অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

লিংগ দৃঢ়বদ্ধতা

লিংগ দৃৃৃঢ়বদ্ধতাৰ (Gender stereotypes) 'দৃঢ়তা' বা ‘নিৰ্দিষ্ট' ধাৰণাটো ব্যক্তিক কোনো এক দল বা উপদলত শ্ৰেণীভুক্ত কৰাক সূচায়। ই এক সাধাৰণ সামাজিক সমস্যা।কোনো নিৰ্দিষ্ট বিশ্বাসৰ অন্তৰ্গত ব্যক্তিসকলক বিশেষত ঋণাত্মক শ্ৰেণীৰ অন্তৰ্ভুক্ত ব্যক্তিক সূচাবলৈ এই ‘দৃঢ়বদ্ধতা' শব্দৰ ব্যৱহাৰ কৰা হয়।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৪৫৪ শব্দ · ৩ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

লিংগ দৃৃৃঢ়বদ্ধতাৰ (Gender stereotypes) 'দৃঢ়তা' বা ‘নিৰ্দিষ্ট' ধাৰণাটো ব্যক্তিক কোনো এক দল বা উপদলত শ্ৰেণীভুক্ত কৰাক সূচায়। ই এক সাধাৰণ সামাজিক সমস্যা।১২কোনো নিৰ্দিষ্ট বিশ্বাসৰ অন্তৰ্গত ব্যক্তিসকলক বিশেষত ঋণাত্মক শ্ৰেণীৰ অন্তৰ্ভুক্ত ব্যক্তিক সূচাবলৈ এই ‘দৃঢ়বদ্ধতা' শব্দৰ ব্যৱহাৰ কৰা হয়। ব্যক্তিৰ ‘প্ৰকৃতি' সম্পৰ্কে স্পষ্ট ধাৰণা আহৰণ কৰিবলৈ বা সেই ব্যক্তিৰ পৰিচয়ৰ বাবে, সমাজে ব্যক্তিক কিছুমান বিশেষ শ্ৰেণীকৰণৰ অন্তৰ্ভুক্ত কৰে। এই বিশেষ শ্ৰেণীৰ অন্তৰ্গত ব্যক্তি বা সদস্যসকল কিছুমান বিশেষ সংলক্ষণ বিশিষ্ট। সেই অনুপাতে লিঙ্গ দৃঢ়বদ্ধতাই নাৰী আৰু পুৰুষক মহিলাসুলভ আৰু পুৰুষসুলভ ব্যক্তিৰ শ্ৰেণীত শ্ৰেণীভক্ত কৰিবলৈ ব্যৱহাৰ কৰা প্ৰক্ৰিয়াক সূচায়। লিঙ্গ দৃঢ়তা হৈছে মহিলা আৰু পুৰুষৰদ্বাৰা পালন কৰিবলগীয়া ভূমিকা আচৰণ আৰু সংলক্ষণসমূহৰ সৰ্বজনীন ধাৰণা। সমাজত মহিলা আৰু পুৰুষৰ সদস্যপদৰ বাবে তেওঁলোকক বিশেষ কিছুমান ভূমিকা, দায়িত্ব অৰ্পণ কৰাৰ এক প্ৰথাই হৈছে লিঙ্গ দৃঢ়তা। দৰাচলতে লিঙ্গ দৃঢ়তা হৈছে এক বিশ্বাস আৰু এই বিশ্বাসে বিষয়দল বা পুৰুষ-মহিলাৰ বিষয়ে ধাৰণা কৰি লোৱাত সহায় কৰে।

আন্তঃৰাষ্ট্ৰীয় মানৱধিকাৰ আইনে লিংগ দৃঢ়বদ্ধতাক বে আইনী ঘোষণা কৰিছে। যিয়ে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰৰ স্বাধীনতা উপভোগ কৰাত ব্যক্তিক বাধা প্ৰদান কৰে। দেশ সমূহৰ সকলো ক্ষেত্ৰতে পুৰুষ মহিলা ইত্যাদিৰ অংশগ্ৰহণ নিশ্চিত কৰাটো দ্বায়িত্ব। সেই বাবে ব্যক্তিৰ সামাজিক তথা ব্যক্তিগত জীৱনত যাতে লিংগ দৃঢ়বদ্ধতাই সমস্যাৰ সৃষ্টি নকৰে তাৰ প্ৰতি দেশৰ আইনী ব্যৱস্থাই চোকা দৃষ্টি ৰাখিব লাগে।

লিংগ দৃঢ়বদ্ধতা হৈছে লিংগ ভেদে থকা এক সাধাৰণ সামাজিক দৃষ্টিকোণ বা পূৰ্বেনিৰ্ধাৰিত কিছুমান ধাৰণা, য'ত লিংগ ভেদে থকা বিশেষতা, বৈশিষ্ট্য বা পাৰ্থক্য সমূহক সূক্ষ্ম দৃষ্টিকোণৰ দ্বাৰা সাধাৰণিকৰণ কৰিবলৈ চেষ্টা কৰা হয়। ই এক ক্ষতিকাৰক ব্যৱস্থা যেতিয়া ইয়াৰ দ্বাৰা পুৰুষ আৰু মহিলাৰ ক্ষমতাক এটা পৰিসৰত আৱদ্ধ কৰাৰ চেষ্টা কৰা হয়। ইয়াৰ দ্বাৰা ব্যক্তিৰ ব্যক্তিগত পাৰ্থক্য বা সক্ষমতা, সামাজিক স্থিতি, তথা অৰ্থনৈতিক ক্ষেত্ৰত অংশগ্ৰহণত বাধা প্ৰদান কৰা হয়।

লিংগ দৃৃৃঢ়বদ্ধতাৰ ক্ষেত্ৰত থকা আইনী ব্যৱস্থা

  • CEDAW ৰ অনুচ্ছেদ ৫(ক): CEDAWৰ অনুচ্ছেদ ৫(ক) অনুসৰি এটা যৌনতাৰ ওপৰত আন যৌনতাৰ অধীনতা বা হীনতা (মহিলাৰ ওপৰত পুৰুষৰ অধীনতা) আৰু সমাজত প্ৰচলিত পুৰুষ-মহিলাৰ দৃঢ়বদ্ধ ভূমিকা নিষ্কাষণৰ বাবে ৰাজ্যই পুৰুষ-মহিলাৰ সামাজিক আৰু সাংস্কৃতিক আচৰণৰ আৰ্হি সংশোধনৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত।
  • CEDAYৰ অনুচ্ছেদ নং ২: CEDAWৰ ২ নং অনুচ্ছেদেও, অনুচ্ছেদ নং ৫(ক)ৰ সপক্ষে মতামত ব্যাখ্যা দিয়ে। এই অনুচ্ছেদ অনুসৰি মহিলাৰ বিৰুদ্ধেপ্ৰভেদ সৃষ্টিকাৰী আইন, নিয়ম, প্ৰথাসমূহ সংশোধন বা নিষ্কাষণৰ বাবে ৰাজ্যৰ দলসমূহে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা উচিত।
  • অনুচ্ছেদ নং ১০: অনুচ্ছেদ নং ১০ অনুসৰি সহশিক্ষা ব্যৱস্থা আৰু অন্যান্য শৈক্ষিক ব্যৱস্থাৰ গ্ৰহণৰ জৰিয়তে ৰাজ্যই পুৰুষ-মহিলাৰ ক্ষেত্ৰত থকা লিঙ্গ দৃঢ়বদ্ধতা ৰোধ কৰি পুৰুষ-মহিলাৰ সমতা সুনিশ্চিত কৰা উচিত।

CEDAW য়ে মূলতঃ মহিলাৰ সমতা স্থাপনৰ উদ্দেশ্যে পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত থকা লিঙ্গ দৃঢ়মূলক বিশ্বাসসমূহ প্ৰতিৰোধৰ ক্ষেত্ৰত ৰাজ্য বা চৰকাৰৰ ভূমিকাক গুৰুত্ব প্ৰদান কৰিছিল।

সমস্যা

সাধাৰণতে ঘৰ, সমাজ, বিদ্যালয়, বিদ্যালয়ৰ পাঠ্যক্ৰম, পাঠ্যপুথি, কৰ্মক্ষেত্ৰ ইত্যাদি বিভিন্ন ক্ষেত্ৰত লিংগ পক্ষপাত হোৱা দেখা যায়। পুৰুষ প্ৰধান সমাজ ব্যৱস্থাত এই সমস্যাই বেচিকৈ দেখা দিয়ে। সমাজে বিভিন্ন ক্ষেত্ৰত ব্যক্তিৰ সক্ষমতা আৰু ভূমিকাসমূহৰ প্ৰতি লিংগ নিৰ্দিষ্ট আৰু বৈষম্যমূলক মনোভাৱ প্ৰকাশ কৰে। প্ৰকৃতিগত ভাৱে সমাজে জন্মৰে পৰা ল'ৰা শিশু সকলক পুৰুষত্বমূলক ভূমিকা আৰু ছোৱালী শিশুক নাৰীসুলভ ভূমিকা আহৰণৰ প্ৰশিক্ষণ প্ৰদান কৰে।৩পুৰুষপ্ৰধান সমাজ ব্যৱস্থাত নাৰী সকলক পুৰুষৰ তুলনাত কম স্বাধীনতা প্ৰদান কৰা হয়।৪

তথ্যসূত্ৰ

  1. ↑ Brewer, Holly. (2012). List of gender stereotypes
  2. ↑ (2012). Gender and gender identity at a glance. plannedparenthood.org. Planned Parenthood Federation of America Inc
  3. ↑ Jacobs, Janis E. (December 1991). Influence of gender stereotypes on parent and child mathematics attitudes. Journal of Educational Psychology. পৃ. 518–527
  4. ↑ Woolf, Virginia. (1929). A room of one's own. Hogarth Press. পৃ. 76

সম্পৰ্কিত শ্ৰেণী

সমাজ বিজ্ঞাননাৰীবাদভেদভাৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিংগ দৃঢ়বদ্ধতা” প্ৰবন্ধৰ সংশোধন ৬২৪৬৭১ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।