰ ভৱনটোত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ শ্ৰেণীকোঠা সমূহ আছে। ইয়াতে বিজ্ঞান শাখাৰ বিভিন্ন প্ৰয়োগশালা সমূহ আছে।
আৱাস গৃহ
সৈনিক স্কুল, গোৱালপাৰাত ছাত্ৰ সকলৰ থাকিবৰ বাবে সাতটা আৱাস গৃহ আছে। ছাত্ৰ সকলক দুটা ভাগত ভাগ কৰা হৈছে কণিষ্ঠ (Junior) আৰু জ্যেষ্ঠ (Senior)। ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰক কণিষ্ঠ (Junior) আৰু দশমৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰক ছিনিয়ৰ (Senior) বুলি কোৱা হয়।
| আৱাসগৃহ | |||
|---|---|---|---|
| প্ৰকাৰ | আৱাসগৃহৰ নাম | ছাত্ৰ | মন্তব্য |
| জুনিয়ৰ | অভিমন্যু হাউচ | ষষ্ঠ শ্ৰেণী | অৰ্জুনৰ পুত্ৰ অভিমন্যুৰ নামেৰে ইয়াৰ নামাকৰণ কৰা হৈছে। |
| ভাস্কৰ হাউচ | সপ্তম শ্ৰেণী | ||
| অনিৰুদ্ধ হাউচ | অষ্টম শ্ৰেণী | ||
| ছিনিয়ৰ | চিলাৰায় হাউচ | নৱম শ্ৰেণী | |
| লাচিত হাউচ | দশম শ্ৰেণী | ||
| লোহিত হাউচ | একাদশ শ্ৰেণী | ||
| উদয়গিৰি হাউচ | দ্বাদশ শ্ৰেণী |
কাৰ্যালয়ৰ গঠন
প্ৰতিৰক্ষা বিভাগৰ তিনিজন বিষয়াই সৈনিক স্কুল পৰিচালনা কৰে। তেওঁলোক হৈছে: অধ্যক্ষ, প্ৰধান শিক্ষক আৰু পঞ্জীয়ক।
- অধ্যক্ষ : অধ্যক্ষজনেই বিদ্যালয়খনৰ পৰিচালনাৰ মূল দায়িত্বত থাকে। তেওঁক ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীসভাই নিযুক্তি দিয়ে। তেওঁৰ কাৰ্য্যকাল স্থায়ী নহয় যদিও সাধাৰণতে ২-৩ বছৰৰ বাবে হয়।
- প্ৰধান শিক্ষক: প্ৰধান শিক্ষক বিদ্যালয়ৰ শৈক্ষিক বিভাগৰ পৰিচালনাৰ মূল দায়িত্বত থাকে। বিদ্যালয়খনত প্ৰায় ৫০ জন শিক্ষক আৰু ৩৫জন সহায়ক আছে। তেওঁলোকৰ মাজত এজন জ্যেষ্ঠ শিক্ষক (Senior Master) থাকে যি বিদ্যালয় খনৰ শৈক্ষিক কাৰ্য্যক্ৰম সমূহ পৰ্য্যবেক্ষণ কৰে। ইয়াৰ উপৰিও তেওঁ প্ৰধান শিক্ষক আৰু শিক্ষকবৃন্দৰ মাজত সংযোগ স্থাপন কৰে।
- পঞ্জীয়ক: পঞ্জীয়ক বিদ্যালয়খনৰ শিক্ষাৰ বাহিৰে অন্যান্য কাৰ্য্যক্ৰম সমূহৰ দায়িত্বত থাকে। ইয়াৰ উপৰিও তেওঁ বিদ্যালয়ৰ আন্তঃগাঁথনিক উন্নতিৰ পৰ্য্যবেক্ষণ কৰে।

কাৰ্যৱলী

খেল-ধেমালি বিদ্যালয়ৰ চৌহদত খেল-ধমালিৰ বাবে কেইবাখনো খেলপথাৰ আছে। ইয়াত ৫ খন ফুটবল ফিল্ড, ৮ খন বাস্কেটবল ক’ৰ্ট, ৬খন ভলীবল ক’ৰ্ট, ২ খন ল’ন টেনিছ ক’ৰ্ট, ২খন ক্ৰিকেট খেলপথাৰ আৰু ৪খন হেণ্ডবল [ খেলপথাৰ আছে। ইয়াৰ উপৰিও ৮টা লেনযুক্ত ৪০০মিটাৰৰ এখন এথেলিটিকছ ট্ৰেক আছে। ইয়াতে হাই জাম্প, ট্ৰিপল জাম্প, লঙ জাম্প, ডিস্ক থ্ৰ’, শ্বটপুট থ্ৰ’, জেভলীন থ্ৰ’, প’ল ভল্ট ইত্যাদি খেলাৰ সুবিধা আছে। প্ৰত্যক বছৰে ডিচেম্বৰ মাহত ইয়াত বাৰ্ষিক খেল-ধেমালি অনুষ্ঠিত কৰা হয়। সকলো খেলৰ ফলাফল সমূহৰ পৰা এই প্ৰতিযোগিতাত বিদ্যালয়ৰ শ্ৰেষ্ঠ আৱাসগৃহৰ নিৰ্বাচন কৰা হয়।

প্ৰত্যেক বছৰে বিভিন্ন খেল-ধেমালিৰ ইয়াত আয়োজন কৰা হয়। বাৰ্ষিক পুৰস্কাৰ বিতৰণী সভাত প্ৰত্যক খেলৰ বিজয়ীকে পুৰস্কৃত কৰা হয়। এই সভা সাধাৰণতে জাৰকালিৰ বন্ধৰ আগতে অনুষ্ঠিত হয়।
শৈক্ষিক কাৰ্য্যক্ৰম প্ৰত্যক বছৰে ইয়াত তিনিটা শাখাত: চাব জুনিয়ৰ, জুনিয়ৰ আৰু ছিনিয়ৰ শাখাত তৰ্ক, আকস্মিক ব্যক্তৃতা, কবিতা আবৃত্তি, সাধাৰণ জ্ঞানৰ কুইজ, ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাসমূহ তিনিটা ভাষাত: ইংৰাজী, হিন্দী আৰু অসমীয়াত অনুষ্ঠিত হয়।
সাংস্কৃতিক কাৰ্য্যক্ৰম প্ৰত্যেক বছৰে বিদ্যালয়ত জাৰকালিৰ বাবে বন্ধ দিয়াৰ আগতে সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হয়। ইয়াৰ উপৰিও প্ৰত্যেক বছৰে নৱেম্বৰ মাহত নাটকৰ এখন প্ৰতিযোগিতা অনুষ্ঠিত হয়।
অন্যান্য কাৰ্য্যক্ৰম
- বাৰ্ষিক ক্ৰছ কাণ্ট্ৰি ৰেছ
- Annual Obstacles competition
- Annual Drills competition
নেচনেল কেডেট ক’ৰ্পছ

বিদ্যালয় খনৰ সকলো ছাত্ৰই এন.চি.চি.ৰ প্ৰশিক্ষণ লোৱাটো বাধ্যতামূলক। বিদ্যালয়ৰ ছাত্ৰসকলক প্ৰশিক্ষণ দিবৰ বাবে এন.চি.চি.ৰ ২৭নং ভাগটো ইয়াৰ চৌহদতে অৱস্থিত। প্ৰত্যেক শুক্ৰবাৰে ছাত্ৰসকলক ৯০ মিনিট সময় এন.চি.চি.ৰ প্ৰশিক্ষণ দিয়া হয়। নতুন দিল্লীত অনুষ্ঠিত হোৱা গণৰাজ্য দিৱসত ইয়াৰ ছাত্ৰই অংশগ্ৰহণ কৰিছে। দশম শ্ৰেণীৰ পিছত ছাত্ৰসকলক এন.চি.চি.ৰ ‘এ’ চাৰ্টিফিকেট আৰু দ্বাদশ শ্ৰেণীৰ পিছত এন.চি.চি.ৰ ‘বি’ চাৰ্টিফিকেট দিয়া হয়।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ সৈনিক স্কুলৰ অৱস্থান আৰু পৰিবহন. National Informatics Centre (NIC). National Informatics Centre (NIC) And National Informatics Centre Services Incorporation (NICSI)
- ↑ Infrastructure of Sainik School Goalpara. NIC, GOALPARA. District Administration, Goalpara
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৈনিক স্কুল, গোৱালপাৰা” প্ৰবন্ধৰ সংশোধন ৩৮৩১৮৫ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।