অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

মিঞা জনগোষ্ঠী

Miya people মিঞা (Miya) বা ভাটিয়া, উত্তৰপূৰ্বাঞ্চলৰ ৰাজ্য অসমত বসবাস কৰা অবিভক্ত ভাৰতৰ পূৰ্ববঙ্গ মূলীয় বঙালী মুছলমানসকলৰ জনগোষ্ঠীয় পৰিচয়। মিঞাসকল হ'ল বঙালী মুছলমানৰ বংশধৰ যিসকল ব্ৰিটিছ ভাৰতীয় প্ৰদেশত জন্মগ্ৰহণ কৰিছিল, যিটো পৰৱৰ্তী কালত বংগ বিভাজনৰ সময়ত পূৰ্ববঙালীত পৰিণত হয় (১৯০৫)।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ৮৯২ শব্দ · ৫ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

Miya people

মিঞা (Miya) বা ভাটিয়া, উত্তৰপূৰ্বাঞ্চলৰ ৰাজ্য অসমত বসবাস কৰা অবিভক্ত ভাৰতৰ পূৰ্ববঙ্গ মূলীয় বঙালী ভাষা মুছলমানসকলৰ জনগোষ্ঠীয় পৰিচয়।১ মিঞাসকল হ'ল বঙালী মুছলমানৰ বংশধৰ যিসকল ব্ৰিটিছ ভাৰতীয় প্ৰদেশত জন্মগ্ৰহণ কৰিছিল, যিটো পৰৱৰ্তী কালত বংগ বিভাজনৰ সময়ত পূৰ্ববঙালীত পৰিণত হয় (১৯০৫)।২৩ মিঞা এনে এটা শব্দ যিটো মুছলমানসকলৰ কাৰণে পূৰ্ববঙালীত বংশশিপা চিনাক্ত কৰিব পাৰি কিন্তু বৰপেটা, চিৰাং আৰু বঙাইগাঁৱৰ দৰে ঠাইত শ্বেখ শব্দটো তেওঁলোকৰ বৰ্ণনাত ব্যৱহৃত হয়। ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা আৰু দক্ষিণ শালমাৰাত তেওঁলোক নিজকে ভাটিয়া বুলি উল্লেখ কৰিছে আৰু নগাঁও, দৰং জিলা, মৰিগাঁও আৰু হোজাই জিলাত তেওঁলোক মিঞা শব্দটো নিজৰ বাবে ব্যৱহাৰ কৰিছে। কিছু সময়ত তেওঁলোক মৈমনসিংহীয়া নামেও পৰিচিত। দৰং জিলা গৰুখুটি ধলপুৰৰ মিঞা সকল কব গ'লে খিলঞ্জীয়া।

ইতিহাস

প্ৰায় ১২০৫ বা ১২০৬ খ্ৰীষ্টাব্দত অসমলৈ মুছলমানসকলৰ আগমন ঘটিছিল। উক্ত সময়ৰ আগে পিছে অহা মুছলমান সকলক অসমীয়া মুছলমান বুলি কোৱা হয়। পিছত ব্ৰিটিছসকলৰ শাসনকালত অসমলৈ অহা অধিকাংশ মুছলমান হৈছে বংগমূলীয় মুছলমান। মিঞা হৈছে এটা পাৰ্চী মূলীয় সম্ভোদন সূচক শব্দ যাৰ অসমীয়া প্ৰতি শব্দ হয় – সন্মানীয়, ডাঙৰীয়া, মহাশয় আদি। অসমৰ বাহিৰত এই শব্দটো প্ৰকৃত অৰ্থতেই ব্যৱহাৰ কৰা হয় যদিও অসমত কিন্তু এটা নিৰ্দিষ্ট ভাষা-বাসী জনগোষ্ঠীৰ মানুহক ঠাট্টা বা উপলুঙা বা নীচ বুলি দেখুৱাবৰ বাবেই ব্যৱহাৰ কৰা হয়।৪ ১৯৪০ৰ দশকত ব্ৰিটিছ, মুছলিম লীগ চৰকাৰ আৰু দেশ বিভাজনৰ আগত অসমীয়া অভিজাতসকলৰ একাংশ কৰ্তৃক এই অভিবাসনক উৎসাহ দিয়া হৈছিল আৰু ১৯৪৭ চনত পাকিস্তানৰ সংবিধানৰ পিছত অবৈধ বুলি বিবেচিত হৈছিল। এই মুছলমানসকলৰ বহুতেই ব্ৰহ্মপুত্ৰ নদ আৰু অন্যান্য নিম্ন-অঞ্চলৰ চৰ বা নদী দ্বীপত বসতি স্থাপন কৰিছিল। বংগমূলীয়া মুছলমানসকলে বিশেষকৈ সেই সময়ৰ গোৱালপাৰা জিলাত থাকিবলৈ লয়। অতীতত বিভিন্ন কাৰণত অবিভক্ত গোৱালপাৰা জিলাখন বংগদেশৰ সৈতে সংযুক্ত হৈ থকা বাবে অসমৰ অন্যান্য জিলাৰ তুলনাত এই জিলাত বংগীয়মূলৰ লোকৰ জনবসতি ঘন।৫ বিভিন্নজনে তেওঁলোকক বিভিন্ন নামেৰে চিহ্নিত কৰাৰ চেষ্টা কৰিছে যদিও আজিলৈকে সঠিক তথা সৰ্বজনগ্ৰাহ্য নামকৰণ হোৱা নাই।৬৭

মুখ্য ঘটনা

এই জনগোষ্ঠীৰ সৈতে জড়িত বিভিন্ন ঘটনাবোৰ এনেধৰণৰ:৮

  1. গৌৰিনাথ সিংহ আৰু কেপ্তেইন ৱেলছৰ মাজত মাজত সম্পাদিত চুক্তি- ১৭৯৩
  2. বেংগল প্ৰভিঞ্চ প্ৰশাসনৰ অসম প্ৰব্ৰজন আনুষ্ঠানিক ফৰমান – ১৮৫৩
  3. অসমত বৰভূইকপ আৰু মৰাপাট উদ্যোগ- ১৮৯৭
  4. মৈমানসিংহ জিলাৰ উচ্চপদস্থ চৰকাৰী বিষয়া A.J. Moffatt Mills ৰ ‘Colonisation Scheme’- ১৯০৬
  5. কামৰ পৰিবৰ্তে খাদ্য আঁচনি – ১৯১১
  6. কংগ্ৰেছ চৰকাৰৰ দ্বাৰা ‘লাইন প্ৰথা’ৰ প্ৰবৰ্তন -১৯২০
  7. লোকপিয়লৰ অধীক্ষক C.S. Mullan ৰ উদ্দেশ্য জড়িত ৰিপোৰ্ট -১৯৩১
  8. W Hockenhull-ৰ জনসংখ্যাৰ প্ৰতিবেদন-১৯৩৯
  9. ছাৰ ছাদুল্লাৰ “Grow More Food Scheme” – ১৯৪৩
  10. গোপীনাথ বৰদলৈ (কংগ্ৰেছ)ৰ ‘ট্ৰাইবেল বেল্ট আৰু ব্লক’ গঠন-১৯৪৬
  11. গোপীনাথ বৰদলৈ (কংগ্ৰেছ)ৰ “Assam Land Revenue Regulation”ৰ এক প্ৰাৰম্ভিক সংশোধণি- ১৯৪৭
  12. গোপীনাথ বৰদলৈ (কংগ্ৰেছ)ৰ “The Immigrants (Expulsion from Assam) Act, 1950”-১৯৫০
  13. সাম্প্ৰদায়িক সংঘাত (Riot )-১৯৫০
  14. দহ বছৰত (১৯৬১-১৯৭১ চনৰ) সময়ছোৱাত ৯,৬৭,০০০জন অনুপ্ৰবেশকাৰীয়ে অসমত প্ৰবেশ কৰাৰ কথা কেন্দ্ৰীয় কংগ্ৰেছ চৰকাৰে আছুক অৱগত কৰে। – ১৯৭১
  15. অসম আন্দোলন আৰম্ভ – ১৯৭৯
  16. নেলী হত্যাকাণ্ড -১৯৮৩
  17. অসম চুক্তি স্বাক্ষৰ -১৯৮৫
  18. বড়োলেণ্ড আন্দোলন আৰম্ভ -১৯৮৯
  19. বাঁশবাড়ী ৰিলিপি কেম্প হত্যাকাণ্ড -১৯৯৪
  20. নাৰায়ণগুড়ি হত্যাকাণ্ড – ২০১২
  21. গৰুখুটি হত্যাকাণ্ড- ২০২১

জনসংখ্যা

মিঞাসকলৰ জনসংখ্যা প্ৰায় ৪৮ লাখ, এইসকল গোটেই অসম ৰাজ্যৰ ২০% বিস্তাৰিত, আজিৰ দিনত তেওঁলোক বৰপেটা, ধুবুৰী, গোৱালপাৰা, কামৰূপ, নগাঁও, হোজাই, দৰং, চিৰাং, কোকৰাঝাৰ, দক্ষিণ শালমাৰা, নলবাৰী, মৰিগাওঁ, আৰু বঙাইগাঁও জিলাত বসবাস কৰে৯।

ভাষা

মিঞা মানুহৰ ভাষা বৰ্তমান বাংলাদেশ আৰু অসমত বিভিন্ন বাংলা-অসমীয়া ভাষা লৈ গঠিত। তেওঁলোকে ছিলঠীয়া, নোৱাখালীয়া, টাংগাইলী আদিৰ দৰে অন্যান্য ভাষাত কথা পাতে। ইয়াৰে অধিকাংশ বঙালী ভাষাৰ লগত মিল আছে যদিও গোৱালপাৰীয়া আৰু অসমীয়া ভাষাৰো কিছু সংমিশ্ৰণ দেখা যায়।১০

জাতিতত্ত্ব

ন-অসমীয়া: অসমীয়া কবি জ্যোতিপ্ৰসাদ আগৰৱালা এইসকলক ন-অসমীয়া হিচাপে অভিহিত কৰিছিল। কাৰণ তেওঁলোক অসমীয়া সংস্কৃতি আৰু ভাষা গ্ৰহণ কৰিছিল।১১ ন-অসমীয়া বা অধিক জনপ্ৰিয় মিঞা লোকসকলে অসমৰ জাতিগত মুছলমানসকলৰ দলক বুজায় যিসকল বেঙল প্ৰেচিডেঞ্চিৰ পৰা ব্ৰিটিছসকলৰ দ্বাৰা অসমৰ উপনিৱেশ স্থাপনৰ আগত তথা পিছত অসমত আগমন কৰে আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত বসতি স্থাপন কৰে।১২ ১৯৪০-ৰ দশকত ব্ৰিটিছ, মুছলিম লীগ চৰকাৰ আৰু দেশ বিভাজনৰ আগত অসমীয়া অভিজাতসকলৰ একাংশ কৰ্তৃক এই অভিবাসনক উত্সাহ দিয়া হৈছিল আৰু ১৯৪৭ চনত পাকিস্তানৰ সংবিধানৰ পিছত অবৈধ বুলি বিবেচিত হৈছিল। এই অভিবাসী মুছলমানসকলৰ বহুতেই ব্ৰহ্মপুত্ৰ নদ আৰু অন্যান্য নিম্ন-অঞ্চলৰ চৰ বা নদী দ্বীপত বসতি স্থাপন কৰিছিল। অসমৰ চাৰিখন প্ৰধান মুছলিম নৃগোষ্ঠীৰ মাজত ন-অসমীয়াসকল বৃহত্তম, যিসকল অসমৰ ভোটাৰসকলৰ এক তৃতীয়াংশ গঠন কৰে।১৩

ন-অসমীয়া মুছলমানসকল নৃতাত্ত্বিক তথা সাংস্কৃতিকভাৱে অসমীয়া মুছলমানসকলতকৈ পৃথক। অসমীয়া মুছলিমসকলে লেপটোৰাইন নাক আৰু মেচোচেফালিক মূৰযুক্ত, মধ্য স্তৰৰ।১৪ ১৯৯৯ চনত কামৰূপ জিলাত পৰিচালিত তুলনামূলক সমীক্ষা অনুসৰি, পূৰ্ব-কৈশৰৰ অসমীয়া মুছলিম পুৰুষসকলে তেওঁলকৰ ন-অসমীয়া অংশৰ তুলনাত চাপৰ আৰু ক্ষীণ বুলি ধৰি লোৱা হৈছিল।১৫ ন-অসমীয়া, অসমীয়া মুছলমান আৰু বৰাক উপত্যকাৰ মুছলমানসকতকৈ উল্লেখযোগ্যভাৱে বেলেগ১৬

ব্ৰহ্মপুত্ৰ নদী দ্বীপত বসবাসকাৰী ত্ৰিশ লাখ জনসংখ্যাৰ সংখ্যাগৰিষ্ঠ ন-অসমীয়া। ইয়াৰ মাজত ৭০% দৰিদ্ৰসীমাৰ তলত।১৭ ধুবুৰী, বৰপেটা, নলবাৰী, কামৰূপ, মৰিগাঁও, নাগাঁও, দৰং আৰু শোণিতপুৰ জিলাত ন-অসমীয়াসকলে ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰি দখল কৰি আছে।১৮

পৰিচয় সঙ্কট

মিঞা মানুহ বা বঙ্গমূলীয় মুছলমানসকলে পৰিচয় সংকটত ভুগি আছে। এওঁলোকক প্ৰায়বোৰ অন্যান্য সম্প্ৰদায়ৰ দ্বাৰা আপত্তিজনক অৰ্থত মিঞা হিচাপত অভিহিত কৰা হয়। তেওঁলোক মিঞা, বঙালী মুছলিম, পূৰ্ববাংলাৰ মূল মুছলমান, ন-অসমীয়া, পামুৱা মুছলমান, চাৰুৱা মুছলমান, সেখ আৰু ভাটিয়া নামেৰে পৰিচিত। সেই বাবে পণ্ডিতসকলে এই পৰিচয় সংকটটো শেষ কৰি মিঞাসকলৰ এটা পৰিচয় তৈয়াৰ কৰিবৰ চেষ্টা কৰিছে।১৯

নামৰ ব্যুৎপত্তি

অসমীয়া ভাষাত 'ন-অসমীয়া' শব্দটোৰ শব্দানুগ অৰ্থ 'নতুন অসমীয়া', উপসৰ্গ ‘ন’-ৰ অৰ্থ 'নতুন' আৰু অসমীয়া অৰ্থ 'অসমীয়া'।২০ ভাৰত বিভাজনৰ পিছত এই গোষ্ঠীটো তেওঁলোকৰ বঙলা ভাষাগত পৰিচয় ত্যাগ কৰি অসমীয়া ভাষা গ্ৰহণ কৰিছিল। লাহে লাহে তেওঁলোক গামোচাৰ নিচিনা অসমীয়া সংস্কৃতি গ্ৰহণ কৰিছিল। ইংৰাজীত, তেওঁলোকক মাজে সময়ে নিউ-অসমীয়া হিচাপে উল্লেখ কৰা হয়।২১ ন-অসমীয়াসকলক চৰু মুছলমান হিচাপে আখ্যায়িত কৰা হয়, শব্দানুগ অৰ্থত চৰৰ মুছলমানসকল, কাৰণ চৰসমূহত বসতি স্থাপনত তেওঁলোকৰ অগ্ৰাধিকাৰ বেছি। এইবোৰ পামুৱা মুচলন্ত নামে পৰিচিত, শব্দানুগ অৰ্থত কৃষক মুছলমান, কাৰণ কৃষিকৰ্ম তেওঁলোকৰ প্ৰাথমিক জীৱিকা। কিছু পণ্ডিতসকলে গোষ্ঠীটোক উল্লেখ কৰিবৰ বাবে 'অভিবাসী মুছলিম' বা 'বঙালী মুছলিম' শব্দটোও ব্যৱহাৰ কৰে।২২

মিঞা কবিতা

মিঞা সম্প্ৰদায়ৰ বহুত পণ্ডিতে কবিতা দি মিঞা সমাজক উন্নত কৰিবলৈ চেষ্টা কৰিছে। তেওঁলোকে দৰিদ্ৰতা, বাল্য বিবাহ, জনসংখ্যা বোমা, নিৰক্ষৰতা তেওঁলোকৰ বিষয় হিচাপে বাছি লৈছে। এই কবিতাবিলাকৰ সংগ্ৰহক মিঞা কাব্যগ্ৰন্থ অভিহিত কৰা হয়। কিন্তু সাম্প্ৰতিক সময়ত কেইটামান কবিতাৰ প্ৰসংগত, এইটো অসমত, বিশেষকৈ অসমৰ আদিবাসীসকলৰ মাজত এটা বিতৰ্কৰ সৃষ্টি কৰে২৩২৪২৫।

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Priyanka Borpujari. Assam’s ‘Miya’: Proving You Are Indian. The Diplomat
  2. ↑ (7 September 2016). Miya, Muslim and Assamese Socio-Political History of Assam. Indilens.com
  3. ↑ Why all 'Miya Muslims' are seen as Bangladeshis in Assam. Dailyo.in
  4. ↑ মাইন উদ্দিন. অসমত মিঞা শব্দৰ ইতিহাস আৰু অসমীয়া ভাষাৰ স্থায়িত্ব. অসমৰ মিঞা
  5. ↑ (২০১৮). অসম সাহিত্য সভা. পৃ. ১
  6. ↑ Priyanka Borpujari. Assam’s ‘Miya’: Proving You Are Indian. The Diplomat
  7. ↑ Begum, Farzana. Study on Brahmaputra: The Lifeline of the People of Assam. The Mahabahu Brahmaputra. Flood and River Erosion Management Agency of Assam
  8. ↑ মাইন উদ্দিন. চক্ৰবেহুত আবদ্ধ অসমৰ মিঞা. Miya People in Assam: অসমৰ মিঞা
  9. ↑ (23 December 2016). Dehumanising Muslims in Assam. thehoot.org
  10. ↑ আজাদ আলী আহমেদ. (২০১৮). স্মৃতি গ্ৰন্থ পাচৈ. অসম সাহিত্য সভা, ধুবুৰী শাখা. পৃ. ১৮, ১৯, ২০
  11. ↑ (7 September 2016). Miya, Muslim and Assamese Socio-Political History of Assam. Indilens.com
  12. ↑ indilens.com/514954-miya-muslim-and-assamese-soc Decisive Battles of India by George Bruce Malleson(1883) আৰ্কাইভ কপি
  13. ↑ Bhaumik, Subir. (April 2011). Risk of durable disorder. Seminar. Seminar Publications
  14. ↑ Dutta, P.C.; Pradhan, B.C. (2006). Ethnic Issues, Secularism, and Conflict Resolution in North East Asia. Contributed articles presented at the Seminar on Ethnic Issues, Secularism, and Conflict Resolution in North-East India held at Shillong during 25–26 April 2001. Concept Publishing Company. পৃ. 164. ISBN 9788180691348
  15. ↑ Subba, Tanka Bahadur; Ghosh, G.C. (2003). The Anthropology of North-East India. Orient Blackswan. পৃ. 144. ISBN 9788125023357
  16. ↑ Bokth, Humayun. (December 2014). Social Life in Char Area: A Study of Neo-Assamese Muslim Village in Brahmaputra Valley of Assam. International Journal of Development Research
  17. ↑ Rix, Meredydd. (19 July 2016). Na-Asamiya Muslims Remain Targeted in Assam. The Citizen
  18. ↑ Begum, Farzana. Study on Brahmaputra: The Lifeline of the People of Assam. The Mahabahu Brahmaputra. Flood and River Erosion Management Agency of Assam
  19. ↑ www.bbc.com/bengali/news-48994118 মুসলিমদেৰ 'মিঞা কবিতা' নিয়ে আসামে বিতৰ্ক কেন?
  20. ↑ Khandakar, Abdullah. (8 February 2016). Social Exclusion of Inhabitants of Chars: A Study of Dhubri District in Assam
  21. ↑ Dutta, P.C.; Pradhan, B.C. (2006). Ethnic Issues, Secularism, and Conflict Resolution in North East Asia. Contributed articles presented at the Seminar on Ethnic Issues, Secularism, and Conflict Resolution in North-East India held at Shillong during 25–26 April 2001. Concept Publishing Company. পৃ. 164. ISBN 9788180691348
  22. ↑ Bokth, Humayun. (December 2014). Social Life in Char Area: A Study of Neo-Assamese Muslim Village in Brahmaputra Valley of Assam. International Journal of Development Research
  23. ↑ মিঞা কবিতা সন্দৰ্ভত সচেতন নাগৰিকৰ আহ্বান- এনে কামে অসমীয়া সমাজখনক অধিক ক্ষতিগ্ৰস্থ কৰিব
  24. ↑ Interview · There is a Conspiracy to Show Bengal-Origin Muslims as Anti-Assamese: Hafiz Ahmed. The Wire
  25. ↑ bengali.indianexpress.com/opinion/assam-miya-poe আসামেৰ মিঞা কবিতাৰ ইতিহাস, ভূগোল ও দেশপ্ৰেম অসমৰ মিঞা কবিতাৰ ইতিহাস, ভূগোল আৰু দেশপ্ৰেম

সম্পৰ্কিত শ্ৰেণী

অসমৰ জনগোষ্ঠী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিঞা জনগোষ্ঠী” প্ৰবন্ধৰ সংশোধন ৬৪০১৫৮ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।